ফটাঢোল

পেদেল মাৰি মাৰি – মিনতি মহন্ত

বহু বছৰৰ আগৰ কথা। সৰুতে হেনো মই মাটিৰ ভালুকৰ দৰে আছিলো। কোনোবাই কিবা এষাৰ ক’লে টেপেককৈ কেইবাটাও উত্তৰ দিছিলো। তাৰমানে ইমানেই কথাচহকী আছিলো। বলে নোৱাৰা শিল দাঙিবলৈ বিচৰাৰ দৰে।

আজিকালিৰ তুলনাত আমাৰ দিনত বহুত কম বয়সতে ছোৱালীক বিয়া দিয়া হৈছিল। (ছোৱালী মানেই হাৰমাল বুলি ভবা হৈছিল চাগৈ) সেই পাল্লাত মইয়ো পৰিলো। সেইকাৰণে সন্তানৰ মাতৃ হোৱাৰ পাছতো মনবোৰ চঞ্চল হৈ আছিল। ল’ৰাই কৰা কামবোৰ কৰিবলৈ বৰ মন গৈছিল। কিবা দেখিলেই হ’ল, শিকি বা কৰিহে গাটো শাঁত পৰিছিল।

সেয়া আছিল অসমত প্ৰথম দুখলপীয়া পঞ্চায়ত ইলেকচনৰ সময়। মোক চৰকাৰী বাসভৱনলৈ বিয়া কৰাই লৈ যোৱা হৈছিল। তেতিয়া ২৮ খন গাঁও পঞ্চায়তক সাঙুৰি মহকুমা পৰিষদ গঠন কৰা হৈছিল। প্ৰত্যেক মহকুমা পৰিষদত মাত্ৰ এখন মহিলাৰ আসন। আমি থকা ঠাইখনত মহিলাৰ আসন পৰাত স্থানীয় ৰাইজে মোক মহকুমা পৰিষদৰ কাউন্সিলৰ পদৰ বাবে থিয় কৰােৱাব বিচাৰিলে। মোৰ পতিদেৱ আছিল সহজ সৰল, অজলা প্ৰকৃতিৰ লোক। বিশেষ নাভাবি তেৱোঁ সন্মতি দিলে। ৫ গৰাকীৰ মাজত প্ৰতিযোগিতা। মই প্ৰাক বিশ্ববিদ্যালয়ত ৰাজনীতি বিজ্ঞান বিষয়টো লৈছিলো যদিও মাধ্যম ইংৰাজী আছিল বাবে আতি গুৰি একো নুবুজাকৈয়ে ‘ডেম’ক্ৰেচি’ৰ বিস্তাৰিত সংজ্ঞাবোৰ মুখস্থ কৰিহে পাছ কৰিছিলো। এইবোৰ খাই নে কাণত পিন্ধে মোৰনো কি আহে যায় বুলি! নমিনেশ্ব্যন দিয়াৰ পাছতহে আচল পয়মালটো লাগিল। মোৰ এলেকাত ৩৩ খন গাঁও পৰিল। প্ৰত্যেকখন গাঁৱৰ সভাবোৰলৈ গৈ কথা ক’ব লাগে। প্ৰথম কেইদিনমান ভদ্ৰলোক এজনে ৰাজদূতত তুলি সভালৈ নিছিল। মোৰ শৰীৰৰ ওজন ইমানেই কম আছিল যে (৪৫ কেজি হয় নে নহয় জানো! তেনেই জেওৰা খৰি এডালৰ দৰে) ৰাজদূতত বহিলেও চালকে গমকে নেপায়। বিনিময়ত ধৰিব নজনাৰ দোষত য’তে ত’তে পৰোঁ। চলোৱাজনৰ গাত ধৰিও যাব নোৱাৰো, দুজনী ছোৱালীৰ মাক, পতিদেৱো আছে। লাজ নালাগিব নে বাৰু! যেনেতেনে গৈ পালেও অচিনাকী বহুত মানুহৰ মাজত কথা ক’বলৈ ল’লে ভৰিৰ তলৰ মাটিকণ যেনেকৈহে কঁপা যেন লাগিছিল! গিলাচে গিলাচে পানী খাইও কথাবোৰ কঁপি কঁপিহে ওলাইছিল। পতিদেৱৰ অফিচৰ এজন ভদ্ৰলোকে বুদ্ধি দিলে আইনাত নিজকে চাই চাই ভাষণ দিয়াৰ অভ্যাস কৰিবলৈ। আকৌ মুখস্থ কৰাৰ পাল পৰিল। তেনেই য’তে বাঘৰ ভয়, ত’তে ৰাতি হোৱাৰ দৰে অৱস্থা হৈছিল। (পাছলৈ ঠিক হৈছিল অৱশ্যে। কিন্তু এতিয়াও মাইকটোৰ আগত ক’বলৈ ল’লে পাছৰখিনি পাহৰি যাওঁ আৰু কঁপনি উঠে। মানুহে কিবা কয় যদিও নাজনো দেই)

সভাবোৰলৈ অকলে যাব নোৱাৰো বাবে পতিদেৱৰ চাইকেলখনত উঠি দুদিনমান গৈছিলো। পতিদেৱে আকৌ পাছফালে কাকো বহুৱাব নোৱাৰে। সেইবাবে আগফালে ৰদডালতে বহি যাওঁ। এদিন বিপৰীত দিশৰপৰা ডাঙৰ ট্ৰাক এখন বাগানৰ পাত কঢ়িয়াই আনি থাকোতে আমাৰ সন্মুখ পোৱাত পতিদেৱে থৰকাছুতি হেৰুৱাৰ ফলত দুয়োটা বাগানৰ নলাত সোমালো। ভাগ্য ভাল, খৰালি কাল আছিল। ধুলিৰে ধুসৰিত দুয়োৰে “টপ-টু-বটম”। ইটোৱে সিটোক গামোচা এখনেৰে জোকাৰি মেলি সভাথলি পাওঁ মানে মানুহৰ উভতনি যাত্ৰা আৰম্ভ হৈছিল।

এই কথাই কথা নহয়। ঘৰলৈ ঘূৰি আহি ৰাতিয়েই পতিদেৱৰ ভেস্পাখনত হাত দি অফিচৰ ফিল্ডখনত শিকিবলৈ ল’লো – কোৱার্টাৰৰ মানুহ শুৱাৰ পাছত। এসপ্তাহ ঠেলি ঠেলি শিকাৰ পাছত যেনেতেনে অলপ হ’লেও পাৰিলোগৈ। পাছদিনাখন আগে পিছে কেইজনমান সমৰ্থক লৈ গ’লো ভেস্পা চলায়। ২ মাইলমান ঠিকেই গৈছিলো। কিন্তু কেঁকুৰি এটা ঘূৰিবলৈ লওঁতেই হামখুৰি খাই পৰিলো। কঁপাল, ওঁঠ, কিলাকুটীত তেজ ওলাল যদিও কেৰেপ নকৰি মোহাৰি সামৰি সভাত হাজিৰ হ’লোগৈ।

সময়ত বাকী চাৰিগৰাকী প্ৰতিদ্বন্দীৰ আমানৰ ধন বাজেয়াপ্ত কৰি বিপুল ভোটত জয়লাভ কৰিলো। গোটেই সময়ছোৱাত তামোল পাণ আৰু নগদ ধন হিচাবে ১৩০০.০০ টকামান খৰচ হ’ল। এই দৰেই ৫ বছৰৰ ঠাইত ৭ বছৰ মহকুমা পৰিষদত টিঘিল ঘিলালো। ৰাইজৰ কাম যিমান পাৰিলো হিয়া উজাৰি কৰিলো। তেতিয়া দৰমহাৰ ব্যৱস্থা নাছিল, চিতিং এলাউন্স হিচাবেহে আছিল। জিলাৰ যি কোনো ঠাইলৈ যাব লগা হৈছিল।

১৯৮০ চনত বিদেশী খেদা আন্দোলনত দিহিং নদীৰ মথাউৰী কটা, ৰাতি জোৰ লৈ পহৰা দিয়া, অইল কোম্পানীৰ গাড়ী অৱৰোধ কৰা, সকলোৰে সৈতে আন্দোলন কৰা, দুলীয়াজানৰ কলেজ পথাৰত কাৰাবৰণ কৰা আদি বহুমূলীয়া অভিজ্ঞতাবোৰ গোটাইছিলো।

তেতিয়া ডাঙৰ ছোৱালীজনীৰ স্কুললৈ যাবলৈ লেডী চাইকেল এখন আছিল। মই জানো কম! চাইকেল নহ’লে আন্দোলনৰ ঠাই বা সভাবোৰলৈ কেনেকৈ যাম! নিশা ৯ বজাত ৰেডিঅ’ত আঞ্চলিক বাতৰি দিয়াৰ লগে লগে সকলোকে খুৱাই, বিচনাত শুৱাই চাইকেল শিকা অভিযান আৰম্ভ কৰিলো। আমাৰ পদুলিটো (তেতিয়া নাহৰকটীয়াৰ চাচনীত আছিলো) বৰ দীঘল আছিল। বাৰান্দাৰ লাইট জ্বলাই দুই তিনি ঘণ্টা অনুশীলন কৰি কেইদিনমানৰ ভিতৰতে পেদেল মাৰিবলৈ শিকিলো। প্ৰত্যেক দিনাই য’তে ত’তে সভা থাকেই। ৰাতিপুৱা সকলোৰে আলপৈচান ধৰি স্কুল আৰু অফিচলৈ পঠিয়াই আমি আমাৰ যাত্ৰা আৰম্ভ কৰো। ৰাষ্টাত গাড়ীৰ সংখ্যা বহুত বেছি। ন-শিকাৰু হিচাবে বুকুত দুৰু দুৰু কঁপনি। আগত ৩/৪ জন, পাছতো ৩/৪ জন চাইকেল চলোৱা ব্যক্তিক লৈ প্ৰথম যিদিনা চাইকেলৰ পেদেল মাৰি মাৰি গৈছিলো, চিনাকীবোৰে অভিনন্দন নে গালি দিছিল, মোৰ দৰে ভদ্ৰ মহিলা (ডাংকাটি!) এগৰাকীয়ে এই মুহূৰ্তত মনত পেলাব পৰা নাই। যিয়েই হওক, আগৰখিনিয়ে ঘূৰি চাই কয় – “বাইদেউ, দূৰলৈ চাই পেদেল মাৰিব”। পাছৰখিনিয়ে কয় – “পেদেল লাহে লাহে মাৰিব”। এনেদৰে ভয়ে ভীতে গৈ গৈ সভাৰ থলিলৈ সোমোৱা ঠাইতে পৰিলোগৈ চিত ভোলোঙা খায়! পাছত যোৱা এজনেও মোলৈ চাই যাওঁতে একে ঠাইতে ধুপুচকৈ পৰিল। দুখন চাইকেল গাৰ ওপৰত! সভালৈ অহা কেইজনমানে ঢপলিয়াই আহি তুলি ধৰি নিৰ্দিষ্ট ঠাইত বহুৱাই নাৰ্চৰ যোগেদি বেন্দেজ কৰি দিলে। মই জানো পৰি মৰা ভকত! সেই অৱস্থাতো টেটুফালি মাইকত জিন্দাবাদ দিওঁতে মুখত লগোৱা বেন্দেজ এৰাই তেজ ওলাবলৈ ধৰিলে। যাঃ ওলাই থাক! ক’ব লগাখিনি ক’মেই – এই ভাৱেৰেই পিছ হুহুঁকি নিদিলো। বাক স্বাধীনতা জনতা চৰকাৰৰ দিনতেই দি গৈছে। মোৰ দৰে কোনোবাই পেদেল মাৰিবলৈ শিকিছিল নে কিবা! কিমান যে টেলেণ্টেড মই!

☆★☆★☆

9 Comments

  • ডলী তালুকদাৰ

    বৰ ভাল লাগিল জেঠাই

    Reply
  • বৰ ভাল লাগিল। আপোনাৰ কৰ্মস্পৃহা প্ৰশংসনীয়। এনেদৰেই থাকক।

    Reply
  • কাবেৰী মহন্ত

    ৰামধেনুৰ দৰে জীৱনৰ ৰংবোৰ ! বৰ ভাল হৈছে ৷বাকীবোৰো পঢ়িবলৈ পাম বুলি আশা কৰিলো ৷

    Reply
  • Ili Talukdar

    মজা লাগিল পঢ়ি।
    সৰুতে চাইকেল শিকি অলৈ তলৈ ঘূৰি ফুৰা কথাবোৰ মনত পেলাই দিলে। ?
    অৱশ্যে আপোনাৰ দৰে ৰাজনীতিৰ পথাৰত চাইকেল চলাই নহয় দেই। ?

    Reply
  • Nilakshi

    বৰ ভাল লাগিল।

    Reply
  • ৰিণ্টু

    ভাল লাগিল পঢ়ি খুৰী

    Reply
  • শৰ্মিষ্ঠা

    আপুনি সৰুতে যে চঞ্চলা পখিলী এজনী আছিল আজিহে গম পালো। বৰ ভাল লাগিল পঢ়ি !

    Reply
    • মিনতি মহন্ত

      সকলোলৈকে ধন্যবাদ জ্ঞাপন কৰিলো , পঢ়ি চোৱাৰ বাবে ।

      Reply
  • সৌৰভ শৰ্মা

    খুঢ়িদেউ, পঢ়ি বৰ মজা লাগিল। এনে ৰসাল অভিজ্ঞতা আৰু পঢ়িব পাম বুলি আশা কৰিলো। ???????????????

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *