জাবৰ – ঋতুপৰ্ণ শৰ্মা
প্ৰত্যেক দেওবাৰৰ দৰে আজিও তেওঁ ৰাতিপুৱাই চাৰিআলিত বহা সাপ্তাহিক বজাৰখনলৈ ওলাই গ’ল। তেওঁ অৰ্থাৎ কনক হাজৰিকাই চাকৰিৰপৰা অৱসৰ লোৱা আজি প্ৰায় ছমাহমানেই হ’ল। প্ৰথম অৱস্থাত তেওঁ ভাবিছিল, বিদ্যালয়ৰ অধ্যক্ষ হিচাপে যিমান ব্যস্ততাপূৰ্ণ জীৱন কটাইছিল, অৱসৰৰ পিছত হয়তো কৰ্মহীন জীৱন এটা কটোৱাটো তেওঁৰ বাবে বহু কষ্টকৰ হ’ব। পিছে এতিয়া দেখোন সকলো ঠিকেই চলিছে। অত্যাধিক সময় হাতত থকা বাবে এতিয়া তেওঁ বহুতো আধৰুৱা কাম সম্পূর্ণ কৰিবলৈ সক্ষম হৈছে।
বজাৰখন পাই তেওঁ চাৰিওফালৰ পৰিৱেশটো চাই অলপ আচৰিত হ’ল। কিবা যেন এক আচহুৱা পৰিৱেশে বিৰাজ কৰিছে। দুগৰাকীমান মহিলাই বজাৰখনৰ পথটোত ঝাৰু মাৰি আছে। ইমান সুন্দৰ সাজপাৰ পিন্ধিনো কোনে বজাৰত ঝাৰু দিছে বুলি ভাবোতেই তেওঁ দেখিলে আৰু বহুকেইগৰাকী পুৰুষ মহিলাই মুখত ‘মাস্ক’ পিন্ধি বজাৰত ঝাৰু দি আছে। আৰে! এয়া দেখোন হাজৰিকাহঁতৰ গলিৰেই বাপধন কলিতা। তেৱোঁ আপোন মনে ভদ্ৰ মহিলাসকলৰ লগত হাঁহি হাঁহি চাফাই অভিযান চলাই আছে। তিনি চাৰিটা লগুৱা নহ’লে ঘৰেই নচলা, অভিযন্তা বাপধন কলিতা এইদৰে ব্যস্ত হৈ থকা দেখি হাজৰিকা সঁচাই আচৰিত হ’ল। পিছে তেওঁ যেতিয়া বজাৰৰ মাজত ডাঙৰকৈ মাৰি থোৱা ‘স্বচ্ছ ভাৰত অভিযান’ শীৰ্ষক বেনাৰখন দেখিলে তেতিয়াহে ভুলটো ভাগিল।
হাজৰিকাৰ ঘৰৰ কাষতে মাটি একঠা খালী হৈ পৰি আছে। পিছে সেই খালী ঠাইখিনিয়ে এতিয়া হাজৰিকাহতঁৰ বাবে বৰ অসুবিধাৰ সৃষ্টি কৰিছে। টাউনীয়া সংস্কৃতিয়ে গ্ৰাস কৰা আজিকালিৰ গলিবোৰত মানুহবোৰে থাকিবলৈ ঘৰটো ঠিকেই সাজে। পিছে ঘৰখনত প্ৰতি দিনে ওলোৱা জাবৰবোৰ পেলাবৰ বাবেহে তেওঁলোকৰ ঠাইৰ অভাৱ। পৌৰসভাই নিৰ্দিষ্ট কৰি দিয়া ঠাইত জাবৰ পেলাবলৈ তেওঁলোকৰ সময়ৰ অভাৱ। সেয়ে তেওঁলোকে বাচি লৈছে এই খালী হৈ থকা মাটি টুকুৰা। হাজৰিকাৰ ঘৰকে ধৰি ওচৰৰ মানুহকেইঘৰৰ দুৰ্গন্ধত থাকিব নোৱাৰা অৱস্থা হয়। বহুবাৰ হাজৰিকাই নিজে হাজিৰা কৰা মানুহ লগাই সেইবোৰ চাফাই কৰোৱাইছে। ৰাইজক অনুৰোধ কৰিছে তাত জাবৰ নেপেলাবৰ বাবে। পিছে সেইবোৰে একো কামত দিয়া নাই। এতিয়া বজাৰত চাফাই অভিযান দেখি হাজৰিকাই মনতে ভাবিছে তেওঁৰ ঘৰৰ কাষতো ‘স্বচ্ছ ভাৰত অভিযান’ এটাৰ খুবেই প্ৰয়োজন হৈছে।
হাজৰিকাক দেখি বাপধন কলিতা আগবাঢ়ি আহিল।
: নমস্কাৰ হাজৰিকা। আমাৰ চাফাই অভিযান কেনে দেখিছে?
: ভাল ভাল। বৰ ভাল কাম কৰিছে। পিছে আমাৰ গলিতো এনে এটা চাফাই অভিযানৰ বৰ প্ৰয়োজন আছিল।
: হয়, আপুনি ঠিকেই কৈছে। সেই উপলক্ষে আমি আজি সন্ধিয়া ক্লাবঘৰতে মিটিং এখন দিছোঁ। আপুনিও আহিব। কাইলৈ যিহেতু বুদ্ধ পূৰ্ণিমাৰ বাবে অফিচ কাচাৰী বন্ধ, গতিকে আমি কাইলৈ এই কাৰ্যসূচী গ্ৰহণ কৰিছোঁ।
যথা সময়ত মিটিং অনুস্থিত হ’ল। কৰ্মকৰ্তাসকলে বাপধন কলিতাক ফুলাম গামোচাৰে সম্বৰ্ধনা জনালে। পিছে লেঠা লাগিল তেতিয়াহে যেতিয়া হাজৰিকাই তেওঁৰ ঘৰৰ কাষৰ মাটিডোখৰতো চাফাই অভিযান চলোৱাৰ কথা ক’লে। সকলোৱে চাফা হৈ থকা পথটোতে ঝাৰু মাৰিব, চেল্ফি উঠিব আৰু ফেচবুকত আপলোড কৰিব। কিন্তু হাজৰিকাৰ ঘৰৰ কাষৰ মাটিডোখৰত কোনেও চাফাই অভিযান চলাবলৈ নাযায়।
: চাওক ৰাইজ, আপোনালোকে তাত চাফাই অভিযান নচলাই ঠিক আছে। সেয়া ময়ে চাফা কৰিম। পিছে আপোনালোকে মোক কথা দিব লাগিব যে কাইলৈৰপৰা যাতে তাত কোনেও জাবৰ নেপেলায়। এয়া মোৰ আপোনালোকলৈ বিনম্ৰ অনুৰোধ। ইয়াৰ পিছতো যদি আপোনালোকে তাত জাবৰ পেলায় আমি আইনগত ব্যৱস্থা ল’বলৈ বাধ্য হ’ম।
হাজৰিকাই পিছদিনা নিজৰ পইচাৰে মানুহ লগাই ঠাইডোখৰ পৰিস্কাৰ কৰিলে আৰু ‘ইয়াত জাবৰ পেলালে ৫০০ টকা জৰিমনা ভৰিব লাগিব’ বুলি লিখা জাননী এখন পৌৰসভাৰপৰা আনি লগাই দিলে। লগতে কাষৰ চুবুৰীয়াসকলকো সজাগ কৰি থ’লে যে যদিহে কোনোবা জাবৰ পেলাবলৈ আহে তেনেহ’লে সিহঁতক হাতে লোটে ধৰিব লাগিব।
দুদিনমানৰ পিছৰ কথা। নিশা প্ৰায় এঘাৰমান বজাত শইকীয়াৰ পুতেকে ফোন কৰিলে হাজৰিকালৈ।
: খুৰা শুলে নেকি? অলপ ওলাই আহকচোন। আমি ল’ৰা দুটা হাতে লোটে ধৰিছোঁ জাবৰ পেলাই থাকোতে।
অলপো পলম নকৰি হাজৰিকা ওলাই গ’ল। পৰিস্থিতি তেতিয়ালৈ কিছু উত্তপ্ত হৈ উঠিছে। ল’ৰা দুটাক শইকীয়াৰ পুতেকহঁতে দুই এথাপৰ লগাইছেই। পিছে সিহঁতে নিজৰ পৰিচয় দিব নিবিচাৰে। শেষত পুলিছৰ ভয় দেখুওৱাত সিহঁতে নিজৰ পৰিচয় দিলে। সিহঁত আন কোনো নহয়। অভিযন্তা বাপধন কলিতাৰ পি জিৰ ৰান্ধনি। কলিতাই সিহঁতক পঠিয়াই দিছিল মানুহবোৰ শুৱাৰ পিছত জাৱৰবোৰ তাত পেলাবৰ বাবে। হাজৰিকাই শইকীয়াৰ পুতেকহঁতক বুজালে যে প্ৰকৃত অপৰাধী সিহঁত নহয়। অপৰাধী সিহঁতৰ মালিক কলিতাহে। শাস্তি কলিতাইহে পাব লাগিব আৰু এই শাস্তি নিৰ্ধাৰণ কৰিব আইনে। এইবুলি কৈ হাজৰিকাই পুলিচলৈ ফোন লগালে।
☆★☆★☆
2:12 pm
ভাল লাগিল পঢ়ি ঋতুপৰ্ণ
2:51 pm
অশেষ ধন্যবাদ ৰিন্টুদা।