ভুতুনী – নিলাক্ষী কাকতি
:মা আজি বিনয় আৰু মই ৰূপমৰ ৰুমত থাকিম৷ ফিজিক্সৰ প্ৰজেক্ট এটা একেলগে কৰিব লাগিব৷ সমীৰে মাকক জোখতকৈ মাতটো কোমল কৰি কথাষাৰ ক’লে৷
:কোনো দৰকাৰ নাই৷ জানো নহয় মই৷ পঢ়িব গৈ তহঁতে কি কৰিবি৷ আড্ডা মৰাৰ বাহিৰে বেলেগ কিবা আছে জানো তহঁতৰ? দিনৰ দিনটো ক্লাচ, টিউচনৰ নামত ধিতিঙালি কৰি থাক৷ মবাইলটোয়েও ত্ৰাহি মধুসূদন দেখে তহঁতৰ উৎপাতত৷ ৰূপম ভাল ল’ৰা৷ দেউতাকে ভাৰাঘৰত ৰাখি কষ্ট কৰি পঢ়ুৱাইছে৷ পৰীক্ষালৈ বেছি দিন নাই৷ খবৰদাৰ তাকো দিগদাৰ নিদিবি আৰু নিজেও ঘৰৰ পৰা নোলাবি৷
:মা মা প্লিজ যাব দিয়ানা৷ বিদ্যা শপত পঢ়িম৷ আড্ডা নামাৰোঁ৷
:যাব দিয়াহে৷ কেইটা দিন বাপেকৰ হোটেলত খাব? অই শিয়াল পণ্ডিত৷ এইবাৰ যদি তোৰ ৰিজাল্ট বেয়া হয় ঘৰৰ এড্ৰেচটো পাহৰি যাবি দেই৷
:দেউতা বিশ্বাস কৰক৷ মই সচাঁকে প্ৰজেক্টৰ কাম কৰিম৷ এইবাৰ মোৰ পৰীক্ষা ভাল হ’বই৷
বাইকখন ষ্টাৰ্ট কৰি সমীৰে চিধাই বিনয়ক ফোন লগালে৷
:হেল্লো৷
:অই দোষ্ট বচে পাৰমিচন দিলে বে৷ মাদাৰ ইণ্ডিয়াই অলপ ঝেং কৰিছিল৷ বচেও ভাষণ এটা দিহে আহিব দিলে যেনে তেনে৷ বাৰু বাদ দে৷ মই ৰূপমক ফোন কৰোঁ৷ মক্কেলটোক কওঁ আমাৰ প্লেনৰ কথা৷
:সি মক্কেলে কিবা ঝেং কৰিব নেকি বেং?
:ধুৰ! আমাক দেখিলেই তাৰ পেণ্ট লেতেৰা হয়৷ কি ঝেং কৰিব সি? একে ঘোচাই ফ্লেট বনাই দিম কিবা উল্টা পুল্টা কৰিলে৷ তয়ো বৰ মাথা চোবাৱ দেই৷ শুন, তই ৰহমানৰ দোকানৰ পৰা ভাল চাই খাহী মাংস অলপ আনিবি৷ তাৰপৰা চিধাই ৰূপমৰ ৰুমত আহিবি৷ মই বীয়েৰ লৈ যাম৷ ৰাতি ইটো ৰুমত মক্কেলটোক থাকিব দি আমি সিটো ৰুমত আমাৰ আইটেম দুজনীৰ লগত কথা পাতিম, লেপটপত চিনেমা চাম, বীয়েৰ খাম। বিনদাচ৷ এনজয় মেন এনজয়৷
:অই সমীৰ মাংস কিনিব মোৰ তাত ইমান টকা নাই৷
:কি বে চন? কালি তই তোৰ বচৰ পৰা প্ৰজেক্টৰ বাবে লাগে বুলি টকা লোৱা নাছিলি? কাক ধপ দিব আহ বে?
:হে হে৷ হ’ব দে৷ এনেই কামোৰ দিছিলোঁ অলপ৷ আহি যাম৷
*****
:অই চাৰিবেটাৰী কি কৰিছ?
:আ-আ–আছো৷ প্ৰজেক্টৰ কাম কৰি আছো৷ ক’চোন!
:বঢ়িয়া৷ কৰি ল৷ মোৰখিনিও তই কৰিব লাগিব৷ এতিয়া শুন৷ আজি মই আৰু বিনয় তোৰ তাত থাকিম৷ আমি অলপ স্ফূৰ্তি কৰিম৷ তই ভাত বনাবি৷ তাৰ পিছত তই পঢ়,খাৱ যি কৰ কৰি থাকিবি বুজিছ৷
:মানে–মানে মোৰ ঘৰৰ মালিকে—-
:কি বে? এবাৰত ক’লে বুজি নাপাৱ নেকি? ভঙা ভৰিৰে কেনেকৈ চাইঞ্চ বিল্ডিংত প্ৰেক্টিকেল কৰিবি?
