ফটাঢোল

আদৰুৱা ৰাঙলী – প্ৰণীতা গোস্বামী বৰঠাকুৰ

: ঐ ৰাঙলী, চুকত সোমাই উচুপি আছ যে, কি হ’ল?

মোৰ মাত শুনি তাই আৰু বেছিকৈহে উচুপি উঠিল। ময়ো আচৰিত, ভেমত উফণ্ডি থকা এই ৰাঙলীজনীৰ আজি কি হৈছে! এনেয়ো তাই আমাৰ কেইজনীৰ লগত বৰকৈ কথা নাপাতেই, মালিকণী বাইদেউৰ অলপ আদৰৰ হোৱা বাবে তাইৰ গপটো বেছি। আমাৰ আগত অলপ লেভেল দি থাকে। বাইদেৱে তাইক আমাৰ পৰা অলপ নিলগায়ো ৰাখে অৱশ্যে। আমি কেইজনী বাইদেউৰ দৈনন্দিনৰ লগৰী। প্ৰতিদিনৰ কাৰ্যসূচীত আমাৰ কেইজনীৰ কাম সময় অনুযায়ী বেলেগ হয়। পুৱাৰ শীতলীজনী কেৱল বাইদেউৰ গাধোৱা সময়লৈকেহে আৰু পাকঘৰত কামকৰা সময়লৈকেহে লগত থাকে। বাৰীত বা ফুলনিলৈ যাব লগা হ’লে বাইদেৱে ফেদেলীক লগত লৈ যায়। তাইক ঘৰৰ ভিতৰলৈ সোমাবলৈ নিদিয়ে, তাইৰ চেহেৰাটোও বেয়া হৈ গৈছে দিনে দিনে। ৰ’দে বৰষুণে তাই পাছফালৰ বাৰাণ্ডাৰ সেই নিৰ্দিষ্ট চুকটোতে থাকিব লাগে। বাথৰূমলৈ যোৱা নীলাজনীৰো কাম কেৱল বাথৰূমৰ ভিতৰতহে। তাই বেলেগ ৰূমলৈ যাব নোৱাৰে, কেতিয়াবা ভুলতে কাৰোবাৰ লগত তাই আন ৰূমত প্ৰবেশ কৰিলেই বাইদেউৰ চিঞৰ-বাখৰ আৰম্ভ হৈ যায়! উফঃ কমখন গালা-গালি চলেনে! সৰু মইনাই প্ৰায়ে ভুল কৰি গালি খায়। বৰ দুখ লাগে তেতিয়া। কিনো হ’ল, এদিন যেনিবা নীলা আন ৰূমলৈ গ’লেই, কিনো মহাভাৰতখন অশুচি হ’ব। বাইদেউৰ এইটো কথাই মোৰ ভাল নালাগে।

এনেই কিন্তু বাইদেৱে আমাক বৰ মৰম কৰি ৰাখে। মোক প্ৰায়ে লগত লৈ ফুৰে। বজাৰ, অফিছ, ওচৰতে কৰ’বালৈ ওলাই গ’লে মোকে লগত লৈ যায়। মোৰ চেহেৰাটো শকত, আগে-গুৰিয়ে সমান আৰু কোমল হোৱা বাবে ডাক্তৰসকলেও এটা বয়সৰ মহিলাসকলক মোকে লগত ৰাখিবলৈ পৰামৰ্শ দিয়ে। সেয়ে মই বাইদেউৰ কণাৰ লাখুটিৰ দৰে। বাকী লচপচী ৰাঙলী, বগী, গোলাপী, বাখৰুৱা আদিবোৰ বাইদেউৰ ধুন-পেচৰ সময়ৰহে লগৰী। আনসময়ত সিহঁত সদায় ঘৰৰ একোণত আবুৰৰ মাজত সোমাই থাকে। সেইবাবেই সিহঁতকেইজনীৰ যিহে ভেম। ভেম নহ’বনো কিয়! আমাৰ দৰে ৰ’দে-বৰষুণে, বোকাই-পানীয়ে ঘূৰি ফুৰিব নালাগে নহয়! সদাই ওলাব নালাগেই, যিকেইদিন ওলায়, এচি গাড়ীত উঠি যায়, আৰু য’লৈ যায় তাতো সুকোমল দলিচাৰ স্পৰ্শ পায়। আমাৰ দৰে ঘেকেটা খাই ফুৰিব নালাগে সিহঁত। তাতে সিহঁতকেইজনীৰ চেহেৰাও ধুনীয়, লাহী-পাহী, চিলচিলীয়া, ভেম হ’বই! মাজে মাজে বাইদেৱে সিহঁতকো উলিয়াই কোমল কপোৰেৰে মৰম কৰি, ৰ’দত-বাদত দি ভিতৰত ভৰাই থয়, আগৰ দৰেই এচুকত। মোক কিন্তু ঘৰৰ সমুখৰ বাৰাণ্ডাখনতে সযতনে থয়। মোৰ লগতে চেপেতি কোলাপুৰি, গোমোঠী জুটিও থাকে। সিহঁত দুজনীয়েও মাজে সময়ে বাইদেউৰ মৰমৰ পৰশ পায়। আজিকালি বাইদেৱে বৰষুণ দিলে মোক লগত লৈ নাযায়, নতুনকৈ অনা চিলচিলি প্লাষ্টিকিক লৈ যায়। ময়ো বৰ ভাল পাওঁ, বৰষুণত তিতিলে মোৰ গাতো বহুত দিনলৈ গধুৰ হৈ থাকে, দুদিনমান টান ৰ’দ পালেহে গাটো টঙাব পাৰোঁ। সেইবোৰ বুজি পায়েই বাইদেৱে নতুনকৈ চিলচিলিক আনি লৈছে।

বাইদেউৰ লগতে দাদা আৰু সৰু মইনাৰো বেলেগ বেলেগ লগৰী আছে। তেওঁলোকৰ লগৰীবোৰৰো বেলেগ বেলেগ নাম, বেলেগ বেলেগ কাম। তাৰে কেইজনমানক আমাৰ লগতে আগফালৰ বাৰাণ্ডাতে থয়। যিহে গেঠেলা ঔ দেখাত, মাতটোও কিবা গডগডিয়া। সৰুমইনাৰ লগৰী কেইগৰাকী কিন্তু বৰ মৰমলগা। যিহে খিলখিলাই হাঁহি থাকে, বাৰাণ্ডাখনত থাকিয়েই ভাল লাগি যায়। সৰুমইনাও জানো কম তিখৰ, সুযোগ পালেই আদৰেৰে সুমুৱাই থোৱাজনক লগত লৈয়েই পানীত খেলিবলৈ লাগি যায়, তেতিয়াই বাইদেউৰ আকৌ খং উঠে। তেওঁলোকৰো খেলিবলৈ যোৱা, অফিছ-স্কুললৈ যোৱা, ফুৰিবলৈ যোৱা আদিৰ বাবে লগৰী বেলেগ বেলেগ। মুঠতে ঘৰৰ তিনিটি প্ৰাণীৰ বাবে আমি কমেও চল্লিছৰ ঘৰত আছোঁ। তাৰ মাজৰে খুব বেছি পোন্ধৰ গৰাকীহে কামত লাগি থাকোঁ, বাকীসকলক কামত নলগাই যদিও বাহিৰ কৰি দিয়া নাই আজিও! সেয়াই বোধকৰো মোহ। এসময়ত লগ দিছিল বুলি সকলোকে আদৰ কৰি ৰাখিছে। আমাৰ মাজত হাই-কাজিয়া নহয় যদিও ওফোণ্ডা-ওফোণ্ডি চলি থাকে। চিনিয়ৰসকলে আমাৰ বৰ্তমানৰ কৰ্মীসকলক অলপ হিংসাৰ চকুৰে চায়। আৰু মনে মনে শাও দিয়ে-“তহঁতৰো আমাৰ দৰেই গতি হ’বলৈ বেছি দিন নাই, ক’ৰ ফুটনি ক’লৈ যাব গমেই নাপাবি৷” আমাৰো বাইদেউৰ বেছি আদৰৰ কেইজনীলৈ অলপ হ’লেও হিংসা লাগে, সেইটো মিছা নহয়। হাজাৰ হওক মাইকীৰ মনহে তেওঁ। বাইদেউ যেতিয়া ধুনীয়াকৈ সাজি কাচি বিয়া বা অফিছৰ পাৰ্টিলৈ যায়, তেতিয়া শাৰী বা ড্ৰেছৰ লগত মিলাই বগী, গোলাপীক লগত লৈ যায়। তেতিয়া আমাৰো অলপ বেয়া নলগা নহয়! কমপ্লেক্সত ভোগো, দেখাত বেয়া বুলি। কিন্তু মনতে বুজনিও লওঁ, আমিহে কামৰ লগৰী বুলি, ভোগৰ নহয়!

আজিও বাইদেউৰ কিবা পাৰ্টি আছিল বুলি শুনিছিলোঁ। তাতে ৰাঙলীৰ কিবা হ’ল নেকি!
মনটোৱে খু-দুৱাই আছিল। কাক সুধিলেনো আচল খবৰটো পাম বাৰু!

এনেতে দাদাৰ লগত যোৱা কলীয়া পানচৈক দূৰৰ ষ্টেপটোৰ কাষতে ৰৈ থকা দেখিলোঁ। তাকে সোধোঁ বুলি ভাবিলোঁ। পিচে কি বুলি মাতোঁ, আজিলৈকে তেওঁক মাতিয়েই পোৱা নাই। বৰকৈ নোলায়েই তেওঁ। মোক বা চিনি পায়নে নাপায়! দুবিধাত পৰিলোঁ। মনটোক মনাবও পৰা নাই, কথাটো নজনাকৈ ৰাঙলীক শান্ত্বনা দিবও পৰা নাই! বেছি একো চিন্তা নকৰি লাহেকৈ মাত লগালোঁ,

: পানচৈ দাদা…পানচৈ দাদা…

অলপ দেৰিৰ পাছত তেওঁ কেৰাহিকৈ ঘূৰি চালে। কোনে মাতিছে ধৰিব নোৱাৰি আমাৰ গোটেই কেইজনীলৈকে চালে৷

: দাদা মইহে, কথা এটা সোধোঁ বুলি মাত দিছিলোঁ।

: অঁ, কি কথা কোৱা৷

অলপ বেছি গহীন দেখুৱাই ক’লে। বোধকৰো মোৰ চেহেৰাটো তেওঁৰ পচন্দ নহ’ল, মই ধেপেচীয়ে তেওঁক ‘দাদা’ বোলাত অলপ খঙো উঠিছে কিজানি!

: নহয় মানে, আমাৰ ৰাঙলীয়ে কান্দি আছে, কি জানো হ’ল! আপুনি আজি দাদা বাইদেউৰ লগত পাৰ্টিলৈ গৈছিল নহয়, তাতে কিবা হ’ল নেকি? তাকে জানিবলৈহে মাত দিছিলোঁ।

: অঁ, ঘটিল ঘটনা এটা৷

বুলি তেওঁ মিচিকিয়ালে।

মোৰ মনটোত আৰু খু-দুৱনি বাঢ়িল।

: কি হ’ল দাদা৷ কওকচোন।

জোৰ দি সুধিলোঁ। তেওঁ মিচিকিয়াই ক’লে,

: বাইদেৱে আজি তেওঁক লৈ গৈছিল পাৰ্টিলৈ। প্ৰথমতে সৱ ঠিকেই আছিল। খোৱা বোৱাও অলপ হৈছিলেই। পাছত ছাৰে কিবা ৰঙচুৱা পানীৰ গিলাচ লৈ নাচিবলৈ বুলি বাইদেউকো লৈ গ’ল। তেতিয়াই ঘটনাটো ঘটিল….

: কি হ’ল, ভালকৈ কওকচোন৷

উৎকণ্ঠাত ৰ’ব নোৱাৰি মাজতে মাত দিলোঁ। কোলাপুৰীহঁতো মোৰ কাষ চাপি আহিল।

: …… তেতিয়াই হঠাতে ৰাঙলী বাগৰি পৰিল। ৰাঙলীৰ সোঁভৰিখন ভাঙি থাকিল বাইদেৱে নাচোঁতে৷ বাইদেউও মাটিত ধুপুচকৈ পৰি গ’ল।

: তাৰপাছত!

আচৰিত হৈ চিঞৰি উঠিলোঁ।

: তাৰপাছত আৰু কি হ’ব, লাজত বাইদেৱে এটা ভৰিৰেই দুপিয়াই দুপিয়াই দাদাক টানি আনি গাড়ীত বহিলহি।

: ইচচচ, বেচেৰী বাইদেউজনী! বেছি দুখ পালে নেকি?

: নাই, বাইদেৱে দুখ পোৱা নাই, খঙহে উঠিছিল। ঘৰলৈ আহি ৰাঙলীক চুকলৈ দলিয়াই বাইদেৱে ঠিকছে বকিছে, এইজনীৰ পৰা বোলে পাৰ্টিতো এনজয় কৰিবলৈ নাপালে, আধাতে গুচি আহিব লগা হ’ল। কাইলৈ বোলে তাইক নলালৈ দলিয়াই পেলাব। এইটোৱেই কথা৷

পানচৈয়ে সবিশেষ সামৰি ক’লে। বেচেৰী ৰাঙলীলৈ বেয়াও লাগিল। হ’লেও তাইৰ ভেমটো ভঙাত মনে মনে ফূৰ্তিও পালোঁ।

: বাইদেউৰ সেইকণ সুখৰ সময়তো তই লগ দিব নোৱাৰিলি নে ৰাঙলী!

তাইলৈ চাই অলপ বিদ্ৰুপৰ সুৰতেই ক’লোঁ।

: কি নো কৰিবি বাই, বহুত দিন লৰচৰ কৰিবলৈ নাপাই গাটো ঠৰঙা হৈ পৰিছিল, হঠাতে বেছি উচল-পাচল হোৱাত সোঁভৰিয়ে ভৰ সহিবই নোৱাৰিলে। তাতে বাইদেউৰ ওজনো আগতকৈ বাঢ়িল। মোৰ ভৰিবোৰো চিঞা যে, সেইটো ভৰনো কেনেকৈ সহো! উফ্‌, বৰ কষ্ট পালোঁ বাই!

কন্দনামুৱা হৈ ক’লে তাই মোক।

ৰাঙলীৰ কথা শুনি দুচকু ভৰি পৰিল। ঠিকেইটো কৈছে তাই, সত্তৰ কেজি ওজনৰ বাইদেউৰ ভৰনো সেই “পেঞ্চিল হিলীয়া ৰাঙলী”য়ে কেনেকৈনো সহিব পাৰিব! বাৰ্বী ডলৰ দৰে চিৰীহেন চেহেৰাৰ এজনীৰ ভৰহে ৰাঙলী, বগীহঁতে ল’ব পাৰে। পিচে দোষনো কাৰ!

দেহাটোৰ বাবেই ‘হাই হিল’ পিন্ধাৰ সুখো ভোগ কৰিবলৈ নাপালে আমাৰ বেচেৰী বাইদেউজনীয়ে!

☆★☆★☆

7 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *