তীখৰ আখ্যান – অনুৰূপ মহন্ত
ৰাইজ, তীখৰক চিনি পাইছেনে বাৰু? কেনেকৈনো পাব! মই চিনাকি কৰাই দিয়াই নাই৷ ‘ফেদুৱা বুঢ়া’ মনত আছে নহয় চাগে, নাতিটো যে বৰ উৎপতীয়া আছিল! তাৰ নামেই তীখৰ আকৌ৷
ফেদুৱা বুঢ়াৰ নামৰ দৰেই তীখৰৰো আচল নামটো কি আছিল সকলোৱেই পাহৰিলে৷ কিন্তু গাঁও খনত তীখৰ বুলি ক’লে চিনি নোপোৱা মানুহ নোলাবই৷ কিয়নো চিনি নাপাব, আমাৰ তীখৰে কাম নকৰে নহয়, ‘কাৰনামা’হে কৰে৷ আহকচোন তীখৰৰ ‘কাৰনামা’ কেইটামানৰ আমিও সোৱাদ লওঁ৷
(১)
তীখৰ তেতিয়া ‘ক মান’ শ্ৰেণীৰ ছাত্ৰ। বৰ দেউতাকৰ ল’ৰাটোক যোৱা দেখি তীখৰেও বিদ্যালয়লৈ যাবলৈ বৰকৈ মন কৰা দেখি দেউতাকে তাক বয়স হোৱাৰ আগতেই নাম লগাই দিলে। ভাল দৰে তীখৰৰ মাতেই ফুটা নাই ইফালে।
ঘৰৰ ওচৰৰে বিদ্যালয়। সকলো শিক্ষক শিক্ষয়িত্ৰী চিনাকি। সকলোৱেই কণমানি তীখৰক বৰ মৰম কৰে। কিন্তু তীখৰৰ ধান্দা হ’লে বেলেগ। সেই সময়ত প্ৰাথমিক বিদ্যালয়ত আজিৰ দৰে মধ্যাহ্ন ভোজনৰ ব্যৱস্থা নাছিল যদিও ছাত্ৰ ছাত্ৰী সকলৰ অভিভাৱক সকলে নিজ নিজ সন্তানৰ কাৰোবাৰ জন্মদিন উপলক্ষে, কাৰোবাৰ পৰীক্ষা উপলক্ষে প্ৰায়েই বিদ্যালয়ৰ সকলো ছাত্ৰ ছাত্ৰীক বুট মাহ, পায়স আদি খুৱাইছিল। এই কথাটো ককায়েকৰ পৰা জানিব পৰিহে তীখৰে বিদ্যালয়ত যোগ দিছিল।
ককায়েকৰ লগতে বহিবলৈ বস্তা এটা আৰু লিখিবলৈ ফলি এখন লৈ তীখৰ সদায় বিদ্যালয়লৈ যায়। দিনটো পাৰ কৰি ঘৰলৈ ঘূৰি আহি তীখৰে দেউতাকক কয়হি, “তিলতাই(পিতাই), মোৰ পেনচোন (মাটি পেঞ্চিল) ডাল হেনাই (হেৰাই) থাকিলে।”
দেউতাকেও ভাবে সৰু ল’ৰা, হেৰুৱালে চাগে ক’ৰবাত! পাছদিনা আকৌ বেলেগ এটুকুৰা দি পঠায়।
কিন্তু এইদৰে সদায় এডাল এডাল পেঞ্চিল হেৰাই আৰু সদায় তীখৰে বাপেকক একেটাই কথা কয়, “তিলতাই, মোৰ পেনচোন ডাল হেনাই থাকিলে।”
সদায় একেটা ঘটনাকে হৈ থকা দেখি বাপেকৰ কথাটোত সন্দেহ হোৱাত তেখেতে এদিন তীখৰৰ ককায়েকক তীখৰেনো মাটি পেঞ্চিলডাল ক’ত হেৰুৱাই ধ্যান দিবলৈ কৈ পঠালে।
তীখৰৰ বৰদেউতাকৰ ল’ৰাটোৱে দিনটো তীখৰক ধ্যান দিলে। দিনটো তীখৰ ঠিকেই থাকে কিন্তু স্কুল ছুটী হোৱাৰ লগে লগে সি মাটি পেঞ্চিলৰ বাকী থকা টুকুৰাটো খাই পেলাই আৰু ঘৰত আহি হেৰোৱা বুলি কয়হি। কথাটো গম পাই বাপেকে যেতিয়া তীখৰক কাণমলা দিলে, তেতিয়াৰ পৰা যেনিবা এইটো নোহোৱা হ’ল।
এইবাৰ আহিল তীখৰৰ বছেৰেকীয়া পৰীক্ষা। পৰীক্ষাত পাঁচবিধ চৰাইৰ নাম ক’বলৈ ক’লে তীখৰক।
তীখৰে ক’লে- কুলি, কাউৰী, শালিকা, ভাটৌ আও ‘পাচলি’!
শিক্ষকে বুজালে ‘পাচলি’ চৰাইৰ নাম নহয়, তীখৰেও মানি নলয়। সিহঁতৰ ঘৰলৈ বোলে পাচলি চৰাই আনে দেউতাকে।
সকলোৱে বৰ হাঁহিলে, তাকে দেখি কণমানি তীখৰে বৰ লাজ পালে। ঘৰলৈ গৈ তীখৰে বাপেকক ওলোটাই ধৰিলেগৈ “তিলতাই, তহঁতে যে হাবিৰ পৰা পাচলি চৰাই ধৰি আন’, ছাৰহঁতক কৈ দিবিগৈ। নহ’লে মই ইচকুল নাযাও। মোক ছাৰহঁতে পাচলি চৰাই নহয় বুলি কৈছে।”
বাপেকে তেতিয়াহে কথাটোৰ ৰহস্য উদ্ঘাটন কৰিলে। বাপেকে হাবিৰ পৰা খৰি লুৰীবলৈ যাওঁতে প্ৰায়েই বনকুকুৰা ধৰি আনে। বন কুকুৰাটো দেখুৱাই তীখৰে দেউতাকক সোধে- “তিলতাই, এইটো কি চৰাই?”
গাঁৱৰ মুখ্য নামতী ফেদুৱা বুঢ়াৰ ঘৰত পুতেকহঁতে নিষিদ্ধ ‘বন কুকুৰা’ খোৱা বুলি সৰু ল’ৰাটোৱে কিজানি বাহিৰত বেলেগৰ আগত কৈ দিয়ে সেই ভাবিয়েই দেউতাকে কয়- এইটো ‘পাচলি’ অ’।
এৰা, তীখৰৰ গাতনো কি দোষ।
(২)
তীখৰহঁতৰ ঘৰলৈ নতুনকৈ বিয়া কৰোৱা মামা মামী থকাকৈ আহিব৷ তাকেই লৈ তীখৰৰ মাকৰ গাত তত নাই৷ কি কি যে যা যোগাৰ কৰিছে ঠিকনা নাই৷ সান্দহ, চিৰা, পিঠা, নাৰিকলৰ লাড়ু, মহৰ দৈ, ৰাতি ভাতৰ বাবে দুটাকৈ হাঁহ৷ তীখৰৰ এইবিলাক দেখি মনটো একেবাৰে সাতখন আঠখন কৰি আছে৷ আলহী আহিব মানে লগত কিবা চহৰীয়া ভাল মিঠাই, পিঠা, বিস্কুট আদি আনিবই৷ তাকে ভাবি ভাবি ফুৰ্তিতে সি আজি ঘৰৰ পৰা ওলায়েই যোৱা নাই কিজানি তাক ঘৰত নাপালে আলহীয়ে অনা বস্তুৰ ভাগ তাক নিদিব!
যথা সময়ত মামা মামী আহিল৷ পিছে মিঠাইৰ সলনি দেখোন ফলমূল এসোপামানহে আনিলে৷ মোমায়েকৰ মতে সৰু ল’ৰা ছোৱালীয়ে মিঠাই চকলেট আদি খাই পেট বেয়া কৰাতকৈ বতৰৰ পকা ফলমূলহে খাব লাগে৷ অৱশ্যে চহৰৰ মোমায়েকে ভবাই নাছিল গাঁৱৰ ল’ৰা ছোৱালীয়ে বতৰৰ ফল ঠিকেই খাবলৈ পায়, মিঠাই মৰ্টন আদিলৈহে হেঁপাহ কৰে৷
বাৰু যা হওক মামীয়ে দিয়া নতুন কাপোৰ সাঁজ পিন্ধি তীখৰৰ দুখ কমিলে৷ লগৰখিনিক এপাক মাৰি দেখুৱাইও আহিল গৈ৷
ৰাতি বিবিধ ব্যঞ্জনৰ সৈতে ভাত পানী খাই সকলো শুৱালে যথেষ্ট পলম হ’ল৷ তীখৰৰ বাদে বাকী সকলো ৰাতিপুৱা পলমকৈ সাৰ পালে৷ তীখৰে মনে মনে ঘৰৰ দুৱাৰ খুলি ওলাই গ’ল৷
এঘণ্টা মান পাছত মাকে সাৰ পাইহে পুতেকক নেদেখি বিচাৰ খোচাৰ লগালে, পিছে তীখৰক ক’তো বিচাৰি নাপালে৷ ঘৰৰ সকলোৱে যেনি তেনি খবৰ লৈছে কিন্তু তীখৰৰ কোনো শুংসূত্ৰ নাই৷ দেউতাক আৰু খুৰাকে গোটেই গাঁও ঘূৰিলে তাক বিচাৰি৷ গাঁৱৰ সকলোৱে গম পালে তীখৰ হেৰোৱা বুলি৷
ককাকে(ফেদুৱা বুঢ়াই) সকলোকে গালি শপনি পাৰিছে সৰু ল’ৰাটোক চম্ভালিব পৰা নাই বুলি৷ তেখেতেই মানুহ এটা লগাই ঘৰৰ পাছফালৰ পুখুৰীত জালো পেলোৱাই চাইছে, কেনেবাকৈ নাতি ডুবিলে বুলি৷ জালত মাছ উঠিছে, কিন্তু তীখৰহে নাই৷ এইবোৰ দেখি মাকে কন্দা কটা কৰিবহে পাৰিছে৷
দেউতাকহঁতো আহি ঘৰ পালেহি, পুতেকক বিচাৰি নাপাই কি কৰিম কি নকৰিম অৱস্থা তেওঁলোকৰ৷
ইফালে ন কইনাৰো এইবিলাক দেখি কি কৰোঁ নকৰোঁ অৱস্থা৷ তথাপি গা ধুবলৈ যাওঁ বুলি তেওঁ ঘৰৰ পৰা নিলগত থকা গা ধোৱা ঘৰটোলৈ কাপোৰ কেইটা লৈ আগ বাঢ়িল, গা ধোৱা ঘৰটোৰ দুৱাৰ মেলি তেওঁ অবাক৷ মাটিতে বহি তীখৰে কিবা এটা খাই আছে৷
তীখৰে মামীয়েকক কলে, “মামী তুমি দিয়া মিঠাইটো ইমান ভাল লাগিল, মামাই মিঠাই খোৱা দেখি গালি পাৰিব বুলি মই ইয়াতেই মনে মনে খাই দিলোঁ৷”
মামীয়ে ভাবিলে মইনো ইয়াক কেতিয়া মিঠাই দিলোঁ! পিছে তীখৰৰ হাতত বাকলিটো দেখা পাইহে তেওঁ উৰহী গছৰ ওৰটো পালে৷ তেওঁ যোৱা ৰাতি তীখৰক গা ধোৱা ঘৰত থবলৈ দাঁতমজা ‘কলগেট’ এটাহে দিছিল৷
গাঁৱৰ ল’ৰা তীখৰে সৌৰা গছৰ ঠাৰি, এঙাৰ আদিৰ বাদে বেলেগ বস্তুৰে দাঁত মাজি পোৱাই নাছিল৷ সেইবাবে অলপ কলগেট মুখত দি মিঠা পাই সি সেইটো মিঠাই বুলি ভাবি লৈছিল আৰু মনে মনে গোটেইটোকে খাই পেলালে।
(৩)
তীখৰ তেতিয়া তৃতীয় নে চতুৰ্থ মানৰ ছাত্ৰ। খেতিৰ দিন। সকলোৱেই পথাৰত ব্যস্ত। তীখৰহঁতৰ স্কুলৰ হেড পণ্ডিতেও ৰাতিতে উঠি হালখন লৈ পথাৰলৈ ওলাই যায়। হালোৱাটোৰ সৈতে লগ হৈ পোহৰ হোৱালৈকে যিমান পাৰে সিমান মাটিত হাল বাই, পথাৰৰ আলি দিয়ে। তাৰ পাছত ঘৰলৈ আহি গা পা ধুই জা জলপান খাই স্কুললৈ ওলাই যায়। ফলত স্কুল গৈ পাই মানে তেখেতক ভাগৰটোৱে হেঁচা মাৰি ধৰে। এই যেন শুই দিব স্কুলতে, তেনেকুৱা লাগে তেখেতৰ।
সেইদিনাও তেখেতৰ বৰ ভাগৰ লাগি আছিল। ভাগৰৰ বাবে টেবুলখনে তেখেতৰ মূৰটো বাৰে বাৰে টানি নিয়া যেন অনুভৱ কৰিছে। তেওঁ তীখৰহঁতক অংক এটাৰ উত্তৰটো উলিয়াবলৈ দিলে আৰু নিজে টেবুলখনত মূৰটো থৈ অকণমান সময় চকুকেইটা মুদি দিলে। কিন্তু অকণমান পাছতে তেখেতৰ নাকে ট্ৰেক্টৰৰ দৰে শব্দ কৰিবলৈ ধৰিলে।
ছাৰ টোপনি যোৱা দেখি ল’ৰাহঁতে আৰু ক’ত অংক কৰে। সিহঁতে ইফাল সিফাল কৰি ইটো চাইছে, সিটো চাইছে। তেনেকুৱাতে সিহঁতৰ চকুত পৰিল স্কুল ঘৰৰ কেঁচা মজিয়াখনৰ এটা গাঁতৰ পৰা নিগনি এটাই ভুমুকিয়াই আছে। সিহঁতে সকলোৱে সেইটো চোৱাত লাগিল। নিগনি চাই চাই ফুৰ্তিত হুলস্থুল কৰিবলৈ ধৰিলে। হেড পণ্ডিতেও সাৰ পাই গ’ল যদিও চকু নেমেলাকৈয়ে মাত দিলে, “ল’ৰাহঁত ওলালনে?” (তেখেতে আচলতে সুধিছে অংকৰ উত্তৰ ওলালনে বুলি!)
পিছে আমাৰ তীখৰে তপৰাই মাত দিলে “ছাৰ, নেজডালহে বাকী।”
ছাৰে ভাবিছে, অংকটো চাগে কৰা হৈছেগৈ, নেজ অৰ্থাৎ উত্তৰটো ওলাবলৈহে বাকী।
তেখেতে আকৌ অলপ টোপনি মাৰি ল’লে। সাৰ পাই আকৌ আগৰ দৰেই চকু মুদিয়ে থাকিয়েই সুধিলে, “ওলালনে?”
এইবাৰো তীখৰে তপৰাই উত্তৰ দিলে “ছাৰ, নেজডালহে বাকী।”
ইফালে নিগনিটোও ল’ৰাহঁতৰ হুলস্থূলৰ বাবে গাঁতৰ পৰা ওলাবলৈ ভয় কৰি চুচুক চামক কৰি আছে গাঁতৰ মুখতে। তাকে দেখি তীখৰহঁতৰ কি ফুৰ্তি!
এইবাৰ হেডপণ্ডিতে মূৰ দাঙি বহিলৈ তীখৰকে মাতিলে, “চাওঁ তোৰ বহীখন লৈ আহ। মই চাই দিওঁ অংকটো।”
তীখৰে বহীখনলৈ ভয়ে ভয়ে ছাৰৰ ফালে আগবাঢ়ি গ’ল যদিও সিতো অংকৰ প্ৰশ্নটোৰ বাদে বহীত তেতিয়ালৈকে আঁক এটাও মৰা নাই। তাকে দেখি ছাৰৰ খঙটোৱে টিঙিচকৈ মাৰিলে। ছাৰে বোলে “তই চোন কৈ আছিলি অকল উত্তৰটোহে বাকী বুলি! অংকচোন কৰাই নাই তই।”
তীখৰে নিগনিটোৰ গাঁতটোৰ ফালে ভয়ে ভয়ে দেখুৱাই ক’লে, “ছাৰ মই নিগনিটোৰ নেজডাল ওলাবলৈ বাকী বুলিহে কৈ আছিলোঁ।”
(৪)
তীখৰৰ বয়স তেতিয়া ন-দহ বছৰমান হ’ব। মাঘ মাহ। তীখৰৰ খুৰায়েকৰ বিয়াৰ সময়। সকলোৱে বিয়াৰ যোগাৰত ব্যস্ত। তেতিয়াৰ দিনত আজিৰ দৰে টেণ্ট হাউচ, কেটাৰিং আদিৰ ব্যৱস্থা নাছিল। গাঁৱৰ সকলো ডেকাই মিলি ৰভা দিয়া, ৰন্ধা বঢ়া কৰা, খোৱা বস্তু বিলোৱা আদি সুন্দৰ ভাৱে কৰিছিল। যাৰ ঘৰতেই বিয়া সবাহ নহওক কাম কৰিবৰ বাবে এই ডেকা দলটো সদায় সাজু।
তীখৰহঁতৰ ঘৰতো সেই মতেই সকলো ডেকাই লাগি ভাগি ৰভাৰ খুটা পুতিলে। গাঁৱৰ সৰ্বেশ্বৰ কাইটিৰ ঘৰৰ পৰা ভাড়াত অনা টিঙখিনিৰে ৰভাখন সুন্দৰকৈ বনালে। মহেশ্বৰ ককাইদেৱে নাৰিকল পাতেৰে সুন্দৰকৈ গেটখনো বনালে। এইবিলাক দেখি তীখৰৰ গাত তত নাই। লগৰীয়া বিলাকৰ লগত দৌৰা দৌৰি কৰি ৰভাৰ খুটা এটাৰ পৰা আনটোলৈ বগাই ফুৰিছে।
বিয়াৰ আগদিনা টাউনৰ পৰা ভাড়াত পেণ্ডেলৰ কাপোৰ আহি পালে। ডেকাসকল লাগি গ’ল কাপোৰ লগোৱাত। তেতিয়াৰ দিনত আজিৰ দৰে পেণ্ডেলৰ কাপোৰত গজাল ব্যৱহাৰ নকৰিছিল, তাৰ ঠাইত যি ঠাইত দুখন কাপোৰ জোৰা দিব লাগে সেই ঠাইত কাপোৰ দুখনৰ মাজত সৰু শিলগুটি এটা ভৰাই দুয়োখন কাপোৰ চুতলী ৰচী একোডালেৰে টান কৈ বান্ধি দিয়া হৈছিল। পিছে নৰেন ককাইদেৱে ক’লে জোখৰ আৰু সৰু শিলগুটি বিচাৰি ফুৰাতকৈ মাৰ্বল গুটি অলপ দোকানৰ পৰা লৈ অনা যাওক, সেইবোৰ এটাকৈ ভৰাই গ’লেই হ’ল। কথা মতেই কাম। সময়ত ৰভাৰ কাপোৰ লগোৱা কাম সম্পূৰ্ণ হ’ল।
বিয়াৰ দিনা সকলো ব্যস্ত থকাৰ সময়তে আমাৰ তীখৰে কেনেবাকৈ ৰভাৰ কাপোৰৰ মাজত আবিষ্কাৰ কৰিলে মাৰ্বল গুটি এটা। তীখৰৰ মাৰ্বলৰ প্ৰতি বৰ দুর্বলতা আছিল। দেউতাকেহে তাক মাৰ্বল খেলিবলৈও নিদিয়ে, ঘৰলৈ আনিবলৈও নিদিয়ে। তীখৰে যেতিয়াই গম পালে কাপোৰৰ গাঁঠিবিলাকৰ মাজত মাৰ্বল গুটি আছে বুলি এফালৰ পৰা এটা এটা কৈ গাঁঠি বিলাক খুলি খুলি সকলো মাৰ্বল ওলিয়াই পেলালে। ইফালে বিয়াত আলহীৰ ভিৰ লগাৰ সময়তেই ৰভাৰ সকলো কাপোৰ খহি পৰি ৰভাখন তেনেই খঁৰা হৈ পৰিল।
তীখৰক ঘৰৰ ভিতৰলৈ ধৰি নিলে কোনোবা এটাই। দেউতাকে দুই এচাত দিলেও। ককাক ফেদুৱা বুঢ়াইও বৰ খং কৰিলে আৰু শাস্তি হিচাপে তীখৰ ৰাতি দৰাৰ লগত যাব নোৱাৰে বুলি ক’লে।
তীখৰে কান্দি কাটি বিয়াকুল হ’ল যদিও বুঢ়াই নামানিলে।
ৰাতি দৰা যাবলৈ সময় হৈছে। একেখন বাছতে দৰা, দৰা ঘৰৰ বংশ পৰিয়ালৰ মানুহ, গাঁৱৰ মানুহ, পুৰোহিতকে আদি কৰি সকলো যাব। চাৰি পাঁচটামান ছিট খালিকৈ লৈছে যাতে কইনা আৰু কইনা থ’বলৈ অহা দুই এগৰাকী লগত আহিব পাৰে। দৰা নুৱাই ধুৱাই সকলোখিনি কাম সমাপ্ত কৰি সময়ত সকলো যাবলৈ সাজু হৈছে, তেনেতে খবৰ ওলাল তীখৰ হেৰালে বুলি।
চাৰিওফালে বিচৰা বিচৰি লাগিল। দৰাৰ লগত যাবলৈ নাপাব বুলি খঙতে সি ঘৰ এৰি গুচি গ’ল, নে কোনোবাই ধৰিয়েই নিলে তাক সৰু ল’ৰা পাই তাকে ভাবি সকলোৱে তীখৰক বিচাৰি চলাথ কৰিলে। নাই, তীখৰ নোলাল। কেনেবাকৈ বাছৰ চিটৰ তলত লুকাই আছে বুলি ভাবিও কোনোবাই কোনোবাই দুই তিনি বাৰ বাছৰ ভিতৰত জুমি চালে টৰ্চ মাৰি। পিছে তীখৰ নাই। গোটেইখন হুৱা দুৱা লাগিল। গোটেই গাঁওখনে গম পালে সি হেৰোৱা বুলি। দৰা ওলাই যোৱাৰ সময়ো ইতিমধ্যে এঘণ্টা পলম হৈছে তাৰ বাবেই।
এনেকুৱাতে হৰিকায়ে মন কৰিলে হোমৰ বাবে নিবলগীয়া আম খৰিখিনি তোলা হোৱাই নাই। বেলেগক কোৱাতকৈ তেখেতেই খৰিৰ মুঠাটো লৈ বাছৰ পাছফালৰ চিৰিৰে উঠি গৈ খৰিখিনি চুক এটালৈ দলিয়াই দিলে। তেনেতে তেওঁ শুনা পালে ‘আহহ’কৈ কেঁকনি এটা। টৰ্চটো মাৰি চাই হৰিকায়ে দেখা পালে বস্তা এটা গাত লৈ তীখৰ কুছি মুছি শুই লুকাই আছিল তাতে। খৰিখিনি তাৰ গাতে পৰিল।
তেতিয়াহে তেওঁ সকলোকে খবৰ দিলে আৰু তাক বাছৰ ওপৰৰ পৰা নমাই আনিলে। ইতিমধ্যে দৰা যাবলৈ যথেষ্ট পলম হৈছিল, তীখৰ মাৰ খোৱাৰ পৰা বাছিল আৰু ককাকেও বেয়া লাগি তীখৰক দৰাৰ (খুৰাক) লগত যাবলৈ দিলে যেনিবা।
☆★☆★☆
6:10 pm
অই, মজ্জা লিখিছ! শিলগুটি ভৰাই কাপোৰ লগোৱা কথাতো ক’ত শুনিলি বাৰু তই ???
7:04 am
ধন্যবাদ, উৎসাহ পালোঁ। লগৰ এটাই কৈছিল।
11:12 pm
খুবেই ভাল লাগিল অনুৰূপ। শৈশৱৰ কথা দুই এটা মনত পৰিল।
7:05 am
অশেষ ধন্যবাদ।
11:48 am
ধন্যবাদ দেই
12:12 pm
ভাল লাগিল অনুৰূপ, খুব কম সময়ৰ ভিতৰতে লিখি দিলা। ধন্যবাদ
12:43 pm
বৰ ভাল লাগিল । তিখৰ টো যে !
12:15 am
তিখৰতো যে আৰু
11:49 am
ধন্যবাদ জনাইছোঁ
6:10 am
তীখৰৰ কাৰুকাৰ্য্য ভাল লাগিল অনুৰূপ৷
11:48 am
ধন্যবাদ দাদা
2:49 pm
মজা লাগিল