দুৰ্গা-মহিষ সংবাদ – জিমি শইকীয়া
বিসৰ্জনৰ পিছত ব্ৰহ্মপুত্ৰৰ পাৰতে দেৱী দুৰ্গা বহি আছে চুলিটাৰি আৰু কাপোৰ কানিবোৰ শুকাওক বুলি। গণেশ, কাৰ্তিক, সৰস্বতী গ’ল লক্ষ্মীক আগবঢ়াই দিবলৈ। কাৰণ লক্ষ্মীপূজা শেষ কৰিহে লক্ষ্মী গৃহ অভিমুখে ৰাওনা হ’ব। আনবাৰ দুৰ্গামাতাও লক্ষ্মী পূজালৈকে পৃথিৱীতে থাকে। এইবাৰো লক্ষ্মীয়ে থাকিবলৈ কৈছিল। পিছে দুৰ্গা গোঁসানীৰ মন ভাল নহয়। সেয়ে যাবগৈ সোনকালে। তেনেতে কোনোবাই হিন্দী গান গাই গাই সেইফালে আহি থকা যেন পাই গোঁসানীয়ে ঘূৰি চালে।
আপোনমনে দিলবৰ দিলবৰ গানটো গাই জাঁপ মাৰি মাৰি আহি থকা মহিষাসুৰক মা দুৰ্গাই ক’লে -”ঐ এইটো! কি হিন্দী গান গাই আছ? তোৰ নাচিবলৈ সময় আছেইনে! ব’ল আৰু, আমাৰ কাম শেষ ইয়াত।”
দেৱীৰ মাতত ব্ৰেক মাৰি ৰৈ দিলে মহিষ আৰু ক’লে –
“মোৰচোন যাবলৈকে মন যোৱা নাই ৰে মা।
ইম্মান যে ভাল লাগিল এইকেইদিন!”
: কি! তোৰ ভালহে লাগিলনে? হেৰৌ মোৰ ভৰিত মোৰ যাঠীৰ খোচত অত প্ৰজাৰ আগত মৰি আছিলি নহয় ইমান দিন, লাজ নালাগিলনে হেৰৌ তোৰ! অত প্ৰকাণ্ড কায়াটো লৈয়ো চিৎভোলোঙা খাই পৰি আছিলি নহয়। তথাপি তোৰ নাকত লাজ নাই। ধেৎ তই অসুৰ যে অসুৰেই আৰু দেই।
: নহয় নহয় মা দুৰ্গা। আপুনি ভুল বুজিছে। কিবা বোলেনে দেৱী সেই যে ভাল সমাজত থাকিলে কেতিয়াবা বেয়াজনো ভাল হ’বলৈ বাধ্য হয়। আজি অত যুগে তোমালোকৰ সংগত থাকি থাকি মোৰ আত্মাটোও দেৱতাৰ দৰেই হৈ গৈছে।
: হেৰৌ মহিষ। কিবা খং উঠিব এই যাঠীৰে আকৌ খোচ মাৰি দিম ধৰি লৈ। এনেয়ে মন চন ভাল নহয়। যি ক’ব খুজিছ সোনকালে ক।
: পূজাৰ মণ্ডপত আপোনালোকৰ লগত থাকি মোৰ দেখোন কিবা এটা ভাল লাগি যায়। ধুনীয়া ধুনীয়া ছোৱালীবোৰে মোৰ ওচৰতেইতো চেলফী উঠিবলৈ আহে। মোৰ যে সিহঁতক মৰমতে মোক স্বামী হিচাপে পাবলৈ আৰ্শীবাদ দি দিবলৈ বৰ মন যায়।
: ঐ পাপী। তোৰ মুখত সেই পাপৰ কথাই। লাজ নাপাৱ! নাৰীৰ হাততে মৰিছিলি নহয়। সি আকৌ বৰ দিবলৈ যায়। হেৰৌ আইনাত নিজৰ মুখখন চাইছনে নাই? চুলিয়ে-ডাঢ়িৰে পতটো চাবিচোন!
: কিনো বেয়াটো মই। মোৰ দৰে ফিজিকেল ফিট আপোনাৰ মণ্ডপত কোনটো আছে চাবচোন। বাহুৱেই চাবনে, বুকুৱেই চাব। যেন জিম কৰিহে আহিছোঁ। চালমান, শ্বাহৰুখৰ ফিটনেছ মোৰ দেহত। ডাঢ়িয়েই চাবনে মোৰ চুলিয়েই চাব। কি চালিয়া বে! আপোনাৰ দৰে ধৰুৱা দেৱী নহয়তো মই। যিখিনি আছে নিজৰ আছে বে!
: ঐ মুখ চম্ভালি কথা ক’বি। গদাৰ কোবত মুখ ভাঙি দিম ধৰি লৈ! কিহৰ কাৰণে এনেকৈ ক’লি।
: চাওক মা! অপ্ৰিয় সত্য যদিও কওঁ। আপোনাৰ দৰেইতো মোক পূজা কৰে।
: ঐ তোক সঁচাকৈয়ে দুই খোচমান আকৌ মাৰি দিম এতিয়া ৰ’। তোক কেতিয়া পূজা কৰা দেখিলি ঐ?
: মাৰক না মা মাৰক। আপোনাৰ হাতত মৰিও মই অমৰ হৈ আছোঁ। মৃত্যু সঁচাকৈয়ে শিল্প। আপোনাৰ হাতত মৰা কাৰণেহে আজি মোক আপোনাৰ লগে লগে সকলোৱে সোঁৱৰিছে।
: তোৰ বাৰু অলপ কিবা খেলিমেলি হৈছে নেকি অ’! তেজপুৰতে থাকি যা দুদিনমান! হেৰৌ পাপী,অসুৰ!
: কাহেকা পাপী, কাহেকা অচুৰ বে মা! মই দেৱতাতকৈ কোনো গুণে কম নহয়। মোকহে আচলতে পূজা কৰে! এইযে হাঁহ বলি, ম’হ বলি এইবোৰতো মোৰ কাৰণেই দিয়ে। নহ’লে কওকচোন আপোনাক দুৰ্গা মা বুলি কয়। মাকৰ আগত জানো আপোনাৰ সন্তান সদৃশ জীৱ বধ কৰে! আচলতে মানুহবোৰে মোকহে পূজা কৰে।
মোৰ জন্ম যদি নহ’লহেঁতেন, মই যদি দেৱতাবোৰৰ হাঁহাকাৰ নলগালোহেঁতেন, মই যদি…..
: চুপ একদম চুপ। মোৰ মাথাটো নষ্ট নকৰ আৰু! না তোৰ জন্ম হ’লহেঁতেন আৰু না আজি মোৰ এই দুৰ্গতি হ’লহেঁতেন।
: আপোনাৰনো কি দুৰ্গতি হ’ল? ঠিকেইতো আছে। দহখন হাতত বিধে বিধে মৰণাস্ত্ৰ লৈ। একেবাৰে আনকমন দেৱী। মইনো কি কৰিলোঁ। মোক মাৰিলে কাৰণেহে আপুনি ফেমাচ হৈ গ’ল। বিপদনাশিনী, মহিষাসুৰমৰ্দিনী আদি নামবোৰতো মোৰ কাৰণেই পাইছে।
: হ’লে কিডাল হ’ব মহিষ। এইসোপা সব আৰ চিঙা চুলি তাৰ চিঙা চুলি বান্ধি যাওঁ নেঘেৰি খোপা জাতীয় কথা হ’ল বুইছ। মই আচলতে ধৰুৱা দেৱী,অনুদানৰ দেৱী। সবৰপৰাই ইটো সিটো লৈহে মই সৃষ্টি হৈছোঁ। তোক মাৰিবলৈকে মোক ইমানবোৰ অস্ত্ৰ-শস্ত্ৰ ডনেচন দিয়া দি দিলে। সেইসোপা ল’বলৈ ঠাই নোহোৱাত মোৰ হাতেই দহখন বনাই দিলে। দেৱগণে ভাবিবতো লাগিছিল। মাইকী মানুহ এজনী হৈ অতসোপা হাত চম্ভালি কঢ়িয়াই ফুৰাটো কম কথা জানো। হেৰৌ তোক কিহে পাইছিল অ’ নাৰীৰ হাতত মৰিম বুলি বৰ খুজিবলৈ। তাকো আকৌ মাতৃ গৰ্ভৰপৰা নজন্মা নাৰীৰ হাতত। তোৰ কাৰণে মোৰ এই দশা। তয়ে কচোন মহিষ। তোৰ অন্যায় অত্যাচাৰবোৰৰপৰা জগতখন ৰক্ষা কৰিবলৈহে তোৰ দৰে অসুৰবোৰক মাৰিছিলো। সেইবুলিনো মোৰ আগত বলি দিব লাগেনে? মইতো ৰক্তপিপাসু নহয়। জীৱ-জন্তু সকলোবোৰ দেখোন মোৰ সন্তানৰ দৰেই। নিৰীহ নিৰ্বলী হাঁহ, ম’হ মোৰ আগত কিয় বলি দিব লাগে কচোন! সেইবোৰে অসুৰৰ আগতহে শোভা পায়।
: সেই ভুলটোৱেইতো আপোনাৰ ভাঙিব খুজিছো দেৱী। অপ্ৰিয় সত্য এটা কওঁনে? আপোনাৰ মণ্ডপত ঔষধত দিবলৈ ময়েতো একমাত্ৰ অসুৰটো আছোঁ। এতিয়া দেখিছে এক্সুৱেলী মোৰ দৰে অসুৰবোৰহে ৰক্তপিপাসু। হত্যা, বলি ভাল পাওঁ। মোক সন্তুষ্ট কৰিবলৈহে বলিবোৰ দিয়ে।
: ঐ মনে মনে থাকিলিনে! তোক মানে এই পৰশুখনেৰেই দিম এতিয়া ৰহ।
: বেয়া নাপাব দেৱী। সত্য স্বীকাৰ কৰক। মোৰ অবিহনে আপোনাৰ অস্তিত্বই নাই। মোৰ কাৰণেহে আপোনাৰ সৃষ্টি হ’ল। মোক মাৰিহে আপুনি ফেমাচ হ’ল। মই যদি নাৰীৰ হাতে মৰাৰ বৰ নিবিচাৰিলোহেঁতেন, আপোনাৰটো জন্মৰ কথাই নাহে তেতিয়া। আপোনাক ফেমাচ কৰি মই শ্বহীদ হৈ গ’লো ৰে। চাওক মোকতো অসুৰ বুলি তীব্ৰ ভাষাৰে কোনেও গৰিহণা দিব পৰাকৈ চেপাৰেটকৈ নথয়। আপোনাকে মোকে একেলগেই প্ৰতিষ্ঠা কৰে। বিসৰ্জনোতো সেই একেলগেই একেখিনি পানীতে দিয়ে। মোকতো অসুৰ বুলি বেলেগত নিদিয়ে।
: হয় ঐ মহিষ। তই ঠিকেই কৈছ হয়তো। এই মানুহে দেখোন সব একাকাৰ কৰি পেলালে।
: পেলাবতো, নেপেলাব কিয়? যদি আপুনি বলি-বিধান বেয়াই পায়, তেন্তে বলিটো দিবৰ সময়ত বলি দিয়াজনৰ হাতখন ওপৰতে ৰাখি নিদিয়ে কিয়? আপুনি প্ৰকট হৈ নাযায় কিয়? যেতিয়া নাচি নাচি আপোনাক পানীত হামখুৰি খুৱাই পেলাই দিয়ে, তেতিয়া আপোনাৰ ৰুদ্ৰৰূপ প্ৰকট নকৰে কিয়?
: নোৱাৰি অ’ মহিষ কিছুমান ক্ষেত্ৰত। মানুহৰ আগত দেখা দিয়া মানে মোৰ হাতৰ কুঠাৰ ভৰিত মাৰি লোৱাহে হ’ব। আমি ভগৱান আছোঁ বুলি নেদেখাকৈয়ে বিশ্বাস কৰি ইমানবোৰ বৰ বিচাৰি থাকে শৰাই-শলিতা দি দি। কেনেবাকৈ সঁচাকৈ দেখা দিব লাগিলে কি বিলাই হ’ব কচোন।
তই ঠিকেই কৈছ মহিষ তয়ো আজিকালি আমাৰ লগত থাকি থাকি যুক্তিৰ কথাই ক’বলৈ শিকিছ।
মহিষাসুৰে মোচত তাও দি মিচিকিয়াই হাঁহিলে।
বুকুখন আৰু অলপ ফুলাই সি ক’লে – “দেৱী দুৰ্গা আপোনাক ফ্ৰীতে পৰামৰ্শ এটা দিওঁ। চৌতী মুহ বৰী বাত বেয়া নাপাব। আপোনাৰ এই লোহাৰৰ অস্ত্ৰ শস্ত্ৰবোৰ কেনিবা মিউজিয়ামত দি দিব নহ’লে কমাৰৰ তাত দি দিব। লোকৰ বস্তুবোৰ কঢ়িয়াই ফুৰিবলৈ আপোনাৰ কি দৰকাৰ? মই আপোনালোকক এতিয়া ডিচটাৰ্ব নকৰোঁ। আজিকালি বিজ্ঞান আগবাঢ়িল। কিমান কাঢ়া কাঢ়া বিহ ওলাইছে, একচামুচ খুৱাই দিলেই মাৰিব পাৰি। শক্তি খৰচ কৰাৰ প্ৰয়োজন নাই, ডিমাগৰহে মানে বুদ্ধিৰ প্ৰয়োজন। এই যে ব্ৰজপাত, দধিচী মুনিৰ হাড়ৰপৰা বনোৱা নহয় জানো? এইপাত কোনোবা ভাল বিজ্ঞানীক দি থৈ যাবহে। কিবা ৰিছাৰ্জ কৰিব পাৰিব। গহনাওতো আপোনাৰ গাত কমসোপা নাই। সোণাৰীৰ তাত দি দিয়ক। এই বাহনটোও মানে আপোনাৰ সিংহটোও কাজিৰঙাতে এৰি থৈ যাব। না ৰহেগী বাচ ঔৰ না বাজেগী বাচুৰী। এইবোৰ নাথাকিলে আপুনি আহিবও নালাগে আৰু ইয়াত অশান্তি অপমানো পাব নালাগে।
: অলপ বেছিয়েই ক’লি নেকি মহিষ।
তেনেতে সৰস্বতী, গণেশ আৰু কাৰ্তিক আহি দেৱীৰ ওচৰ পালেহি –
: প্ৰণাম মাতা।
: বাৰু এই লক্ষ্মী নাই দেখোন?
: লক্ষ্মীয়ে বোলে পূজাভাগ শেষ কৰিহে যাব। আমাক যাবলৈ কৈছে আপোনাৰ সৈতে।
: ময়ো যাম এইবাৰ স্বৰ্গলৈ আপোনালোকৰ লগত।
সৰস্বতীয়ে জকজকাই উঠিল – “ঐ তই অসুৰ! অসুৰৰ ঠাইত থাকিবি।”
গণেশ আৰু কাৰ্তিকে মহিষক মাৰিবলৈকে উদ্যত হ’ল। তেনেতে বাধা দি দুৰ্গা দেৱীয়ে ক’লে – “মই কথা এটা ভাবিছোঁ। এইবাৰ মহিষাসুৰক আমাৰ লগতে স্বৰ্গলৈ লৈ যাওঁ।”
“হৌচ না খবৰহে, য়্যা কেইচা অচৰহে.. তুমচে মিলনে কে বাদ দিলবৰ.. দিলবৰ দিলবৰ দিলবৰ…”
☆★☆★☆
9:04 pm
জিমি,আগতে পঢ়িছিলোঁ৷ আকৌ পঢ়ি হাঁহি আছোঁ৷
8:57 am
আগতে পঢ়িছিলোঁ, এতিয়াও পঢ়িলোঁ । বহুত ভাল লাগিল ।
10:14 am
ঝাকাছ জিমি! বলেতু অ’চাম লিখা