ফটাঢোল

ঠাণ্ডাৰ সমাধান–দিপ্তী শৰ্মা

ঠাণ্ডা ৰ দিনত আমি বিভিন্ন ধৰণৰ কিছুমান সমস্যাৰ সন্মুখীন হও।আজি তাৰে কেইটামান সমস্যাৰ সমাধান দেও বুলি ভাবিলো।

১। ঠাণ্ডা ৰ আৰম্ভণিতে এটা বহুত ডাঙাৰ সমস্যা হ’ল ফেন দিলি গৰম লাগেই আৰু কাপোৰ উৰি ললি ঠাণ্ডা লাগেই।সেয়েহে এই দিন কেইটাত এটা কাম কৰবা পাৰেই।সেইটো হ’ল এখান পাতাল কাপোৰ উৰি ১-২ ত ফেন খান চলেই দিলিয়ে হ’ল।ধুনীয়া লাগেই।

২। এই ঠাণ্ডা ৰ দিনত তিৰি গিলাকে কবাত গেলি ব্লাউজ সলেই দেহাটোক কষ্ট দিয়াৰ দৰকাৰ নাই।ব্লাউজৰ ওপৰত চুৱেটাৰ বা গৰম উৰা কাপোৰ থাকেয়ে।সেইকাৰণে এই কেইদিনত কি ব্লাউজ পিন্ধে কোনোই দেখা নাপায়।

৩। ঠাণ্ডা ৰ দিন কেইটাত লিকিৰা গিলাকৰ কিছুমানৰ এটা ডাঙাৰ সমস্যা হল গা ধুও ধুও লাগেই আৰু নুধুও নুধুও লাগেই। সেহেতে এই দিন কেইটাত গৰম পানীদি ভালকে ভৰি,হাত,মুখ ধুই বাকী খিনি গৰম পানীত কাপোৰ ঝীকেই মুচি দিবা পাৰেই। তেতিয়া গা ধুৱাও হল নুধুৱাও হল। লগতে চুলি খিনিত অলপ পানী সানি দিলি আৰু কোনোই ধৰবা নৰেই গা নুধুৱা বুলি।

৪।এই দিন কেইটাত তিৰি ঝিয়া গিলাকৰ এটা ডাঙাৰ সমস্যা হল গেৰোৱা ফাটা। মানুহৰ আগত এই টোৱে কেতবা লাজ লঘু কৰি মাৰেই। ইয়াৰ এটা ভাল উপায় হল আহাৰ শাওনত বাহত লেতেই থৱা কঁঠলৰ আঠা। যদি সেই কঁঠলৰ আঠা অলপ জুইত গৰম কৰি গেৰোৱাত লগেই থৈৱেই তেতিয়া হলি গেৰোৱা ফাটাৰ অলপো চান্স নাথকেই।

৫। এই কেইদিন ত লিকিৰা গিলাকে কবাত গেলি বডী স্প্ৰে মাৰবা ভুলতো নাপেহেৰবি।কাৰণ গাৰ গোন্ধে,মোজাৰ গোন্ধে কাবাক বেমাৰী কৰবা পাৰেই।

শেষত চবকে অনুৰোধ জনলো ঠাণ্ডা ৰ দিনত লিকিৰা গিলাকক বডী স্প্ৰে উপহাৰ দিয়ক।নিজেও সুস্থ থাকক আৰু আনকো সুস্থ ৰাখক।

☆★☆★☆

One comment

Leave a Reply

Your email address will not be published. Required fields are marked *