ফটাঢোল

হাঁহি – ৰিটন বৰুৱা

কেইবছৰমান আগৰ ঘটনা। নবেম্বৰ মাহ। দূৰ্গা পূজা পাৰ হৈ কালীপূজা বা দ্বীপাৱলীৰ পিছত ৰাসৰ সময়ত। অলপ অলপ ঠাণ্ডা পৰিছে শৰৎ পাৰ হৈ শীতৰ আগমন ঘটিছে। তিনিজন বন্ধুৱে কথা পাতি ৰাসৰ গাৰ্ডেন শ্ব’ চাবলৈ যাম বুলি ঠিৰাং কৰিলোঁ। ঘৰৰ পৰা প্ৰায় ১৫ / ২০ কিঃ মিঃ আঁতৰত যাব লাগিব। গতিকে ভাত পানী খাই তিনিও একেলগে ওলালোঁ গাৰ্ডেন শ্ব’ চাবলৈ। তিনি বন্ধু লগ হৈ যাত্ৰা আৰম্ভ কৰাৰ আগতে হোটেল এখনত সোমাই ডিঙি কেইটা অলপ তিয়াই ল’লোঁ। বন্ধু এজনে গাড়ী চলাইছে মই আগ চীটত বহিছোঁ আৰু আনজন বন্ধু ( গাড়ীৰ গৰাকী ) পিছত আৰামত চীটত ভৰি উঠাই কথা বতৰা পাতি গৈছে। তেনেকৈ ইটো সিটো কথা পাতি গন্তব্যস্থান পালোঁগৈ। বাগিচাৰ চিনেমা দেখুওৱা গোটেই ফিল্ডখন দুপাকমান ঘূৰিলোঁ। অস্থায়ী দোকান পোহাৰ ফিল্ডখনৰ চাৰিওফালে আছে। ফিল্ডখনৰ বাহিৰৰ আওহতীয়া এটা কোণত দেখিলোঁ ভাগ ভাগকৈ কেইবা ভাগো মানুহে পোহৰ এটাক লৈ জুম পাতি পাতি চিঞৰ বাখৰ কৰি আছে। ওচৰলৈ গৈ দেখিলোঁ আচলটো ডাবোলত ডাবোল। ভাগে ভাগে কেইবাটাও পাৰ্টী। তেনে সময়তে কোনোবা এজনে চিঞৰি উঠিল পুলিচ! পুলিচ!

আইঔ! যেন সীমা দাসেও পাট্টা নাপাব সিহঁতৰ দৌৰত। যেই যেনেকৈ পাৰে ইফালে সিফালে দৌৰিছে। পিছলৈ ঘূৰি চাবলৈ সময় নাই। তৰা নৰা ছিঙি পলাবলৈ চাইছে। কেইটামানে চাইকেল কেইখনমানৰ ওপৰে ওপৰে জঁপিয়াই পলাইছে। সিহঁতৰ পলোৱা ষ্টাইল দেখি মই হাঁহি হাঁহি তত্ নোপোৱা হ’লোঁ। পিছত সেই ঠাইৰ পৰা আহি দেখিলোঁ যে স্থানীয় বাগানৰ চকীদাৰ কেইজনে খাকী পোছাক পিন্ধি ফিল্ডলৈ আহিছিল। সিহঁতক দেখি কোনোবাই পুলিচ বুলি ভাবি চিঞৰি দিলে।

দুঘণ্টামান সময় ইফালে সিফালে চাই তিনিও ঘৰলৈ বুলি উভতিলোঁ। ঘূৰি আহোঁতেও মই আগ চীটত এজন বন্ধুয়ে গাড়ী চলাইছে আনজন বন্ধু (গাড়ীৰ গৰাকী) পিছ চীটত ভৰি উঠাই কথা বতৰা পাতি আৰামত আহি আছোঁ। জোনাক ৰাতিৰ মাদকতাখিনি পান কৰি আহি আছোঁ তাতে অন্য গাড়ী মটৰ নাই। নিৰ্মল জোনাকত নিৰ্জনতাই গিলি থৈছে গোটেই ৰাষ্টা। লাহে লাহে আগবাঢ়িছে আমাৰ গাড়ী ঘৰৰ অভিমুখে।

ঘৰ পাবলৈ দহ কিলোমিটাৰ মান থাকোঁতেই বিপৰীত দিশৰ পৰা বাইক চলাই যোৱা দুজনে আমাক উদ্দেশ্যি বৰ বেয়াকৈ মাত দি পাৰ হৈ গ’ল। আমি হতবাক হৈ পৰিলোঁ। সিহঁতক আমি একো নকৰাকৈ কিয় তেনে বেয়া মাত দি চিঞৰি যাব। গাড়ীৰ গৰাকী বন্ধুজনে ক’লে-

“কোন এই দুটা আমাক বেয়াকৈ ক’বলৈ। আমিতো সিহঁতক একো দোষ লগোৱা নাই। ব’ল চাই আহোঁ গাড়ী ঘূৰাই। কথামতেই কাম। গাড়ী ঘূৰাই পিছে পিছে গ’লোঁ সিহঁতৰ। আমাৰ গাড়ী ঘূৰাই সিহঁতৰ পিছ লোৱা দেখি ভয়তে সিহঁতে বাইক দিলে চেকুৰাই। আমাৰ গাড়ীৰো স্পীড বাঢ়ি গ’ল।

এসময়ত আমাৰ গাড়ীৰ স্পীড নিয়ন্ত্ৰণৰ বাহিৰত গুছি গ’ল। কেঁকুৰি এটাত গাড়ীৰ চকা পিছলি চাৰিলুটি মাৰি ৰাষ্টাৰ কাষত চাৰি চকা ওপৰলৈ কৰি পৰিল। ভাগ্য সুপ্ৰসন্ন আছিল কোনো খুটা বা গছত খুন্দা নামাৰিলে। নহ’লে হয়তো আজি এই অভাজনৰ লগতে বাকী দুজনৰো হাঁড়ত বন গজিল হয়। মানুহ কেইজন তল মূৰ কৰি চীটত বহা ভাগেই থাকিলোঁ। গাড়ীখনৰ খিৰিকীৰ আইনাবিলাক নাভাগিল। কিন্তু সন্মুখৰ আইনাখন মৰমৰাই ভঙা স্বচক্ষে দেখা পালোঁ। গাড়ীৰ ভিতৰৰ পৰা ওলাই আহিবলৈ লওঁতেই দেখো মোৰফালে দুৱাৰ খুলি ওলালেই চিধা পানীত পৰিম। মানে আমাৰ গাড়ীখন ৰাষ্টাৰ কাষত থকা খাৱৈৰ কিনাৰত ৰৈছে। মোৰ বিপৰীত দিশৰ খিৰিকীৰ আইনা ভাঙি মই আৰু গাড়ী চলোৱা বন্ধুজন চুচৰি চুচৰি ওলালোঁ। গাড়ীৰ গৰাকী বন্ধুজনে আকৌ কি কৰিছে! ওলোটাকৈ গাড়ীৰ ভিতৰত আন্ধাৰে মুন্ধাৰে জোতা এপাত বিচাৰি ফুৰিছে। গাড়ীখন হয়তো লুটি খাই পানীতো পৰি যাব পাৰে, ভিতৰৰ পৰা ওলাই নাহি, “মোৰ জোতাপাত ক’ত ক’ত” কৈ বিচাৰি আছে । তাতোকৈ ডাঙৰ কথা নিজৰ গাড়ীখন ভাঙি পৰিল তাত চিন্তা নাই, চিন্তা কৰিছে জোতাপাতত। মোৰ সেই সময়তো দুখ লগাতকৈ বেছি হাঁহিহে উঠিছিল।

গাড়ীৰ পৰা তিনিওজন ওলাই অহাৰ পিছত আৰক্ষীক খবৰ দিয়া হ’ল। কিছু সময়ৰ পিছত আৰক্ষী বাহিনী আহি আমাক সোধপোছ কৰি হস্পিতাল নিয়াৰ ব্যৱস্থা কৰিছিল যদিও আমি তিনিটাই অলপো দুখ নোপোৱা বুলি কোৱাত হস্পিতাল যোৱা নহ’ল। ৰাতিটো আমাৰ লগত গাড়ীখন ৰখিবলৈ আৰু দুজন আৰক্ষীৰ ব্যৱস্থা কৰি দিলে। গোটেই ৰাতি গাড়ীখনৰ বিপৰীত দিশত থকা বাম খাৱৈ এটাত শুকান গছ পাতৰ ওপৰত বাগৰি কটালোঁ। খাৱৈত বাগৰি থাকোঁতে গাড়ীৰ ভিতৰত ওলোটাকৈ বন্ধুজনে জোতাপাত বিচৰা দৃশ্যটোৱে মনলৈ আহি দুখ আৰু ভয় পাতলাই ৰাখিছিল। সেই দৃশ্য মনত পৰিলে আজিও অকলে অকলে হাঁহি উঠে কেতিয়াবা।

☆★☆★☆

One comment

  • বন্ধুজনে জোতাপাত পালেনে—? হাঃ হাঃ, বিপদৰ সময়তো জোতাৰ বিচাৰ।
    ভালে ভালে ঘৰলৈ উভতি যোৱা শুনি ভাল পালোঁ।

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *