এঞ্জেলৰ চেলফি: দেৱাংগ পল্লৱ শইকীয়া
পিছফালটো আকাশত আৰু আগফালটো ভূমিত থকা মটৰচাইকেল এখন কলিয়া বৰপিতাইৰ গাৰ কাষতে ভোঁউউউ কৈ ৰ’লহি। দুপৰীয়াৰ ভাতমুঠি ধৰি বৰপিতায়ে হাতত বিচনীখন লৈ ৰাস্তাৰ দাঁতিতে থকা গছজোপাৰ তলত খন্তেক জিৰাইছিলহি। ভিতৰুৱা গাঁৱৰ ঠাই। এনেকুৱা মটৰচাইকেল নাই। গতিকে হঠাতে কেঁচা বাটৰ কাষত এইখন ৰখোৱাত বৰপিতাই উচাপ খাই উঠিল। আকাশত থকাজনে মানে পিছত বহি অহাজনে চকুৰ পৰা ৰামধেণুৰ ৰঙৰ চশমাযোৰ খুলি বৰপিতাইক সুধিলে –
: এক্সকিউজ মি আংকেল! এঞ্জেল ব্লুৰ ঘৰটো মানে ক’ত হয়? দেখাই কিনে দিয়কনা!
খালী গাৰে হাতত বিচনী লৈ বহি থকা কলিয়া বৰপিতায়ে মটৰ চাইকেলত অহা আৰোহী দুজনক ওপৰৰ পৰা তললৈ এবাৰ চালে। একেবাৰে ভাওনাত দূতে পিন্ধাৰ দৰে ৰঙচঙীয়া পোছাক আৰু তাৰে এজনৰ চুলিবোৰ কিবা ঘোঁৰাৰ ফানকোচাৰ দৰে কিন্তু আধা ৰঙা আধা হালধীয়া। ৰাতি বিয়লি হোৱা হ’লে এই দুজনক যে গঞাই দেওভূত বুলি ভাবিলেহেঁতেন সেইটো খাটাঙ!
: কি ক’লা বোপা এনছেল? সেই নামৰ মানুহতো আমাৰ গাঁৱত নাই!
চালক, মানে ৰঙাচুলিয়াই উত্তৰ দিলে,
: মানুহ নহয় আংকেল! গৰ্ল গৰ্ল! ছি ইজ আ গৰ্ল!
: বুজা নাই বোপা ! বেলেগ নাম কিবা৷
ৰঙাচুলীয়াই পিছৰজনক সুধিলে,
: কিবা নিক নেইম আছিল নেকি?
পিছৰজনে ক’লে,
: না ! এটা একাউণ্ট আছে এঞ্জেল ব্লু আৰু নতুন একাউণ্টটো এঞ্জেল ব্লু নিউ!
এইবোৰ কথোপকথন চলি থাকোঁতেই বৰপিতাইৰ ঘৰৰ চোতালৰ পৰা কোনোবাই মাত দিলে,
: হেই ৰক দা! এইফালে এইফালে! ডিছ ৱে’! এইটোৱেই মোৰ ঘৰ। প্লিজ!
মাতৰ উৎসক দেখিয়েই মটৰচাইকেলখনে আকৌ ভোঁওওও কৰি বৰপিতাইক তাতে এৰি চোতাললৈ সোমাই গ’ল।
ৰক দা, ৰকদাৰ ফ্ৰেণ্ড আৰু এঞ্জেল ব্লুৱে চোতালতে হাই হেল্ল’ কৰি থাকোঁতেই বৰপিতাই উধাতু খাই চোতাল পালে। বিচনীখন ওভোতাই লৈ বৰপিতায়ে এঞ্জেল ব্লুক ক’বলৈ ধৰিলে,
: কেঁচাইখাইতি! পাঁচসিকি দি গোঁসাইক চোৱাই ইমান ধুনীয়া নামটো দিলোঁ বুলুমনি, তই কাক সুধি বিজতৰীয়া নাম ল’লি হাঁ! হেৰৌ বুলুমনিৰ মাক চা হি জীয়েৰৰ ভাওনা!
ৰক দা হঁতে এঞ্জেল ব্লুক লৈ ছেলফি উঠি থাকোঁতেই হোৱা এই ঘটনাৰ তৎ নাপালে।
এঞ্জেল ব্লুৱে ৰক দা ক ক’লে,
: ডণ্ট মাইণ্ড ৰক দা! হি ইজ বহুত অনেষ্ট হয়। একো নাই। কুল।
☆★☆★☆
1:15 pm
বহুত বঢ়িয়া লাগিল ।
1:46 pm
বঢ়িয়া এণ্জেল ব্লু ।