ঘিটিঙ টিঙ – শংকৰজ্যোতি বৰা
আজিকালি চাৰিআলিয়ে তিনিআলিয়ে বজাৰ৷ শাক-পাচলি, মাছ পুঠি ঘৰৰ পৰা দুখোজ দিলেই উভৈনদী৷ হ’লেও বন্ধবাৰত বৰবজাৰত পচণ্ডৰ মাছপুঠি বিছৰাৰ মজাই বেলেগ৷ মাঘবিহুৰ সময়ৰ তেনে এটা বন্ধবাৰত বৰবজাৰত তহল দি আছোঁ৷ হঠাৎ পিছফালৰ পৰা কান্ধত কাৰোবাৰ হাত, “এইটো ভোলা নহয়নে?” মোক ভোলা বুলি আজিকালি খুব ঘনিষ্ঠ দুই এজন বন্ধুৱেহে মাতে৷ মাতটো সিহঁতৰ নহয় যদিও চিনাকি৷ ঘূৰি চাই দেখোঁ বাছাদা৷ নিপকো’ত এজন অভিযন্তা ৰূপে কৰ্মৰত বাছাদা আমাৰ সংঘৰ প্ৰথমজন আজীৱন সদস্য হোৱাৰ লগতে প্ৰাক্তন সম্পাদক৷ এজন ৰাজ্যিক পৰ্য্যায়ৰ পাঞ্জা খেলুৱৈ বাছাদা সৰুৰে পৰা আমাৰ আদৰ্শ আছিল৷ এজন সাধাৰণ বুদ্ধিমত্তাৰ মানুহে যিবোৰ সাধাৰণ যোগ-বিয়োগ কৰিবলৈ কাগজ কলম ল’ব লগা হৈছিল, সেইবোৰ বাছাদাই মুখতে কৰিব পাৰিছিল বাবে আমি তেওঁৰ অজানিতে তেওঁক কেলকুলেটৰ বুলিছিলোঁ৷ মোৰ “ভোলা” উপনাম বা জোকোৱা নামটোও বাছাদাই দিয়া৷
বহুতে মোৰ ভোলা উপনামটো মোৰ আচল নামৰ পৰা অহা বুলিয়ে ভাবে৷ শঙ্কৰৰ পৰা ভোলা নাথ, ভোলানাথৰ পৰা ভোলা৷ আচলতে তেনে নহয়৷ মোৰ কৰ্মকাণ্ডৰ পৰাহে মই এইটো লাভ কৰিছিলোঁ৷ যেনে ধৰি লওক, সংঘত কেৰম খেলি থাকোঁতে বৰিক শেষ হ’ল৷ বৰিক আনিবলৈ গ’লোঁ মই৷ ৰাস্তাতে বেলেগৰ লগ পাই বৰিকৰ কথা পাহৰি সিহঁতৰ লগত কলঙত বৰশী মৰাত লাগি গ’লোঁ৷ ইফালে বৰিক আহিব আহিব বুলি ৰাইজ হায়ৰাণ৷ আকৌ কাৰোবাৰ চাইকেল এখন লৈ কলংপাৰৰ পৰা ঘৰলৈ গ’লোঁ৷ আহোঁতে চাইকেল ঘৰতে এৰি খোজকাঢ়ি কলংপাৰ পালোহি৷ সি চাইকেল কি কৰিলি বুলি সোধাতহে মই যে চাইকেল লৈ গৈছিলোঁ সেয়া মনত পৰিল৷ এনেকুৱা বিভিন্ন কথাৰ বাবেই “ভোলা যি ভোলাই বুলি” ভোলা নামটো লাভ কৰিছিলোঁ৷
এইটোৱেই মই লাভ কৰা একমাত্ৰ উপ বা জোকোৱা নাম নহয়৷ অতি সৰুতেই মই তেনেকুৱা প্ৰথমটো লাভ কৰিছিলোঁ৷ সৰুতে মোৰ প্ৰিয় এডভেন্সাৰ আছিল নগাঁও চহৰৰ পৰা আঁঠ কিলোমিটাৰ মান দূৰত থকা আমাৰ গাঁৱৰ ঘৰলৈ যোৱাটো৷ চহৰলৈ প্ৰায়ে আহি থকা সৰুখুৰাৰ ইয়েজদি’ৰ আগফালে টেংকিত বহি বা ককাৰ চাইকেলৰ ৰেলিঙ দালত গাৰু এটাৰ ওপৰত বহি সেই এডভেন্সাৰ ঘনাই কৰিছিলোঁ৷ গাঁৱৰ ঘৰলৈ গৈ আইতাৰ মুখামুখি হ’লেই আইতাই এটা সুৰ লগাই গাইছিল, “ঘিটিঙ টিঙ ঘিটিঙ টিঙ, আহি গ’ল ক’লাচিঙ৷” ময়ো গানটোৰ লগে লগে জপিয়াই নচাত লাগি গৈছিলোঁ৷ নিজকে কিবা ভিআইপি যেন লাগি গৈছিল৷ পিচে ডাঙৰ হৈ অহাৰ লগে লগে যেতিয়া ক’লাচিঙ কিয় বুলিছিল জানিব পাৰিছিলোঁ তেতিয়া বৰ লাজ লাগিছিল আৰু খঙো উঠিছিল৷ ককাইদেউ আৰু ভণ্টিতকৈ মোৰ গাৰ ৰঙটো অলপ গোমা বাবেই ক’লাচিঙ বুলিছিল৷ পিছলৈ ক’লাচিঙ বুলিলে আৰু নাহিম বুলি ভাবুকি দিহে আইতাৰ পৰা ৰেহাই পাইছিলোঁ৷
হাইস্কুলৰ শেষৰ ফালে আৰু এটা নাম পাইছিলোঁ, “ভেবুক”৷ মনেখোৱা বাহিৰা কিতাপ এখন পঢ়ি থাকিলে বা কিবা এটা কামত একানপটীয়াকৈ লাগি থাকিলে মই বাকী দুনিয়াৰ কথা একেবাৰে পাহৰি যাওঁ৷ সেয়ে লগৰবোৰে এইটো নাম দিছিল৷ এই স্বভাবটো আজিকালিও কিছু পৰিমাণে আছে৷
নিজৰবোৰ এৰিছোঁ৷ এতিয়া অলপ বেলেগৰ উপনামৰ বিষয়ে আলোচনা কৰোঁহক৷ বিহুৰ সময়ত গাঁঁৱৰ ঘৰে ঘৰে পিঠাৰ জুতি লৈ ফুৰাটো সৰুতে আমাৰ এটা এডভেন্সাৰ আছিল৷ বিশেষ আকৰ্ষণ আছিল ফেচুপেহীহঁতৰ ঘৰখন৷ ডেউতাৰ সম্বন্ধীয় ভনী ফেচুপেহীৰ হাতৰ পিঠা যি এবাৰ খাই পাইছে জীৱনলৈ পাহৰিব নোৱাৰে৷ পেহীহঁতৰ জুহালৰ লগতে লাগি থকা বগৰীজোপা৷ আহ, কি যে এক নষ্টালজিয়া৷ দুবছৰমান আগতে জীয়েকৰ বিয়া মাতিবলৈ আহোঁতে চিঠিখনত দেখিহে পেহীৰ নামযে তিলেশ্বৰী বৰা সেইটো গম পালোঁ৷ নহ’লে এই প্ৰায় দুকুৰি বছৰ তেখেত মোৰ বাবে মৰমৰ ফেচুপেহীয়েই আছিল৷
স্কুলৰ পৰা কলেজ পোৱালৈকে লগ পোৱা প্ৰায়বোৰ বন্ধুৰ আচল নামতকৈ উপনাম বা জোকোৱা নাম কিটাহে বেছি আপোন৷ গভ্ট বয়জত পঢ়ি থাকোঁতে প্ৰতিজন শিক্ষকৰে এটা জোকোৱা নামৰ বিষয়ে জানিছিলোঁ৷ তাৰে প্ৰায়বোৰেই আগৰ পৰাই প্ৰচলিত আছিল৷ ইণ্টাৰেষ্টিঙটো হ’ল বহুত শিক্ষকে নিজৰ বহুল প্ৰচলিত জোকোৱা নামটোৰ বিষয়ে গমকে নাপাইছিল৷
শেষত সৰু ঘটনা এটাৰে সামৰিছোঁ৷ আমাৰ আমোলাপট্টি অঞ্চলত এজন ৰং মিস্ত্ৰি আছিল৷ অলপ মানসিক ভাবে আক্ৰান্ত তেওঁৰ এটা বেয়া দোষ আছিল, কাৰোবাৰ ঘৰত কিবা অনুষ্ঠান হোৱা দেখিলে বিনা দ্বিধাত তেওঁ ভোজন গৃহত প্ৰবেশ কৰিছিল৷ আমন্ত্ৰণৰ কথাই নাহে৷ আমি তেখেতক “খিচিৰি” বুলি জোকাইছিলোঁ৷ এবাৰ কলঙৰ পাৰত আড্ডা দি থাকোঁতে আহক তেওঁ৷ লগৰ এটাই বোলে ককাই ঘৰটো ৰঙ মাৰিব লাগিছিল পাৰিবনে? তেওঁ বোলে, কিয় নোৱাৰিম৷ লগৰটোৱে আকৌ সুধিলে, চাউল ডাইল হালধি নিমখ কিমান লাগিব? খিছিৰিকে মৰাই দিওঁ বুলি ভাবিছোঁ৷
“ধৈ পগলা কুত্তা সব৷ কুত্তা ভুকে হাজাৰ, বাবু যায় বাজাৰ”এই বুলি আমাক গালি পাৰি তেওঁ গ’লগৈ৷এই গালি কেইটা শুনিবলৈকে আমি তেওঁক জোকাওঁ৷ সেইদিনা কিন্তু ঘটনা সিমানতে শেষ নহ’ল৷ তেওঁ যোৱাৰ পিছত নাতিদূৰত ৰৈ থকা ব্যক্তি এজন আমাৰ কাষ চাপি আহি আমাক প্ৰশ্ন কৰিলেহি যে আমি তেওঁক কিয় জোকাওঁ৷ আমি কিবা উত্তৰ দিয়াৰ আগতেই তেওঁ পুনৰ ক’লে যে, সেইজন মোৰ নিজৰ দাদা হয়৷ আপোনালোকৰ নিছিনা সুস্থ ব্যক্তিয়ে তাক জোকালে মোৰ মনত ভাব হয়, মানসিক ভাবে মোৰ দাদা অসুস্থ নে আপোনালোক? আমাৰ এটাৰো মুখত উত্তৰ নাছিল৷ সেইদিনাই পণ লৈছিলোঁ তেনে ব্যক্তিক কেতিয়াও নোজোকাওঁ৷ হয়তো সেই সময়ত বয়সো কম আছিল৷ এতিয়া বয়সে দুকুৰি গৰকিলে যদিও লগৰ প্ৰায়বোৰকেই সেই জোকোৱা নামটোৰে মাতিলেহে ভাল লাগে৷
☆★☆★☆
9:19 pm
সকলোতকৈ ভোলা নামটোৱে পচন্দ হৈছে৷
ভাল লাগিল শঙ্কৰ৷
12:43 am
ভাল লাগিল ।
6:10 pm
ভাল লাগিল৷ শেষৰ পণটোৰ বাবে শলাগিছো৷