ফটাঢোল

নীলিমাৰ নিমজ গালত – নিপুল ভট্টাচাৰ্য

পৰাগ মোৰ বাল্য বন্ধু৷ অদ্ভুত কামবোৰ কৰাত তাৰ সমান কোনো নাই আমাৰ বন্ধু মহলত৷ সদায় কিবা নহয় কিবা জেং লগোৱাত সি সিদ্ধহস্ত৷ এতিয়ালৈ প্ৰায় দহজনীমানৰ লগত প্ৰেম কৰি সি প্ৰেমত অনাৰ্চ পোৱা বুলিয়েই কৈ ফুৰে৷ পিছে এমাহ মান জোৰদাৰ প্ৰেম কৰাৰ পিছত প্ৰতিজনী প্ৰেমিকাই পলাই পত্ৰং দিয়ে তাৰ পৰা।
নিদিবই বা কিয়?
কেতিয়াবা দোভাগ ৰাতিও প্ৰেমিকালৈ ফোনকৰি মাথোঁ আবৃত্তি কৰি যায় কবিতা৷ মাজনিশা টোপনিৰ পৰা উঠি কবিতা শুনাৰ আমেজ কেনেকুৱা জানেই নহয়৷
কবিতা আবৃত্তিত তাৰ নাম আছে হয় কিন্তু পুৱতি নিশা যেতিয়া ফোনকৰি কবিতা শুনালে কোনজনী প্ৰেয়সীয়ে বাৰু নপলোৱাকে থাকিব! তথাপি সি দুৰ্দান্ত প্ৰেমিক, দুৰ্দান্ত আবৃত্তি কাৰ।

এতিয়া আহোঁ মূল কথালৈ৷
প্ৰেমিক মানুহবোৰৰ বাৰেপ্ৰতি প্ৰেম হৈ থকাৰ দৰে পৰাগৰো ঘৰৰ ওচৰৰে নীলিমাৰ প্ৰেমত পৰিল, তাৰ ভাষাৰে লাষ্ট প্ৰেম হৈ গ’ল৷ এইবাৰ পিছে আমি সকলোৱে তাক কবিতা নুশুনাবলৈ উপদেশ এটা দি থলোঁ৷ যোৱা এবছৰে তাক লগ পোৱা নাছিলোঁ যদিও আমাৰ ফোনেৰে যোগাযোগ হৈয়ে থাকে৷
এন আৰ চিৰ কামত ঘৰলৈ গৈ কালি লগ পালোঁ তাক৷ খা খবৰ সুধি সন্ধিয়া নীলিমাৰ ঘৰত যাব লগ ধৰিলে মোক৷ উদ্দেশ্য নীলিমাৰ দেউতাকৰ ওচৰত বিয়াৰ প্ৰস্তাৱ দিয়া৷

সন্ধিয়া ওলালোঁগৈ নীলিমাৰ ঘৰ৷ তাই আথেবেথে আমাৰ দুয়োজনকে বহুৱালে৷ নীলিমা নাৰ্ভাচ হৈ আছে,দেউতাকে বা কি ৰূপ দেখুৱাই৷ দেউতাকে আহি মোৰ সতে চিনাকি হ’ল,পৰাগক আগৰ পৰাই জানে। চাহ জলপান খাই ভালেমান পৰ কথাও পাতিলে৷ দেউতাক বৰ গুৰুগম্ভীৰ মানুহ, নিজৰ কথাবোৰ গহীন গহীন কৈ কৈ গৈছে৷ ইফালে পৰাগো উচপিছাই আছে৷ শেষত উপায় নাপাই মইয়ে কৈ দিলোঁ কি ক’ব লগা আছে কৈ দে খুড়াক৷ মোৰ কথা শুনি সি নৰলেই, নীলিমাৰ দেউতাকে কিবা কোৱাৰ আগতেই পৰাগে কৈয়েই দিলে নীলিমাক মই বিয়া কৰাম খুড়া৷

কিছু সময় কাৰো মুখত মাত নাই,নীলিমাৰো পৰ্দাৰ আঁৰত সাৰ সুৰ নোহোৱা হ’ল৷ প্ৰায় এক মিনিটমান মৌনতাৰ পিছত নীলিমাৰ দেউতাকে ক’লে, -চোৱা পৰাগ বিয়া কৰোৱাতো ডাঙৰ কথা নহয়,ডাঙৰ কথা সংসাৰ চলোৱাতো৷ ঠিক আছে তুমি তাইক বিয়া কৰাবা কিন্তু মোৰ চৰ্ত আছে৷
মোৰ নিজৰেই ভয় লাগিল কি বা চৰ্ত দিয়ে,এইবাৰো চাগৈ ইয়াৰ প্ৰেম ইয়াতেই চেটেপ৷
নীলিমাৰ দেউতাকে পুনৰ কৈ গ’ল, -চৰ্ত হ’ল তুমি সোনকালে কিবা এটা কৰা৷ মোক দেখুৱাই দিয়া কিবা এটা কৰি,মই নীলিমাক হাঁহি মুখে তোমালৈ দিম৷

পৰাগে হ’ব বুলি কৈ ঘপকৈ থিয় হ’ল আৰু
আবৃত্তি কৰি গ’ল-
“কাৰ ইমান গৰজ যে মোক ৰ’দ আনি দিব/ নীলিমাৰ নিমজ গালত তপকৈ চুমা এটা খাই ক’ম…….

তাৰ পিছৰখিনি নিউজ চেনেলৰ টক শ্বোৰ দৰে হাল্লা হাল্লা আৰু হাল্লা৷ ময়ো প্ৰাণটো লৈ পলালোঁ৷ ৰাস্তাত যিমান পাৰো গালি পাৰিলোঁ তাক৷
তাৰ তেতিয়াও এটাই কথা,- আৰে কিবা কৰি দেখুৱাবলৈ কৈছে মই আবৃত্তি কৰি দেখুৱাইছোঁ, তাতো বুঢ়াৰ প্ৰব্লেম ।

☆★☆★☆

3 Comments

  • ৰাজশ্ৰী শৰ্মা

    হয়তো আকৌ।বুজিয়েই নাপায়।

    Reply
  • সদানন্দ ভূঞা

    ঠিকেই, বুঢ়াই বুজি পালে হে ?

    Reply
  • জয়ন্ত দাস

    ধেৎ তেৰী৷ তামাম পিটন দিলে নেকি

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *