ফটাঢোল

বিকাশ – সোণটো ৰঞ্জন বৰুৱা

কালি তাক লগ পাইছিলোঁ, সৰু চাহৰ দোকান এখনত সি চাহ খাই থকা অৱস্থাত। প্ৰথমে দূৰৰ পৰা দেখি সি হয়নে নহয় বিশ্বাস হোৱা নাছিল, কিন্তু ওচৰলৈ গৈ দেখিলোঁ হয়, সিয়েই হয়। পিছফালৰ পৰা তাৰ কান্ধত চাপৰ এটা মাৰিলোঁ। সি তৎক্ষণাত ঘূৰি চালে। সি কিবা কোৱাৰ পূৰ্বেই মই প্ৰশ্ন কৰিলোঁ,

: কি হে, তুমি ইয়াত চাহ খাই আছা আৰু চাৰা দুনিয়াই তোমাৰ অপেক্ষাত ৰৈ ৰৈ পাগল হৈ গৈছে। কিমান বছৰ হৈ গ’ল, এবাৰ হ’লেওতো মুখ দেখাব পাৰা ন?

সি একাগ্ৰতাৰে মোৰ কথা শুনি আকৌ আনমনা হৈ চাহৰ সোৱাদ ল’বলৈ ধৰিলে। মই সি বহি থকা বাঁহৰ বেঞ্চতে বহি তাৰ উত্তৰলৈ অপেক্ষা কৰিলোঁ। পিচে উত্তৰ নিদিয়া দেখি আকৌ প্ৰশ্ন কৰিলোঁ,

: ইমান নাৰাজ কিয় ভাই? কিবা দোষ লগাই থৈছোঁ যদি কোৱা? অামি সদায়েই ভাবোঁ আজি আহিবা, আজি আহিবা৷ অথচ তুমি!

সি সম্পূৰ্ণ একাগ্ৰতাৰে গিলাছৰ শেষবিন্দুৰ চাহলৈকে শুহি চোলাৰে মুখখন মুচি ল’লে। তাৰ পাছত দীঘলীয়া উশাহ এটা লৈ পেণ্টৰ জেপত কিবা এটা হেপিয়াবলৈ ল’লে।

: কি বিচাৰিছা? চিগাৰেট?

মই আন্দাজতে কলোঁ। জেপৰ পৰা তাৰ হাতত বিড়িৰ বান্দোল এটা ওলাই আহিল। এতিয়া অলপ অলপ তাৰ অৱস্থাৰ বিষয়ে ধাৰণা আহিল। দোকানৰ চুলাত বিড়িটো জ্বলাই সি ওঁঠত গুজি লগে। মনে মনে তাৰ ওপৰত খঙো উঠি আহিছিল। তথাপিও শেষবাৰলৈ চেষ্টা কৰিলোঁ,

: আৰু একাপ চাহ খাবা?

সি সন্মতিৰে মূৰ জোকাৰিলে৷ তাকো এনে মুদ্ৰাত জোকাৰিলে যেন মোক দয়াহে কৰিছে। দেখি এনে ভাব আহিছিল যে ডিঙিত ধৰি চোচৰাই চহৰলৈ লৈ যাম, পিচে নিজৰ ‘ভদ্ৰলোক’ ৰ পোচাক খুলি যোৱাৰ ভয়ত সেই ভাব  সামৰি থলোঁ। যি কি নহওক, এইবাৰ তাৰ ক্ষীণ মাত এটা ওলাল

: এটা মিঠাইয়ো দিবা৷

মই দোকানীক  অলপ উচ্চ স্বৰত কলোঁ,
: দুকাপ চাহ আৰু কিবা মিঠাই এটা দিবা৷

চাহ অহালৈকে সি বিন্দাচ বিড়ি হুপি থাকিল আৰু মই ভাবি থাকিলোঁ সি ইমান ভাও কিয় খাই আছে?

: কত থাকা আজিকালি?
ইমান দিনৰ পাছত মুখামুখি হৈছোঁ, গতিকে তাৰ সকলো কথা জানিবলৈ মন যায় বাবে প্ৰশ্ন কৰিলোঁ।

: সৌ তাতে৷
চুটি উত্তৰ লগতে সি বাওঁফালে হাতেৰে দেখুৱালে। মই সেইফালে চকু ঘূৰাই চালোঁ। ৰাষ্টাৰ অলপ তলৰ পৰা পাতলীয়া হাবি আৰম্ভ হৈছে। তাৰ মাজতেই ফটাচিটা কাপোৰ, পলিথিন আদিৰে বনোৱা দুটা জুপুৰি। এজনী তিৰোতাই জুপুৰি দুটাৰ মাজৰ ৰচিত কাপোৰ মেলি আছে। মানুহজনীৰ উৱলি যোৱা শাৰীখনে বছৰৰ শেষ দিনকেইটা গন্তি কৰাৰ দৰেই শেষ দিন গণিছে। কাষতে মাটিত ল’ৰা পোৱালি এটাই খেলি আছে। অলপ দূৰৈত জেলজেলিয়া মলিয়ন চুৰিয়া পিন্ধি বৃদ্ধ এজনে নিজৰ অভিজ্ঞ চকুৰে শিশুটিৰ ওপৰত চকু ৰাখি বহি আছে।

 একো বুজিব নোৱাৰি পুনৰ তাৰ মুখলৈ চালোঁ। সি শেষ হৈ যোৱা বিড়িটোৰ অৱশিষ্ট টুকুৰাটো দলিয়াই দিছে।

: তেন্তে কেতিয়া যাবা? সকলোৱে অধীৰতাৰে অপেক্ষা কৰি আছে তোমালৈ।
পুনৰ বিষয়লৈ আহি প্ৰশ্ন কৰিলোঁ।

: আপোনালোকে মোক আছলতে মাতিবলৈ নিবিচাৰেই৷
অস্পষ্ট মাতেৰে সি এইবাৰ উত্তৰ দিলে।  তাৰ উত্তৰ শুনি আচৰিত হলোঁ।

 : আৰে নিজেই নোযোৱা আৰু দোষ আমাক দিছা যে? আমিতো সদায়েই তোমাৰ অপেক্ষাত ৰৈ আছোঁ।

: মাত্ৰ মাতিলেই মই নাযাওঁ। আপোনালোকে তেনেদৰে কৰ্ম কৰক যেনেদৰে কৰিব লাগে, তেতিয়াহে যাম। এনেয়ে আহ বুলি  মাতিলেই মই কলৈকো নাযাওঁ। উপযুক্ত পৰিবেশ নাপালে মই ক’তো ভৰি নেপেলাওঁ। মোৰ দেউতা আৰু পত্নীয়েও পৰিৱেশ নাপালে নাযায়।

: তোমাৰ পত্নী, দেউতা আছে? তেওঁলোকৰ বিষয়ে আজিলৈকে মোক কোৱা নাই যে?
তাৰ কথাত আচৰিত হৈ পুনৰ পিছলৈ ঘূৰি জুপুৰি কেইটালৈ চালোঁ।

: আপুনি মোক জানো সুধিছিল কেতিয়াবা? সৌজন মোৰ দেউতা ‘ভাতৃত্ববোধ’, পত্নী ‘শান্তি’ আৰু ওচৰতে খেলি থকা ল’ৰা পোৱালিটো ‘আচ্চে দিন’। তেওঁলোক যেতিয়ালৈকে মোৰ লগত নাযায়, মই অকলে ক’লৈকো নাযাওঁ।

তাৰ কথাই যেন মোৰ মূৰত হাতুৰীৰে টঙনিয়ালে।সিহঁতৰ বিষয়েতো মই একো ভবাই নাছিলোঁ। মাত্ৰ ‘বিকাশ’ ক মাতি আছিলোঁ। মই কিবা কোৱাৰ আগতেই সি পুনৰ ক’লে,

:মাত্ৰ মাতিলে বুলিয়েই মই দৌৰিব নোৱাৰোঁ,  প্ৰথমে মোৰ দেউতা আৰু পত্নীয়ে বসবাস কৰাৰ উপযুক্ত পৰিবেশ দিব লাগিব। যিবোৰ কোঠা যুগ যুগ ধৰি আপোনালোকে ‘ভাতৃঘাটি সংঘৰ্ষ’ আৰু ‘হিংসা’ ক দি ৰাখিছে, সেই কোঠাবোৰ প্ৰথমতে খালি কৰি ল’ব লাগিব। সিহঁত যদি তাত থাকে আমি ভুলতো নাযাওঁ। পাৰিবনে সিহঁতৰ পৰা কোঠাবোৰ খালি কৰিব, নে সিহঁত তাৰ স্থায়ী বাসিন্দা হৈ গ’ল?

তাৰ কথা শুনি মোৰ মুখৰ মাত বন্ধ হৈ গ’ল, কি উত্তৰ দিওঁ? তেনেতে  ‘আচ্ছে দিন’ ৰ কান্দোন মোৰ কাণত পৰিল। ‘বিকাশে’ মোৰ উত্তৰলৈ অপেক্ষা নকৰি ঠিয় হ’ল অাৰু পথৰ কাষলৈ নামি গল। সি ‘আচ্চে দিন’ক কোলাত তুলি লৈ তাৰ পৰাই ক’লে,

: আপুনি যাওকগৈ৷ ভালদৰে ভাবি চিন্তা পিছত মোৰ উত্তৰ দিব। মোক ইয়াতেই পাব।

বৃদ্ধ ভাতৃত্ববোধ আৰু শান্তিয়ে জোপোহাৰ আঁৰৰ পৰা মোক লক্ষ্য কৰি আছিল। তাক কি উত্তৰ দিম ভাবি থাকোঁতেই  মই যাব লগা বাছখনৰ শব্দ ভাঁহি আহিল।

কি উত্তৰ দিম বাৰু তাক?

☆★☆★☆

4 Comments

  • Kamala das

    সুন্দৰ লিখিলা ।ভাল লাগিল

    Reply
  • Manash Saikia

    সঁচাই এক তীক্ষ্ণ বাণ তোমাৰ লেখা৷
    বঢ়িয়া৷

    Reply
  • সদানন্দ ভূঞা

    মজা লাগিল ।

    Reply
  • Sadananda Bhuyan

    সুন্দৰ, পঢ়ি বহুত ভাল লাগিল ।

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *