অৰ্হতা – ৰাস্না বৰা
অসমত এতিয়া বিয়াৰ বতৰ। আহিন মাহৰপৰাই ৰাইজৰ গাত তত নাই, কেৱল বিয়া খোৱা। মহিলা সকলৰটো ব্যস্ততাৰ অন্তই নাই। ফেচিয়েল কৰা, চুলি ষ্ট্ৰেইট কৰা, কাৰ্ল কৰা, স্পা কৰা লগতে কাপোৰ কানিৰ কথা আছেই। ইখন বিয়াত পিন্ধা কাপোৰ সিখনত পিন্ধিব নোৱাৰি, ফটো আৰু ভিডিঅৰ কথা আছেতো।
বৰুৱাৰ ঘৈণীয়েকে এযোৰ কাপোৰেৰে তিনিখন বিয়া খালে গতিকে মহিলা খিনিৰ মাজত গুণগুণনী এটা উঠিলেই বোলে বৰুৱা বৰ কৃপন দেই, আন এজনীয়ে আকৌ দুইটাৰ মাজত মিল নাই বুলিয়েই কৈ দিলে।কোনোবাই যদি বেছি দামী কাপোৰ দুই তিনিযোৰ পিন্ধে তেতিয়া আকৌ বোলে অমুকীৰ গিৰিয়েকৰ বাহিৰা পইচা বহুত বুলি আলোচনা মুঠতে বিয়া বুলিলেই বতাহ গৰম হৈ থাকে চুবুৰী বোৰত, ঘৰবোৰত।
তাৰোপৰি খোৱা বোৱাৰ আলোচনা আছেই। কোনে কিমান আইটেম খুৱালে, কিমান ভাল হ’ল! বিৰিয়ানিখিনি, মাংসখিনি, বা কিমান গেলা খানা খুৱাই পাল মাৰিলে কিন্তু জীয়েকক মানুহক দেখুৱাই দামী ফাৰ্নিচাৰ, গহনা, কাপোৰ দিলে তাৰো সৰৱ আলোচনা হয় দুজনীমান গোট খালে। মুঠতে বিয়াৰ বতৰত সকলোৰে ব্যস্ততা।
ল’ৰা-ছোৱালী যিবোৰৰ বিয়াৰ বয়স হৈছে সিহঁতৰো চকুত প্রজাপতিৰ নাচোন। কিজানি এইবাৰ বিয়াখন হৈয়েই যায়। যিসকলে ছোৱালী পছন্দ কৰি থৈছে কিন্তু ঘৰত বিয়াৰ কথা উলিওৱা নাই বেচেৰাহঁতে কিমান যে ভগৱানক কাকুতি কৰিছে হিচাপ নাই ।
হাজৰিকাৰ একমাত্ৰ পুত্ৰ সৌৰভ দেখাই শুনাই একেবাৰে সুঠাম যুৱক। দুবছৰ হ’ল চাকৰি এটাও কৰে। ছোৱালী এজনীৰ লগত কলেজীয়া দিনৰ প্ৰেম। কিন্তু মাক দেউতাকে এতিয়াও তাক একেবাৰে স্কুল যাওঁতে ভাত খুৱাই, কাপোৰ পিন্ধাই দিয়া কেঁচুৱা ল’ৰা যেনেই জ্ঞান কৰে। বিয়াৰ চিন্তা কৰাটো দূৰৰ কথা তাক বজাৰ সমাৰ কৰিবলৈও নিদিয়ে ঠগ খাই বুলি।
এবাৰ গাঁৱৰ বৰদেউতাক বৰমাকে আহোঁতে বিয়াৰ কথা উলিয়াওঁতে মাকে মুখ কোচাই কলে – নাই নাই, সি ঘৰৰ একো এটা কামেই দায়িত্ব লব পৰা হোৱা নাই। কিছু বছৰ যাওক।
কথাটো শুনাৰপৰা সি নিজকে দায়িত্বশীল বুজাবলৈ অফিচৰপৰা আহোঁতে শাক-পাচলি, মাছ-মাংস কিনি আনি গেলা পঁচা বুলি মাকৰ গালিহে খালে বেছিকৈ।
কি কৰি সি যে মাক দেউতাকৰ মনত বিয়াৰ উপযুক্ত বুলি প্ৰমাণ কৰি দেখুৱাব ভাবি নাপাই শেষত বন্ধুবৰ্গৰ পৰামৰ্শ বিচাৰিলে। একে লগৰ ৰমেনে তাক মাকৰ লগত পাকঘৰত সহায় কৰিবলৈ ক’লে। কথা মতে কাম, প্ৰথম দিনা ভাবিলে বাচন বৰ্তন ধোৱা যাওক। ভিতৰতে বেচিন যেতিয়া কষ্ট নায়েই। কিন্তু কপালৰ লিখন আইনাৰ ধুনীয়া ডিজাইনৰ দুটা গিলাচ ভাগিল, লগতে মজিয়াত পৰি চীনামাটিৰ ৰাইচ প্লেটখন ভাগিল। মাকে চুই কিলাবলৈ হে বাকী থাকিল। একেবাৰে পাকঘৰৰপৰাই তাক আউট কৰি পঠিয়ালে।
এইবাৰ আকৌ বন্ধু প্ৰীতমে দিহা দিলে দেউতাকৰ ভাগৰ কাম কৰি সহায় কৰিবৰ বাবে। পাছদিনা দেওবৰীয়া বন্ধ গতিকে দেউতাকে বজাৰলৈ যাওঁতে সিও লগতে গ’ল। দিনৰ দিনটো দেউতাকক বজাৰৰ মোনা দঙাৰপৰা দৰ দামলৈকে সহায় কৰি ঘৰ পালেহি।
মাকে যতনাই দিয়া চাহকাপ খাই দেউতাকে মাকক বোলে, – হেৰা চোকা দাখন দিয়াচোন বাৰীৰ মালভোগ কলথোক পৈণত হৈছে কাটি আনো।
সি সুযোগৰ অপেক্ষাতে আছিল, – দেউতা তুমি কিয় গৰমত কষ্ট কৰিব লাগে, মই কৰিম দিয়া ।
দেউতাকৰ উত্তৰলৈ অপেক্ষা নকৰি সৌৰভে দাখন লৈ কলৰ গুৰিত ঘাপ দিয়াৰ লগে লগে ধুম কৈ শব্দ কৰি কলথোক মাটিত পৰি কলবোৰ ভাগি ছিগি টুকুৰা টুকুৰ হ’ল। সি কলবোৰ পাচি এটাত ভৰাই আনি দেউতাকক ক’লে বোলে কল পৈণত হোৱাই নাই গতিকেহে ভাগি গ’ল।
বাপেক মাকে মূৰে কপালে হাত দিলে। সি আচৰিত হোৱাত দেউতাকে ক’লে যে গছডালৰ মাজত খুচি খুচি দোঁ খুৱাই লৈ হাতেৰে ধৰি কাটে বুজাই দিলে। সি আজি ভাল শিক্ষা পালে।
আন এদিনৰ কথা। মাকে নামঘৰত চাকি জ্বলাবলৈ গুৱা পাণৰ টোপোলাটোৰ বাবে কেঁচা তামোল দুটাৰ দৰকাৰ হ’ল। দেউতাকক পাৰি দিবলৈ কোৱাত সিয়ে আগধৰি গ’ল বাৰীলৈ।
দেউতাকে বোলে -পাৰিবি নহয়?
:কিয় নোৱাৰিম ।
সৌৰভে কল কটাৰ শিক্ষা মনত পেলাই গাত খন্দা চিপৰাং পাট লৈ তামোল গছডালৰ মাজ ভাগত কল গছ খোচাদি খুচি খুচি গছ বগৰাই দিলে।
শব্দ শুনি দেউতাক মাক ওলাই অহাত সি বীৰৰ দৰে পৰি থকা তামোল গছৰপৰা দুটামান তামোল চিঙি আনি মাকৰ হাতত দিলে।
মাক লগালগ বেহুচ পুত্ৰৰ বিয়াৰ বাবে কৰা অৰ্হতাৰ কচৰৎ দেখি।
☆★☆★☆
5:33 pm
ভাল পালো বাইদেউ পঢ়ি।
10:00 pm
সুন্দৰ, বহুত ভাল লাগিল ।
7:48 pm
প্ৰথম দুটা পেৰেগ্ৰাফ পঢ়িয়েই আপ্লুত হলো৷
বাকী খিনিও ঝাকাছ!