ফটাঢোল

গোলাপী জেঠাইৰ গুগুললৈ চিঠি – পৰীস্মিতা বৰদলৈ

আমাৰ গোলাপী জেঠাই হ’ল বৰ ৰঙিয়াল মানুহ৷ কথাই কথাই হাঁহি তামাচা কৰি ভাল পায়৷ তিনিকুৰি দহবছৰ বয়সতো নিজৰ সকলো কাম নিজ হাতে কৰিয়েই আনন্দ লভে৷ গোলাপী জেঠাইৰ মানুহজন মানে আমাৰ জেঠু ঢুকুৱাৰ আগলৈকে দুয়ো মিলি টকী চাবলৈ গৈছিল৷ জেঠায়ে হলত চিনেমা চাবলৈ যোৱাটো টকী চাবলৈ যোৱা বুলি কৈছিল৷ চিনেমা চাই ঘূৰি অহাৰ এমাহমানলৈকে গোলাপী জেঠাইৰ ঘৰত “টকী বৃত্তান্ত” শুনা মানুহে গিজগিজাই থাকে৷ জেঠায়েও সেলেঙি বোৱাই তামোলখন পকটিয়াই পকটিয়াই ৰস লগাকৈ কথাবোৰ কয়৷ সেই যে চিনেমাত দেখুৱায় নায়িকাজনী নায়কজনৰ গাতে বাগৰি পৰে ক’ৰবাৰ পৰা সেইটো দৃশ্যৰ কথা জেঠায়ে কয়,

: ইঃ! হতচিৰি যোৱাজনীয়ে জানিবুজিয়েই পৰে নে কি জানো পাই৷ ডেকাটোৱেও যেন বাটহে চাই থাকে সেইজনী গাত পৰালৈ৷ যিহে চিলাই থাপ মৰাদি থপিয়াই ধৰে৷ ইমানো পাতল যেনো নালাগে চোন ওজনটো সেইজনীৰ৷

জেঠাইৰ কথাত সকলোৱে হাঁহিবলৈ ধৰে৷ জেঠায়ে আকৌ ক’বলৈ ধৰে ইমান ঠাণ্ডাত নায়িকাজনীৰ কিয় ঠাণ্ডা নালাগে যে গাত কাপোৰেই নাথাকে আৰু পাহাৰীয়া জেগালৈ যাওঁতে শেষত ঠাণ্ডা লগাত ল’ৰাটোৱেই গাৰ কোটচোলাটো খুলি নিজৰ গাৰপৰা তাইক পিন্ধাই দিয়ে৷ জেঠায়ে তাৰপাছত ক’বলৈ ধৰে,

: হেৰৌ ইমান ঠাণ্ডা জেগালৈ গৈছে লগত বাৰু গৰম কাপোৰ দুটামান লৈ যাব নাপায়নে ঐ৷

এনেকুৱা ৰসাল কথাবোৰে গোলাপী জেঠাইৰ চ’ৰাঘৰ ৰজনজনাই থাকে৷ পিচে জেঠু যোৱাৰ পাছত জেঠাইৰ টকী চোৱাও বন্ধ হ’ল আৰু সেয়েহে সেই “টকী বৃত্তান্ত”ৰো অন্ত পৰিল ৷

এতিয়া গোটেই ঘৰটোত জেঠাই অকলে থাকে৷ লাচনিপাচনি কৰি দিবলৈ মোলোকা বুলি মানুহ এটা থাকোঁতে আছে৷ পিচে মানুহটো ধুমকলা৷ কিবা ক’লে কিবা শুনে৷ এদিন জেঠাইৰ দিল্লীত থকা পুতেকৰ পৰিয়ালটো আহিলত বোৱাৰীয়েকে মোলোকাক ডি ক’ল্ডৰ টেমাটো আনিবলৈ ক’লে ল’ৰা দুটাৰ চৰ্দি হৈ থকাৰ বাবে ৷ বেচেৰাই ডি ক’ল্ডৰ ঠাইত “ভীমকল” বিচাৰি গোটেই বাৰীখন চলাথ কৰিলে৷ বজাৰতো বিচাৰি হায়ৰান৷ ইফালে অন্য এদিন গোলাপী জেঠায়ে তাক দোকানৰপৰা আনিবলৈ পঠিয়ালে চুপৰ পেকেট নাতি দুটাক বনাই খুৱাবলৈ৷ সি আনি দিলে ধূপৰ পেকেট৷ মুঠতে সাক্ষীগোপাল হৈহে মোলোকা মানুহটো গোলাপী জেঠাইৰ লগ হৈ আছে৷ পিচে এইবাৰ পুতেক বোৱাৰীয়েকে দেৱালীৰ বন্ধতে ঘৰলৈ আহিব আৰু মাকক কিছুদিন লগত থকাকৈ লৈ যাব বুলি কৈছে৷ যিহেতু পূজাৰ বন্ধত ছুটী নাপালে সেয়েহে দেৱালীৰ বন্ধতে আহি মাকক লৈ যাবহি৷ গোলাপী জেঠাইৰো কিছুদিন বাহিৰত ফুৰি অহাৰ ফূৰ্তিত গা সাতখন আঠখন হৈ উঠিল৷

সময়ত পুতেক বোৱাৰীয়েকহঁত আহি পালে আৰু গোলাপী জেঠায়ে টালিটোপোলা বান্ধিলে৷ ধুনীয়া ধুনীয়া এয়াৰ হোষ্টেজকেইজনীৰ লগত জনাই নজনাই ইংৰাজী আৰু হিন্দীতে গোলাপী জেঠায়ে কথা পাতিবলৈ ধৰিলে৷ জেঠাইৰ ভাষা শুনি সিহঁতৰ কলখোৱা ধাতু বাজ হওঁ হওঁ অৱস্থা৷ সেয়াটো সেয়াই৷ পুতেক বোৱাৰীয়েকৰ ঘৰত কোনোবা আলহী আহিল এদিন৷ জেঠায়ে বোৱাৰীয়েকৰ লগত লাগি কিবা বনোৱাৰ কথা ভাবিছিলহে ইতিমধ্যে বোৱাৰীয়েকেচোন পাকঘৰ নোসোমোৱাকৈয়ে বিধে বিধে খোৱাবস্তুৰে ডাইনিং টেবুল সজাই পেলালে৷ জেঠায়ে ভাবিলে কম লক্ষীহাত নহয় দেই বোৱাৰীয়েকৰ৷ একদম সাধুকথাৰ চিলনীৰ জীয়েকচোন ৷কেতিয়া ৰান্ধিলে কেতিয়া বাঢ়িলে তেওঁ ভূ ভতং একোৱেই ধৰিব নোৱাৰিলে৷ বাৰু যি হওক বোৱাৰীয়েকে ৰান্ধিবাঢ়ি খুৱালেই যেতিয়া তেওঁ মুখৰ মাত এষাৰকে দিবলৈ বুলি ওলাই আহিল৷ দেখিলে সকলোৱে হিন্দীত কথা পাতি আছে৷ তেওঁ কি ক’ম নক’মকৈ মনতে পাঙি “আপোনালোকে খাওক লাজ নকৰিব দেই” টোকে হিন্দীত ক’বলৈ জুকিয়াই লৈ একোবত কৈ উঠিল “আপ ল’গ’ ক’ খানেকে লিয়ে চৰম নাহী লাগতা হ্যেই”৷ গোলাপী জেঠাইৰ কথাত মুখৰ ভিতৰত বাটাৰ নান আৰু চাহি পনীৰ চোবাই থকা আলহীৰ মুখৰপৰা অ’ত ত’ত চিটিকি পৰিল খাদ্যৰ একাংশ৷ সেই ঘটনাৰ পাছত গোলাপী জেঠায়ে আৰু হিন্দীত ওস্তাদি মাৰিবলৈ এৰিলে৷ পিচে তেওঁৰ মূৰত বোৱাৰীয়েকৰ “চিলনীৰ জীয়েক হোৱাৰ” ৰহস্যটোৱে জেলেপীৰ পাক পকাই থাকিল৷

এদিন তেওঁ দুয়োটা নাতিকে সাধু শুনাই থকা অৱস্থাতে সুধিলে

: ঐ পোনাহঁত৷ তহঁতৰ মাৰে কিবা যাদু জানে নেকি অ’৷ সেইদিনা মাৰক পাকঘৰত ভূমুকি মৰাও নেদেখিলোঁ অথচ চোন আলহীক উঠিব নোৱাৰাকৈ বিধে বিধে যাচিলে৷ কেনেকৈ?

আইতাকৰ কথাত দুয়োটা নাতিয়ে খিটখিটাই হাঁহি উঠিলে আৰু ক’লে,

: আইতা মাৰ ওচৰত এটা আচৰিত যাদু আছে৷ সেইটোৱেই সব কৰিলে৷

গোলাপী জেঠায়ে মুখখন মেলি চাই থাকিল৷ সিহঁতে পুনৰ বুজাবলৈ লাগিল,

: শুনা আইতা আজিকালি এনেকুৱা যাদুকৰ এটা ওলাইছে যি তুমি যি কৰিবলৈ কোৱা কৰি দিব৷ খানা অৰ্দাৰ দিব পাৰা তুমি, কিবা গান শুনিবলৈ মন গ’লে বজাই দিবলৈ ক’ব পাৰা৷ আনকি ৰূমৰ লাইট পৰ্যন্ত অফ কৰিবলৈ ক’ব পাৰা৷

গোলাপী জেঠায়ে ভাবিবলৈ ধৰিলে এইটোনো আকৌ কেনেকুৱা যাদুকৰ যি মানুহৰ সকলো কামবোৰ সহজ কৰি মানুহক নিষ্কৰ্মা কৰি তুলিছে দিনকদিনে৷

: মইচোন এই বয়সতো সকলো নিজৰ কাম নিজেই কৰোঁ৷

মনতে ভাবি ভাবি পুনৰ নাতিহঁতক সুধিলে বোলে যাদুকৰৰ নাম কি? নাতিহঁতেও ৰস পাই ক’বলৈ ধৰিল,

: আইতা এইটোৰ নাম ইণ্টাৰনেট যাদুকৰ যাক অ’কে গুগুল বুলি আদেশ কৰাৰ লগে লগে শিৰোধাৰ্য্য কৰি লয়৷

নাতিহঁতৰ কথা শুনি গোলাপী জেঠায়ে ভাবিলে নাই এনেকৈ নহ’ব৷ মানুহ ইমান এলেহুৱা হ’লে কেনেকৈ হ’ব৷ সেয়েহে তেওঁ মনতে ঠিৰাং কৰিলে যে এই ইণ্টাৰনেটৰ গুগুল নামৰ যাদুকৰজনলৈ তেওঁ এখন চিঠি লিখিব আৰু ক’ব যে মানুহক বিপদৰ সময় নহ’লে এনেই সহায় কৰিবলৈ দৰকাৰ নাই গুগুলৰ৷ নহ’লে চোন এদিন মানুহৰ হাতভৰিবোৰ নাইকিয়া হৈ যাব৷ যদি মানুহবোৰ আগৰদৰেই দেখাত আদিম মানৱ হৈ যায় তেন্তে মানুহৰ ঠাইত বান্দৰবোৰে এই মোবাইল চোবাইল বোৰ চলাই থাকিব৷ কথাবোৰ ভাবি ভাবি গোলাপী জেঠায়ে ডাঙৰটো নাতিৰপৰা এখন কাগজ আৰু এটা কলম খুজি ল’লে আৰু বহুবছৰৰ মূৰত কাউৰীঠেঙীয়া আখৰ দুটাৰে চিঠিখন লিখিবলৈ আৰম্ভ কৰিলে,

“মৰমৰ গুগুল……”

☆★☆★☆

One comment

  • অভিজিত কলিতা

    এহ চিঠিখন পঢ়ইব পালে ভাল লাগিল হেতেন। লিখকচোন পৰৱৰ্তী সংখ্যাত

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *