টাৰ্গেট – সঞ্জীৱ কুমাৰ ভট্টাচাৰ্য্য
চৰকাৰী নিগমৰ পৰা পাবলগীয়া টকা সংগ্ৰহ কৰিব যাব লাগে বুলি ক’লে অফিচত আমাৰ বিভাগটোৰ সকলোৱ মুখ কোচাই আনে। কোনেও যাব নিবিচাৰে সেইবোৰত।হ’ল বুলিনো কিমান দৌৰিব আৰু অনিশ্চিত পইছাৰ পাছত।সেইফালে দৌৰি থাকোতে সহজলভ্য টাৰ্গেটকেইটাও মিছ হয় সদায়।
শেষলৈ ৰামটাঙোনটো সদায় মোৰ মুৰৰ ওপৰতেই পৰে।ভুলটোও মোৰেই,এজন দুজন মন্ত্ৰী-এমএলএক চিনি পাওঁ বুলি লেবেল দিব গৈ মোৰ এই দশা হয় সদায়। ফলাফল শূন্য, না কিবা মন্ত্ৰীৰ সহায় পাওঁ না মোৰ মাহৰ টাৰ্গেট পূৰা হয়। খাল খান্দি ঘৰিয়াল মাতি ফুৰা স্বভাৱ মোৰ।
আজিও অফিচৰ পৰা ওলাই আহিছো বামুণীমৈদাম স্থিত উদ্যোগিক পামত থকা চৰকাৰী নিগম এটাৰ অফিচত। ৩৫ লাখ টকা পাব আছে আমাৰ কোম্পানীয়ে, তাকো ছয়মাহ আগৰ হিচাপমতে, যিহেতু আমি চুক্তিমতে তেওঁলোকক ৬ মাহৰ বাকী দিও। বৰ্তমান চলি থকা বিলবোৰৰ হিচাপ ধৰাই নাই। লগত মোৰ সহকৰ্মী প্ৰাঞ্জল, বিলবোৰ প্ৰাৰম্ভিক অৱস্থাত শৰ্মা উপাধিৰ যিজন বিষয়াই চেক কৰে তেখেতৰ ওচৰলৈকে গ’লো দুয়োজন।
যোৱা সাত-আঠমাহ ধৰি বিলবোৰ পৰিশোধ নোহোৱাৰ কাৰণে প্ৰধান জগৰীয়া এইগৰাকী বিষয়া।
মহাশয় নিজৰ কেবিনত নাই,ডাক্তৰৰ চেম্বাৰৰ বাহিৰত ৰখি থকা ৰুগীয়া মানুহৰ দৰে কেইবাজনো মানুহ তেওঁৰ কেবিনটোৰ বাহিৰত ৰখি আছে। সুন্দৰ চেহেৰা আৰু মানুহবোৰৰ পোছাকবোৰ পৰিপাটি যদিও মুখবোৰ শুকান, হয়তো মোৰ দৰেই সাত-আঠমহীয়া ভিজিটৰ।এইমাহতো যদি টাৰ্গেট নহয় চাকৰি থাকিব নে নাথাকে তাৰে চিন্তাতে চেহেৰাত উৎসাহ নোহোৱা হোৱা যেন লাগিছে।
পইছাটো এইমাহত নাপালেও মোৰ অৱশ্যে চাকৰি যোৱাৰ চিন্তাটো নাই, যোৱা সপ্তাহত ‘বছ’ৰ লগত আহি শৰ্মাক অলপ টানকৈয়ে কথা শুনাই থৈ গৈছিলো,আজিও কথা শুনাবই আহিছো।
মহা ধুৰন্ধৰ এই শৰ্মা বোলাজন,কামচোৰ মানুহ যেন লাগে মোৰ। অফিচত কাম কৰি থকা অৱস্থাত যোৱা সাতমাহত এদিনো দেখা নাই। ঘোচ খোৱা মানুহ যেনো নালাগে শৰ্মাক। অৱশ্যে ধৰিব নোৱাৰি ভালকৈ, আমাৰ কোম্পানীৰ পৰা পইছা নাপায় বুলি জানিও আমাক তেনেকুৱা দেখুৱাব পাৰে।বেলেগৰ লগত বা মহাশয়ৰ কেনেকুৱা সেইটোহে আচল কথা। তেখেতৰ বছ অফিচত নাহিলে মহাশয়ো অফিচত নাহে। দম লাগি পৰি থকা ফাইলৰ উচ্চতাত টেবুলৰ সন্মুখত বহা মানুহজনেও শৰ্মাৰ মুখ দেখা নাপায়।
আজিও একেই উত্তৰ মহাশয়ৰ।
“একাউন্টচ ৰ দাসৰ টেবুলত আছে আপোনালোকৰ বিলখিনি,এবাৰ দাসৰ তাত খবৰ লৈ যাওঁক নহলে বেয়া নাপায় যদি।”
ইমান শুৱলাকৈ কয় কথাখিনি যেন মামাৰ ল’ৰা ভাই হে হয় মোৰ। যোৱা সপ্তাহৰ ধমকিটোৱেও অলপ কাম কৰিছে যেন লাগিছে।
“মই কাৰো ওচৰত বিল বিচাৰি টেবুলে টেবুলে ঘুৰি নাথাকো শৰ্মা।চুক্তিমতে মই আপোনাৰ পৰাই পইছা লম,আৰু যদিহে এইটো মাহৰো ৩০ তাৰিখৰ ভিতৰত পইছা নাপাওঁ এইবাৰ আপোনালোকৰ চেয়াৰমেনক আপোনাৰ বিৰুদ্ধে অভিযোগ দিয়াটো খাটাং বুলি ধৰক আপুনি।আপোনালোকক দিয়া ছাৰ্ভিছো বন্ধ কৰিম মই।”
“তেনেকুৱা কৰিব নালাগে, হৈ যাব পইচাটো আপোনালোকৰ দুই এদিনতে, জানেই দেখোন একাউন্টছ্ ডিপাৰ্টমেন্টৰ ঝামেলা।”, নমনীয় সুৰতেই শৰ্মাই ক’লে।
“আপুনি নিজে বিলখন চেক কৰোঁতেই ছয়মাহ লগাইছে আৰু এতিয়া একাউন্টছ্ক দোষ দিলে কেনেকৈ হ’ব হে।একাউন্টছ্ক দোষ দি আপুনি দায় সাৰিব নোৱাৰিব কিন্তু,কৈ থলো মই।৩০ তাৰিখ মানে ৩০।আগুৱাব পাৰিব আপুনি কিন্তু পিছুৱাব নোৱাৰিব এইবাৰ। ব’লা প্ৰাঞ্জল যাওঁ।”, ওলাই আহিলো শৰ্মাৰ অফিচৰ পৰা।
অফিচৰ গেটৰ বাহিৰত এসোপামান বাটিত আঙুঠি, পাথৰ, কড়ি, গছৰ শিপা,ধনী মানুহৰ পোহনীয়া কুকুৰকেইটাই কামুৰি থকা ডেমো হাড়ৰ টুকুৰাৰ দৰে কেইডালমান লৈ তন্ত্ৰ-মন্ত্ৰ সম্ৰাট নুৰ খান জাতীয় বাবা এজন মাটিত বহি আছে,পিছফালে বেনাৰ এখনো আঁৰি থোৱা আছে বাবাৰ।
বশীকৰণ, প্ৰেম-বিবাহ, চাকৰিত পদোন্নতি, পাবলগীয়া পইছা ঘূৰাই পোৱাৰ উপায়, মাটি-ঘৰ, পাৰিবাৰিক অশান্তি, সন্তানৰ সমস্যা, গৃহ কণ্ডল, বেমাৰ-আজাৰ সকলো সমস্যাৰ উপায় একমাত্ৰ এই বাবাজন।
“এনেকুৱা বাবা আৰু কেইজনমান থকা হ’লে অসমত বানপানী,অনুপ্ৰৱেশ এইবোৰ সমস্যাও নাথাকিলহেঁতেন চাগৈ!”
প্ৰাঞ্জলে স্বগোতক্তি কৰিলে।
ওচৰ চাপিলো বাবাৰ আমি দুয়োজনে।
“বাবাজী, বেনাৰত লিখা সকলো সমস্যাৰ সমাধানৰ খৰচ কিমান হ’ব?”
“চাৰি হাজাৰ”
“পাবলগীয়া পইচা ঘুৰাই পোৱাৰ উপায় আৰু বশীকৰণ এই দুটাত?”
“এক হাজাৰ”
দিয়কচোন বাৰু বাবায়েই এই দুটা বেমাৰৰ সমাধান, আঙুঠিয়েই দিয়ে নে কিবা গছৰ শিপাই দিয়ে,শৰ্মাক দি আহোঁ, কিজানিবা মাহৰ শেষলৈ টাৰ্গেট হয়েই….।
■■
7:07 pm
বৰ ধুনীয়া লিখিলা সঞ্জীৱ! তোমাৰ লিখাবোৰৰ শেষত থকা পাঞ্চ লাইন বোৰ বৰ ভাল লাগে ৷ বৰ হাঁহিলো ৷ লিখি থাকিবা ৷
12:49 pm
Thank u dada