ডায়েট চাৰ্ট – মৃদুল নাথ
ৰাতিপুৱাৰপৰাই আজি বৰুৱাৰ মনটো বেয়া। পুৱাই তিতা কেহা অলপ পালে মানুহজনীৰপৰা। অৱশ্যে পাবলগীয়া কথাই। আগদিনাই বৰুৱাই মানুহজনীক কথা দিছিল যে আজিৰেপৰা ৰাতিপুৱা পাঁচ বজাতে উঠি টাউনশ্বিপখনত এক চক্কৰ লগাব। পিছে নাই, তেওঁৰ বিচনা এৰাৰ কোনো উমঘামেই নাই! ইপিনে চাৰে পাঁচ বাজিবৰে হ’ল। প্ৰথমে তেওঁৰ পত্নীয়ে মৰমেৰেই মাতষাৰ দিছিল, “হেৰি, নুঠে নেকি? কেতিয়াবাই পাঁচ বাজিল। উঠক আকৌ। দৌৰিবলৈ যোৱাৰ কথা আছিল নহয় আজিৰেপৰা।”
বৰুৱাই আগদিনাই এলার্ম দিয়াটো ঠিকেই দিছিল আৰু একান্ত বাধ্য মোবাইলটোৱে জগাইছিলেও সঠিক সময়তে। পিছে মোবাইলটোৱে অকল চেষ্টাহে কৰিব পাৰে! টোপনিতে খেপিয়াই মোবাইলটো বিচাৰি উলিয়াই এহাতেৰে তাক নিশ্চুপ কৰি আনখন হাতেৰে লেপখন ভালকৈ টানি ডিঙি মূৰ ঢাকি লৈ পুনৰ নাসিকা গৰ্জন আৰম্ভ কৰিছিলেহে, এতিয়া আকৌ মানুহজনীয়ে একেই প্ৰচেষ্টাৰ পুনৰাবৃত্তি ঘটোৱাত বিৰক্ত হৈ বৰুৱাই গেঙেৰী মাৰি উঠিল, “কিনো মিছাতে আমনিখন কৰি আছা। যোৱা যোৱা, শুবলৈ দিয়া মোক।”
বৰুৱাৰ গেঙেৰীটোৱে বৰুৱানীৰ খং চুলিৰ আগ পোৱালেগৈ। বাথৰুমৰপৰা মগ এটাত পানী ভৰাই চিধাই বৰুৱাৰ মুখত ঢালি দিলে। বৰুৱা এনে পৰিস্থিতিৰ বাবে মুঠেও প্ৰস্তুত নাছিল। খকমককৈ উঠি মানুহজনীয়ে সাক্ষাৎ মা দুৰ্গাৰ ৰূপ লোৱা দেখি সাইলাখ ভিজা মেকুৰীটো হৈ বৰুৱাৰ মুখেৰে স্বতঃস্ফুৰ্তভাৱে ওলাই গ’ল, “য়া দেৱী স্বৰ্বভুতেষু শক্তিৰূপেণ………”
বৰুৱাণীৰ শক্তিৰূপ তেতিয়াও বিৰাজমান। মুখেৰে ভোৰভোৰাই আছে, “মই কিবা নিজৰ ভালৰ কাৰণে কৈছোঁ নেকি? দিনে দিনে যে ঢোলটো হৈ গৈ আছে মন কৰিছেনে? আইনাৰ আগত চাবলৈ আইনাখনেও নোজোৰা হ’ব দুদিনৰ পিছত।”
পলায়নেই মংগল বুলি ভাবি বৰুৱাই একেজাপে বিছনাৰপৰা উঠি বাথৰুমত সোমাল। কামফেৰা দৌৰাদৌৰিকৈ সমাপন কৰি দৌৰিবলৈ যাব। সাধাৰণতে বিছনাখন এৰাৰ লগে লগে নিত্য কৰ্ম সমাপন কৰাটো বৰুৱাৰ বহুদিনীয়া অভ্যাস। পিছে আজি অকস্মাতে পোৱা প্ৰচণ্ড মানসিক চাপৰ বাবে বিসৰ্জন প্ৰক্ৰিয়াটো স্বাভাৱিকভাৱে সমাপন নহ’ব যেনে লাগিছে বৰুৱাৰ। মানুহজনীৰ তেতিয়ালৈকে ভোৰভোৰণিবোৰ কিছু কমিছে যদিও দুই এটা শব্দ তেতিয়াও অলপ সময়ৰ মূৰে মূৰে চিটিকি চিটিকি আহি আছে। বাথৰুমত বৰুৱাৰ অলপ সময় লাগে। প্রাতঃকর্মভাগ ভালদৰে নহ’লে দিনটোলৈ অশান্তি হৈ থাকে। তেনেতে বৰুৱানী আকৌ গুজৰি উঠিল, “এইবাৰ আকৌ কমোডটোৰ ওপৰতে বহি বহি নাক বজাবলৈ মন কৰিছে নেকি?”
বৰুৱাই ভালদৰে বুজিলে যে আজি আৰু শান্তিত কামফেৰা সমাপন কৰা সম্ভৱ নহ’ব। কপালত যি আছে সেয়ে হ’ব বুলি মনতে ভাবি হাত মুখ পখালি বৰুৱা লৰালৰিকৈ ওলাই গ’ল। চৌদিশ কুঁৱলীৰ ডাঠ চাদৰ এখনে আবৰি ৰাখিছে, বৰুৱাই ঘড়ী চাই দেখে ছয় বাজিবলৈ দহ মিনিট বাকী। আজি তাৰমানে মাত্ৰ বিশ মিনিটতে এটা অধ্যায়ৰ সমাপ্তি ঘটিল, আনকালে যিটোৱে নাই কমেও আধা ঘণ্টা সময় লয়।
কাষেৰে বৈ যোৱা নৈখনৰ বুকুৰপৰা বৈ অহা বতাহ জাকে বৰুৱাক জোকাৰি গ’ল। নদীখন সম্পূৰ্ণ ভাৱে কুঁৱলীৰ গ্ৰাসত পৰি অদৃশ্য হৈ আছে। চৰাইবোৰৰ কিচিৰ মিচিৰ শব্দবোৰৰ বাহিৰে চৌপাশ আচৰিতভাৱে শান্ত। কুঁৱলী সৰকি অহা ৰ’দৰ ৰশ্মিবোৰ লাহে লাহে সিঁচৰিত হৈ পৰিব ধৰিছে, আজি এবছৰমানৰ মূৰত বৰুৱাই পুৱাৰ ৰেঙণি দেখা পালে। অজানিতে বৰুৱাৰ মনটো ভাল লাগি গ’ল। পুৱাৰ এই নান্দনিক পৰিবেশটো উপভোগ কৰি লাহে লাহে বৰুৱা এখোজ দুখোজকৈ আগবাঢ়ি গৈ থাকিল। এনেতে পিছফালৰপৰা চিনাকি মাত এষাৰ বৰুৱাৰ কাণত পৰিল, “বৰুৱাদা, এইটো গতিত খোজকাঢ়িলে এই জনমত পেট নকমে, অলপ দৌৰক, বুজিছে।”
ঘুৰি চাই দেখে সহকৰ্মী ভূঞা। বয়সত সৰু বাবে বৰুৱাক দাদা বুলিয়ে মাতে। কথাখিনিয়ে যদিও শেল বিন্ধাদি বিন্ধিলে, বৰুৱাই মুখত কৃত্ৰিম হাঁহি এটা আনিবলৈ চেষ্টা কৰি ক’লে, “গুডমৰ্ণিং, আজিৰপৰা আৰম্ভ কৰিছোঁহে। ভুকুতে কলটো পকাব খোজা নাই নহয়।”
বৰুৱাই কথাখিনি হাঁহি হাঁহিয়েই ক’লে যদিও মনতে ভোৰভোৰালে, “ভূঞাৰ পোৱালি, কটা ঘাত চেঙা তেল দিছ’, তোৰো দিন পৰিব ৰ। এফালে ঘৈণীয়েৰে হাঁহৰ মাংস ৰান্ধিব আৰু সিদিনাই তোৰো পেট চলিব।”
মনতে ভোৰভোৰাই শাওপাত দি বৰুৱাই এইবাৰ অলপ দৌৰিবলৈ চেষ্টা কৰিলে। পিছে অলপমান দৌৰাৰ পিছতে তেওঁৰ উশাহবোৰ চুটি হৈ আহিল। ফোপাই ফোপাই ওচৰতে থকা বেঞ্চ এখনত বহি বৰুৱাই ভাবিবলৈ ধৰিলে, কথাটো বৰ এটা ভাল হৈ থকা নাই, দেহাটোৰ যতন নলৈ নলৈ এই বয়সতে বুঢ়া যেন লগা হ’ল।
বেঞ্চখনত বহি থাকোতে বহু কথাই বৰুৱাৰ মনলৈ আহিবলৈ ধৰিলে। মাত্ৰ এবছৰৰ আগতে কিনা ধুনীয়া ধুনীয়া “XL” চাইজৰ চাৰ্ট পেণ্টবোৰ বৰ্তমান গাত সুমুৱাব খুজিলে সেইবোৰে বিদ্ৰোহ ঘোষণা কৰে। বেছ চৌখিন স্বভাবৰ মানুহ বৰুৱা। আলমিৰাটোৰ ভিতৰত সজাই থোৱা পোছাকবোৰ দেখিলে দুখ লাগে, বেলেগক উপহাৰ দিয়াৰ বাহিৰে গত্যন্তৰ নাই!
বৰ্তমান ‘লোভ’ আৰু ‘এলাহ’ দুয়োটাই বৰুৱাৰ গাত যিদৰে ওলমি আছে যেন এটা এটা ‘বেতাল’হে। এক বেতালেই বিক্ৰমাদিত্যৰ যি নগুৰ নাকতিখন কৰিছিল, কিন্তু বৰুৱাৰ গাত দুটাকৈ বেতালে লম্ভিছে!
ভাববোৰৰ বুৰবুৰণিত বুৰ গৈ থাকোতে কিমান সময় পাৰ হৈ গ’ল বৰুৱাই গমেই নাপালে। এটা সময়ত সাত বজাৰ চাইৰেণটোৱে টেটু ফালি চিঞৰিব ধৰাতহে বৰুৱাই সম্বিত ঘূৰাই পাই ঘৰলৈ উভতি আহিল। লৰালৰিকৈ গা পা ধুই আহি ৰুটি তৰকাৰীৰে ৰাতিৰ লঘোণ ভংগ কৰো বুলি বৰুৱা পাকঘৰৰ ফালে আগবাঢ়ি গৈ দেখিলে যে খোৱা টেবুলত তেওঁৰ বাবে আন এক আশ্বৰ্যই অপেক্ষা কৰি আছে।
বাটি এটাত গাখীৰৰ লগত খাবলৈ দিয়া ‘অটচ’ নামৰ গুৰি পদাৰ্থবিধৰ লগত বৰুৱাৰ আজি খোৱা টেবুলত প্ৰথম চিনাকি হয়। প্ৰথম চিনাকীত সিমান এটা ভাল নলগাত বৰুৱানীৰ ফালে আশ্বৰ্য্যকৰ দৃষ্টি নিক্ষেপ কৰাত বৰুৱানীয়ে একে আষাৰে ক’লে, “এতিয়াৰেপৰা এয়া আপোনাৰ ব্ৰেকফাষ্ট।”
“এয়া ব্ৰেকফাষ্ট হ’লে দেখোন মোৰ ব্ৰেক ডাউন হৈ যাব!”
বৰুৱাৰ আকুতিভৰা কণ্ঠই নিৰ্বিকাৰ নাৰীৰ ওপৰত অকণো প্ৰভাৱ বিস্তাৰ কৰিব নোৱাৰে। অধিক ৰুক্ষ কণ্ঠৰে বৰুৱনীয়ে কয়, ” মই আপোনাৰ বাবে ডায়েট চাৰ্ট এখন বনাই আছোঁ, ব্ৰেকফাষ্ট আৰু ডিনাৰত অটচ-গাখীৰ থাকিব। লান্সটোত মেনু দিনে প্ৰতি সলনি হৈ থাকিব, সম্পূৰ্ণ কৈ বনোৱা হ’লেই আৰম্ভ কৰিব লাগিব।”
আচৰিত হৈ বৰুৱাই বৰুৱানীৰ ফালে কিছুসময় চাই ৰ’ল। মানুহজনী কি আছিল, কি হৈ গ’ল! মৌ বৰষা মাতষাৰত আজি দয়া, মমতাৰ একো চিন চাবেই নাই!
বৰুৱাই বুজিলে, ‘অটচ্’ৰ লগত হোৱা চিনাকী পৰ্বটোত পদাৰ্থবিধৰ ওপৰত বৰ ভাল এটা ‘ইম্প্ৰেশ্বন’ নহ’লেও যিমান সোনকালে তাৰ লগত বুজাবুজি কৰি আকোৱালি ল’ব পৰা যায়, সিমানে নিজৰ বাবেই মংগল। হঠাতে দেওবাৰটোৰ কথা মনলৈ অহাত বৰুৱাৰ বুকুখন চিৰিংকৈ গ’ল। খু দুৱাই থকা মনটোক কোনোপধ্যেই শান্ত কৰিব নোৱাৰি মনত ক্ষীণ আশা এটা লৈ বৰুৱাই সুধিলে, “এই ডায়েটচাৰ্টখন দেওবাৰৰ দিনাখনো ফলৱৰ্তী হ’ব, নে কিবা ৰেহাইৰ ব্যৱস্থা থাকিব বাৰু?”
“সেয়া সময়ত দেখা যাব।”
মানুহজনীয়ে আধৰুৱা কৈ থৈ দিয়াত কথাটো বৰুৱাৰ ডিঙিত মাছৰ কাইটৰ দৰে লাগি থাকিল। ৰাতিটো পুৱালেই দেওবাৰ। কপালত কি লিখা আছে সেয়া জানিবলৈ চৌব্বিশ ঘণ্টা অপেক্ষা কৰিব লাগিব, সেয়া কোনোপধ্যেই সহজ কাম নহয়।
ৰাতিটো বৰুৱাই ইচাট বিচাট কৰিয়েই কটাই দিলে। আজি পাঁচ বজাত মোবাইলটোৱে জগোৱাত বৰুৱা একেজাপে বিছনা এৰি দহ মিনিটতে নিত্যকৰ্ম সমাপন কৰি দৌৰিবলৈ ওলাল। ৰাতিপুৱা মা দুৰ্গাৰ দৰ্শন কৰিবলৈ মন নথকাটো ঠিকেই যদিও কুঁৱলীসনা পুৱাটোও আজি বৰুৱাৰ বাবে কিবা যেন আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈছে। বৰুৱা আজি নিজে নিজে উঠি দৌৰিবলৈ যোৱা দেখি বৰুৱানীৰপৰা মৰমৰ হাঁহি এটাও উপহাৰ পালে। মানুহজনীৰ এনে এটা হাঁহিৰ বাবে বৰুৱাই সদায় ‘গাখীৰ-অটচ্’ খাবলৈ প্ৰস্তুত। তথাপি মনৰ খু দুৱনি মাৰ যোৱা নাই। লাহে লাহে দৌৰি থাকোতে বৰুৱাৰ মনলৈ একেটা ভাবেই বাৰে বাৰে আহি আছে, “দেওবৰীয়া বজাৰত আজি মাছ মাংস কিনিবলৈ ভাগ্যকণ হ’ব, নে অকল শাক পাচলিৰে মোনা ভৰাব লাগিব!”
ঘূৰি আহি গা পা ধুই খোৱা টেবুলত বহি বাতৰি কাকতখনত চকু ফুৰাই বৰুৱা মনতে ভাবি আছে, দেওবাৰ বুলি আজি ৰেহাই থাকিব নিশ্চয়! এনেতে বৰুৱাৰ মোবাইলটো বাজিবলৈ ধৰাত বৰুৱানীয়ে ফোনটো উঠালে, “হেল্ল”।
“হেল্ল’, বাইদেউ মই সনাতনে কৈছোঁ। ডাঙৰ ৰৌ এটা আহিছে, কাজিৰঙাৰ মাছ। চাৰি কিল’মান ওজন হ’ব। চাৰক কওকচোন, অলপ সোনকালে বজাৰলৈ আহিবলৈ।”
“হেৰা বোপাই সনাতন, চাৰৰ পেটৰ অসুখ হৈছে, ডাক্তৰে দুমাহমান মাছ, মাংস, কণী এইবোৰ খাবলৈ মানা কৰিছে। তুমি নহ’লে বেলেগকে কোৱা।”
বৰুৱাই কথাখিনি শুনি হাতেৰে বহি থকা চকীখনতে খামোচ মাৰি ধৰিলে। তাৰমানে দুমাহ কপালত মাছ, মাংস, কণী নাই! দেওবাৰ বুলি যি ক্ষীণ আশাৰ কিৰণ অলপ উমি উমি জ্বলি আছিল সেয়াও যেতিয়া এনেদৰে নিৰ্বাপিত হ’ল। বৰুৱাৰ ভৰিৰ তলৰ মাটিখিনি নোহোৱা হৈ যোৱা যেন লাগিল। এতিয়া নেদেখাজনৰ ওপৰতেই একমাত্ৰ ভৰসা, যদিহে কিবা হয় সেয়া এক ‘মিৰাকল’হে হ’ব।
বজাৰলৈ যাবলৈ অকণো উৎসাহ নাইকিয়া হোৱাত বৰুৱাই বাতৰি কাকতখনতে ভালকৈ মনোনিবেশ কৰিলে। এনেতে আকৌ এবাৰ বৰুৱাৰ ফোনটো বাজি উঠিল। ফোনটো উঠাবলৈ বৰুৱাৰ উৎসাহ নাই, চকুৰ আগত সুখৰ দিনৰ দেওবৰীয়া সাজবোৰে আহি আমনি কৰি আছে। বৰুৱানীয়ে এবাৰ বৰুৱাৰ ফালে চাই বাজি থকা ফোনটো উঠোৱাৰ একো লক্ষণ নেদেখি নিজেই ফোনটো ‘ৰিচিভ’ কৰিলে, “হেল্ল, মই মিচেছ বৰুৱাই কৈছোঁ। মনজিত, কেতিয়া আহিবা? আজি দুপৰীয়া। সপৰিয়ালে নে? ভাত খাইহে যাব পাৰিবা কিন্তু কৈ দিলো এতিয়াই।”
মানুহজনীয়ে ফোনটো কাটি ক’বলৈ ধৰিলে, “হেৰি শুনিছেনে, মনজিত আহি আছে, সপৰিয়ালে। দুপৰীয়া আহি পাবহি। এতিয়াই বজাৰলৈ যাওক, মাছ মাংস লৈ আনক। সি আকৌ মাছ খাই বৰ ভাল পায় নহয়।”
“হেৰা, কাজিৰঙাৰ মাছ মোৰ কাৰণে থৈ দিছিল সনাতনে। তুমিহে দুমাহলৈ মাছৰ প্রবেশ ঘৰখনলৈ বন্ধ কৰি দিলা।”
“আপুনি এতিয়াই সনাতনলৈ ফোন কৰক, মাছ লাগিব বুলি।”
“পিছে আলহীৰ লগত মই সুদা ভাত খাই থাকিম, দেখিবলৈ কথাটো বেয়া নহ’বনে?”
“উস ৰাম, আলহী আহিলে আপোনাক আকৌ কেলেই সুধা ভাত দিম। মাছ মাংস খাব আপুনিও, কিন্তু কমকৈ, বুজিছে!”
“বুজিছোঁ, বুজিছোঁ” বুলি কৈয়ে বৰুৱাই ফুৰ্তিতে বৰুৱানীৰ কপালতে টপককৈ চুমা এটা খাই দিলে। লাজতে সেন্দুৰীয়া হোৱা বৰুৱানীৰ মুখৰপৰা ওলাল, “নিলাজটো কৰোবাৰ!”
মনজিত আহিছিল বৰুৱাৰ সংসাৰত নাৰায়ণৰূপী অৱতাৰ লৈ। মনজিতৰ এইখন ঘৰলৈ অবাধ আহ যাহ যদিও বিয়াৰ পিছত সপৰিয়ালে এয়া প্ৰথম পদাৰ্পণ, গতিকে বৰুৱাণীৰ আখলত হুলস্থুল লগাটো তেনেই স্বাভাৱিক। ইটো সিটো কথা পাতি থাকিলেও বৰুৱাৰ চকু আৰু নাক পাকঘৰৰ ফালে স্থিৰ হৈ আছে। বৰুৱাৰ এই অন্যমনস্ক অৱস্থাটো লক্ষ্য কৰি মনজিতে ক’লে, “ককাই, কি মাছ আনিছে আজি?”
ভোজনবিলাসী বৰুৱাৰ নাড়ী নক্ষত্ৰ খুব ভালদৰে চিনি পায় মনজিতে। কথাষাৰে লগে লগে কাম দিলে।
“তোমালোকৰ ভাগ্যখন বৰ ভাল বুজিছা। কাজিৰঙাৰ জীয়া বাহু মাছ, প্ৰায় চাৰি কেজি মান আছিলে, কোনোমতেহে পালোঁ।”
“হেঃহেঃ ককাই অ’, জানেইচোন দানে দানে পে লিখা হ্যে খানে ৱালো কে নাম।”
মনজিতৰ কথাত বৰুৱাৰ মুখৰ হাঁহিৰ আয়তন ভালেখিনি বৃদ্ধি পালে। ইতিমধ্যে বৰুৱানীয়ে বিধে বিধে ৰন্ধা ব্যঞ্জনবোৰ আনি ডাইনিং টেবুলত সজাবলৈ ধৰিলে। মেকুৰী চকুৰে বৰুৱাই দেখিলে প্লেট এখনৰ ওপৰত ভজা মাছৰ ডাঙৰ টুকুৰাকেইডোখৰ ৰঙচুৱা হৈ আছে। আৰু ৰ’ব নোৱাৰি, আলহীৰ লগত বৰুৱা গৈ খোৱা টেবুলত বহিল।
“আপোনাৰ বাবে ভাত বেলেগকৈ বাঢ়িছোঁ।”
বৰুৱানীৰ কথাষাৰ শুনি বৰুৱাৰ মূৰটো ঘূৰোৱা যেন লাগিল। বেলেগকৈ কিয় ভাত বাঢ়িব লগা হ’ল! ৰাতিপুৱা নিজেই কৈছে মানুহজনীয়ে মাছ খাবলৈ দিব বুলি, এতিয়া কি শুনিছে এইবোৰ! নাই, ইমানো নিষ্ঠুৰ হব নোৱাৰে! চিন্তাবোৰে ঘেৰি ধৰিব খুজিছে বৰুৱাক। মনে মনে ইষ্ট দেৱতাক সুঁৱৰি নিজকে বুজালে, চব ভালেই হ’ব।
“ককাই, কি দেখিছোঁ এয়া। আপোনাৰ ভাগত এয়া মাছেইনে? কিবা ব্লেডেৰে কাটি এচকল দিয়া যেন লাগিছে। কথাটো কি?”
বৰুৱাৰ ভাতসাজত অকণমানি মাছৰ টুকুৰাটো দেখি মনজিত বিস্ময়ত হতবাক হৈ পৰিল। বৰুৱাৰ মুখৰো মাত হৰিল। তেনেতে বৰুৱানীয়ে মাত লগালে “বুজিছা মনজিত, আমাৰ এখেতে মানে ডায়েটিং আৰম্ভ কৰিছে। মাছ মাংস কণী বাদ দিলে, আজি তোমালোক অহা বাবে লগত অলপ লৈছে, তুমি বেয়া পোৱা বুলিহে।”
বৰুৱানীৰ ইমান কৰ্কশ মাত বৰুৱাই জীৱনত কেতিয়াও মনত নপৰিল।
লাহেকৈ বৰুৱাই কলে, “বুজিছা মনজিত, চকুৰ তৃপ্তিয়েই হ’ল মনৰ তৃপ্তি, আৰু মনৰ তৃপ্তিৰ সমান একো হ’ব নোৱাৰে।”
কথাখিনি কওঁতে বৰুৱাৰ মোচৰ খাই যোৱা বুকুৰ ভিতৰখন আনে নেদেখিলেও মনজিতে সিদিনা ঠিকেই দেখিছিল।
☆★☆★☆
11:00 am
বৰ ভাল লাগিল পঢ়ি । ধুনীয়াকৈ লিখিলে।
3:34 pm
শ্ৰীমতিক কব লাগিব তোমাৰ। বৰ কষ্ট দিছে দেই ..