সহযাত্ৰী – মৌচুমী গগৈ
ৰাজেন আৰু মধু একেখন কৰ্মক্ষেত্ৰতে কৰ্মৰত যদিও দুয়োজনৰ কামৰ পদ্ধতি কিন্তু ভিন্ন ভিন্ন ।সহজ ভাষাত ক’বলৈ গ’লে ৰাজেন এটা চোৰ আৰু মধু এটা ডকাইত ।দুয়োটাৰে কামৰ ধৰণটো অলপ উনুকিয়াই দিব খুজিছোঁ ।ৰাজেনে গৃহস্থৰ ঘৰৰ সকলো মানুহ টোপনি যোৱালৈ বোন্দাপৰ দি থাকিব লগা হয়।তাৰ পিছত মানুহখিনি টোপনি যোৱাৰ উমান পালে ,হাতত সাৰে ভৰিত সাৰে পিছফালৰ ৰূমত সিন্ধি খান্দি ঘৰৰ ভিতৰ সোমায় আৰু পাকঘৰত কিবা খোৱাবস্তু দেখিলে সেইখিনি আগতে পেট নামৰ মেচিনটোত ভৰাই লৈ থাপতে পোৱা বয়-বস্তুবোৰ লৈ উধাও হয় ।
আনহাতে ডকাইত নামৰ প্ৰাণীটো অলপ উচ্চ খাপৰ হয়।সিহঁতে সিন্ধি খান্দি নিজৰ শক্তিখিনি অপব্যয় নকৰে ।হাজাৰ হ’লেও মান -ইজ্জতৰ কথা জড়িত হৈ আছে ।গতিকে মধুৱে হাতত হাথিয়াৰ লৈ দস্তুৰমত গৈ শুই থকা গৃহস্থক জগাই দৰ্জা খুলিবলৈ আদেশ দিয়ে।যদি গৃহস্থই ভয়তে দৰ্জা খুলি নিদিয়ে তেতিয়া দাবী -ধমকী দি হ’লেও খুলিবলৈ বাধ্য কৰে ।আৰে,ডকাইত ইমান কম ধাতুৰ হ’লে নচলিব তো । তাৰ পিছত বীৰদৰ্পে শহুৰেকৰ ঘৰলৈ অহাৰ দৰে প্ৰৱেশ কৰি ঘৰৰ মানুহ খিনিক এটা ৰুমত আৱদ্ধ কৰি আলমাৰি,চন্দুক আদি ভাঙি টকা-পইচা,আ-অলঙ্কাৰ সকলোখিনি টোপোলা বান্ধি কাকো কেৰেপ নকৰাকৈ ওলাই যায় ।
এদিনাখন ৰাজেনে মধুৰ কাণ্ডবোৰ দেখি মধুৰ ভক্ত হৈ পৰিল আৰু নিজৰ কামফেৰা এক ঢাপ ওপৰলৈ উন্নীত কৰিবলৈ মধুৰ শৰণাপন্ন হ’ল।মধুৱেও ৰাজেনক নিজৰ শিষ্যৰূপে গ্ৰহণ কৰিলে ।পিছদিনাৰ পৰা আৰম্ভ হ’ল ‘DET’ৰ ক্লাছ অৰ্থাৎ ডকাইত ইলিজিবিলিটি টেষ্ট ।।বিভিন্ন ধৰণেৰে গৃহস্থক ভয় দেখুওৱা,ছুৰী মৰা,বন্দুক দেখুওৱা ,তলা ভঙা আদি বহুতো বিষয়ৰ চিলেবাচ ।এই টেষ্ট সহজ নহয় যদিও ৰাজেনে দিন-ৰাতি একাকাৰ কৰি টোপনি ক্ষতি কৰি হ’লেও উত্তীৰ্ণ হ’বলৈ সক্ষম হ’ল।।
এইবাৰ আহিল প্ৰেক্টিকেল টেষ্টৰ সেই বিশেষ দিনটো ।মধুৱে ৰাজেনক এঘৰ সম্ভ্ৰান্ত মানুহৰ ঘৰৰ সন্মুখত থৈ আহিল।ৰাজেনে গুৰুৰ আদেশ মতে হাতত পুতলা পিষ্টলটো লৈ ছুৰীখন পিছফালৰ পকেটত ভৰাই লৈ ধপধপাই থকা বুকুখনকে সাৰথি কৰি কলিংবেল টিপিলে।কিন্তু ৰাজেনক আচৰিত কৰি কাম কৰা ল’ৰা এজন ওলাই আহি তাক একো নোসোধাকৈ বাহিৰৰ ৰূমটোত বহিবলৈ ক’লে ।ৰাজেনে যথেষ্ট ভয় খালে ।এইটো বিষয় চিলেবাচত সি শিকা নাছিল।অগত্যা ৰাজেনে সেমেনা সেমেনিকৈ গৈ ছোফাত বহিলগৈ।ৰাজেনে মনতে অনুমান এটা কৰিব পাৰিলে যে এই সময়ত ইয়ালৈ চিনাকি -অচিনাকি মানুহৰ আগমন হোৱাটো অস্বাভাৱিক নহয় বাবেই ছাগে ল’ৰাজনে তাৰ পৰিচয় নোসোধাকৈ সোমাব দিছে। ক্ষন্তেক পিছতে সেই একেজন ল’ৰাই তাৰ ওচৰলৈ আহি নামটো জানিব বিচৰাত ,ৰাজেনে মোৰ ‘বছ’ বাহিৰত আছে ,মাতি আনো ৰ’ব বুলি কৈ বাহিৰলৈ লৰ দিলে ।তেনেকুৱাতে এখন ৰঙা লাইট জ্বলি থকা গাড়ী আহি চৌহদৰ ভিতৰত প্ৰৱেশ কৰিলে ।ৰাজেনে লৰালৰিকৈ আন্ধাৰৰ ফালে খোজ দিলে।তেনেতে তাৰ মূৰত এটা বুদ্ধি খেলালে ।সেই গাড়ীখনতনো কোন আহিছে চাবলৈ সি ঘৰটোৰ কাষৰ ৱালৰ ওপৰেদি পাৰ হৈ আহি খিৰিকী এখনেৰে ভিতৰলৈ জুমি চাব ধৰিলে।ৰাজেনে দেখিলে যে ,চ্যুট টাই পৰিহিত তিনিজন ব্যক্তিয়ে সেই একেই জেগাত বহি ব্ৰীফকেচ এটাৰ পৰা কেইবাটাও টকাৰ বাণ্ডোল উলিয়াই টেবুলত থৈছে।এজন সম্ভ্ৰান্ত ব্যক্তি হাঁহি হাঁহি নামি আহিছে ।পিছে পিছে সেই কাম কৰা ল’ৰাজনে এখন ট্ৰেত দুটা বিলাতী সুৰাৰ বটল আৰু খোৱাবস্তু অলপ লৈ আহিছে।তাৰ পিছত গোটেইকেইজনৰ মাজত আৰম্ভ হৈছে সুৰাৰ মেহফিল।
ৰাজেনে লাহেকৈ নামি ঘৰৰ ফালে বাট পোনালে।তাৰ মনত বহুতো কথাই অগাদেৱা কৰিবলৈ ধৰিলে।ৰাজেনে ভাবিবলৈ ধৰিলে ,”মই ঘৰখনৰ আৰ্থিক দুৰৱস্থাৰ কাৰণে চোৰ হ’ব লগাত পৰিলোঁ।চুৰ কৰি যি পাইছোঁ তাতেই মই সদায় সন্তুষ্ট হৈছোঁ ।ইয়াতকৈ বেছি লোভ কেতিয়াও কৰা নাই ।কিন্তু এই ধনী মানুহবোৰৰ কি অভাৱ ।ডাঙৰ ঘৰ,গাড়ী,টকা-পইচা সকলোবোৰ উভৈনদী হৈ থকাৰ পিছতো ইমান টকা কিয় লাগে এই মানুহবোৰক।এইবোৰতো কষ্ট কৰি অনা টকা হ’ব নোৱাৰে।নিশ্চয় ক’ৰবাৰ পৰা চুৰ কৰি অনা পইচাই হ’ব।তেন্তে মোৰ আৰু সিহঁতৰ মাজত কি পাৰ্থক্য থাকিল।সিহঁত সমাজৰ স্বীকৃতিপ্ৰাপ্ত চোৰ আৰু মোৰ সেই স্বীকৃতি নাই ।সচাঁকৈ আমি সকলো দেখোন একেটা পথৰেই সহযাত্ৰী ।”ৰাজেনে এটা সন্তুষ্টিৰ হাঁহি পিন্ধি নিজৰ ঘৰত প্ৰৱেশ কৰিলে৷
☆★☆★☆
5:07 pm
সুন্দৰ হৈছে মৌচুমী
11:26 pm
বৰ ধুনীয়া লাগিল৷