জগেও ভাঙে, ৰঙেও ভাঙে – নীৰুজা বৰা
ঘৰ আহি পাওঁতেই ল’ৰাটোৱে সুধিলে,
: মা, কেনে পালে?
মাকৰ মুখৰ মাত নাই। মুখখন গোমোঠা কৰি ইফাল-সিফাল কৰি আছে। দেউতাকে ল’ৰাটোক বেলেগ এটা কোঠালৈ মাতি আনি মাকে নুশুনাকৈয়ে কৈছে,
: মাৰে, সিহঁতৰ ঘৰত চাহকাপো নল’লে। ইমান সুন্দৰকৈ যতনাই দিলে মানুহ ঘৰে।
কি কাৰণে মাকে এনেখন কৰিলে জানিব নোৱাৰি, বাপেক-পুতেক দুয়োজন বিবুদ্ধিত পৰিল। আচলতে আজি পুতেকৰ অনুৰোধত, পুতেকে আঁতৰৰপৰা দেখি পচন্দ কৰা ছোৱালীজনী চাবলৈ মানুহ এঘৰলৈ গৈছিল। মাকৰ অনিচ্ছা, কাৰণ ছোৱালীৰ ঘৰখনৰ লগত তেওঁলোকৰ ষ্টেটাছ নিমিলে। তথাপি পুতেকৰ কথা পেলাব নোৱাৰি মানুহ ঘৰলৈ গ’ল। তেওঁলোক যাব বুলি দুদিনমান আগতেই ল’ৰাটোৱে ছোৱালীৰ ঘৰখনলৈ গৈ জনাই আহিছিল। দৰিদ্ৰ হ’লেও ভদ্ৰ পৰিয়ালটোৱে তেওঁলোক যাব বুলি ঘৰখনলৈ দুই এপদ নতুন বস্তু আনি ঘৰখন সজাই ৰাখিছিল। কিন্তু কি কথা, ল’ৰাৰ মাকৰ মাত বোল নাই। মাত্ৰ আহিয়েই এষাৰ কথা ক’লে,
: এই বিয়া নহ’ব।
ল’ৰাটোৱে আৰু বাপেকে কাৰণ সোধাত একো নামাতি গুজৰি গুমৰি থাকিল। তেনেকৈয়ে দুদিন গ’ল, দুয়োজন মানুহে মানুহজনীৰপৰা একো উলিয়াব নোৱাৰিলে। শেষত ল’ৰাটোৱে প্ৰতিবাদ কৰি উঠিল,
: যদি একো কাৰণ নাই, তেনেহ’লে মই তাইকে বিয়া পাতিম।
এইবাৰ মানুহজনীয়ে ভয় খালে, দুয়োজনকে বহাই লৈ কিয় তেওঁ পচন্দ নকৰিলে আৰু সেই ঘৰখনত চাহকাপো কিয় নাখালে ক’বলৈ ধৰিলে।
: শুন, তহঁতে সেইখন ঘৰৰপৰা তহঁতে কেতিয়াও ছোৱালী আনিব নোৱাৰ, সেইখন ঘৰৰ পানীটুপিও মই নাখাওঁ আৰু তহঁতকো খাবলৈ নিদিওঁ। এটা ঘিণ লগা বস্তু মই দেখি আহিলোঁ ঘৰখনত।
মাকৰ কথাত বাপেক আৰু পুতেকে চিঞৰি উঠিল,
: কি বস্তু?
মানুহজনীয়ে এইবাৰ নাকটো কোঁচাই ঘিণ ভাব এটা মুখলৈ আনি লাহেকৈ ক’লে,
: ঐ সিহঁতৰ ঘৰৰ নতুন পানীৰ জগটোৰ ৰং, আমাৰ ঘৰৰ লেট্ৰিনৰ মগটোৰ ৰং একেই। বাপেৰে সেইবোৰ দেখিলেহে। মই দেখিলোঁ বুলিহে, যি ঘিণ লাগিল, তাতেই বমিৰ ভাব এটা আহিছিল।
☆★☆★☆
6:48 pm
হা হা…সাংঘাটিক টুইষ্ট দেই ! হাঁহিলো ! 😀