প্রেম অমৃতৰ নৈ – দিব্যজ্যোতি চৌধুৰী
বাইকখন ষ্টেণ্ড কৰি দীপকে বজাৰ কৰি অনা মোনা দুটা নমালে। গধুৰ মোনা দুটা কোনোমতে দাঙি ভিতৰলৈ নিবলৈ লওঁতেই ভিতৰৰপৰা দীপকৰ পত্নী নন্দিতা ওলাই আহিল।
: অ’ সোণজনী, মোনা এটা দাঙিব পাৰিবানে? – দীপকে নন্দিতালৈ চাই হাঁহি মাৰি সুধিলে।
: নোৱাৰো দাঙিব। বৰমতা দেখুওৱা নহয় নিজকে। দাঙা এতিয়া। – নন্দিতাই মুখ ভেঙুচাই দিলে।
: মোৰ সোণমইনা, এই যে তোমাৰ মানুহটোৱে কেকো-জেকোকৈ মোনা দুটা অতি কষ্টেৰে দাঙি নিম, তোমাৰ বেয়া নালাগিবনে!
: নালাগে, একদম নালাগে।
: উপায় নাই আৰু তেন্তে! হে প্রভু, এইগচ কি চাকি মোৰ মূৰত ওপৰত জ্বলাই দিলা প্রভু। হে দয়াময়…
মোনাৰপৰা হাত দুখন এৰি দীপকে ওপৰলৈ হাতযোৰ কৰি ভগৱানক সেৱা কৰি যেন ক্ষোভ উজাৰিলে। পুনৰ মোনা দুটা দাঙি বাৰান্দাৰ ষ্টেপকেইটা পাৰ হ’ব খোজোতেই দীপক উজুতি খাই হামখুৰি খাই গ’ল।
: অ’ মা…..
চিঞৰ এটা মাৰি নন্দিতা আগবাঢ়ি গ’ল দীপকৰ ওচৰলৈ। এখন মোনা হাতৰপৰা এৰি দি গ্রীলত ধৰি কোনোমতে নপৰাকৈ ৰ’ল দীপক। পৰি যোৱা মোনাৰপৰা আলু, পিঁয়াজ, বেঙেনাবোৰ ওলাই চোতালত সিচঁৰতি হ’ল। নন্দিতাই দীপকৰ বুকুত নপৰিবৰ বাবে হেঁচা মাৰি ধৰিলে। গ্রীলত হেঁচা দি ৰৈ থকা ভাঁজতে দীপকে নন্দিতালৈ চাই এডাল চেলাউৰী ডাঙি দি মিচিকিয়াই হাঁহিলে।
: আই ঔ মোৰ দেহাজনী, মৰম আছে দেই মোলৈ। উম্মাহহ…
: যাঃ এইবোৰ…..
: মোনাটো দিয়া।
– নন্দিতাই মুখ ভেঙুচাই দীপকৰ হাতৰপৰা মোনাটো ল’লে, কিন্তু দাঙিব নোৱাৰি পকা বাৰান্দাইদি চোঁচৰাই ভিতৰলৈ লৈ গ’ল।
: নীতা, মই নিম থোৱা; নোৱাৰিবা তুমি।
– দীপকে চিঞৰি উঠিল। চোতালত পৰি ৰোৱা আলু, পিঁয়াজবোৰ সি বুটলিবলৈ লাগিল।
পাঁচ বছৰৰ প্রেমৰ অন্তত দুয়োখন ঘৰৰ সন্মতিত দীপক আৰু নন্দিতাৰ বিয়া হৈছিল। প্রেমত পৰা প্রথম দিনটোৰপৰা সাংসাৰিক জীৱনলৈকে দুয়োটাই কিমান কাজিয়া কৰিলে তাৰ কোনো হিচাপ নাই। দিনটোত এখন হ’লেও কাজিয়া হ’বই। এই কাজিয়াবোৰৰ মূল দোষী প্রায়েই দীপকেই হয়। সি প্রথমে নন্দিতাক জোকাই লয়। কাজিয়াৰ শেষত সি নিজেই বশ্যতা স্বীকাৰ কৰে। সৰু সৰু কাজিয়া হয়। কেতিয়াবা কাজিয়া অলপ ডাঙৰ হয়গৈ। মাৰপিট নোহোৱা তেনে কাজিয়াত নন্দিতাই মুখ উফোন্দাই তাক নমতাকৈ থাকে বহুসময়। কিন্তু দীপকে নিলাজৰ দৰে তাইৰ পাছে পাছে ঘূৰি জোকাই জোকাই মুখৰ মাত উলিয়াই পেলায়। দীপকৰ তেনে নিৰ্দোষ ধেমেলীয়া ক্ষণবোৰত নন্দিতাই কান্দি কান্দি হাঁহি পেলায় আৰু তাৰ বুকুৰ মাজত সোমাই মুখ লুকুৱায়।
দীপকৰ মাক দেউতাক নাই। দুয়োজনৰ এটা বছৰৰ ভিতৰতে মৃত্যু হৈছিল। খুড়াক আৰু খুড়ীয়েকৰ লগত থাকে সি। তাৰ মাক-দেউতাক থাকোতেও খুড়াক-খুড়ীয়েক লগতে আছিল। ঘৰ এটাই। খুড়াকৰো ল’ৰা এটাই। গুৱাহাটীত পঢ়ি আছে খুডা়কৰ পুতেক গৌৰাঙ্গই।
বৃত্তিত দীপক প্রাথমিক বিদ্যালয়ৰ শিক্ষক। টেট পৰীক্ষাত পাচ কৰি শিক্ষকৰ চাকৰিটো পাইছিল দীপকে। তাৰ লগতে চাকৰি কৰা যোৰহাটৰ টেট শিক্ষয়িত্রী এগৰাকীয়ে তাৰ লগত সংসাৰ কৰাৰ সপোন দেখিছিল। কিন্তু নন্দিতাক ভাল পায় সি। এই কথাটো সি নন্দিতাৰ আগত কওঁতে নন্দিতাই চকুলো বোৱাইছিল।
: আমাৰ স্কুলত আমাৰ লগতে চাকৰি কৰা যোৰহাটৰ ভাস্বতী বৰা নামৰ মাষ্টৰণীজনীয়ে মোলৈ বৰ মৰমলগাকৈ চায় অ’ নীতা।
– দীপকে জ্বলাবলৈ কৈছিল নন্দিতাক।
: ভালেই হৈছে। স্কুলত পুৰা জমি থাকে তেতিয়াহ’লে। সেয়েহে ৰাতিপুৱা আঠ বজাতে স্কুল যাবলৈ খৰধৰ কৰা। পিছে বোৱাৰী নে জীয়ৰী ভাস্বতী বোলাজনী?
– নন্দিতা জঁকি উঠিছিল।
: এই গৌতম শইকীয়াই বোৱাৰীলৈ কিয় চাব হে! কি গৰজ পৰিছে! দেশত কিবা গাভৰু ছোৱালীৰ আকাল হ’ল নেকি? ভাস্বতী বৰা একদম গাভৰু। বয়স তেইশ বছৰ, মেচিওৰদ। আ-সা-সা…..
: তেন্তে মোৰ ওচৰত লেকচাৰ মাৰিবলৈ আহিছা কিয়? উঠা যোৱা, যোৱা। মাষ্টৰণী ছোৱালী পাইছা। দুটা দৰমহা। বহুত টকা হ’ব তোমাৰ। মই এটকাও ঘটি দিব নোৱাৰিম নহয় তোমাক। বৰঞ্চ তোমাৰ টকাবোৰ খৰচহে কৰিমগৈ। যোৱা আৰু নাহিবা মোৰ ওচৰলৈ।
চকুপানী ওলাইছিল নন্দিতাৰ। ধেমালী কৰোঁতে চিৰিয়াচ হৈ পৰা নন্দিতালৈ চাই তাৰ বেয়া লাগিছিল।
: কিন্তু হেৰি নহয় নীতা, মই কাজিয়া কাৰ লগত কৰিম অ’। মই এনেকৈ কাক চিকুটিম!
– নন্দিতাৰ বাওঁহাতৰ বাহুটোত সি চিকুটি দিছিল। শেষত নন্দিতাই হাঁহি পেলাইছিল।
নন্দিতাৰ বাপেক ঘন হাজৰিকাও এজন শিক্ষক। মানুহজন বৰ খঙাল। মাতটোও বৰ ডাঙৰ। খঙাল হ’লেও মানুহজন মৰমীয়াল। দেউতাকৰ ওচৰত নন্দিতা আজিও কেচুৱাৰ দৰে। দীপকে দেউতাকৰ কথা কৈ জোকাই নন্দিতাক। দেউতাকৰ কথা ক’লে নন্দিতাই সহ্য কৰিব নোৱাৰে। তাই কাজিয়া লাগি যায় দীপকৰ লগত।
দীপকৰ খুড়াক নিৰেন শইকীয়া বৰ ৰসাল মানুহ। দীপকৰ চাৰিত্রিক বৈশিষ্ট্য দেউতাকতকৈ খুড়াকৰ লগতহে মিলে। ঘৰখনৰ চাৰিটা প্রাণী খুড়াত ভতিজাকৰ ৰসত ডুবি থাকে।
নন্দিতাই মোনাটো চোচৰাই আনি পাকঘৰ পোৱালেহি। মোনাটো থৈ ফোপাবলৈ ধৰিলে তাই। তেনেতে আনটো মোনা লৈ দীপক সোমাই আহিল।
: কি হ’ল? আই অ’ মোৰ সোণজনীয়ে ফোপাইছে চোৱা। ৰাতি যদি এনেকুৱা ফোপনি আহিলহেঁতেন!
: যাঃ অসভ্য…..
: সেয়ে কওঁ, এই সাৰ দিয়া বস্তু নাখাবা। লোকেল বস্তু খাবা। নামানা কথা ক’লে। এইবোৰ আনি নিদিলে কেৱল নিমখেৰে ভাত দিবা। একো বনোৱা নাই নেকি দেহাজনী বুলি মৰমত ক’লেও ফুলন দেৱী ষ্টাইলত ক’বা যি দিছোঁ তাকে খোৱা। আনি দিব লাগে নহয়।
: সেইবুলি ইমানবোৰ আনিব লাগে নেকি?
: আনিছোঁ আৰু। এইসোপা ইউৰিয়া সাৰ খাই কিজানি দেহলৈ বল অকণমান আহেই তোমাৰ। ভাত ৰন্ধা, ঘৰ সৰাৰ বাদে অন্য একো পৰিশ্ৰমতো নায়েই। দমকলটোকে এনেই মাৰি থাকিবলৈ দিওঁ, সেইটোও নকৰা। অন্ততঃ সেইটো মাৰি থাকিলেও এটা এক্সাৰচাইজ হ…..
: এ ৰ’বা, বকবকাই নাথাকিবা।
: হুহ, বকবকাইহে থাকো মই! বাহিৰে দেহৰ চকমকনি কি চাবা, ভিতৰি হ’লে একো নাই।
: আমাৰ দেউতাই এনেকৈ বজাৰ নকৰে দেই। দুদিনৰ মূৰে মূৰে বজাৰ কৰে। এই যে পটল ইমানবোৰ আনিলা, এইবোৰ খাই শেষ কৰিব পাৰিবা? শুকাই নাযাবনে? আমাৰ দেউতা হোৱা হ’লে….
: এ থোৱাহে, খালী আমাৰ দেউতা আমাৰ দেউতা। এনে দেউতাটো দেখা নাই। একদম গোটেইডাল গব্বৰ সিঙেই।
: দেউতাক লৈ এটা কথাও নক’বা কিন্তু কৈ দিছোঁ তোমাক।
– নন্দিতাই খঙেৰে ক’লে। দীপকে বিহুগীতৰ সুৰত গাই উঠিল-
“নন্দিতাৰ বাপেকটো, পাহাৰৰ নগাটো, দা লৈ কাটিব, কুঠাৰ লৈ কাটিব আহে….. ধিনচাক….ধিনচাক…তাক…ধিনা ধিন….
: দেউতাক আজিয়ে লগাম মই। নগা বুলি কৈছে। ইস। দেউতা গব্বৰ সিঙৰ নিচিনা পাইছে। মোৰ দেউতাতকৈ ভাল কোনোবা আছে নেকি…..
নন্দিতা উচুপি উচুপি আঁতৰি গ’ল।
: কি হৈছে অ’ দেবু?
– খুড়াকৰ মাতত দীপক বহাৰ পৰা উঠিল।
: এ নাই খুড়া….
: মোৰ ফৰ্মুলাবোৰ পুৰা ইউজ কৰিছ ন! কেৰি অন কেৰি অন। মৰম চেনেহ ঢেৰ পাই বুজিছ।
-খুড়াকৰ কথাত দীপকে বেঙাৰ দৰে মূৰ খজুৱালে।
: কি ঢেৰ পাই?
গা ধুই আধা কাপোৰ পিন্ধি সোমাই অহা খুড়ীয়েকে ক’লে।
: হেৰা, য’তে ত’তে আহি টেপেচকৈ নামাতিবাচোন। তোমাক সাইলাখ বিপাশা বসুৰ দৰে লাগিছে। কালি টিভিত এনেকুৱা ড্রেচ পিন্ধি পুৰা নাচিছিল।
: ধেই এইবোৰ।
– উচাৎ মাৰি খুড়ীয়েক ভিতৰলৈ সোমাই গ’ল।
দীপক মহা বিপাঙত পৰিল। শহুৰকক গব্বৰ সিং বোলাৰ অপৰাধত নন্দিতাই তাক মাত-বোল নকৰা হ’ল। বজাৰ কৰি অনা মাছো হাতেৰে নুচুলে নন্দিতাই। দেওবাৰৰ দুপৰীয়াটো তাৰ তেনেই পানী হ’ল। অলপ মৰম কৰিলে ভাল হ’ব বুলি দুবাৰমান সি নন্দিতাক সাৱতি ধৰিছিল। নন্দিতাই যি দুৰ্গা গোঁসানীৰ ৰূপ ল’লে দীপকে সৰিয়হ ফুল দেখি গ’ল। বৰ্তমানলৈকে এইটো ৰিয়েকশ্বন সৰ্ব্বশ্ৰেষ্ঠ বুলি সি বিবেচনা কৰিলে।
দুপৰীয়া ভাত নাখালে নন্দিতাই। সকলোৰে জোৰ কৰা স্বত্বেও ভাত খাবলৈ উঠি নগ’ল। দীপকেও নাখালে ভাত। আবেলি নন্দিতা বিচনাৰপৰা উঠি গৈ বাথৰুমত সোমাল। নন্দিতাই গা ধুৱা বুলি গম পালে সি। সি আহি তাৰ বেডৰুমৰ বিচনাত শুই থাকিল। অলপ পাছত নন্দিতা সোমাই আহিল। গামোচা এখন তিতা চুলিখিনিত বান্ধি খোপা বান্ধি লৈছে নন্দিতাই। চুলিখিনিৰপৰা কেইটোপালমান পানী নন্দিতাৰ মসৃণ পিঠিখনত পৰি জিলিকি উঠিল। দীপক উঠি গ’ল নন্দিতাৰ কাষলৈ। হাতেৰে সি পানী কেইটোপাল মচি দিওঁতেই নন্দিতা উচপ খাই উঠিল। তালৈ ঘোপাকৈ চালে তাই। সি সাৱতি ধৰিবলৈ বিচাৰিলে নন্দিতাক। নন্দিতা পুনৰ আতৰি গ’ল।
: মইনো ইমান জগৰ লগালোনে নীতা! ভাত খোৱাগৈ ব’লা।
নন্দিতা আতৰি গ’ল। মুখেৰে এটা শব্দও নোকোৱা হ’ল নন্দিতাই। দীপক মহা বিমোৰত পৰিল। আজিৰপৰা ধেমালি কমাই কৰিম বুলি সি মনে মনে কাণত ধৰিলে। নন্দিতা ওলাই যোৱাৰ পাচত সি পুনৰ নন্দিতাক বিচাৰিলে। কিন্তু ঘৰৰ এটা কোঠাতো নন্দিতাক পোৱা নগ’ল। দীপক বিচলিত হ’ল। এইবাৰ সি আগফালে ওলাই গৈ চালে, কিন্তু নাপালে। পাছফালে থকা ফিচাৰীটোৰ পাৰত নন্দিতাক ৰৈ থকা দেখি তাৰ বুকু চিৰিংকৈ মাৰিলে। সি ফিচাৰীৰ ফালে আগুৱাই গ’ল। কিন্তু নন্দিতাই ঘৰৰফালে খোজ লোৱাত সি ৰৈ গ’ল।
: নীতা….
তাৰ কাষ পাওঁতেই তাইক মাতিলে সি। কিন্তু তাৰ কাষেদিয়েই দৌৰি যোৱাদি গৈ তাই ভিতৰত সোমাল।
এনেদৰেই লুকা-ভাকু সন্ধিয়ালৈকে চলি থাকিল।
সন্ধিয়া সময়ত আমন-জিমনকৈ বহি থকা দীপকক খুড়াকে ক’লে –
: দেবু অ’, বতৰটো গোমা দেখোন।
: হয় খুড়া, বিজুলী ঢেৰেকনি শাম কটাই নাই।
: তিৰোতা চম্ভালা বনৰ বাঘ চম্ভালাতকৈও টান ঔ বোপাই। ট্রাই কৰ, ট্রাই কৰ।
: হয় দিয়ক বৰ টান। মই অথনি মৰিয়াই চাইছিলো।
ভিতৰৰপৰা খুড়ীয়েক আহি মাত দিলে।
: কি….
: এই তালৰ গুটিটো যে। বৰ টান দেই। – খুড়ীয়েকে কৈ উঠিল।
: ধেৎ তেৰিকা…..
খুড়াক ভিতৰলৈ সোমাই গ’ল। দীপকৰ হাঁহি উঠিল।
সন্ধিয়া দীপক বাইকখন লৈ এনেয়ে ওলাই গ’ল। ঘৰত থাকি ভাল লগা নাই তাৰ। নন্দিতাই এনেকৈ নমতাকৈ থাকিলে সি বৰ অস্বস্তিত থাকে। ৰাতি সি দেৰিকৈ আহিল। ঘৰৰ সকলোৱে ইতিমধ্যে ভাত খালে।
: খুড়ী, নীতাই ভাত খালেনে? – ভয়ে ভয়ে সি খুড়ীয়েকক সুধিলে।
: নাখায়, কিমান জোৰ জৱৰদস্তি কৰি ভাত খুৱাইছোঁ। খালে কেইটামান। শুলেগৈ হ’বলা। ছোৱালী মানুহৰ ইমান জেদ ভাল নহয় অ’ দেবু। – খুড়ীয়েকে ক’লে।
: নহয় খুড়ী, দোষটো নীতাৰ নহয়, মোৰহে। মই ৰাতিপুৱাৰপৰা জোকাই আছিলো। মোৰ ওপৰত আজি নীতাৰ বহুত খং উঠি আছিল। – দীপকে কৈ উঠিল।
: শুনিলে, নিজৰ মানুহজনীক দোষ নিদিলে। আপুনি হোৱাহেঁতেন এতিয়া মোক দোষ নিদিয়াকৈ নিজৰ গাত পাতি নল’লেহেঁতেন দেবুৰ নিচিনাকৈ। বোলে এই নৰমৰ জীয়েকেহে….
খুড়াকৰ কাষ চাপি খুড়ীয়েকে ক’বলৈ আৰম্ভ কৰোঁতেই খুড়াকে চিঞৰি উঠিল-
: বচ বচ বচ। হে লক্ষ্মী আই, হে সৰস্বতী আই, হে কালী মা, মোৰ অলপ বদহজম হৈ আছে। গতিকে..
দীপকে হাঁহি হাঁহি ভাত খাবলৈ আৰম্ভ কৰিলে| কাজিয়া কৰি কৰি মানুহহাল নিজৰ শোৱাকোঠাত সোমালগৈ।
ভাত খাই আহি নিজৰ শোৱাকোঠাত সোমাই দীপক আচৰিত হ’ল। দুখন লেপ গাৰু এটাৰ দৰে কৰি বিচনাৰ সোঁমাজত থৈ এফালে শুইছে নন্দিতা। সি বুজিলে সেইডাল তাৰ বাবে আজি লক্ষ্মণ ৰেখা। যেন ভাৰত পাকিস্তান সীমান্তৰ ৰেডক্লিফ লাইন। ইমান প্রয়োজন নাছিল দেখোন। দীপকে এটা বিষণ্ণ হাঁহি মাৰিলে।
: নীতা… নীতা….
সি কেইবাবাৰো মাতিলে। কিন্তু নন্দিতা টোপনিত লালকাল। দীপকৰ সন্দেহ হ’ল। টোপনিৰ ভাওহে জুৰিছে নেকি! নন্দিতাক এবাৰ বুকুত সাৱতি ল’বলৈ বৰ মন গৈছিল তাৰ। কিন্তু তাইক আমনি কৰিবলৈ ইচ্ছা নগ’ল তাৰ। সি চাপৰি নন্দিতাৰ কপালত চুমা এটা খালে। কপালত পৰি থকা নন্দিতাৰ চুলিখিনি আঁতৰাই দি সি শুই পৰিল লক্ষ্মণ ৰেখাৰ আনটো পাৰে। নীতাই যদি তেনেকৈ শান্তি পাইছে পাওক। সি আমনি নকৰে। মনটো সেমেকি উঠিল তাৰ। ক’ৰবাত জিলি এটাই মাতি উঠিল।
“জিলিৰ কৰুণ মাতে ৰাতি যেতিয়া নিজম কৰি তোলে।
বিষণ্ণ হৃদয়ৰ দিকহাৰা অন্ধকাৰে
তোমাক যেতিয়া বিচাৰি ফুৰে ৰাতিৰ প্রান্তৰে প্রান্তৰে,
জোনাকৰ চকুপানী যেতিয়া গছৰ পাতে-পাতে সৰে
তেতিয়া মোৰ নিৰ্জন স্তৰেৰে
তোমাৰ শৰীৰৰ কোমল সুৰভি নামি আহে অকলশৰে।” (হীৰুদা)
টোপনি যোৱা নাছিল নন্দিতাৰো। কপালত চুমাটো খাওঁতেই তাইৰ সাৱতি ধৰিবৰ মন গৈছিল দীপকক। বহুত শাস্তি দিছে তাক আজি দিনটো। দুফোঁট চকুলো বৈ আহিল নন্দিতাৰ। এঘণ্টামান তেনেকৈয়ে পৰি ৰ’ল দুয়োটা। নন্দিতাই মূৰটো এবাৰ লাহেকৈ দাঙি চালে দীপকলৈ। টোপনিত লালকাল দীপক। তাই উঠি আহিল। দীপকৰ চুলিৰ মাজে মাজে হাত ফুৰাই দিলে তাই। অলপপৰ তাৰ মুখলৈ চাই থাকি তাই শুই পৰিল। এতিয়া তাইৰ টোপনি আহিব।
ঠিক তেনেদৰে নন্দিতাৰ কোমল হাতৰ পৰশতহে কোমল হাঁহি এটা ওঁঠত লৈ নিদ্রাত ঢলি পৰিল দীপক।
ৰাতিপুৱা সাৰ পাই দীপকে নন্দিতা শুৱা ঠাইখিনিলৈ চালে। নাই, তাই উঠি গৈছে। ৰেডক্লিফ লাইনডালো নাই। সি উঠি গ’ল বিচনাৰপৰা।
নন্দিতাই শোৱাকোঠাকে আদি কৰি গোটেই ঘৰটোতে তাক বিচাৰি নাপাই পাছফাললৈ গ’ল। তাই ফিচাৰিৰ ফালে চাই চমকি উঠিল। এখন ৰঙা ধুতি পিন্ধি মূৰত এটা টেকেলি লৈ বাবাজীৰ নিচিনাকৈ কিবা মন্ত্র মাতি মাতি দীপক ঘৰৰফালে আহি আছে। তাইৰ গাত কঁপনি উঠি গ’ল। দীপক আহি নিচেই কাষ পালেহি।
: ঔম বিষ্ণুৱে নমঃ, ঔম শিৱায় নমঃ, ঔম দুৰ্গায় নমঃ, ঔম শিৱৰ পুতেক গণেশায় নমঃ, ঔম….
সকলোবোৰ দেৱতাৰ নাম মাতি মাতি দীপক ঘৰটোৰ চাৰিওফালে ঘূৰিবলৈ লাগিল। নন্দিতাৰ বুকুখন কঁপি উঠিল! মনতে তাই কৈ উঠিল – “হে ভগৱান, কি হ’ল মানুহটোৰ!”
তাই এইবাৰ আগফালে আহিল। তাই এইবাৰ আৰু ভয় খালে। তাইৰ মানুহটোৱে কিবা অদ্ভুত ধৰণে মন্ত্রৰ দৰে মাতি মাতি জপিয়াই জপিয়াই কিবা বিচাৰি ফুৰিছে।
: ঔম হিং হুং লাং লুং ফুঁহ ফুঁহ সোনকালে ওলাই যোৱাই নমঃ।
নন্দিতা বৰ ভয় খালে। মানুহটোৱে বাৰু কি বিচাৰি ফুৰিছে! এটা ৰাতিতে পাগল হৈ গ’ল নেকি! এইবাৰ তাই ধৈৰ্য হেৰুৱাই দৌৰ মাৰি গৈ দীপকৰ হাতত ধৰি পেলালে।
: তুমি বাৰু কি বিচাৰি ফুৰিছা? – বিস্ময়েৰে নন্দিতাই সুধিলে দীপকক।
: ইউৰেকা…ইউৰেকা… – দীপকে চিঞৰি উঠিল।
: কি ৰেকা?
: ইউৰেকা। মানে বিচাৰি পাই গ’লো।
: কি বিচাৰি পালা? – নন্দিতাৰ চকুত অবাক বিস্ময়।
: মাত, তোমাৰ মাত। ই..হি হি..
টেকেলিটো টেবুলৰ ওপৰত থৈ দীপকে নন্দিতাক দাঙি ধৰিলে।
: মোৰ মাত পাবলৈকে এনেকৈ পূজা কৰি আছা? তুমিয়েইতো মোৰ দেৱতা। মোৰ মাত পাবলৈ তুমি কিয় দেৱতাক পূজা কৰিব লাগে!
দীপক থৰ লাগিল। আবেগত বুকুৰ মাজত সাৱতি ল’লে সি নন্দিতাক। দোকানৰপৰা চেনি আনিবলৈ যোৱা খুড়াক আহি সন্মুখৰ কোঠাতে সেই দৃশ্য দেখি বাহিৰতে ৰৈ গ’ল।
: দেবু অ’ মই ভিতৰলৈ গৈ লওঁ ৰ বোপাই।
– খুড়াকৰ মাতত দুয়োটা ব্যস্ত হৈ পৰিল। নন্দিতাই টেবুলৰ কাপোৰ ঠিক কৰাত লাগিল।
: দেবু অ’ ৰাতিপুৱাৰপৰা চেনি নাই বাবে চাহ দিয়া নাই অ’ বোপাই।
: ইইই.. আহক খুড়া।
– দীপকে মূৰ খজুৱাই খজুৱাই ক’লে। খুড়াক সোমাই আহিল।
: তয়ো বৰ ভোকত আছ দে। ৰ’বি পৰ্দাখন টানি দিওঁ।
– ভিতৰৰ কোঠাৰ পৰ্দাখন টানি দি মিচিকিয়া হাঁহি এটা মাৰি খুড়াক ভিতৰলৈ সোমাই গ’ল।
: আমাৰ এই বুঢ়াটো বৈদ্য চেনি বুঢ়া। ইপিনে আকৌ হাতত চেনি লৈ আহিছে।
– দীপকে কৈ পুনৰ সাৱতি ধৰিলে নন্দিতাক। নন্দিতা চটফটাই উঠিল।
: এৰি দিয়া, আকৌ কোনোবা আহিব।
: ইমান খঙত কালি ৰাতি মোৰ চুলিত হাত ফুৰাই মোক টোপনি যোৱাত সহায় কৰা বাবে ধন্যবাদ।
: ইচ মই চুলিত হাত ফুৰাই দিয়া নাই দেই।
: হয়নে?
: ওম, মহ এটা পৰিছিল।
: ক’ত? চুলিত?
: ওঁ, মই মহটোহে খেদিছিলো।
: মহটোকে ধন্যবাদ। পিছে আজিকালি মহবোৰ বৰ বুৰ্বক হ’ল হ’বলা। চুলিতনো আহাৰ বিচাৰি পায়নে?
দুয়োটাই সশব্দে হাঁহি উঠিল।
☆★☆★☆
9:49 am
ভাল লাগিল