ফটাঢোল

তিনিটা পিংপং বল – প্ৰণীতা গোস্বামী বৰঠাকুৰ

স্মিত নীলাভ পোহৰৰ এটি কোঠালীত মাটিত লেপেটা কাঢ়ি বহি আছে তাপসী, হাতত ৰঙীন কাগজেৰে মেৰিয়াই থোৱা এটি সৰু আয়তাকাৰ বাকচ। বোধকৰো গিফ্ট পেকেট। পেকেটটো দুই হাতৰ মাজত ৰাখি তলমূৰকৈ তাপসী যেন ধ্যানত মগ্ন নিৰব-নিস্তব্ধ কোঠালীটো,

: তুই কি এমনি এখানে বসে থাকবে, অতবেলা হৈয়ে গেইছে, ঘৰে যাবি না? মা তোমাকে খোজছে, চল ঘৰে চল৷

ভনীয়েক চৈতালীৰ মাতত মূৰ তুলি চালে তাপসীয়ে, মুখত খঙৰ আভা।

: অত হাল্লা কৰছে কেন, আমি যাব ট’

এইবুলি  হাতৰ পেকেটটো সমুখৰ টেবুলত থকা ফটোখনৰ কাষত থৈ তাই  লাহে লাহে ওলাই আহিল। তাইৰ যেন আজি ইয়াতে বহি থাকিবৰ মন, নিৰবে, কাৰো বাধা নোপোৱাকৈ৷

ব্যস্ত মহানগৰীৰ এটি আৱাসী অঞ্চলত ওচৰা ওচৰিকৈ দুটি ঘৰ, নিৰ্মাণৰত প্ৰায় সমাপ্তিৰ পথত। অৱশেষত এটি ঘৰত চাৰিবছৰীয়া শিশু এটিৰে সৈতে পিতৃ মাতৃ আৰু বৃদ্ধা আইতাকে থাকিবলৈ লৈছেহি। প্ৰদুন্ম্য বৰুৱাৰ ঘৰ এইটি। প্ৰদুন্ম্য বৰুৱা, পত্নী অনন্যা বৰুৱা, পুত্ৰ প্ৰজ্ঞান(ঘৰত বাবাটো) আৰু আইতাক ৰমলা বৰুৱা। আটক ধুনীয়া গৃহ সজ্জা, দেখিলেই ধৰিব পাৰি এক আধ্যৱন্ত পৰিয়াল। প্ৰতিপত্তিশীল যদিও তেওঁলোকৰ কোনো অহংকাৰ নাই, বিশেষকৈ অনন্যা বৰুৱা এগৰাকী অতি অমায়িক, সাদৰী মহিলা। ঘৰখন বৰ সুন্দৰকৈ পৰিচালনা কৰিছে তেওঁ। শাহু, স্বামী, সন্তানটিৰ সকলোবোৰ কামৰ আল মাৰিব জানে তেওঁ। এক কথাত তেওঁ এগৰাকী সু-গৃহিণী।

প্ৰায় আঠ/ন মাহৰ পাছত আনটো ঘৰলৈও মানুহ এঘৰ আহিল। এজনী তিনিবছৰীয়া ছোৱালীৰে সৈতে মাক দেউতাক, এটি সৰু বেংগলী পৰিয়াল। অতি কম সময়তে দুয়োঘৰৰ মাজত মধুৰ সম্পৰ্ক গঢ় লৈ উঠিল। কণমানি শিশু দুটাৰ বাবেই যেন সম্পৰ্কবোৰ বেছি গাঢ় হ’বলৈ ধৰিলে। ভাষাৰ ভিন্নতাই শিশুদুটিৰ মাজত একো হেঙাৰ হোৱা নাই৷ আপোন মনেই দুয়ো একেলগে খেলে, কথা পাতে৷ নাই উখনা-উখনি, দুয়ো যেন ইজনে সিজনৰ মনৰ লগৰী৷

আজি বাবাটোৰ পাঁচবছৰীয়া জন্মদিন। ঘৰখনত এক আনন্দমুখৰ পৰিবেশ। আইতাক, মাকৰ কামৰ অন্ত নাই! আবেলিলৈ এটি সৰু অভ্যৰ্থনাৰ আয়োজন চলিছে। দেউতাকে মৰমতে পুতেকক সুধিলে,

: বাবাটো তোমাক জন্মদিনত  কি লাগিব?

: তিনিটা পিংপং বল৷ সোঁহাতৰ সৰু সৰু আঙুলি তিনিটা দেখুৱাই ক’লে সি।

: পিংপং বল? কিয়? দেউতাকে আচৰিত হৈ সুধিলে।

নাই সি কোনো উত্তৰ নিদিলে। দেউতাকেও বিশেষ চিন্তা নকৰিলে৷ মনতে ভাবিলে অলপ ডাঙৰ হ’লে টেবুল টেনিছত নামটো লগাই দিব লাগিব। অনন্যাৰ লগত আলোচনা কৰিলে কথাটো৷ সেয়াই আৰম্ভণি৷ তাৰপাছত প্ৰতিটো জন্মদিনত প্ৰদুন্ম্য বৰুৱাই তিনিটা পিংপং বল বাবাটোক জন্মদিনত উপহাৰ দি আহিছে। সিও আন একো নিবিচাৰে৷ পিংপং বলৰ প্ৰতি তাৰ ইমান আগ্ৰহৰ কাৰণ কি কোনেও নাজানিছিল, সুধিলেও “পাছত ক’ম”  বুলি সি ফালৰি কাটিছিল। সেইটোৱেই তাৰ একমাত্ৰ ডিমাণ্ড আছিল৷ আন একোৰে অভাৱো নাছিল তাৰ। নিবিচৰাকৈয়েই সি বহুখিনি পাইছিল। খেলাৰ বাবেও ওচৰত কোনো সমনীয়া নাছিল তাৰ, তাপসীয়েই তাৰ একমাত্ৰ লগৰী। একেলগে স্কুল যোৱাৰে পৰা আবেলি খেলালৈকে তাই তাক সংগ দিছিল। তাই থাকিলে সি সকলো কাম কোনো প্ৰতিবাদ নকৰাকৈ কৰিছিল, সেয়ে মাক অনন্যাই তাইক সঘনে তাঁহাতৰ ঘৰলৈ মাতি আনিছিল। পাছলৈ সি সেইটো অজুহাত বাচি লৈছিল। চৈতালী জন্ম হ’বৰ সময়ত তাপসী দুদিনমান দিনে ৰাতিয়ে সিহঁতৰ ঘৰত আছিলহি। ইয়াত তেওঁলোকৰ কোনো সম্পৰ্কীয় মানুহ নাছিল। দেউতাক হস্পিতালত থাকিব লগীয়া হোৱাৰ বাবে তাই সিহঁতৰ ঘৰত থাকিব লগীয়া হৈছিল, আইতাক আৰু মাকে নিজেই তাইৰ দায়িত্ব লৈছিল। দুয়োটাই বৰ ফূৰ্তি পাইছিল। তাই সেইকেইদিন তাৰ আইতাকৰ লগত শুইছিল। আইতাকে দুয়োটাকে শোৱাৰ আগতে ধুনীয়া ধুনীয়া সাধু কৈ শুৱাই দিছিল। তেতিয়াৰ পৰাই তাপসী সিহঁতৰ ঘৰখনৰে এজনী হৈ পৰিছিল। দুয়োখন ঘৰতে তাইৰ অবাধ ৰাজত্ব। দিন যোৱাৰ লগে লগে এই বন্ধুত্ব আন এক এৰাব নোৱাৰা সম্পৰ্কলৈ পৰিবৰ্তন হ’বলৈ ধৰিলে। শাৰীৰিক পৰিবৰ্তনে এই সম্পৰ্কত যেন এক মিঠা পৰশ দিলে। দুয়ো ইজনে সিজনৰ সকলো মনৰ খবৰ পোৱা হ’ল অনায়াসে। তাপসীৰ চঞ্চল কথা বাৰ্তাই বাবাটোক কেতিয়াবা বিচলিত কৰে যদিও তাক বাহিৰত প্ৰকাশ হ’বলৈ নিদিয়ে সি।

দেউতাকে ভবাৰ দৰে বাবাটোৱে টেবুল টেনিছ নিশিকিলে। বেডমিণ্টনতহে সি তাৰ পাৰদৰ্শিতা দেখুৱাইছে বহুবাৰ। স্কুলত থকাৰে পৰাই সি বিভিন্ন প্ৰতিযোগিতাত পুৰস্কৃত হৈ আহিছে, বহু মেডেলো পাইছে। পঢ়া শুনাতো সি মেধাবি ল’ৰা বুলিয়েই পৰিচিত। স্কুল-কলেজৰ পৰীক্ষাবোৰত সি সুখ্যাতিৰেই উত্তীৰ্ণ হৈ আহিছে। ঘৰখন তাৰবাবে সদায় সুখী। তাপসীয়েও তাক সকলো কামতে উৎসাহ যোগাই আহিছে। তাৰ প্ৰতিখন প্ৰতিযোগিতাৰ খেল তাই উপভোগ কৰেহি। পঢ়া শুনাত তায়ো বেয়া নহয়। এটি শুৱলা কণ্ঠৰ অধিকাৰী তাই। প্ৰায়ে সিহঁতৰ ঘৰত গানৰ মজলিছ বহে। তেওঁলোকৰ পৰিয়ালৰ সকলো সাংস্কৃতিক দিশটোৰ প্ৰতি আগ্ৰহী। তাপসীৰ মাক তনুশ্ৰী চেটাৰ্জীয়েও ভাল গান গায়। কলেজীয়া দিনত যথেষ্ট নাম কৰিছিল, সেইসূত্ৰেই দেউতাকৰ লগত পৰিচয় আৰু পাছত প্ৰেম বিবাহ। দেউতাক এজন সু-তবলা বাদক, বৃত্তিত এজন অধ্যাপক; কৰ্মসূত্ৰে তেওঁলোকৰ পূৰ্বপুৰুষ অসমৰ বাসিন্দা হৈছিলহি৷

বাবাটোৱে চুৰাটত ইঞ্জিনীয়াৰিং পঢ়িবলৈ যাবলৈ ওলাইছে। দেউতাকে থ’বলৈ যাব। আইতাকৰ বাবে মাক নাযায়। ঘৰখনত এক গোমা পৰিবেশ। ল’ৰাটোক দূৰলৈ পঠাবলৈ যেন মনবোৰে কোৱা নাই, কিন্তু সদায় জানো তাক ঘৰত ৰাখি থ’লে হ’ব! নিজৰ মনতে সান্তনা লভে তেওঁলোকে। তাপসীহঁতৰো মনবোৰ ফৰকাল নহয়, তাক আগবঢ়াবলৈ সকলো তাৰ ঘৰলৈ আহি মাত দিছেহি। তাপসীৰ মনটোও যেন কিহবাই হেঁচা মাৰি ধৰিছে, খোলাকৈ হাঁহি কথা ক’ব পৰা নাই তাই। এতিয়া সিহঁতি মন গ’লেই লগ হ’ব নোৱাৰিব! তাইক এটা নিৰ্দিষ্ট দিনত ফোন কৰিম বুলি প্ৰতিশ্ৰুতি দি বাবাটো যাবলৈ ওলাল, কাপোৰ-কানিৰ সৈতে পিংপং বলবোৰ থকা ডাঙৰ টোপোলাটো লগত লৈ৷

সকলো ঠিকেই চলি আছিল, বন্ধ পালেই সি দুই তিনিবাৰ ঘৰলৈ আহি থাকি গৈছেহি। সেই কেইদিন ঘৰখনলৈ যেন প্ৰাণ আহে। তাপসীৰ লগত সেইকেইটা দিন সি খুব ফুৰে, কথা পাতে, গান শুনে। ক্ৰমাত সিহঁতৰ মাজৰ সম্পৰ্কবোৰ যেন আৰু মজবুত হৈ পৰিছে। ভৱিষ্যতৰ সপোনবোৰ বুকুত বান্ধি দুয়ো পুনৰ নিজ নিজ পথত বিলিন হৈ পৰে। মাজে মাজে আইতাকৰ অসুখ, বাবাটোৰ পৰীক্ষাৰ ফলাফলৰ আনন্দ, চৈতালীৰ নতুন কলেজত নামভৰ্তিৰ প্ৰস্তুতি, তাপসীৰ কলেজত গীতৰ অনুষ্ঠান, ফোনত কথা-বাৰ্তা আদি নৈমিত্তিক ঘটনাৰাজি চলি আছিল।

বাবাটো তেতিয়া ফাইনেল ইয়েৰৰ ছাত্ৰ, পঢ়াৰ হেঁচা তুংগত উঠিছে তাৰ। ঘৰলৈ আহিবলৈ সময় উলিয়াব নোৱাৰিব বুলি জানি মাক-দেউতাকে তাক পৰীক্ষাৰ আগতে তাৰ জন্মদিনৰ সময়তে এবাৰ লগ কৰি আহিব বুলি ঠিক কৰিছে। সি ভালপোৱা বস্তুবোৰ গোটাই লৈছে মাকে। অলপ দিনৰ পাছতে যাব তেওঁলোক তাৰ ওচৰলৈ।

হঠাত এদিন,

ক্ৰিৰিইইং ক্ৰিৰিইইইং দীঘলীয়াকৈ  ৰিং কৰি  ফোনটো বাজি উঠিল। দৌৰি আহিল অনন্যা বৰুৱা, এচ টি ডি  কল, এই সময়ত!

: হেল্ল’, কিইইইই!

ডাঙৰকৈ চিঞৰ মাৰি কান্দি উঠিল তেওঁ, আইতাক ৰমলা বৰুৱা আনটো কোঠাৰ পৰা লেকেচিয়াই লেকেচিয়াই সোমাই আহি কান্দি থকা বোৱাৰীয়েকক সাৱতি ধৰিলহি। চিঞৰ আৰু কন্দা শব্দ শুনি তাপসী আৰু  তাইৰ মাকো দৌৰি আহিল। তাপসীয়ে পৰীক্ষাৰ বাবে ঘৰতে পঢ়ি আছিল এইকেইদিন। দুমাহৰ পাছত তাইৰো দ্বিতীয় বাৰ্ষিকৰ ফাইনেল পৰীক্ষা হ’ব। তিনিও অনন্যা বৰুৱাক শান্ত কৰি কি হৈছে সুধিলে৷

অনন্যাই দৌৰাদৌৰিকৈ গিৰিয়েকলৈ ফোন লগালে, আৰু ফোনত শুনা কথাখিনি বিবৰি ক’লে,

: বাবাটোৰ এক্সিডেণ্ট হৈছে৷

অতি সোনকালেই তেওঁলোক যাব লাগিব বুলিও জনালে। খবৰটো শুনি সকলোৰে চকু সেমেকি উঠিল। তাপসীয়েও তেওঁলোকৰ লগতে যাব বুলি মন বান্ধি পেলালে।

চুৰাট ডমেষ্টিক এয়াৰপৰ্টৰ পৰা প্ৰদুন্ম্য বৰুৱা, অনন্যা বৰুৱা আৰু তাপসী টেক্সি লৈ হস্পিটাল অভিমুখে ৰাওনা হ’ল। তিনিওৰে বিষণ্ণ মুখমণ্ডল, বাবাটোক দেখা পোৱাৰ উৎকণ্ঠা স্পষ্ট।

হস্পিটালৰ বিচনাত মূৰত আৰু হাত-ভৰিত বেন্দেজ লৈ বাবাটো শুই আছে। তিনিও কোঠালিটোলৈ সোমাই গ’ল। মূৰত লাহেকৈ হাত ফুৰাই মাকে সৰুকৈ মাত লগালে,

: বাবাটো!

লাহেকৈ চকু মেলিলে সি৷ নিস্তেজ চাৱনি৷ কথা ক’বলৈ চেষ্টা কৰিলে৷ নাই! মাত নোলাল৷ ওঁঠ দুখন সামান্য কঁপি উঠিল৷

এনেতে নাৰ্চ গৰাকী সোমাই আহি ইনজেকচন এটি দি তাক ৰেষ্ট ল’বলৈ দিবলৈ ক’লে তেওঁলোকক। অলপ পাছত ডাক্তৰ আহিলে লগ কৰিব পাৰিব বুলিও জনালে। তাক শুবলৈ দি বাহিৰলৈ ওলাই আহিল দেউতাক। বাহিৰত ৰৈ থকা তাৰ বন্ধু কেইজনক লগ কৰি সবিশেষ খবৰ ল’লে তেওঁ। তাপসীয়ে বাবাটোৰ হাতখন নিজৰ হাতৰ মুঠিত লৈ চুই চালে তাক!

চকুযুৰি সেমেকি উঠিল তাইৰ! মাক আৰু তাই বাবাটোৰ বিচনাৰ কাষৰ সৰু বিচনাখনত বহি পৰিল, কাৰো মুখত কথা নাই, দুয়োৰে চকু তাৰ ওপৰত৷

: মা, তিনিটা পিংপং বল৷

বিৰবিৰাই  উঠিল বাবাটো তাপসী আৰু মাক একেলগে উঠি তাৰ ওচৰ পালেগৈ৷

:কি কৈছা বাবাটো?

তাপসীয়ে তাৰ ওচৰলৈ মুখখন নি সুধিলে৷

: তি নি টা  পি পং ব ল!

চকু নেমেলাকৈয়ে সেহাই সেহাই সি পুনৰ কৈ উঠিল৷

: এতিয়া কিয় লাগে সোণটো তোমাক পিংপং বল?

মাকে তাৰ মুখলৈ চাই  কন্দনামুৱা হৈ সুধিলে৷ দেউতাকেও কাষ চাপি আহি বল কেইটা আনি দিম বুলি আশ্বাস দিলেহি তাক। পুনৰ শুই পৰিল সি৷

অলপ পাছত চকু মেলি মাকলৈ  চাই সি পুনৰ বল কেইটা বিচাৰিলে৷

দেউতাকে আনিবলৈ গৈছে বুলি জনালে তাক মাকে৷

: তোমাকনো সদায় এই পিংপং বলবোৰ কিয় লাগে  বাবাটো? কি কৰিবা সেইবোৰৰে?

মাকে তাৰ মূৰত হাত ফুৰাই ফুৰাই সুধিলে৷ এই প্ৰশ্নৰ উত্তৰ যে তেওঁলোকে বহু দিনৰ পৰাই জানিব বিচাৰি আছে৷ তাপসীও বাবাটোৰ ওচৰত বহি  হাতখন মোহাৰি দিলেহি তাৰ। তাপসীলৈ চাই সি সামান্য হঁহাৰ নিচিনা কৰিলে৷

: মোক পিপং বল কিয়  লাগে জানা মা?

সি মাকলৈ চাই অনুচ্চাৰিত সুৰত কৈ উঠিল;

: কিয়?

তাপসী আৰু অনন্যাই দুয়ো প্ৰায় একেলগেই চিঞৰি   উঠিল।

: জানা মা!

খট্….

হঠাত কাৰেণ্টটো গুচি গ’ল৷ ধেৎ তেৰি!

টেলিভিছনত পুৰণি চিনেমা এখন চাই আছিলোঁ৷

☆★☆★☆

2 Comments

  • Kamala das

    ????? শেষৰফালে চাব নোৱাৰিলো

    Reply
  • জয়ন্ত দাস

    ধেত্তেৰি এইটো সময়তহে কাৰেণ্ট যাব লাগে নে? উপায় নাই কাৰেণ্ট আহিলে বাকীখিনি চাই জনাব৷ ভাল লাগিল৷

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *