খকুৱা পুৰাণ – চিকু শৰ্মা
প্ৰথমে এচামুচ নমস্কাৰ সমূহ ফটাঢোলীয়া-নাচনীলৈ। ছেণ্ডেলবিদ, চেনীবিদ ইত্যাদি খিতাপ লাভ কৰা চিকু শৰ্মাই বহু বিৰতিৰ মূৰত বহুতো গৱেষণাৰ অন্তত আপোনালোকৰ মাজত ‘খকুৱা পূৰাণ’খন আগবঢ়াবলৈ ওলাইছোঁ।
খকুৱা…… সকলোৱে জানে খকুৱা কি! কিন্তু কেনেকুৱা কেনেকুৱা প্ৰকৃতিৰ খকুৱা থাকে তাৰ বিষয়ে কোনেও নাজানে। সাধাৰণতে খকুৱা তিনি প্ৰকাৰৰ –
ক) গাঁৱলীয়া খকুৱা,
খ) হোটেলীয়া খকুৱা আৰু
গ) অনলাইন খকুৱা
এই তিনিও বিধ খকুৱাৰে নিজৰ নিজৰ বৈশিষ্ট্য আৰু ভিন্ন প্ৰকাৰৰ ভাগ আছে।
ক) গাঁৱলীয়া খকুৱা : গাঁৱৰ বিয়া-ভোজ একো বাদ নিদিয়া খকুৱাবোৰকে গাঁৱলীয়া খকুৱা বোলা হয়৷ ইয়াক সাধাৰণতে দুটা ভাগত বিভক্ত কৰা হৈছে –
১)অনশনকাৰী গাঁৱলীয়া খকুৱা আৰু
২)অসীমিত গাৱলীয়া খকুৱা।
ক)অনশনকাৰী গাঁৱলীয়া খকুৱা – এইবিধ অলপ অদ্ভূত প্ৰকাৰৰ খকুৱা। এই শ্ৰেণীৰ খকুৱাবোৰে দুপৰীয়া কৰবাত বিয়া-ভোজ থাকিলে ৰাতিপুৱাৰ পৰা এটুপি পানীয়ো মুখত নিদিয়ে। ঠিক একেদৰে ৰাতি কৰবাত খানা থাকিলে ৰাতিপুৱাৰ পৰা ৰাতিলৈ অনশন দিয়ে। এই খকুৱাবোৰে লগত উমেচ, পেন-ডি, এচিলক ইত্যাদি লগত লৈ ফুৰাতো এটা জন্মগত বৈশিষ্ট্য।
খ) অসীমিত গাৱলীয়া খকুৱা – ইহঁতৰ বিষয়ে নো কি কম! ইহঁত সাংঘাটিক প্ৰকাৰৰ খকুৱা। বিয়াৰ এদিন আগৰ পৰা বিয়াৰ নেওটালৈ কাঁহীৰ আগ নেৰে। তলত এটা উদাহৰণৰ সহায়ত এইবিধ খকুৱাৰ বৰ্ণনা কৰা হʼল-
কাইলৈ উমেশৰ বিয়া। আজি জোৰোণত যাব লাগিব বাপ্পেকে। খানা তামাম হʼব। কইনাৰ মাকেও চাকৰি কৰে, বাপেকেও। ইফালে ককায়েকে বোলে ৰেলৱেত চাকৰি কৰে, কইনাও মাষ্টৰনী। তামাম ধনী মানুহ। খানা কেনে হʼব ভাবচোন। হাঁহৰ মাংস, ছাগলীৰ মাংস, দেচী মূৰ্গী, গাহৰিও আছে বোলে। পূৰা মাৰি দিব লাগবো।
আজি ৰাতি নাৰায়ণ পূজা আছে উমেশঁহতৰ। নাৰায়ণ পূজাত সুদাই-নিকাই ভাতকেইটা খায়ে আহিম দে। কিমাননো মাছ মাংস খাম!
বিয়াৰ দিনা ১২টা বজাত ভাত হʼল। প্ৰথমবাৰতে খাই লৈ টিপ টপ। তাৰ পিছত ৪টামান বজাত শেষবাৰলৈ খাই লৈ ৰোৱা থোৱা অলপ তালি টোপোলা বান্ধি ঘৰতো খাব। তাৰ পিছত ৬ টামান বজাত আহি তেজাল খাহিৰ মাংসৰ লগত পোলাও। দৰা যাবৰ হোৱাৰ আগে আগে আৰু অলপ পোলাও মাংস। তাৰ পিছত দৰাৰ লগত যায় আৰু………! পিছদিনা বিয়া ঘৰত এটা খানা দিয়ে নহয়, সেইটোও।
ইয়াৰ এটা উল্লেখযোগ্য বৈশিষ্ট্য হৈছে এইবিধ খকুৱাৰ বাবে কেতিয়াও গেছষ্ট্ৰিকৰ টেবলেটৰ প্ৰয়োজন নহয়।
(খ) হোটেলীয়া খকুৱা – এইবিধ খকুৱাৰ টকাৰ গছ আছে, গছ জোকাৰি দিলেই ৫০০ আৰু ২০০০ টকীয়া নোটৰ বৰষুণ হৈ যায় বোলে। ইহঁতেতো পানী কেনেকৈ গৰম কৰে তাকো নাজানে, বাকী বেলেগ ৰন্ধাটোতো দূৰৰে কথা। ইহঁতকো দুটা ভাগত ভগাব পাৰি-
১) টকা-উৰুৱা হোটেলীয়া খকুৱা আৰু
২)মহা-কৃপণ হোটেলীয়া খকুৱা।
এতিয়া এই দুবিধ খকুৱাৰ বিষয়ে কিছু কথা জানো আহক-
১) টকা-উৰুৱা হোটেলীয়া খকুৱা – এইবিধ খকুৱাই কেৱল আনক দেখুৱাবলৈকেহে হোটেলত খাবলৈ যায়। আমি আলহীৰ ঘৰলৈ গ’লে যেনেকৈ চাহৰ লগত দিয়া মিঠাইটো খাই মেৰিগল্ড বিস্কুতখন প্লেটত এৰি আহোঁ। ঠিক তেনেকৈ, ইহঁতে ৫০০ টকাৰ ডিছ এটা অৰ্ডাৰ কৰি তাৰে আধা খাই আধা এৰি থৈ আহে।
আকৌ, এলকহলিক টকা উৰুৱা হোটেলীয়া খকুৱা কেইজনৰতো কথাই বেলেগ। ৮০০/৯০০ টকাত পোৱা ৩০ মিলিলিটাৰ মদহে খাব, তাতকৈ তলত নাখায়। এটা পেক শেষ হোৱাৰ পিছত মাতিব, “ইস্কুজ মি, ৰিপিট প্লিজ!” মই সুধিলোঁ, “ছাৰ, আপুনি কি ব্ৰেণ্ড লৈ আছে বাৰু, মই আপোনাৰ অৰ্ডাৰ লোৱা নাছিলোঁ মানে!” উত্তৰ দিব, “যিয়ে অৰ্ডাৰ লৈছে, তেওঁক সুধি লৈ আহা!” তথাপিও নিজে কি ব্ৰেণ্ড লৈ আছে সেইটো নকয়।
২) মহা কৃপণ হোটেলীয়া খকুৱা- এইবিধ খকুৱাৰ লগত কথা পাতিলে আপুনি হাঁহি হাঁহি পাগল হৈ যাব। ইহঁতৰ বৈশিষ্ট্যবোৰ মই নকওঁ, মোৰ লগত ঘটা ঘটনা এটাই উদাহৰণ হিচাপে দিওঁ –
এজন মানুহে তেওঁৰ ছোৱালী দুজনীৰ লগত আহি হোটেলত বহিছে। মই ৰেগুলাৰ মেনুখন লৈ গৈ দিলোঁ মানুহজনক! মানুহজনে মোক কʼলে, “মই ইগলে নাচাও, আপিক দেক।” তাৰ পিছত স্পিচিয়েল মেনুখন দিলোঁ, “ছাৰ, স্পিছিয়েল মেনু!” মানুহজনে মোলৈ চাই, “এ নাখাও স্পিছিয়েল আইটেম!” তাৰ পিছত, “ছাৰ, বাৰ মেনু!” তেতিয়া ছোৱালী এজনীয়ে মাত লগালে, “নালাগে দিয়ক!”
ইয়াৰ পিছত কম্প্লিমেণ্টেৰী হিচাপে দিয়া ফুচকা এক প্লেট দিলোঁ। মানুহজনে মোলৈ চাই কʼলে, “আমি অৰ্ডাৰ দিয়া নাই ইগলে!” মই কʼলো, “ছাৰ ফ্ৰী হয় এইটো!”
মানুহজনে কʼলে, “তে আৰু দুই পিলেট দেক, আমি তিনটে মানুহ আছোঁ নহয়!”
তাৰপিছতে মোক মাতিছে, “ভাইটি, এটে নিৰেমেহে ভাত খাবা লাগলি কিমেন মান পৰবো নো!” কʼত মৰা মৰ এতিয়া, কি উত্তৰ দিওঁ, “ছাৰ এবাতি ৰাইছত ১৫০, এবাটি দাইলত ১৭০ আৰু বাকী আপুনি যি খাই ল’ব পাৰে। সকলো আইটেমৰে বেলেগ বেলেগ দাম হয় ইয়াত।”
পিছত বিল দিয়াৰ সময়ত গম পালোঁ বাপেক আৰু দুয়ো জীয়েকে মিলি ৩০০০ মান টকাৰ খালে আৰু খাব নোৱাৰাখিনি পেকিং কৰি লৈ গʼল!
গ) অনলাইন খকুৱা – এইবিধৰ কথা ক’ব নালাগে জানেই সকলোৱে। ইহঁত সাধাৰণতে এলেহুৱা, হোটেলত গৈও নাখাই, নিজে বনায়ো নাখাই। যেতিয়া ভোক লাগে, তেতিয়াই মোৱাইল উলিয়াই খানা অৰ্ডাৰ কৰে। ৰাতি দুটা বজাত ভোক লাগিলে দুটা বজাতো খানা অৰ্ডাৰ দিয়ে বাপ্পেকে। মই নিজে প্ৰমাণ পাইছোঁ এদিন।
দূৰ্গা পূজাৰ অষ্টমী আছিল চাগে, মই তেতিয়া হোটেলত ট্ৰেইনিং কৰি আছিলোঁ। ৰাতি দুইমান বজাত হোটেলৰ পৰা ওলাই ৰূমলৈ খোজ কাঢ়ি গৈ আছোঁ। তেনেতে এজন লʼৰাই বাইক লৈ আহি মোক সুধিলে, “আনন্দ নগৰ এইখিনিয়ে নে?” তাৰ পিছত মই ভাৱিলোঁ এই ৰাতি এডৰেছ বিছাৰি ফুৰিছে যে কেচটো কি! তাৰ পিছতহে লʼৰাজনক লক্ষ্য কৰোঁতে বুজি পালোঁ, পিন্ধনত সেই ছুইগীৰ স্পৰ্টিং এটা আৰু পিছফালে ছুইগীৰ বেগটো দেখা পাই।
আজিলৈ বিদায় মাগিলোঁ।
☆★☆★☆
10:43 pm
ভাল লাগিল।