ফটাঢোল

লাডেনদাৰ শেষ দিনবোৰ–অসীম শইকীয়া

হাতত টুথপেস্টটো লৈ ব্ৰাছডাল বিচাৰি নাপায় চিঞৰি চিঞৰি ঘৈণীয়েক জনীক মাতিব খোজোতেই লাডেনদা থমকি গ’ল। চিন্তা কৰিলে বেছিকৈ চিঞৰিব নোৱাৰি কাৰণ আশে পাশে যদি আমেৰিকাৰ গুপ্তচৰে চাউণ্ড ডিটেক্টৰ থৈ দিছে, যি বহু দূৰৰ শব্দও বিশ্লেষণ কৰি চি আই এৰ হেড অফিচ পঠিয়াই দিব পাৰে, আৰু তাৰ পাছত খেলা খতম।
সেই বাবে লাডেনদাই খুব মিহি মাতেৰে ঘৈণীয়েকক সুধিলে, – হেৰা, মোৰ ব্ৰাছডাল কতনো থলো জানা নেকি বাৰু?
ঘৈণীয়েকে গেঙেৰি মাৰি ক’লে- মগজুত কিবা থাকিলেহে। ৰাতি ৰাতি বেয়া বেয়া চিনেমাবোৰ চাব আৰু ৰাতিপুৱা মোক ব্ৰাছ বিচাৰিব। আৰু দুজনী মান গোটাই লওক, মই আৰু আপোনাৰ ভাৰ লৈ থাকিব নোৱাৰো।
:বেয়া নাপাবা কৰিবলৈ কাম নাই কাৰণেহে সেইবোৰ চাওঁ। আজিকালি আমেৰিকাৰ বিপক্ষে চিন্তা কৰিবলৈও সময় পোৱা নাই। তুমিটো জানাই খালি মন চয়তানৰ ঘৰ।

ব্ৰাছডাল মুখত লৈ লাডেনদা এবাটাবাদৰ বিশাল ঘৰটোৰ ওপৰমহলা পালেগৈ। দূৰণিৰ পাহাৰটোলৈ এবাৰ চালে , মনত পেলাব ধৰিলে কিমান যে কষ্ট কৰি যে পাহাৰটো পাৰ হৈ এই ঠাই পালোহি।চাৰিওফালে আমেৰিকান সৈন্য।

মুখখন ধুই তললৈ নামিব খোজোতেই সহযোগী আৰু বিশ্বাসী ব্যক্তি আল – কুৱেইটিক দেখি থমকি ৰ’ল। কুৱেইটিয়ে সুধিলে- ছাৰ, নতুন খবৰ বা কাম আছেনেকি?

:আছে, আছে, কুৱেইটি, বহুত কাম আছে, মই বহুত চিন্তা কৰি থৈছো।

:ছাৰ, আপোনাৰ বুদ্ধি আৰু জ্ঞানৰ কথা কি ক’ম, আমেৰিকাক অলপ এসেকা দিলেনে? আকৌ বা কি চিন্তা কৰিছে এইবাৰ।

:আচলতে কি জানা, আমেৰিকাত মই কৰা ঘটনাটো একেবাৰে মোৰ মৌলিক চিন্তাৰ ফচল। আমেৰিকান বিলাকে মোক এই কাৰণেই বিচাৰি আছে যে এনেকুৱা আৱিষ্কাৰ আগতে কোনেও কৰা নাছিল। ঘটনাটো হোৱাৰ পাছৰ পৰাই আমেৰিকান বিলাক সোণকালে অফিচৰ পৰা ঘৰলৈ যায়, গিৰীয়েক ঘৈণীয়েকৰ প্ৰেম পিৰীতিও বাঢ়িছিল সেইকেইদিন, কোৱা শুনিছো ঘটনাটোৰ পাছত জনসংখ্যাও কিছু পৰিমাণে বাঢ়িছে আমেৰিকাত। মানৱ সম্পদ বহুত প্ৰয়োজনীয় বস্তু সেইখনদেশত। ঘটনাৰ পাছত বহু লাখ চি চি টি ভি নগৰে চহৰে চৰকাৰে লগাবলৈ ধৰিলে, চি চি টি ভি বনোৱা কোম্পানীবোৰো ভাল চলিছে। অট্টালিকা দুটা ভাঙিলো যদিও চোৱাচোন তেনেকুৱা অট্টালিকা বনাবলৈ আৰু কিমান মানুহ লাগিব, কিমান মানুহে চাকৰি পাব, সকলোৰে কাম বাঢ়িব, নিয়োগ বাঢ়িব। মৰা মানুহবোৰ ঘূৰাই দিব নোৱাৰিলেও জনসংখ্যা বৃদ্ধিটো হৈছেই বৰ্তমান।

:হয়, ছাৰ, আপুনি ঠিকেই কৈছে।
আল – কুৱেইটিয়ে ক’লে।

লাডেনদাৰ ঘৈণীয়েকে এখন প্লেটত দুকাপ চাহ লৈ ওপৰলৈ আহিল।চাহ দুকাপ দুয়োজনকে আগবঢ়াই দিলে। এইবাৰ ঘৈণীয়েকে আল- কুৱেইটিলৈ অলপ খঙেৰে চাই কবলৈ ধৰিলে,
:তুমি মানুহটো কিয় বেয়া কৰিছাহে, সেইবোৰ দেখুৱাই দেখুৱাই। তুমি হে আনি দিয়া এইবোৰ বজাৰৰ পৰা, এই বুঢ়া বয়সত এইবোৰ চিনেমা চাবলৈ সময় নাই নহয়।

লাডেনদাই এটা মিচিকিয়া হাঁহি মাৰিলে। কথাষাৰ আল- কুৱেইটিক টানকৈ শুনাই ঘৈণীয়েক তললৈ নামি গ’ল।

:ছাৰ, এইবোৰ চিনেমা ভিডিঅ আনি চাই থকাতকৈ ইন্টাৰনেটৰ সংযোগটোকে লগাই নলয় কিয়? ময়ো গালি শুনিব নালাগে, তাতে লাখ লাখ ভিডিঅ আছে চাই থাকিব পাৰিব। লগতে ছাৰ, ডিচ এন্টেনা এটা লগাই লওক, আবেলি সময়ত নবৌয়ে পাকিস্তানী আৰু ভাৰতীয় মেগা ছিৰিয়েলবোৰ চাব পাৰিব। লগতে আপুনি আলজাজিৰা, চি এন, এনৰ যোগেদি আপুনি বনোৱা ভূতবোৰে পৃথিৱীৰ ক’ত কি কৰিছে চাই থাকিব পাৰিব। ছাৰ, মবাইল ফোন এটাও লাগে নহয় আজিকালি, লৈ লওকচোন।

:তুমি মূৰ্খ আল- কুৱেইটি, তুমি কোৱা বস্তু বোৰ যদি মই এই ঘৰটোত লগাই লও, আমেৰিকান বিলাক একেদিনাই মোৰ ওচৰ পাবহি।সকলোবোৰ ট্ৰেক কৰি মোৰ ওচৰ পাবহি। ময়ো ইঞ্জিনীয়াৰ হে টেকনলজি যিমান ভাল সিমান বেয়াও মোৰ বাবে, বুজিলা। আজি ইমান দিন হ’ ল, মুকলি আকাশৰ তললৈ ওলাই যোৱা নাই কিজানি আকাশত ঘূৰি ফুৰা ড্ৰোণবোৰে মোৰ ফটো তুলি পেন্টাগনলৈ পঠিয়াই দিয়ে।

:হয় ছাৰ। আপুনি বৰ বুদ্ধিয়ক, কিন্তু আপোনাৰ লগত থাকি থাকি ময়ো অলপ বুদ্ধিয়ক হৈ পৰা নাই। ছাৰ আপুনি এবাটাবাদৰ দৰে চহৰত ইমান ডাঙৰ চকুত লগা ঘৰটোত আছে, কিন্তু যেতিয়া ইয়াত কোনো টেলিফোন সংযোগ নাই, ডিছ এন্টেনা নাই, তেতিয়াটো সন্দেহ কৰিব পাৰে শত্ৰুয়ে।

:হয় হয়, সচাকৈ তুমি মোতকৈ জ্ঞানী, বুধিয়ক হৈছা। পাছে ইয়াৰ উপায় আছে, গুপ্তচৰ ড্ৰোণবোৰে ফটো তুলিলেও আমাক সন্দেহ কৰিব নোৱাৰে। কাৰণ ঘৰ পকী হলেই যে মানুহ দেউলীয়া নহব , দুখীয়া নহব তেনে কোনো কথা নাই। আমি খেতি কৰিম লগতে ফুলৰ খেতিও কৰিম কাৰণ আমেৰিকান বিলাকে ভাবিব আমি সচাকৈ দুখীয়া সেইবাবে খেতি কৰিছো, আৰু লাডেনদাৰ নিচিনা মানুহে ফুল ভালপাব পাৰেনে কেতিয়াবা, লাডেনদা ফুল লগোৱা মানুহ নহয় আমেৰিকান বিলাক সেই কথাহে সদায় বিশ্বাস কৰে। আল- কুৱেইটি, গোটেই ঘৰৰ চাৰিওফালে ফুলৰ খেতি আৰম্ভ কৰা।তেতিয়া আমাক কেতিয়াও কোনেও সন্দেহ নকৰে।

আল- কুৱেইটিয়ে কথাবোৰ শুনি গ’ল। লাডেনদাই আকৌ মাত লগালে-” কুৱেইটি, তুমি আজি অলপ ভেন্দী, বেঙেনা আৰু ৰঙালাউ গুটি লৈ আহিবা বজাৰৰ পৰা। কাইলৈ পৰা মই খেতি কৰিম, দুয়োটাই ৰাতিপুৱা কোৰ মাৰিম।

:হব ছাৰ।
আল- কুৱেইটি উঠিব খুজিলে।পিছে মনলৈ এটা ভাৱ অহাত ৰৈ দিলে।

এইবাৰ আল- কুৱেইটিয়ে ক’লে- ছাৰ আপুনি যদি পথাৰত হাল বাই কোৰ মাৰে, ওপৰত উৰি থকা ড্ৰোণবোৰে যদি ফটো তুলি চি আই এ হেড অফিচ পঠিয়াই দিয়ে, কি হব!?

:ৰ’বাচোন আল- কুৱেইটি, তুমি বৰ ভাল কথা ক’লা। কথাটো হয়। কিন্তু মই যি কৰিম বুলি ভাবো কৰিমেই, খেতি কৰিমেই কৰিম।

:ছাৰ এটা উপায় আছে। আপোনাৰ ফটো ওপৰৰ পৰা ড্ৰোণে উঠালেও ধৰা নপৰে। ভাৰতৰ পূব দেশত জাপি বুলি বাঁহেৰে বনোৱা এবিধ বস্তু আছে। সেইদেশৰ খেতিয়কে পথাৰত ৰ’দ বৰষুণৰ পৰা ৰক্ষা পাবলৈ পিন্ধে, সেইটো যদি পিন্ধি লৈ আপুনি কোৰ মাৰি থাকে তেতিয়া আমেৰিকান ড্ৰোণ বিলাকে আপোনাৰ মুখৰ ফটো ল’ব নোৱাৰে।

:আল- কুৱেইটি তুমি বহুত কথা জানা দেই। শীঘ্ৰেই এটা জাপি আনি দিয়া মোক অসমৰ পৰা, তাত চাগে আমাৰ মানুহ আছেই।

দুদিনমান পাছত। চি আই এৰ হেড অফিচ। এবাটাবাদৰ ওপৰত উৰি থকা এখন ড্ৰোণ বিমানেৰে পঠিয়াই থকা ফটো এখনত চি আই এৰ এজন গুপ্তচৰ দেখিলে যে দুজনে মানুহে এটা ঘৰৰ কাষত কোৰ মাৰি আছে। এজনে এটা বহুল টুপী পিন্ধি আছে আৰু আনজনে কাষতে বন-বাত গুচাই আছে লগতে শুকান মাটি বোৰ কোৰেৰে ভাঙিছে। চি আই এৰ গুপ্তচৰ জনে জুম কৰি ফটো খন চোৱাত গম পালে যে এজনে এটা জাপি মূৰত লগাই থৈছে। চি আই এৰ গুপ্তচৰ জনে লগে লগেই বস্তুটো চিনি পালে কাৰণ আগৰ বছৰৰ তেওঁ ঘৈণীয়েকৰ লগত কাজিৰঙা ফুৰিবলৈ আহোতে কোনো বন্ধুৱে এটা জাপি উপহাৰ দিছিল।
এতিয়া এনেকুৱা জাপি পাকিস্তানৰ মাটিত, কিবা কাৰণ নিশ্চয় আছে।কেনেকৈ সম্ভৱ এনে কথা।এনেকুৱা বুদ্ধি লাডেনদাৰ বাহিৰে কাৰো থাকিব নোৱাৰে।

পিছৰখিনি সকলোৱে জানেই।ৰাতিলৈ দুখন হেলিকপ্তাৰৰ শব্দত লাডেনদা সাৰপাই উঠিল, গম পালে শেষ সময় সমাগত। বেৰত কাষত ওলোমাই থোৱা জাপিটোলৈ এবাৰ চালে। কিবা এটা ভাবিবলৈ লওতেই ছীল টীম ছিক্সৰ এজন কামাণ্ডো সোমাই আহিল আৰু প্ৰচণ্ড জোৰেৰে ওলাই অহা এটি গুলীয়ে লাডেনদাৰ মূৰত আঘাত কৰিলেগৈ।

( সকলো ঘটনাপ্ৰৱাহ কাল্পনিক)

☆★☆★☆

3 Comments

  • অসমৰ জাপিয়েহে সংকত নমাই আনিলে লাডেনৰ।
    সুন্দৰ কল্পনা, বঢ়িয়া লাগিল।

    Reply
  • সদানন্দ ভূঞা

    বঢ়িয়া লাগিল ।

    Reply
  • জয়ন্ত দাস

    বৰ ধুনীয়া লাগিল৷ আৰু অলপ পঢ়িবৰ মন আছিল৷

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *