ফটাঢোল

অহিংৰাজী – পৰীস্মিতা গগৈ

এইয়া, তিনি মাহত এইবাৰৰ সৈতে তিনিবাৰ এনেদৰে সাৱধান ভংগিমাত এওঁ‌ আৰু মই এই শীত তাপ নিয়ন্ত্ৰিত কোঠাটোত অস্বঃস্তিৰে বহি আছোঁ‌। আগৰ কেইবাৰৰ দৰে একেই ভংগিমাৰেই বিদ্যালয়খনৰ অধ্যক্ষ গৰাকীও আমাৰ সন্মুখৰ তেওঁৰ কোঠাৰ নিৰ্দিষ্ট চকীখনত বহি আছে। প্ৰায় এযুগ যেন লগা এক মিনিটমান সময় নিৰৱতাৰে পাৰ হোৱাৰ পিছত লাহেকৈ গলখেকাৰি এটা মাৰি তেওঁ‌ কোঁ‌চাই থোৱা ভ্ৰূযুগল আৰু অলপ বেছিকৈ কোঁ‌চাই এইবাৰ কৃত্ৰিম নম্ৰতাৰে কৈ উঠিল, “চাওক মিষ্টাৰ এণ্ড মিচেছ শইকীয়া। মই আগতেও কৈছোঁ‌ এতিয়াও কওঁ; জনাথনক আমাৰ স্কুলৰ পৰা লৈ যাওক। সি ইংৰাজী শিকিবলৈ অপাৰগ।” কথাটো ময়ো জানো। মোৰ দিব্যচক্ষুয়ে এই তিনি মাহে পৰ্যবেক্ষণ কৰি এই চৰম সত্যত কেতিয়াবাই উপনীত হৈছোঁ‌ যে মোৰ ল’ৰা জনাথন ইংৰাজীত প্ৰায় নব্বৈ শতাংশ আয়ত্ব কৰিবলৈ অপাৰগ। গতিকে সেই অপাৰগ ভাষাটোতে আটাইবোৰ বিষয়ৰ পাঠ্যক্ৰম যে তাৰ বাবে বোজা স্বৰূপ হৈ উঠিছে তাক মই বুজি পাইছোঁ‌। ……”মেডাম…………”

“মে’ম আপোনাৰ কথা বুজিছোঁ‌, কিন্তু জনাথনক মই সকলো বিষয়তে টিউশ্যন দিয়াছোঁ‌। স্পেচিয়েল স্প’কন ইংলিছৰ ক’ৰ্চ কৰাইছোঁ‌। মই নিশ্চিত যে সি এদিন পাৰ্গত হৈ উঠিবই। প্লিজ মে’ম তাক এবাৰ চান্স দিয়ক। আই এম চিঅ’ৰ হি উইল ইমপ্ৰ’ভ।” মোৰ মুখৰ কথাষাৰ কাঢ়ি শ্ৰীমতীয়ে এনেদৰে প্ৰেক্টিকেল বিষয়টো নুবুজাৰ ভাও ধৰি কৈ উঠিল।

“আপোনালোকক তাৰ সমস্যাটো আগতেও জনাইছোঁ‌। সি অসমীয়া, হিন্দী, ইংৰাজী মিহলি কৰি এক অদ্ভুত ভাষা কয়। কম বেছি পৰিমাণে ইংৰাজী- অসমীয়া বা ইংৰাজী -হিন্দী মিহলি কৰি কোৱাতো ফেশ্বন যদিও তাৰ লেংগুৱেজটো কিন্তু সেই ফেশ্বনত পৰা বিধৰো নহয়। হয়তো সি অসমীয়াত ভাল পাৰ্ফমেঞ্চ দেখুৱাব বুলি মোৰ বিশ্বাস। কাৰণ তাৰ অসমীয়াৰ উচ্চাৰণৰ পৰা আদি কৰি ভকেবুলাৰিও আন দুটা লেংগুৱেজতকৈ যথেষ্ট ভাল। তাক অসমীয়া মাধ্যমৰ বিদ্যালয়ত পঢ়ুৱালে সি যথেষ্ট উন্নতি কৰিব আৰু মাৰ্কচো ভাল পাব।”

“মে’ম মাৰ্কচ দ’জন্ট মেটাৰ ফৰ আছ। ৱি নিড সি এইখন বিদ্যালয়ত শিক্ষা গ্ৰহণ কৰক।” ইংৰাজীৰে আৰম্ভ কৰি পিছলৈ টানিব নোৱৰা হোৱাত শ্ৰীমতীয়ে আকৌ এনেদৰে কৈ উঠিল।

“ঠিক আছে। মই কিন্তু এতিয়াও তাক অসমীয়া মাধ্যমত দিয়াতোহে প্ৰিফাৰ কৰোঁ। এই তিনিমাহে তাৰ ফালৰ পৰা একো উন্নতি নেদেখিলোঁ‌। পৰীক্ষাত গোটইকেইটা বিষয়তে ফেইল কৰিলে কিন্তু নেক্সট ইয়ৰ লৈ যাব লাগিব।”

“ঠিক আছে মে’ম থেংকিউ।”

নমস্কাৰ জনাই মই এওঁ‌ৰ পিছে পিছে কক্ষটোৰ পৰা ওলাই আহিলোঁ।

“শুনাচোন অৰু ……যিমান পাৰোঁ‌ কোমলকৈ মাতটো উলিয়ালোঁ‌।

“কোৱা।”

“মই কি ভাবিছো জানা……”

“নালাগে একো ভাবিব। বুজিছোঁ‌ কি ভাবিছা। এওঁ‌ অলপ বেছি কৰে। আৰে ক্লাছ ৱানৰ ল’ৰাটোৱে কিমান ইংৰাজী শিকিব! আমিতো তাক সৰুৰে পৰা শিকায়ে আহিছোঁ‌ ন। আৰু ভালহে সি যে তিনিওটা লেংগুৱেজ সমানে চলাই নিব পাৰিছে। আচলতে জেলাছ জানা আন একো নহয়। হয়তো তেওঁৰ বাচ্চা ইমান এক্সাপাৰ্ট নহয় আমাৰ ধন ……উপচ জনৰ নিচিনা। আৰু মে বি নতুন পৰিৱেশত এডজাষ্ট হোৱাত তাৰ টাইম লাগিছে। আৰু ইমানগাল টকা এডমিশ্যনৰ নামত লৈছে কিহ’লে? যদিহে ইংৰাজীয়ে শিকাব নোৱাৰে। এডমিশ্যনৰ বাবে দিয়া মোটা ড’নেশ্যনটোৰ কথা নক’লোৱে যেনিবা!” ……গাড়ীৰ দৰ্জাখন বন্ধ কৰাৰ শব্দটো শুনিয়েই ধৰিব পাৰিলোঁ‌ আজি চুপ থকাই মংগল।

বহু আশা-প্ৰত্যাশা পূৰণ কৰি একমাত্ৰ পুত্ৰই চহৰৰ মাজমজিয়াৰ এই নাম থকা ব্যক্তিগত খণ্ডৰ ইংৰাজী মাধ্যমৰ বিদ্যালয়খনত প্ৰথম শ্ৰেণী মানে ক্লাছ ৱানত এডমিছন লাভ কৰে। এডমিছনৰ বাবে ডিক্লেয়াৰ কৰা নামৰ লিষ্টত ইয়াৰ নাম নাছিল যদিও ৱেটিং লিষ্টৰ একেবাৰে শেষৰ শাৰীতহে তাৰ নামটো আছিল তথাপি অৰুণিমা সুখী হৈছিল। হ’বতো, কিয় নহ’ব! বেচেৰীয়ে কমখন কষ্ট কৰিছেনে তাৰ জন্ম হোৱাৰ পৰা। জন্ম কি গৰ্ভ ধাৰণৰ নিশ্চিতকৰণৰ ৰঙা আঁ‌চ দুডাল ওলাওঁ‌তেই এওঁ‌ লক্ষ্য স্থিৰ কৰি লৈছিল আহিবলগীয়া সন্তানক এইখন স্কুলতে পঢ়ুৱাব। ইংৰাজী গান, ফুড, চিনেমা আনহে নালাগে কথা-বতৰা সকলো ইংৰাজীময় কৰি তুলিছিল। পুৱাৰ জলপান ব্ৰেকফাষ্টলৈ ৰূপান্তৰিত হৈছিল। তেনেকৈ দুপৰীয়াৰ ভাত লাঞ্চ, ৰাতিৰ আহাৰ ডিনাৰলৈ পৰিৱৰ্তন হওঁ‌তে হওঁ‌তে সন্তানৰ জন্মৰ দিনটোও আহি পৰিল। তাৰ পিছৰ পৰা এওঁ‌ৰ দায়িত্ব দুগুণ বাঢ়িল। লগতে মোৰ কামৰ তালিকা। জন্মৰ পিছতে মায়ে যতনাই দিয়া পুৰণা লাহী কাপোৰৰ সলনি নেপি বিচাৰি মই দোকানবোৰ চলাথ কৰিবলগীয়া হৈছিল। “বোৱাৰী অকণ তাক গাখীৰ খুৱাই লোৱা”ৰ পৰিৱৰ্তে “ফিডিং কৰাই লোৱা” বুলি ক’বলৈ মাক ট্ৰেইনিং দি দি তত পোৱা নাছিলো। তাৰ পিছত আহিল আটাইতকৈ গম্ভীৰ সমস্যা ‘নামকৰণ’। কি নাম দিয়া হ’ব এতিয়া। ঘৰৰ প্ৰত্যেকে দিয়া নামবোৰত এওঁ‌ৰ চাৱনি ঘোপা হ’ল। অৱশেষত গুগ’লত লাখৰ ভিতৰত থকা নামৰ পৰা এওঁ‌ বাচি উলিয়ালে এটা নাম ‘জন’। “জন? কি জন? আগ নাই গুৰি নাই জন। নহ’ব। প্ৰথম নাতি অলপ দীঘল ধুনীয়া নাম এটা থ’।” মায়ে পোনচাটেই প্ৰত্যাখান কৰিলে। বহু বাক বিতণ্ডা, আলোচনা বিলোচনাৰ অন্ততঃ ‘জন’ত ‘আথন’ লগাই তাৰ নাম হ’লগৈ জনাথন। তথাপি যিমানে মডাৰ্ণ হ’বলৈ চেষ্টা নকৰো কিয় মৰমতে যদিও জনক বেইবি বুলি মাতিছিলোঁ‌ তথাপি খাৰখোৱা মুখত জিভা পিছলি জানটু, সোণটু, ধনটু ওলায়ে। এই লৈ এওঁ‌ৰ লগত কমখন বাক বিতণ্ডা হৈছিল নে! অৱশ্যে অতিপাত মৰমত এওঁ‌ৰো মুখৰ পৰা ধন নোলোৱা নহয়। কিন্তু নোলাবলগীয়া মাত এষাৰ মুখৰ পৰা ওলোৱাৰ দৰে এওঁ‌ জিভা কামুৰি উপচ বুলি যিটোহে ভংগিমাত ৰৈ যায়……উফ কি ক’ম আৰু মুখলৈ চাই নিজেই আপোন পাহৰা হৈ যাওঁ‌ এইজনী সেইজনীয়ে অৰুণিমা নে যাক মই শিমলুগুৰিৰ পথাৰত ধান দাই থাকোঁ‌তে পলুৱাই আনি ঘৰ সোমোৱাইছিলোঁ‌হি। তামোলেৰে ওঁ‌ঠ ৰঙা কৰি থোৱা অৰুণিমাৰ ওঁ‌ঠত এতিয়া মে’কৰ হাজাৰ বাৰশ টকীয়া লিপষ্টিকৰ লেপন। মুখত তামোল, চূণৰ আমোলমোল গোন্ধৰ সলনি ৰজনীগন্ধা আৰু কেতিয়াবা ব্ৰাণ্ডিৰ মন মতলীয়া কৰা মলমলীয়া সুগন্ধ।

“ৰ’বাচোন! ৰখোৱা গাড়ীখন। ফটকৈ দুকানখনত কাম এটা আছে কৰি আহোঁ।”

“কিন্তু এইয়াতো ন’ পাৰ্কিং ইয়াত কেনেকৈ ৰখাম? তাতোকৈ পাৰ্কিং কৰি এইখিনি খোজ কাঢ়ি আহিম ব’লা।”

“ধেই ইমান দূৰ আকৌ এনেই খোজ কাঢ়িম নেকি? বেছি কৰা অলপ ৰ’বা।”

মোৰ কথালৈ কৰ্ণপাত নকৰি শ্ৰীমতী দমদমাই ৰে’ বেনৰ লেটেষ্ট ডিজাইনৰ ডাঠ ফ্ৰেমৰ ক’লা চানগ্লাছযোৰ পিন্ধি গাড়ীখনৰ পৰা ওলাই গ’ল।

সঁ‌চা কথা ক’বলৈ গ’লে ল’ৰাৰ প্ৰতিপালনত আমি দুয়ো অলপো ত্ৰুতি কৰা নাই। কোনোদিনেই ল’ৰাৰ আগত অসমীয়াত কথা পতা নাই। ভুলে শুদ্ধই হিন্দী আৰু ইংৰাজী মিহলাই কওঁ। মা-দেউতাৰ সলনি মম এণ্ড ডে’ড ক’বলৈ শিকাইছোঁ‌। আইতাকক গ্ৰেণ্ডমা। খুৰা-খুৰীক আংকল আণ্ট। চিচু, ব্ৰ’ এই সকলোবোৰ ল’ৰাৰ মুখতো আখৈ ফুটাদি ফুটে। ঘৰৰ টিভিত এটাও অসমীয়া চেনেল নাই। সব নেশ্যনেল আৰু ইণ্টাৰনেশ্যনেল। গাজৰ, আলু, আম কি বস্তু চিনি নোপোৱা ল’ৰাটোৰ বাবে কেৰট, পটেট’, মেংগ’ প্ৰিয় খাদ্য। দৈ-চিৰাৰ দৰে লোকেল খাদ্যবোৰ সলনি কাৰ্দ উইথ চুইটহে খাই ভাল পায়। এখন অসমীয়া কিতাপ নাই চব ইংৰাজী, হিন্দী আলোচনী আৰু কিতাপেই ভৰ্তি। যি দুই এখন অসমীয়া কিতাপ-আলোচনী আছিল সোপাকে নি ৰড্ডিৱালাক বিক্ৰি কৰিছোঁ‌। বিহু কি জানিবলৈ দিয়া নাই। পিঠাৰ সোৱাদ নিদি খ্ৰীষ্টমাছত কে’ক কাটি যীচুৰ চং গাইছোঁ‌। আখৈ, চিৰা, কোমল চাউলৰ সলনি পিজ্জা-বাৰ্গাৰ আনি খুৱাইছোঁ‌। কিমান দিন হ’ল হিচাপ নাই একমাত্ৰ পুত্ৰই অসমীয়া শিকিব বুলিয়ে গাঁ‌ৱৰ ঘৰলৈ গৈ পৰিয়ালৰ খৱৰ লোৱা নাই বা তেওঁলোকো চহৰৰ ঘৰলৈ আহিব বুলি বিভিন্ন অজুহাত দেখুৱাই আছোঁ‌। আইতাকৰ লগতো বেছি সময় কথা পাতিবলৈ নিদিও। এওঁ‌তো মাজতে মাক গাঁ‌ৱৰ ঘৰত পঠিয়াই দিয়াৰ কথাই কৈছিল। কিন্তু জনৰ কান্দোনৰ কোবত সেইটো তল পৰিল। তথাপি! ল’ৰাৰ কাৰণে তাৰ ভৱিষ্যতৰ কাৰণে ইমানবোৰ কৰাৰ পিছতো তাৰ জিভা ইউৰোপীয়ান হ’ব নোৱাৰিলে কিয়? ভাবি পাৰ পোৱা নাই। আজিৰ সৈতে তিনিদিন মাতিলে বিদ্যালয়লৈ যে সি অদ্ভুত ভাষা এটা ব্যৱহাৰ কৰে। হিন্দী-ইংৰাজী-অসমীয়া মিক্সড কৰি আচৰিত ভাষা। তাক শ্ৰেণী শিক্ষয়িত্ৰীয়েও কোনোবা এটা (স্পেচিয়েলি ইংৰাজী) ভাষা শিকাব পৰা নাই। তাৰোপৰি এই তিনিওটা লেংগুৱেজতেই সি লিখা কামটোও কৰে খালি লিপি বেলেগ ব্যৱহাৰ কৰে। যেনে ইংৰাজীত, “হুৱাট ইজ ইয়ৰ নেম” প্ৰশ্নটোৰ উত্তৰ লিখে সি ইংৰাজী লিপিত এনেদৰে’ “মাই নাম ইজ জনাথন হে।” সেয়ে অধ্যক্ষগৰাকীৰ উপদেশ এবাৰ চালি জাৰি চোৱাৰ কথা উলিয়ালেই এওঁ‌ জাপ মাৰি উঠে। প্ৰলাপ নবকিবলৈ মইহে সকীয়নি পাওঁ‌।

টক…টক গ্লাছত পৰা টুকৰকেইটালৈ লক্ষ্য কৰিলোঁ। ট্ৰেফিক পুলিচজনে খঙত মোলৈ চাই কিবা কৈ আছে। গ্লাছখন নমাই কিবা এটা ক’বলৈ লওঁতেই “অহ চ’ৰি এই হ’লেই ৰ’ব” বুলি শ্ৰীমতী প্ৰায় ল’ৰি আহি দৰ্জাখন খুলি ফ্ৰণ্ট চিটটোত বহি পুলিচজনলৈ চাই মিঠা হাঁ‌হি এটা মাৰি গ্লাছখন উঠাই ল’লে। গাড়ীখন ষ্টাৰ্ট দিয়াৰ লগে লগে এওঁ‌ মুখ ভেঙুচাই কৈ উঠিল, “ইস বেছি ষ্ট্ৰিক্ট দেখাব আহে। এইখন যেনিবা ফৰেইন কাণ্ট্ৰিহে।”এওঁ‌ কথাকেইষাৰ শুনাৰ লগে লগে কিয় জনো, সদায় শুনি থকা এওঁ‌ৰ ভাষাটোও মোৰ বাবে হঠাতে কিবা আচহুৱা, অচিনাকি ভাষালৈ ৰূপান্তৰিত হ’ল ধৰিবই নোৱাৰিলোঁ‌।

☆★☆★☆

8 Comments

  • ৰাজশ্ৰী শৰ্মা

    খুবেই ভাল লাগিল পঢ়ি।আজিৰ সময়।

    Reply
  • ৰিণ্টু

    খুব ভাল লাগিল পৰীস্মিতা, বাস্তৱ ছবি

    Reply
    • parishmita

      ধন্যবাদ ৰিণ্টুদা। আপোনাৰ বাবেই হ’ল নহ’লে মোৰ লিখা হৈছিলেই আৰু।

      Reply
  • ডলী

    ভাল লাগিল

    Reply
  • তৃষ্ণা সো

    বহুত ভাল লাগিল গল্পটো।

    Reply
  • parishmita

    ধন্যবাদ।

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *