ইস্ত্ৰি কৰা বেডচিট–সদানন্দ দত্ত
উজনিৰ নাহৰৰ শাৰী থকা বিশ্ববিদ্যালয়খনৰ মুখ্য দুৱাৰৰ সিপাৰে অলপ দূৰতে এখন ছোৱালী হাইস্কুল আছে।তাৰ কাষেদি যোৱা ৰাস্তাটোৰ মূৰতে আমাৰ ভাৰতী মেছ।তেনেই কাষতে স্কুলখন আছে বাবে মেছত থকা প্ৰতিজনৰে খোজ-কাটলৰ ঢং বেলেগ।এঘাৰজন ছাত্ৰৰ খোৱা- বোৱা একেলগে হয়।ৰান্ধনি প্ৰদীপ আছে যদিও প্ৰায়েই সিজাবলৈ নাহে। আন ৰান্ধনি পাবলৈও নাই,গতিকে এৰি দি আন এজনক লব নোৱাৰি।এজনীয়া কোঠা ,দুজনীয়া কোঠা আৰু তিনিজনীয়া কোঠা থকা ঘৰটোৱেই ভাৰতী মেছ। আমি তাতে থাকোঁ।আমাৰ মাজৰ হাজৰিকা বোলাজন অকলে থাকে।এটা কোঠাত কিবা জমনি কথা ওলালে প্ৰতিটো কোঠালৈ ৰগৰটো বাগৰি যায়।কোনোৱে যদি জাৰত কেঁকাই কয় -উঃ উঃ বৰ জাৰ
সিটো কোঠাৰপৰা মাত আহিব -কেশৱ ঔ,জাৰ নেকি?
:নুবুজে ঐ,মা-দেউতাই নুবুজে।অকল পঢ় পঢ় কৰি পঠাই দিছে।হেৰ’লেপ এখন গোটাই দে লৰা তুলিছে যেতিয়া!।উঃ উঃ বৰ ঠাণ্ডা ঐ
–এই কথাটো ৰগৰ হৈ প্ৰতিটো কোঠালৈ বিয়পি গমগমাই উঠে।এনেকৈ হাঁহি-ধেমেলীয়া কথাৰে আমাৰ দিনবোৰ অতীতৰ গহ্বৰলৈ গতি কৰে।
এজনীয়া কোঠাত থকা হাজৰিকা বৰ বেছি পৰিপাটি।আটোম-টোকাৰীকৈ কোঠাটো সজাই থয়।য’ৰ বস্তু য’ত থবলৈ এবাৰ ঠিক কৰিলে সেই বস্তুটো আকৌ তাতহে থয়।চালে চকুৰোৱাকৈ সজাই লোৱা কোঠাটোত সোমাই থাকোঁতে দুৱাৰখন হুক লগাই বন্ধ কৰি থয়।আনে সোমাই কোঠাটো খেলি- মেলি কৰে বুলি গা ধুবলৈ গলে,বা ভাত খাবলৈ গলে বা বাহিৰত থাকিলে তলা মাৰি মাৰি যায়।
গবেষক বৰুৱাদা,আইনৰ ছাত্ৰ বাৰুৱতীদা,সোনোৱালদা আৰু পোনাদা মোতকৈ চাৰিবছৰমান বয়সত ডাঙৰ।বাকী সকলো প্ৰায় সমবয়সীয়া।গতিকে সৰ্বসাধাৰণ পৰিবেশ গহীন।কিন্তু খোৱাৰ সময়ত বৰ ৰগৰ কৰি খোৱা হয়,আন সময়তো মাজে-সময়ে ভাল ফুৰ্তি কৰা হয়।হাজৰিকাৰ কোঠাটো কেনেকৈ খেলি- মেলি কৰা যায় এই বুদ্ধি কৰি তিনিজনমানে ভাল জমনিৰ ৰচনা কৰে।আমাৰ বাৰুৱতীদাই কি কৰে এবাৰ শুনিব নে?
আমাৰ সুচতুৰ বাৰুৱতীদাই গোটেই পৰিবেশটো আলেঙে আলেঙে চাই লৈ বাৰাণ্ডাইদি এপাক মনে মনে ঘূৰে।যদিহে ৰগৰত অংশ লোৱা কেইজন থাকে তেন্তে হাজৰিকাই শুনাকৈ চিঞঁৰি কয়—
:ঐ খাকলাৰী।অথনি যে ধুনীয়া ছোৱালী দুজনী লগ পাইছিলোঁ …।পিছত ভাল জমিলে নহয়।আইঔ তুমি যোৱাৰ পিছতে এজনীয়ে …কি কম …।
আৰু নকয়।গম লয় হাজৰিকাই কিবা মাত মাতিছে নে নাই।বেৰত কাণ লগাই গম লৈ কব
:আই ঐ ,যিহে কাটোপকৈ চকুটিপটো মাৰিলে।
তাৰ পিছত…আৰু নকয়।
হাজৰিকাৰ দুৱাৰখন খোল খোৱা গম পোৱাৰ লগে লগে কয় –এএ হাজৰিকা দেখোন।ক্লাছলৈ নায়েই যোৱা নেকি।আউ কোঠাতে আছিল।
হাজৰিকাই কয় –তাৰপিছত কি হল ,কওক আক।তাৰপিছত….।
বাৰুৱতী আৰু হাজৰিকাৰ কথা -বতৰা শুনি এজন এজনকৈ মাত লগায় নিজৰ কোঠাৰপৰা ওলাই আহে।
কোনো এজনে কয়–“বৰ জমিলে নেকি অ বাৰুৱতী।
তেতিয়া আৰু জমনি হল বুলি বাৰুৱতীয়ে উৎসুকতা জগাই কথা কয়।হাজৰিকাই এখন হাতেৰে দুৱাৰখন আৰু আন হাতেৰে দুৱাৰখন বন্ধ কৰোঁতে লগ খোৱা ঠাইত ধৰি থাকি কয় -আৰু কওকচোন বাৰুৱতী।
তেতিয়া বাৰুৱতীদাই কথাৰ দাম বঢ়াই কয় –এএ ঠিয়ৈ ঠিয়ৈ কি কথা পাতিম,ভৰি বিষাইছে।যাওঁ, খাকলাৰী ৰ ওচৰলৈকে।
হাজৰিকাই বাৰুৱতীদাৰ হাতত ধৰি টানি নি নিজৰ বিচনাত বহুৱাই কয় –বহক বহক ,চকী নায়েই নহয়।বিচনাখনত বহক।কথাটো কৈ শেষ কৰক,শুনো শুনো লাগি আছে।সোনকালে কওঁক।
হাজৰিকাৰ কোঠাটোত বাৰুৱতীদা সোমাল বুলি জনাৰ লগে লগে হুৰ -মূৰকৈ কেইবাজনো হাজৰিকাৰ কোঠাটোলৈ সোমাই যায়।হাজৰিকাই বৰ দুখ মনেৰে কয়-বহক আৰু বিচনাখনতে।
এইবাৰ বাৰুৱতীদাই ৰহন লগাই লগাই ছোৱালীজনীয়ে কি কি কৰিলে কবলৈ ধৰে।
সকলোৰে লক্ষ্য হয় কেনেকৈ হাজৰিকাৰ কোঠাটোৰ বস্তুবোৰ খেলি- মেলি কৰিব পৰা যায়।বাৰুৱতীদাৰ কথাত ৰগৰ কৰা বিলাকে ৰগৰৰ তালে তালে বস্তুবোৰ খেলি- মেলি কৰিবলৈ ধৰে।বিচনাত বহাসকলে কথাৰ লাচতে বিচনা চাদৰখন মুঠিয়াই মুঠিয়াই তেনেই আধ্যা পেলায়।ৰগৰৰ তালে তালে এঠাইৰ মানুহজন আন এঠাই পায়গৈ।গোটেইখিনি লণ্ড ভণ্ড কৰি অঁতোৱাৰ পিছতহে বাৰুৱতীয়ে চকুৰ টিপ মাৰে।এই চিগনেল পালে এজন দুজনকৈ কোঠাৰ বাহিৰ হয়।কেইজনমান গলে বাৰুৱতীদাই খপজপ কৰি ওলাই যায় -এএ কথা কৈ থাকোঁতে মোৰ গা ধুবলৈ থাকিয়েই গল।দেৰিয়েই হল ছেঃ।
সকলো ওলাই যোৱাৰ পিছত হাজৰিকাই বকবকাই থাকি কোঠাটো আকৌ ঠান ঠিত লগায়।আজিৰপৰা সোমাবলৈ নিদিওঁ আৰু বুলি শপত খায়।পিছে ছোৱালীৰ কথা শুনি ভাল পোৱা হাজৰিকাই বাৰুৱতীদাৰ জালত আকৌ দুদিনমান পিছতে বন্দী হয়।
☆★☆★☆
11:11 am
ভাল জাল পেলাই দেই৷