:হ–হ–হ’ব দে আহিবি খালি বেছি হাল্লা নকৰিবি৷
:অই চাৰীবেটাৰী টেনচন নেহী লেনেকা৷ আমি হাল্লা নকৰোঁ৷ বিনদাচ থাক তই৷ অই তোৰ মালিকৰ ঘৰৰ হিৰোইনজনী আছেনে নাই? হাঃ হাঃ৷
***
:টিং টং৷
:আহিলি? বিনয় তাজা চাই আনিচনে মাংসখিনি? সৌৱা মই বীয়েৰ আনিছোঁ৷
:হু ৰূপম৷ এয়া ল৷
:অই চাৰিবেটাৰী৷ মাংসখিনি ধুই ভালদৰে বনা৷ তাৰপিছত তই ইটো ৰুমত পঢ়ি থাক৷ তই ভাল ৰিজাল্ট কৰিব লাগিব৷ আমাৰ নাম ৰৌশন কৰিব লাগিব৷ বুজিলি? আৰু শুন৷ কেনেবাকৈ যদি আমাৰ কথা কোনোবাই গম পায় তোৰ এই ২০৬ ডাল হাৰ্ডি কিমানটা পিচ হ’ল বহি লৈ গন্তি কৰিব লাগিব বুজিলি? চাওঁ দুটা গিলাচ দে৷ এতিয়া ভাত বনা যা৷
****
:বৈদ্য গৰম বেং৷ বীয়েৰখিনি শেষেই হ’ল৷ তই চানী লিয়নী থকা নতুন চিনেমাখন প্লে কৰচোন৷ মই মোৰ আইটেমক অলপ চেনী ধালোঁ৷
কিছু সময়ৰ পিছত-
:ধুৰ বেং!
:কি হ’ল বে?
:আইটেমৰ বায়েক আহিছে৷ কথা পাতিব নোৱাৰে বোলে এতিয়া৷
:বাদ দে৷ চিনেমা চা৷ উফ! চা না বে চানীক! মই যদি এইক পতাব পাৰিলোঁ হৈ!
:হয় বে!
দহ মিনিটৰ পিছত–
মা কচম! কাৰেণ্ট গ’ল বে৷
:####কাৰ মুখ চাইছিলোঁ আজি? অই মক্কেল কচুৱা চচুৱা কিবা আছে যদি দে৷ মহে চুচিলে বে৷
:উফ! কি গৰম৷ অই তোৰ ভাত হ’লনে নাই? ই বেটা বৌম কুফ্ফা৷ এনেয়ে গ’ল আমাৰ টকাসোপা৷
**
ৰাতি এটা বজাত-
:ঘোৰ –ঘোৰ –ঘো–
:অই উঠ উঠ৷
:কি বে মক্কেল৷ এতিয়া শুবও নিদিবি নেকি তই?
:অ অ বিনয়৷ মোৰ বিৰাট ঠাণ্ডা লাগিছে৷ সঁচাকে কৈছোঁ৷ এয়া চা মই কঁপিছো৷
:অই তোক লাঠ মাৰি দিম৷ কাৰেণ্ট নাই, গৰমত জোল বাহিৰ হৈ গৈছে৷ তাৰ আকৌ ঠাণ্ডা লাগে মেলেৰীয়াটোৰ। পঢ়ি পঢ়ি তোৰ গোটেই কেইডাল তাঁৰ চিঙিল৷ শুই থাক বে৷ নোচোবাবি আৰু৷
:নহয় অ সমীৰ৷ মোৰ বিৰাট ঠাণ্ডা লাগিছে৷ মোক কাপোৰ এখন দে৷
:মা কচম! তোৰ এই দুই বেগেত বিচনাখনত তিনিটা শুইছোঁ৷ এতিয়া আকৌ তোক কাপোৰ লাগে!
:ৰচোন সমীৰ৷ ইয়াৰ সঁচাকে কিবা এটা হৈছে৷ কঁপিছে চা ই৷
:হুম৷ হু ল এই বেডচিটখন৷ মই পাটিতে শুও৷
অলপ সময়ৰ পিছত-
:অই সমীৰ৷ উঠচোন উঠ৷
:###অই তই আমাক শুব নিদিবি নেকি বে?(থাপ)বাপৰে বাপ৷ ই মহ পুহিছে কিন্তু! মহকেইটাই আম্বানীৰ জীয়েকৰ বিয়া আছে বুলি ভাবিছে আজি৷ কি হ’ল ক?
:কিবা পচা পচা গোন্ধ পাইছ নে?
:ক’ত নাইতো?
:ভালকে শুঙচোন৷ কিবা পচি যোৱা মৰাশৰ দৰে গোন্ধ৷
:তই কুকুৰ নেকি বে? আমিতো একো গোন্ধ পোৱা নাই!
:অই বিনয়৷
:ক সমীৰ৷
:কিবা ভুত জাতীয় বস্তু ওলোৱা নাইতো? ইয়াৰ এই গেলা গৰমত ঠাণ্ডা লাগিছে৷ এতিয়া আকৌ ই পচা পচা গোন্ধ পাইছে৷ ইয়াক ভুতুনীয়ে ধৰিছে নেকি?
:পুৰা মাথা খাৰাপ হৈছে তোৰ৷ ভুত বিশ্বাস কৰ তই?তয়ো মক্কেল বে৷ উফ!ৰক্ষা৷ কাৰেণ্ট আহিল৷ অই তহঁত দুটা শুই থাক৷ মোকো শুব দে শান্তিত৷ কিহৰ পাল্লাত যে পৰিলোঁ আজি!
কিছুসময়ৰ পিছত-
:অই সমীৰ৷ অই-
:কি কি হ’ল অ?
:ৰূপম নাই দেখোন? লাইটো জ্বলাচোন৷
:কি কৱ ৰে? ৰ লাইটতো জ্বলাওঁ৷
সিহঁতে দেখিলে ৰূপমে এটা চুকত থিয় হৈ নখেৰে এখন ৱাল আচুঁৰি আছে৷দুয়ো দুয়োৰে মুখলৈ চালে৷কপালত দুয়োৰে ঘাম৷
:অই ৰূপম তই ইয়াত কি কৰি আছ?(কোনোমতে সেপ ঢুকি সমীৰে ক’লে)
:অই ৰূপম কিবা ক৷ নখেৰে কিয় আচুঁৰি আছ ৱালখন? অই-অই বিনয় ই ঢলি পৰি গ’ল দেখোন!
:ৰ ৰ পানী ধালোঁ৷
:উ উহ্ কি হৈছিল মোৰ?
:তই এই ৱালখনত নখেৰে আঁচুৰি আছিলি৷ তাৰ পিছত মূৰ ঘূৰাই পৰি গ’লি৷ কি… কি হৈছে তোৰ হা?
:এজনী ছোৱালী আহিছিল বগা শাৰী এখন পিন্ধি৷ বিৰাট ধুনীয়া৷ তাই তাইৰ গালখনত প্ৰথমে মোক মৰম কৰিব দিলে৷ তাৰপিছত তাইৰ দীঘল চুলিকোঁচা দাঙি মোক পিঠিখন খজুৱাব দিলে৷ তাৰ পিছত মনত নাই মোৰ৷
***
ৰাতিপুৱা পাঁচ বজাতে বিনয় আৰু সমীৰক ঘৰলৈ যাব ওলোৱা দেখি ৰূপমে সুধিলে-“তহঁত যাৱগৈ নেকি ইমান সোনকালে? চাহ খাবি?
:নেখাওঁ প্ৰভু৷ ইমান এনজয় কৰিলোঁ৷ এতিয়া যাওঁ৷ তই আমাৰ পৰা দূৰত থাকিবি আজিৰ পৰা৷
:যা তেনেহ’লে৷
সিহঁত যোৱালৈ চাই ৰূপমে মনতে ভাবিলে -“আৰু আহিবিনে মোক দিগদাৰ দিব? কেনে পালি মজাতো?হাৰ্ডি ভাঙে মোৰ! দিলোঁনে পেণ্ট লেতেৰা কৰি? আজি তহঁতৰ ঘৰত যাব যা ভুতুনীজনী৷ হাঃ হাঃ৷
☆★☆★☆
11:21 am
বঢ়িয়া
11:24 am
ধন্যবাদ
12:31 pm
বঢ়িয়া লাগিল বা।
9:48 pm
হাঃ হাঃ।বঢ়িয়া নীলাক্ষী
8:55 am
বঢ়িয়া লাগিল ৷ হাঁহিলো দেই
8:13 pm
সন্ধিৰ বাহ বুদ্ধিৰে ভাঙিলে—- সুন্দৰ উপস্থিত বুদ্ধি। ভাল লাগিল।
9:24 am
বহুত ভাল লাগিল পঢ়ি। লৰা বুধিয়ক।
11:04 am
বঢ়িয়া লাগিল পঢ়ি