ফটাঢোল

ফটা ৰামায়ণ শ্লোক – সৌৰভ শৰ্মা

সীতাকলৈ ৰাৱণে পুষ্পক বিমান ফুলস্পিডত উৰুৱাই দিলে। ইফালে লক্ষ্মণে ককায়েক ৰামক বিচাৰি বিচাৰি এঠাইত লগ পালে। ৰামে ক্ষোভেৰে লক্ষ্মণক সুধিলে বোলে সীতাক এৰি কিয় আহিল। লক্ষ্মণেও সকলো ঘটনা বিৱৰি ক’লে যে সীতাই ফোৰ্চ কৰি পঠিয়ালে।
দুয়ো আহি দেখে কুটীৰত সীতা নাই। ৰামে লগে লগে লক্ষ্মণক বকিবলৈ আৰম্ভ কৰিলে। ৰামৰ গালি শুনি লক্ষ্মণৰ মুখেৰে এটা শ্লোক স্বতঃৰ্স্ফূত ভাৱে নিগৰিলে।
কিন্তু এই শ্লোকটো ৰামায়ণৰপৰা কালৰ সোঁতত নোহোৱা হৈ আহিল। কাৰণ যথেষ্ট সংখ্যক ঋষি-পণ্ডিতে নিজৰ পত্নীৰ কাতৰ অনুৰোধত এই শ্লোক বাদ দিলে আৰু একাংশয়ে পত্নীৰ ভাবুকি পাই এই শ্লোকটো উহ্য কৰি গ’ল। লক্ষ্মণৰ সেই বিখ্যাত শ্লোকটো আছিল –

“পশু ধন নাৰী চব কাৰণ কি হাৰি।”

মানে সকলো অথন্তৰৰ কাৰণ বা মূল এই তিনিটা বুলি লক্ষ্মণে শ্লোকেৰে বুজাইছিল।
কাষৰ ঘৰৰ জপনা ভাঙি আপোনাৰ গৰু-ছাগলী সোমাল বা আপোনাৰ বাৰীত আনৰ গৰু, ছাগলী সোমাল। লাগিল কাজিয়া এখন। কাৰোবাৰ পোহনীয়া কুকুৰে কামুৰিলে, হ’ল এখন কুৰুক্ষেত্ৰ। মানে পশুৰ পিছত ধন, কি বেয়া বস্তু। সকলোৱে ধনৰ পিছত দৌৰে কিন্তু সফল নুন্য সংখ্যক। প্ৰতিবেশী ধনী যদি আপোনাৰ বিপদ। আপুনি ধনী যদি প্ৰতিবেশীৰ বিপদ।

পৰোচ কি বিবি চুন্দৰ টো আপ কা খ্যেৰ নেহি।
আপকী ৱালি চুন্দৰ টো পৰোচি কি খ্যেৰ নেহি।

যদি হৰিণ নহয় গছ, শিল, বা কিবাও হ’ল হয় তেন্তে কথা নাছিল। হৰিণ মানে পশু তাকো সোণৰ। মানে সোণ অৰ্থাৎ ধন। এটা হৰিণৰ সমান সোণ ধেমালি কথা নহয়। ৰামৰো লোভ অলপ লাগিছিল চাগে, কিন্তু অকলে থকা হ’লে কথা নাছিল। লক্ষ্মণে কোৱা শ্লোকৰ মতে নাৰী মানে সীতাৰ হাল্লাত ৰাম গ’ল সোণৰ হৰিণ বিচাৰি। লক্ষ্মণ নগ’ল হয় ৰামক বিচাৰি, কিন্তু আকৌ নাৰী। সীতাই যিটো বাজন দিলে বেচেৰা যাবলৈ বাধ্য হৈছিল। সকলো প্ৰত্যক্ষ কৰি ৰামৰ বকনি শুনি ৰ’ব নোৱাৰি কৈছিল,

“পশু ধন নাৰী চব কাৰণ কি হাৰি৷”

☆★☆★☆

6 Comments

  • সৌৰভ শৰ্মা

    ভাল লাগিল।????

    Reply
  • কমলা দাস

    সুন্দৰ ব্যাখ্যা

    Reply
  • Kamala das

    এই টো স্লোক ৰ বিষয়ে শুনাই নাছিলো ।????বঢ়িয়া ।

    Reply
  • Rintumoni Dutta

    ভাল লাগিল পঢ়ি

    Reply
  • জয়ন্ত দাস

    মজা লাগিল৷

    Reply
  • সৌৰভ শৰ্মা

    সকলো পঢ়ুৱৈ ক ধন্যবাদ জ্ঞাপন কৰিলোঁ??????? আপোনালোকৰ মন্তব্য জীৱনৰ বাবে এক উৎসাহ ???

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *