হাঁহিলে তুমি মুকুতামণি সৰে – মানসী বৰা
আইনাৰ সুমুখত ৰৈ এপৰে দাঁতকেইটা ঘঁহি ঘঁহি ধুই কেইবাবাৰো নিকটাই নিকটাই চাই সি। দাঁতকেইটা চকচকীয়া হৈ থাকিলে হেনো মানুহক চাফা চাফা লাগে। আনৰ ক্ষেত্রতো সেই কথাটো সি বৰ মন কৰে। কিবা খালেই দাঁতত লাগি থাকিব বুলি ভাবি মুখ কুলকুলি কৰাৰ স্বভাৱ। বহুতৰ মতে তাৰ দাঁতৰ মেনিয়া।
হয়, চিচৌৱে মানুহৰ দাঁত চায়৷ চাফা নে লেতেৰা৷ বেৰিয়া নে উজলা৷ খাৰে খোৱা নে হালধীয়া, ৰঙচুৱা।
চিচৌৰ ভাল নাম চম্পক বৰুৱা। প্রতিবেশী বন্ধু-বান্ধবৰ বাবে সি চিচৌ। চিচৌ নামটো তাৰ কেনেকৈ হ’ল, কোনেও নাজানে। চিচৌৱে মানুহৰ দাঁত চাই মন্তব্য কৰে। যেনিবা দাঁতৰ সি এক্সপাৰ্ট৷ ভনিয়েক তুৰিক দিয়া তাৰ মহান উপদেশ,
: বাছত গ’লে তপা মানুহৰ পিছত নবহিবি। ব্ৰেক মাৰোঁতে হামখুৰি খালে সেইজনৰ তালু ফুটিব।
ককায়েকৰ এই কথাত বেচেৰি জাঙুৰ খাই উঠে। হয়, তুৰিৰ সমুখৰ দাঁত এটা অকণমান আগবঢ়া। তুৰিৰ কথা বাদ। মোমায়েকৰ ঘৰলৈ বন কৰিবলৈ অহা মহিলা নাজিমাৰ দাঁত পাৰিও চিচৌৰ চকুৰপৰা সাৰি যোৱা নাছিল। তাৰ মতে তাই সেই দাঁতকেইটাৰে বোলে নাৰিকল ৰুকি লস্কৰা বনাব পাৰিব। অৱশ্যে দাঁতকেইটাৰ বাবে নাজিমাৰ মুখখন জাপ নোযোৱাটো সঁচা আছিল। এবাৰ লগৰে বিপিনৰ দাঁতকেইটা দেখি চিচৌৱে ধমক দি বোলে ঐ মুখ জপা। সেই দাঁতকেইটা একদম নুলিয়াবি। মানুহে দেখিলে ভাত খাব নোৱাৰিব। জর্দাপান খোৱা বিপিনৰ দাঁতকেইটা হার্পিক দি ঘঁহিলেও বগা নোহোৱাটো অৱশ্যে খাটাং। ভাত খোৱাৰ শেষত দাঁতত বহু সময় নেমু মাৰি থকাটো চিচৌৰ স্বভাৱ৷ নেমুৱে হেনো দাঁত পৰিষ্কাৰ কৰি উজলাই তোলে৷ মুখখনেও নেমু নেমু গোন্ধ এটা দিয়ে৷ কথাটো যদিও সি মধুমিতাক কেতিযাও সোধা নাই তথাপি তাৰ এনে লাগে যেন মধুমিতায়ো দাঁতত তাৰ দৰে টেঙা মাৰে। মহালক্ষ্মী বাছত একেলগে অহা যোৱা কৰোঁতে মধুমিতাৰ সৈতে চিনাকি তাৰ। তাই স্বাস্থ্য বিভাগত চাকৰি কৰে। চিচৌ যেনিবা বিজুলী বিভাগৰ নিম্ন বর্গৰ সহায়ক৷ বাছত একেলগে অহা-যোৱা কৰোঁতে মধুমিতাৰ মুকুতাৰ দৰে জিলিকি থকা দাঁতকেইটাৰে সহযাত্রীৰ সৈতে হঁহা চিচৌৱে বহুবাৰ দেখিছে। জুবিনৰ ‘হাঁহিলে তুমি মুকুতামণি..’ শীর্ষক গানটো তাইৰ লগতে মিলে। অনামিকা নহৈ মধুমিতা বুলি গোৱা হ’লে একেবাৰে খাপ খাই পৰিলেহেঁতেন। তাৰ কাষৰ আসনখন খালী থাকিলে মধুমিতা কেতিয়াবা তাৰ লগতো বহি যায়। চিচৌৱে মন কৰে তাৰ লগত তাই কম কথা পাতে। তাৰ নিচিনা গজগজ ডেকাটোৰ লগত হয়তো লাজতে সহজ হ’ব নোৱাৰে তাই। প্রায় মুখখন আনফালে ঘূৰাই থাকে। চিচৌৰ মন যায় তাইৰ দাঁতকেইটা ওচৰৰপৰা চাবলৈ৷ তাৰফালে চায়ো তাই মকুতা সৰাই এবাৰ হাঁহক। তাইক লগ পালে সি অহৰহ কথাপাতি যায়। কলেজৰ-বিশ্ববিদ্যালয়ৰ দিনৰ কথা, ৰাজনীতি কিম্বা নির্বাচনৰ কথা। তাই হুম হুম কৰি যায়। সিদিনা আচৰিত কৰি সি সুধিলে তাইক,
: এইবাৰ কোন পার্টিয়ে চৰকাৰ গঠন কৰিব যেন লাগে তোমাৰ?
এপলক ৰৈ মধুমিতাই বোলে,
: দাদা বেয়া নাপাব কথা এটা ক’ম।
কি সুধিব চিচৌৱে ভাবি থাকোঁতে তাই আকৌ ক’লে,
: দাদা, আপোনাৰ দাঁতকেইটা বহুত চাফা৷ একদম জিলিকি থাকে৷
মধুমিতাৰ মুখত দাঁতৰ প্রশংসা শুনি চিচৌৰ মুখত বত্রিশটা নহ’লেও অন্ততঃ ত্রিশটা দাঁতৰ বাহাৰ দেখা গ’ল। মধুমিতাই আকৌ আৰম্ভ কৰিলে,
: কিন্তু বেয়া নাপাব। আপোনাৰ মুখখন নিমুক্লীন নে চিত্ৰনলা তেনেকুৱা নিচিনা গোন্ধায়। মই সেই গোন্ধটো ল’বই নোৱাৰোঁ। এলাৰ্জী আছে। এইটো খাই দিয়কচোন৷
তাই হাতৰে আগবঢ়াই দিয়া হেপ্পী ডেণ্টটো দেখি তাৰ মনটো অলপ ভালেই লাগিল। হওক তেওঁ চেণ্টাৰ ফ্রেছ দি যে “জুবান পে লাগাম” বুলি বুজোৱা নাই৷
☆★☆★☆
9:41 pm
হাঁহিলো বিৰাট
1:00 am
ধন্যবাদ…