ফটাঢোল

নাইট চুপাৰত দেতা – অসীমা শইকীয়া দত্ত

নাইট চুপাৰত দেতাৰ গুৱাহাটীলৈ যাত্ৰা। লগত বাইদেউ।

দেতাই ৰাতি টোপনিত ভায়েকহঁতৰ লগত সুন্দৰকৈ কথা পাতি থকা অভ্যাসটোৰ কথা পৰিয়ালৰ সকলোৱে জানে। সদায় ৰাতি ভায়েকক চাইকেল শিকায়। গৰুৱে ধান খাই, দেতাই খেদে। এদিন গৰু খেদি, গৰুক কোবাই, দিঠকত ওচৰতে শুই থকা মাৰ ওপৰ পাৰি আগদাঁত সৰুৱাই দিলে। “ঐ ৰমেশ, গৰু ভালকে বান্ধিবি। নহ’লে….” বুলি কৈ যিটো মাৰ গৰুক দিলে, মায়ে উস উস বুলি জাপ মাৰি “ওপৰ পাৰি গ’ল ঐ” বুলি আটাহ পাৰি বহি দিলে। আমি দৌৰি আহি দেতাক জগাইছোঁহি, তেওঁ সাৰ নেপায়। অথচ সকলো শুনি মুখেৰে বকি আছে, “ইস! গৰুৰ ওপৰ পাৰি দাঁত আছেগে! সৰিছে যদি তলৰ পাৰি সৰিছে। গৰুৰ দাঁত এপাৰি। শিং নথকা গৰুক লাউমুৰা বোলে। এঃ সৰক দাঁত। মই ভয় নকৰো। জয়ৰামে কাকো কেয়াৰ নকৰে। মাটীমাহডৰা তেনেই খালে, ধেমালি নেকি!”

হাত দাঙি দাঙি গৰুৰ মালিকক বকি আছে দেতাই। সিফালে লৰা দাঁত লৈ মায়ে চিঞৰিছে, “গৰুৰ ৰচনা এৰক হেৰি। ভূতৰ সভাপতি লম্ভিলে নেকি আপোনাৰ গাত! গৰুৰ নহয় মোৰ দাঁত লৰিল।”

সেয়ে দেতাক মায়ে য’তে ত’তে থকাকৈ নপঠায়। য’তে থাকে ত’তে গণ্ডগোল কৰে। এবাৰ বাইদেউৰ ঘৰত বাইদেউৰ দেওৰেকৰ লগত শুইছিল। ঘৰত দোঁ খাই থকা জাহাজী কল থোকা সপোনত দেখিলে। টোপনিতে দেতাৰ নাটক আৰম্ভ। “ইচ্, কলথোকা পৈণত হোৱাই নাই, পৰো পৰো হৈছে।”

সিফালে লগত শুৱাটোও কলৰ বেপাৰ কৰা মানুহ। ঘৰতে ঢেৰ কল আনি থয় কাৰ্বাইট দিবলৈ। সি টোপনি যোৱাই নাই। দেতাই তাক কৈছে বুলি সি উঠি গৈ আনি থোৱা কলবোৰ পৰো পৰো হৈ আছে নেকি বুলি চাই আহিলগৈ। সি সৱ ঠিকে দেখি শুবলৈ আহি দেতাৰ লগতে সুৰ মিলাইছে, “অ’ দেতা পৈণত হোৱা নাই, কাৰ্বাইট দিলে দুদিনতে পকিব।”

“ধুৰৰৰ! পকিবলৈ নেথাকে। ঢোকা এডাল দি থ। নহ’লে সোপাই পুখুৰিটোত পৰিব।” দেতাই সপোনত নিজৰ ঘৰৰ কলথোকৰ কথা কৈ আছে। বাইদেউৰ দেওৰেকে আচৰিত হৈ ক’লে, “দেতা পুখুৰীৰ পাৰৰ কলথোক কাটিলো। ভিতৰত আছে। আপুনি অহাৰ আগতেই কাটিলো। কেনেকে গম পালে অ’ কলথোকৰ কথা!”

“হাইজাত যোৱা ঢোকা দিবলে কৈছোঁ দে। চাওঁ নিজে নোৱাৰ যদি মই দিওঁ। মহা ধোদ সৱ। এই জয়ৰাম গোলামে নকৰিলে কোনেও কাম এটা নকৰে। সৱ লাট চাহাব।”

দেতাই বকি জকি ঢোকা দিবলৈ উঠি তাৰ ভৰিত ধৰি চোঁচৰাবলৈ ধৰিলে। সি “হৈ দেতা, কি কৰে” বুলি টেটু ফালিলে।

তথাপি দেতা ক্ষান্ত নহয়। এইবাৰ ভায়েকক চিঞৰিবলৈ ধৰিলে, “কিৰণ ঐ, কপি দাখন দে। বাঁহডাল কাটো ঢোকা দিবলৈ, টানিলে নাহে।” দেতাই তেতিয়াও তাৰ ভৰিত ধৰি টানি আছে গাৰ জোৰেৰে। বাইদেউৰ দেওৰেকে পিন্ধা কানি কাচুটি দেতাৰ হাততে এৰি চুঁচৰি, বেবাই “নবৌ মৰিলো ঐ, দেতাৰ গাত ভূত লম্ভিলে” বুলি কান্দি কাটি বাহিৰলৈ দৌৰিলে। পিছত দেতা সাৰ পাই লাজতে নজনা ভাও ধৰি “অবালচনটো” বুলি শুই থাকিল। তাৰ পিছৰপৰা সি দিনতো দেতাৰ কাষ নচপা হ’ল। ভয়তে ৰাতি লোকৰ ঘৰত শুৱে দেতা থকা কেইদিন।

সেই দেতাৰ যাত্ৰা নাইট চুপাৰত। ধৰিলে বাটতে টোপনি আৰু টোপনিতে দেতাৰ চিঞৰ আৰম্ভ হ’ল। “হৰেন ঐ হৰেন।” ওচৰতে থকা বাইদেউৱে দেতাক সৰুকে জগাইছে, “অ’ দেতা নিচিঞৰিব। আমি বাছত আছোঁ।” দেতাই বিন্দাছ চিঞৰিছে, “হৰেন গৰুকেইটা চাবি মই গুৱাহাটীলৈ যাওঁ।”

বাইদেউৱে চকুৰে ৰঙা নীলা দেখিলে। কেচেটটোৰ ৰীল বেক হৈ ঘূৰিছে। দেতাৰ চিঞৰত সাৰ পাই দুই একে চাইছে। হেণ্ডিমেনে সুধিলেহি, “কোন হৰেনক চিঞৰিছে এখেতে? গাড়ীতে আছে যদি মাতি দিয়ক ওচৰলৈ। আনক ডিষ্ট্ৰাৰ্ব নকৰিব।” সেইকোবত গাড়ীৰ জোকাৰণিত দেতা নিজে সাৰ পাই হেণ্ডিমেনক অবাক মুডত দেখি ওলোটাই দমহে দিলে, “লোকে শুৱা চাবলৈ আহিছ অবালচন। তোৰ জেগালৈ যা।”

সপোনৰ দ্বিতীয়াংশ

দেতাৰ দৰে দেতাৰ ভায়েকো এইক্ষেত্ৰত পিছপৰা নাছিল। দেতাই যি কৰিছিল ৰুমতে কৰিছিল। দেতাৰ ভায়েকে কিন্তু সপোনত বিদেশী খেদা আন্দোলনত ভাগ লৈ পৰমবীৰ চক্ৰ উপাধি ল’বলৈহে বাকী আছিল। সপোনতে আন্দোলনত ভাগ লৈ মুক্তি যুঁজাৰুৰ ৰেকর্ড ভাঙি চাৰখাৰ কৰি থৈছে। এদিন শুই থাকোতেই খুৰাই হঠাৎ “পলা পলা” বুলি শুই থকা বেদকভাৰেৰে গাৰু দুটা মেৰিয়াই এটোপোলা কৰি মূৰত লৈ কাষতে শুই থকা আইতাক হাতত ধৰি চোঁচোৰাই নমাই বাহিৰ পালেহি। এখন হাতেৰে টোপোলাটো, আনখন হাতেৰে আইতাক লৈ খুৰা ৰাষ্টাত উঠিল। আইতাই আগে পিছে নোহোৱা কাণ্ডটোত ভুমিকম্প বুলি উৰুলি দি আহি থাকিল পুতেকৰ লগত। দুপৰ নিশা উৰুলিৰ প্ৰকোপত কুকুৰৰ খেদাত দুইটাই শিলগুটিত উজুতি মাৰি হামখুৰি খাই পৰিল। খুৰাৰ টোপনি ভাঙিল। সাৰ পাই মাকক সুধিছে, “মোক ক’লৈ আনিছ!”

আইতা অবাক। বোলে “হেৰৌ গজমুৰা, তইহে আনিছ মোক!” খুৰাই লাজ পাই সপোনৰ বিদেশী খেদা আন্দোলনৰ কথা কৈ “লগৰটোক সহায় কৰি পলুৱাইছিলো” বুলি ঘৰ সোমালহি।

পিছদিনা আইতা দেতাৰ শৰণাপন্ন হ’ল। বোলে বোপাই, কিবা এটা কৰ। এনেকুৱা কৰিছে ভায়েৰে। এইবুলি দুখ কৰিলে ঘটনাটো কৈ।

দেতাই বোলে নিজে মাছ খেপিয়াই মূৰত এইটো টেমুনা। তাক কিটো কৰিম মই!

মায়ে ক’লে, “বৌতি অ’ লাভ নাই। আপোনালোকৰ গোটেই কোম্পানীটোৱেই এনেকুৱা। দুদিনমানৰ আগত খুলশালীয়েক আহিছিল। খুলশালীয়েকৰ লগত শুই এখেতে যিহে কাণ্ড কৰিলে। বাৰমান বজাত, ইইই গ’ল গ’ল, ধৰ ধৰ বুলি বিছনাৰপৰা নামি টেবুল আৰু বিছনাৰ ফাঁকত মূৰটো ভৰাই মাছ খেপিয়াই আছে। আমাৰ সি ভিনিহিয়েকৰ কাণ্ড গম নেপাই ভিনদেউৱে চোৰ ধৰিছে বুলি টাঙোন আনি চাকিটো লৈ বিছনাৰ তলত চোৰ বিচাৰি চুঁচৰি ফুৰিছে। এখেতে কয়, হেৰৌ মেটেকাৰ তলত খেপিয়া। সি বোলে, ভিনদেউ মেটেকাৰ ভিতৰত ক’ত আছে! চোৰ তাৰমানে মেটেকাৰ তলত আছে। সি ওপৰে তলে মেটেকা বিচাৰি মৰিছে। অলগদ্ধ এইটো ধৰ ধৰ। ভিনিহিয়েকৰ চিঞৰত সি টেবুলৰ তলত সোমাই কোনটো চোৰ বুলি দেখে এখেতে চেণ্ডেল এপাত ধৰি চিঞৰি আছে ধৰ ধৰ, যাব এতিয়া ডাঙৰ গৰৈ। সি য’ৰে চাকি ত’তে এৰি ভয়ৰ কোবত বাইদেউ অ’ বুলি বেবাই মোৰ ওচৰ পাইছেহি। টোপনি ভঙাৰ পিছত মানুহটোৱে মূৰটো ফাঁকৰপৰা উলিয়াবলে যুঁজোতে কপালত আমদেদেৰা খাই চাল বাকলি এৰুৱাই শেষ আৰু আপুনি উপায় বিচাৰি আহিছে সেইজনৰ ওচৰত। দোল তাবিজ ওলমাবলৈ একো বাকী নাই। ডাক্তৰো ফেইল মাৰিছে। ডিঙিত বেজ এটা ওলমাবলৈহে বাকী আছে আৰু আপোনাৰ বৰ পুতেকৰ।”

☆★☆★☆

15 Comments

  • অৰুন

    হা হা হা ৷বাইদেউ আপোনাৰ লিখনিটোৱে বিচাৰি বিচাৰি প্ৰথম পঢ়িছো ৷

    Reply
  • Rintumoni Dutta

    অন্যতম প্ৰিয় ব্যংগ লেখিকা আপুনি, ভাল লাগিল পঢ়ি

    Reply
  • Anonymous

    আগতে পঢ়িছিলোঁ ।আজি আকৌ এবাৰ পঢ়িলো ।ভাল লাগিল ।

    Reply
  • Anonymous

    স্কুলত থাকোঁতে পঢ়ি লৈ অকলে অকলে হাঁহি ৰৌ ৰুৱাই আছো, ল’ৰা ছোৱালী বোৰে পঢ়া এৰি মোলৈ মুখ মেলি চাই আছে, তেতিয়া হে হুচ আহিছে, মই ক’ত আছো।

    Reply
  • parishmita

    অসীমাবা অ’ নকও একো।

    Reply
  • Manash Saikia

    বাটলু গোঁসানী ঐ,
    পেটৰ নাড়ী নাথাকিব যেন পাইছোঁ৷ সুন্দৰ৷

    Reply
  • ডলী তালুকদাৰ

    পেট বিষাই গৈছে মোৰ হাঁহিত।

    Reply
  • Raju Kumar Nath

    বৰ ভাল লাগিল বাইদেউ।

    Reply
  • তোমাৰ লেখা… আৰু নহঁহাকৈ পাৰিনে…??

    পেট বিষাই গ’ল। ইমান ৰস পাওঁ তোমাৰ লেখাবোৰ পঢ়ি।
    মজ্জা।

    Reply
  • জ্ঞানদীপ খনিকৰ

    বহুত ভাল লাগিল দেই,,

    Reply
  • মানসী বৰা

    কিযে লিখিছে অ’ বা..পেটৰ বিষ উঠি গ’ল..

    Reply
  • কমলা দাস

    হাঁহি হাঁহি পেট বিষাই গল

    Reply
  • Anonymous

    হাঁহি হাঁহি পেট বিষালে..মৰিম এতিয়া

    Reply
  • লিপি খাউণ্ড

    হাঁহি হাঁহি চকুৰ পানী ওলাই গৈছে….

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *