বিজতৰীয়া – বৰ্ণালী ফুকন
: নাই নাই! যিয়ে যি কওক, মই সেই বিজতৰীয়াটোলৈ মোৰ ছোৱালীক বিয়া দিব নোৱাৰোঁ৷ কম কষ্টত পেট ফালি ছোৱালী জন্ম দিছোঁ নেকি! মৰিবলৈয়ে লৈছিলোঁ। স্যানাল ডাক্তৰ আছিল বাবে জীৱটো ঘূৰি আহিল৷ এতিয়া সেইজনী ছোৱালীক….
এইবুলি উচুপি উঠিল বৰুৱানী৷
জৰ্জ উইলিয়াম আমেৰিকাৰ ৰাষ্ট্ৰদূতাবাসত কৰ্মৰত আৰু তাৰে হেল্থ এটাচি ৰৌজ মেৰী হ’ল লিপিৰ বান্ধৱী৷ ৰৌজ মেৰীৰ বিবাহ বাৰ্ষিকীতে লিপিয়ে উইলিয়ামক লগ পাইছিল৷ দীৰ্ঘদিনৰ বন্ধুত্বৰ পিছত এবাৰ লিপি যেতিয়া ভাৰতলৈ এমাহৰ বাবে আহিছিল তেতিয়াই উইলিয়ামে অনুভৱ কৰিছিল, লিপি অবিহনে সি যেন আধৰুৱা৷ সেই এমাহ উইলিয়াম বলিয়াৰ দৰে হৈ পৰিছিল আৰু এমাহ নৌহওঁতেই কাতৰ হৈ লিপিক ঘূৰি আহিবলৈ অনুৰোধ কৰিছিল৷ আমেৰিকাৰ মানুহে ভাল পাব নাজানে, এইষাৰ কথা সৰুৰেপৰাই মাকৰ মুখত লিপিয়ে শুনি আহিছে৷ সিহঁতৰ সমন্ধবোৰৰ গভীৰতা নাই৷ দেহ সৰ্বস্ব সিহঁতৰ ভালপোৱা৷ কিন্তু উইলিয়ামৰ ক্ষেত্ৰত তাইৰ তেনে যেন অনুভৱ হোৱা নাই দেখোন৷ কোনো দিন মাৰ্জিতৰ সীমাৰপৰা আগবঢ়া নাই সি৷ কোনোদিনেই দুৰ্বলতা দেখুওৱা নাই তাইক৷ সেইটো মানুহে যে তাই দুদিনমান নাথাকোতেই কন্দনামুৱা হৈ ফোন কৰিব তাই ভবাই নাছিল৷ অকলশৰীয়াকৈ উইলিয়ামৰপৰা আতঁৰি আহি তাইও নিজকে সুধিছিল, তাই বাৰু উইলিয়ামৰ প্ৰতি দুৰ্বলতা অনুভৱ কৰে নেকি? কৰে! আচৰিত হৈ তাই সেই কথা অনুভৱ কৰিছিল। তেন্তে কি সেয়াই ভালপোৱা নেকি? নিজৰ জন্মভূমিলৈ প্ৰায় পাঁচটা বছৰৰ পিছত আহিছে তাই৷ এমাহৰ ছুটী বুলি তাই মাকক জনোৱা নাছিল৷ পুৱাই তাইক উইলিয়ামে এয়াৰপ’ৰ্টত থ’বলৈ আহিছিল৷ এয়াৰপ’ৰ্টৰ টিকট লৈ উইলিয়ামো তাইৰ সৈতে ভিতৰত বহিছিলহি৷ তাই লক্ষ্য কৰিছিল কথাৰ মাজে মাজে উইলিয়াম যেন বাৰে বাৰে আবেগিক হৈ পৰিছিল৷ কথা কৈ থাকোঁতে ৰ লাগি চাওঁতে তাইৰ সৈতে কেইবাবাৰো চকুৱে চকুৱে পৰিলত তাই তলমূৰ কৰি মৌন হৈ ৰৈছিল৷ উইলিয়ামৰ বিহ্বল চকুহালৰ কৰুণ চাৱনিয়ে তাইক ভাৰতলৈ যোৱাত কষ্ট দিব বুলিয়েই চাগে৷ সেইসময়তে তাইৰ প্লেনৰ নম্বৰটো স্ক্ৰীণত জিলিকি উঠিছিল৷ লাউড স্পীকাৰত দ্বিতীয়বাৰৰ বাবে যাত্ৰীসকলক বৰ্ডিং পাচ লৈ চিকিউৰিটি চেকৰ বাবে সাজু হ’বলৈ সোঁৱৰাই দিছিল৷ লিপি হঠাৎ থিয় হৈছিল আৰু অস্ফুট মাতেৰে “বাই, চি ইউ” বুলি কৈ লাগেজৰ হেণ্ডেলত হাত দিছিল হে, তেনেতে নাটকীয় ভাবে গোটেই ঘটনাটো ঘটিছিল৷ উইলিয়ামে নিজকে সংযত কৰি ৰাখিব নোৱাৰি লিপিক মানুহৰ আগতে সাৱটি ধৰি উচুপি উঠিছিল৷ উইলিয়ামৰ আকস্মিক ব্যৱহাৰত লিপিও আৱেগিক হৈ পৰিছিল৷ তথাপিও তাই উইলিয়ামৰ আগত দুৰ্বলতা নেদেখুৱালে৷ স্বাভিমানে তাইক বাধা দিলে৷ আজি ভাৰতলৈ ইমান বছৰৰ পিছত আহিও বাৰে বাৰে তাইৰ মনটোক উইলিয়ামৰ কাষলৈ গুচি যোৱাক বাধা দিব পৰা নাই৷ ঘূৰি যাব লাগিব তাই সোনকালেই৷ উইলিয়ামে তাইক সন্মুখত ৰাখি তাৰ মনৰ কথা ক’ব বিচাৰে৷ প্ৰথমে তাই ফোনতে ক’বলৈ নেৰানেপেৰাকৈ ধৰিছিল৷ কিন্তু উইলিয়াম মান্তি হোৱা নাছিল৷ অৱশেষত উইলিয়ামে অফিচ ছুটি লৈ ভাৰত ওলাইছিলহি৷ উদ্দেশ্য উইলিয়ামে লিপিৰ মাক-দেউতাকৰ সন্মুখতে পানী গ্ৰহণ কৰিব৷ অস্বস্তিত পৰিছিল লিপি৷ তাই ভালকৈয়ে জানে পৃথিৱীৰ সকলোকে মনাব পাৰিলেও তাইৰ মাকক কোনেও মনাব নোৱাৰে৷ কথাষাৰ শুনাৰ লগে লগে নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল৷
লিপিয়ে বুজাইছিল মাকক।
: বিজতৰীয়াটো এটা কাৰণ হ’ব পাৰে নেকি?
: কিয় নহ’ব? সমাজ বুলি এটা কথা আছে৷ মানুহে বিভিন্ন ধৰণৰ মুখৰোচক কথা ক’ব৷ মই কিমানক উত্তৰ দি ফুৰিম!
: নিদিবা উত্তৰ৷ উত্তৰ নিদিলে এসময়ত সকলো মৌন হৈ যাব৷
: আৰু বাপেৰৰ ঘৰৰ মানুহবোৰৰ মুখ কোনে বন্ধ কৰিব?
: একো নকয় দিয়া৷
: নাই নাই। তথাপি সি খ্রীষ্টান৷ গৰু গাহৰি সৱ খায়৷ সেই একেটা বাচন বৰ্তন ব্যৱহাৰ কৰিব! তই কেনেকৈ পাৰিবি! তই মোৰ ছোৱালী৷ তোৰ কথা তোতকৈ মই বেছি জানো৷
: অঃ মা কি যে কথাবোৰ কোৱা! পৃথিৱী ক’ৰপৰা ক’লৈ গৈছে আৰু তুমি গৰু গাহৰি একেটা বাচনত ৰন্ধাকলৈ বহি আছা!
: তই মনে মনে থাক৷ সিহঁতৰ লাজ মান বুলি কিবা আছে নে? মাক-বাপেকৰ আগতে মানুহজনীক ধৰি টপৰ টপৰকৈ চুমা খাব৷ বুঢ়া-বুঢ়ীবোৰো পিছ পৰি নাথাকে৷ বাপেৰৰ সেইবোৰ দেখিলে বৰ খং উঠিব৷ পাৰিলে সন্মুখতে ধৈৰ্য্য নাইকিয়া সৱ বুলি অপমান কৰি দিব৷
: হ’ব দিয়া। দেউতাই ধৈৰ্য্য নাইকিয়া বুলি ক’লেও সিহঁতে একো বুজি নাপায়৷ অসমীয়া এতিয়ালৈকে বুজি পোৱা হোৱাগৈ নাই৷ দেউতাই কিবা খঙত ক’লেও সন্মান কৰি কিবা কৈছে বুলিয়ে ভাবিব দিয়া৷
তৰ্ক কৰি ভাগৰি পৰি মাকে এইবাৰ ক’লে,
: বুজিছ লিপি সিহঁতৰ ল’ৰা-ছোৱালীবোৰ মাক দেউতাকৰ অনুশাসনত উঠা নহয়৷ আজি এজনী ৰাখিলে কাইলৈ আন এজনী৷ চোলা বদলোৱাৰ দৰে বদলাই সিঁহতে ঘৈণী৷
: তুমি এইবোৰ ক’ৰপৰা শুনিলা! মনৰ মিল নাথাকিলে দুইজনৰ বুজাবুজিত ইজনে সিজনৰপৰা আঁতৰি আহে সেইটো বেলেগ কথা৷
: যাৰে তাৰে সৈতে ৰাতি কটাই সেইসোপাই৷ এইডছেই হৈছে নে কি হৈছে কোনে জানে!
: টু মাচ আৰু মা৷ কি যে কথাবোৰ তোমাৰ কল্পনা জগতত ঘূৰি ফুৰে৷
: নেদেখিছনে তাৰ গাৰ ৰংটো কেনেকুৱা ধেলধেলকৈ বগা৷ তইচোন বগা ল’ৰা পচন্দ নহয় বুলি কৈছিলি৷ এতিয়া সেইটোকে পচন্দ হ’লগৈ৷
: এতিয়া মই গাৰ ৰং নাচাওঁ মা৷ এতিয়া মনৰ ৰংহে চাওঁ৷ মই উইলিয়ামক চিনি পাইছোঁ৷ তাৰ নিচিনা ল’ৰা এটাৰ লগতহে মই সুখী হ’ম৷
: সি যদি আগতে কাৰোবাক ৰাখিছে৷ তাৰ যদি ল’ৰা-ছোৱালী আছে৷ সা-সম্পত্তি বিচাৰি পিছত ল’ৰা ছোৱালীয়ে আহি তোৰ টেটুত ধৰিবহি৷
: হাঃ হাঃ! মা অ’, তুমি যে বৰ আজলী হৈ আছা দেই৷ মোক নেলাগে দিয়া আমেৰিকাত এটুকুৰা মাটি৷ মই ভাৰতৰ ছোৱালী ভাৰততে মৰিমহি৷ তুমিয়ে মোলৈ বুঢ়া বয়সত থাকিবলৈ এটুকুৰা ঠাই থ’বা৷
: বুঢ়ী হ’লে তই নিজৰ ঠাইলৈ গুচি আহিবলৈ বিচাৰিবি আৰু সি বিচাৰিব নিজৰ ঠাইত থাকিবলৈ৷ তেতিয়া সেইটো কম ডাঙৰ কথা হ’বনে! সেইখন সংসাৰ হ’বনে? নাজানো দেই তোৰ ভৱিষ্যত! নিজে ইমানৰ পিছতো যাবলৈ বিচাৰিছ যা৷ পিছত কাজিয়া কৰি মোৰ ঘৰলৈ ঘূৰি নাহিবি৷
: হ’ব মা, নাহিবলৈ যত্ন কৰিম৷ কিন্তু ফুৰিবলৈ আহিব পাৰিম চাগৈ৷
: মাতি দিবি তেন্তে বিজতৰীয়াটোক অসমলৈ৷ তাক দেখিলেই মই চিনি পাম ঠগবাজ নে কি। মোৰ চকুত সি সাৰি নাযায় চাবি৷ মোক ভগৱানে বেলেগ ধৰণৰ শক্তি দিছে৷ বদমাছ মানুহ হ’লে চকুৱে চকুৱে চাব নোৱাৰে৷
এসপ্তাহৰ পিছতে উইলিয়াম ভাৰত পাইছিলহি৷
এতিয়া লিপিৰ মাকৰ আটাইতকৈ মৰমৰ জোঁৱায়েকে উইলিয়াম৷ উইলিয়ামেও শাহুৱেকৰ মৰমৰ ওচৰত প্ৰতিজ্ঞাবদ্ধ, লিপি নাহিলেও সি বছৰেকত এবাৰ শাহুৱেকৰ ওচৰলৈ আহিব৷
☆★☆★☆