ফটাঢোল

বিদায়ৰ ক্ষণ – চিত্ৰলেখা দেৱী

তিনি দিনৰ মূৰত আজি কেওজন ক্ষণিকৰ বাবে নিৰলে লগ হোৱাৰ সুযোগ মিলিছে। এই কেইদিন আটাইকেইজন দেখা দেখিকৈয়ে আছিল যদিও  মাত এষাৰ ইজনে সিজনক দিবলৈও সময় নাছিল। অৱশ্যে দুৰ্গাৰ ৰূপত থকা পাৰ্বতীয়ে আলেঙে আলেঙে কেওজনৰে ৰেহ ৰূপ চাই আছিল। ঠিকে ঠাকে সকলোবোৰকে ঘূৰাই নিব নোৱাৰিলে সিফালে মহাদেৱে খাব কলিজা। ইয়াত চাৰিওফালে যিহে ৰূপ ৰস যৌৱনৰ পয়োভৰ! সেয়া পাৰ্বতীয়ে অথনিৰে পৰা মাতি আছে যদিও কাৰ্তিক আৰু গণেশে মাকৰ ফালে চকু ঘূৰাবই পৰা নাই। ভনীয়েক দুজনীয়েহে শুনি আছে তেওঁৰ কথাবোৰ।

পাৰ্বতীয়ে বেজাৰ মনেৰে ক’লে,
: ভণ্টিহঁত আমি ওভটি যাবলৈ ৰেডী হ’বৰে হ’ল। আইৰ ঘৰতনো কেইদিন থাকিবলৈ পালোঁ? আয়ে আটাইবোৰ ব্যঞ্জন ৰান্ধি খুৱাবলৈকে নাপালে। ওচৰৰ দদাই বৰ্তাহঁতৰ ঘৰলৈকো যাবলৈকে নাপালোঁ। যাবতো লাগিবই। ভিনদেৱেৰে এই কেইদিনৰ বাবেহে পাৰ্মিচন দিছে। তহঁতে পেকিংবোৰ কৰি ল। মই এইকেইটাকো কথাটো কওঁ।

পাৰ্বতীয়ে একেখিনি কথাকে কাৰ্তিক আৰু গণেশকো ক’বলৈ গৈ যথেষ্ট কচৰৎ কৰিব লগা হ’ল। সিহঁতে প্ৰথমে মাকৰ কথাত কাণেই কৰা নাছিল। যেতিয়া ওভতি যোৱাৰ কথা বুজি পালে দুয়োটাই চিঞৰ বাখৰ কৰি উঠিল৷ সিহঁত নাযায়। গণেশৰ মতে এই কেইদিন ইয়াত যিমান খাবলৈ পাইছে কৈলাসত বছৰটোতো নাপায়। উভতি গৈ পেট শুকুৱাবলৈ নাই। চেপেটা পেটৰ গণেশক কোনে পূজিব?

কাৰ্তিকেও ইয়াৰ ধুনীয়া ধুনীয়া আপীবোৰ এৰি কৈলাসৰ ভুতুনী চাবলৈ কদাপি নাযাই বুলি ক’লে।   তাকে শুনি সাহ পাই লক্ষ্মীয়ে ক’লে,

: হয় বাই, মোৰো হ’লে যাবলৈ মন নাই দেই। দেখা নাই নে মানুহবোৰে আমাক আনোতে ইমান আদৰি সাদৰি আনে আৰু যাওঁতে কেনেকৈ পানীলৈ ঠেলি পেলাই সিহঁতে ৰং সানি সানি জঁপিয়াই জঁপিয়াই নাচে?

সৰস্বতীয়েতো বাই অ’ বুলি যোৱাৰ দৃশ্যটো মনত পেলাই এসোঁতা কান্দিয়েই পেলালে। পাৰ্বতীৰ নিজৰো কথাটো মনত পৰি বেজাৰ লাগি শোক এটাই বুকুত খুন্দা মাৰি ধৰিলে। এই মানুহবোৰ যে কি আৰু? ইমান যত্নেৰে সাজি আদৰ সাদৰ কৰি তেওঁলোকক আহ্বান কৰি আনে, যাওঁতে আকৌ পানীলৈ ঢকা মাৰি দিয়ে৷ কাৰোবাৰ উচুপনিৰ শব্দত পাৰ্বতীয়ে মূৰ দাঙি চালে। ই কি? নৰ মনিচ এটাই তেওঁলোকলৈ চাই কান্দি আছেচোন! তেওঁ সুধিলে,

: হেৰৌ মানৱ, আমি যেনিবা আমাৰ দুৰ্গতিৰ কথা চিন্তা কৰি কান্দিছোঁ, তই কিয় কান্দিছ?

মানুহটোৱে উচুপি উচুপি ক’লে,
: হে মা, মোৰ দুখ কোনেও নুবুজে। দেহক মাটি কৰি, তেজক পানী কৰি আপোনালোকক সাজোঁ; পূজা হৈ গ’লে আমাৰ অত কষ্ট মানুহবোৰে ধ্বংস কৰি পেলায়। কালিলৈ মই তৈয়াৰ কৰা আপোনালোককো ধ্বংস কৰি পেলাব। মই সেই বেজাৰতে কান্দিছোঁ৷

পাৰ্বতীয়ে মানুহটোৰ বেজাৰত  নিজেও দুখী হ’ল। কিছু পৰ চিন্তা কৰি তেওঁ ক’লে,

: বেজাৰ নকৰিবা হে মানৱ। প্ৰতি বছৰে এনেকৈ ধ্বংস হ’লেহে তোমাৰো বিজনেছটো চলি থাকিব। ধ্বংসৰ বুকুতেই সৃষ্টিৰ বীজ থাকে। যোৱা, তোমাক আশীৰ্বাদ কৰিলোঁ – অহাবাৰ এতিয়াতকৈ অধিক দামত তোমাৰ এই সৃষ্টি বিক্ৰী কৰিব পাৰিবা। তেহে তোমাৰ ঘৰ সংসাৰ বৰ্তি থাকিব। আমিও বছৰে বছৰে নতুন ডিজাইনত আহিব পাৰিম৷

পাৰ্বতীৰ কথাত ওজন আছিল। আটায়ে যেন নিজৰ নিজৰ কৰ্তব্য বুজি পালে৷ মানুহটো আঁতৰি গ’ল আৰু পাৰ্বতীৰ পৰিয়ালটো উভতিবলৈ যা-যোগাৰ কৰাত লাগিল। ওপৰত মহাদেৱে দেখি পাৰ্বতীলৈ চকু টিপিয়াই দিলে।

☆★☆★☆

Leave a Reply

Your email address will not be published. Required fields are marked *