ফটাঢোল

পাপু-নিপুৰ আশা – ডাঃ সমুজ্জ্বল ভৰদ্বাজ

যোৱা কেইদিনমানৰ পৰা পাপু-নিপুৰ বিৰাট দুখ। দুয়োৰে আশাহত মনাকাশত শোকৰ ঘনঘোৰ ডাৱৰৰ গৰ্জন। দুয়ো যে কিমান আশা পালি আছিল! ভালেমান দিন দুয়ো পেট পূৰাই খাবলৈ পোৱা নাই। গেৰেলা পেটেৰে নাক বজাই কুম্ভকৰ্ণ নিদ্ৰাৰ সোৱাদ ল’ব পৰা নাই । ভোকাতুৰ মুখদুখনৰ সৈতে পাপু-নিপুৰ শীৰ্ণ শৰীৰদ্বয় ফাগুণী পচোৱাৰ কোবত লঠঙা হৈ পৰা চ’তৰ বিৰিখকেইজোপাৰ দৰে হৈছেহি।

পাপু-নিপুৱে যে এতিয়ালৈ পেট ভৰাই খাবলৈ পোৱায়েই নাই, তেনে কথা নহয়। ফুলেশ্বৰীৰ জীয়েকৰ বিয়াত, কবিৰাজ জেঠাইৰ ভোজ আৰু বাহিভোজ দুয়োদিনাই, আৰু বহুততে পাপু-নিপুৱে লুকাই-চুৰকৈ হ’লেও দুদিনৰ খাদ্য একেদিনাই খাইছে। কিন্তু আটাইতকৈ বেছিকৈ খাইছে আজিৰ পৰা প্ৰায় চাৰিবছৰ আগতে – গোৱালপাৰাত। গোৱালপাৰাৰ সেই খানাটোৰ কথা দুয়ো এতিয়ালৈ পাহৰিব পৰা নাই আৰু হয়তো কাহানিও নোৱাৰিব।

খানা খাই বিখ্যাত হোৱা সেইটো হয়তো অসমৰ প্ৰথম আৰু এতিয়ালৈ বিখ্যাত ঘটনা। সকলোতে পাপু-নিপুৰ বিষয়ে আলোচনা। দুয়ো হতভম্ব হৈছ। এনেয়ে পৰি থকা বুলি ভাৱি দুয়ো সিদিনা কোনো নথকাৰ সুযোগতে আচহুৱা খাদ্যবিধ ভালদৰেই পেট ভৰাই খাইছিল। খাই আহি দূয়োৰে নিজা নিজা বিচনাত এবেলা দুৰ্ঘোৰ টোপনি। পিছে সাৰ পাই উগাৰ চাৰি চাৰি দুয়ো দেখে যে সকলোতে কেৱল মাত্ৰ সিহঁতৰেই আলোচনা। আনকি গধুলি চোতালত থাকোঁ‌তেও ৰাস্তাৰে যোৱা সৰু-সৰু ল’ৰা-ছোৱালীবোৰক মাক-দেউতাকে সিহঁত দুয়োৰে পিনে আঙুলিয়াই কৈছে – “–ইহঁ‌তেই–” ।

তাৰপিছত দুদিনমান খুব গণ্ডগোল। হৈ-হাল্লা। লাহে লাহে সকলো ঠাণ্ডা হৈ গ’ল। গ’ল কথা গুছিল। বদলিসূত্ৰে গৃহস্থ সনাতন কলিতাৰ লগত দুয়ো যোৰহাটলৈ গুছি আহিল। ৰাজ্যৰ ইমূৰৰ পৰা একেবাৰে সিমূৰ।

সনাতন কলিতাৰ অলপীয়া উপাৰ্জনেৰে পাপু-নিপুৱে যোৰহাটতো কেতিয়াবা আধাপেটে, কেতিয়াবা সুদা পেটেই শুই পৰিব লগা হৈছে। নতুন ঠাই। বাট-পদূলিও অচিনাকি। আলহী-অতিথ-লগ-সংগবিহীন এইখন ঠাইত কাৰো বিয়া-সবাহ বা ভোজৰ খবৰো পাপু-নিপুৱে পোৱা নাই।

দুয়োৰে দেহৰ আকৃতি প্ৰায় আধা-আধি হৈ যাবৰ সময়তে হঠাতে আহিল নহয় ভাল খবৰ এটা। গোৱালপাৰাৰ সেই খাদ্যবিধ পাপু-নিপুহঁ‌তৰ ঘৰৰ কাষৰ চৌহদ এটাতে থোৱা হ’ল। টোপোলাবোৰৰ সেই একেই ফুৰফুৰীয়া গোন্ধ, একেই গাঁ‌ঠি দিয়া পদ্ধতি! —পাপু-নিপুক আৰু পাই কোনে! উনৈছত বা বলাই দুয়ো অভিযানৰ সুৰুঙা বিচাৰি উলিয়াইছে, সময়ো ঠিক কৰিছে।

কিন্তু কথাতে কয় নহয় বোলে দাতাই দিলেও বিধাতাই নিদিয়ে। সেই ৰাতিয়েই ঘটনাটো ঘটিল। পুৱালৈ সকলো শেষ। ছাঁ‌ইৰ পৰ্বত। লগে লগে মানুহৰ চিয়ঁ‌ৰ, কান্দোন, হৈ-হাল্লা, প্ৰতিবাদ, পুলিচ, কেমেৰা, লাইভ —-!

বহীসোপা খাব নোপোৱাৰ দুখত সনাতন কলিতাৰ ভাৰাঘৰৰ পিছফালৰ সৰু গোহালিটোত পাপু-নিপু নামৰ যমজ গৰুহালে তেতিয়া দুচকুৰে শোকৰ লুইত বোৱাই কথা পাতি আছিল —” ছেঃ। বহীসোপা এইবাৰ খাবলৈয়ে নাপালো। আগতেই পুৰি ছাঁ‌ই হৈ গ’ল “।

পাপু-নিপুৰ আশা এতিয়া দুহাজাৰ উনৈছলৈ, ঘৰখনৰ নুমলীয়া জী পাহিয়ে মেট্ৰিক দিবৰ দিনালৈ —- !

☆★☆★☆

Leave a Reply

Your email address will not be published. Required fields are marked *