ফটাঢোল

তীখৰ পূৰাণ – সুষ্মিতা দাস

তীখৰে আজিকালি গাড়ী চলাব পৰা হ’ল৷ মানে তাৰ ১৮ বছৰ পাৰ হ’ল বাবে আজিকালি ৰাস্তাত গাড়ী উলিয়াব পৰা হ’ল৷ মনৰ উলাহত আজিকালি তীখৰে দেউতাকক অফিচলৈ থ’বলৈ যায়৷ এনেই তীখৰে ভালেই গাড়ী চলায়৷ স্পিড লিমিট ৪৫-৫০ ৰ ভিতৰতে ৰাখে৷ বাওঁকাষেৰে অভাৰটেক কৰাৰ স্বভাৱ তাৰ নাই৷ চিগনেল মানি চলে আৰু গধূলি হ’লে পাৰ্কিং লাইট জ্বলাই ৰাখে৷

কিন্তু কথাটো হ’ল যে তীখৰে গাড়ী চলালে ইংৰাজী গানহে বাজে মিউজিক চিষ্টেমত৷ কিবা বোলে সেই লিংকিন পাৰ্কৰ গান(?) আৰু বোলে কিবা বোলে শনাহীটোৰ নাম কি আছিল, অ’ চেষ্টাৰ আৰু দুটামানৰ নাম খুব কয় সি৷ কিবা বোলে জাষ্টিন বিবাৰ, তাৰ হেনো প্ৰেয়সী জনী হেনো তাতকৈ বোলে ডাঙৰ নামটো কিবা বোলে ছেলিনা গোমেজ, মুঠতে ঘৰে বাহিৰে মাথোঁ ইংৰাজী গীতৰ জয়গান৷ এদিন মাকে চাকি দি আছিল৷ তীখৰ বাথৰূমত বিকট চিঞঁৰ শুনি মাক উধাতু খাই লৱৰি আহিল৷ তীখৰে হেনো লিংকিন পাৰ্কৰ গীতৰ আলাপ হে দি আছিল৷ তাক লৈ ভাল থকা-খুন্দা লাগে ঘৰখনত৷

তীখৰৰ সেই “আই বিকাম চ নাম্ব”, “ইটছ টেকেন টেকেন” জাতীয় গীত শুনি শুনি অশান্তি লাগিল দেউতাকৰ৷ হ’ল বুলিলেই এই ১০ কি.মি বাট সদায়ে এনেহেন গীত শুনি অহা যোৱা কৰিব পাৰিনে! এদিন ৰাতি ভাতৰ পাতত তেখেতে কথা উলিয়ালে, “জানানে তীখৰৰ মাক, আমাৰ লগৰ নয়নৰ গাড়ীত কেতিয়াবা আহোঁ নহয়, কি ধুনীয়া ধুনীয়া পূৰণি হিন্দী গীত বাজি থাকে! নামিবই মন নাযায় গাড়ীৰ পৰা! আৰু আমাৰ ইয়াৰ মানে তীখৰৰ লগত গ’লে জপিয়াই নামি যাওঁ নামি যাওঁ যেন লাগে৷” লাজুকুৰীয়া হাঁহি মাৰিলে তীখৰে৷ মানে বৰ লাজ পালে সি৷ পিছদিনা ৰাতিপুৱা ধুনীয়াকৈ গাড়ী চাফা কৰিলে তীখৰে৷ কেছেটবোৰ খুচৰি খুচৰি উলিয়ালে সি৷ তাৰ কাৰনামা দেখি দেউতাকে মাকক ক’লে, ” ই ল’ৰাটোৱে কথা বুজে দেই, মানে সি মানুহৰ ৰুচিবোধ বুজি পায়, দেখিছানে সি আজি ৰাতিপুৱাৰে পৰা কেনেকৈ হিন্দী গীতৰ কেছেট বিচাৰি আছে৷ এটা কাম কৰা, তুমিও ওলোৱা৷ মোক অফিচত নমাই থৈ মাহেকীয়া বজাৰখিনি লৈ আহিবা, এনেও আজি ইয়াৰ ক্লাচ নাই৷ ধুনীয়া গীত শুনি শুনি যাব পাৰিবা, ই ভাল গাড়ী চলায়৷”

সাজি-কাচি মাক-দেউতাক গাড়ীত বহিল৷ তীখৰেও ষ্টাৰ্ট দিলে গাড়ী৷ মিউজিক চিষ্টেমত বাজি উঠিল হিন্দী গীত “ফায়াৰ ব্ৰিগেড মংগৱা দে তু/ অংগাৰো পে হ্যে অৰমান……….” মাক-দেউতাকে সেই দিন ধৰি তীখৰৰ লগত গানৰ কথা আলোচনা কৰা নাই….

আন এদিন৷ এইবাৰ ভেলেণ্টাইন ডে’ ৰ দিনা আবেলিৰ কথা৷ গাৰ্লফ্ৰেণ্ড ভূৰ্ভুৰীক লৈ ডেটিংলৈ ওলাল৷ স্থান মহানগৰীৰ এখন অভিজাত ৰেষ্টুৰেণ্ট৷ ভেলেণ্টাইন ডে বুলি সংঘাটিক ভীৰ ভিতৰত৷ মানে একেবাৰে বিৰ দি বাট নোপোৱা অৱস্থা৷ মেনেজাৰেও কাকো বিমুখ কৰিব খোজা নাই৷ এনে সাক্ষাত নাৰায়ণ হেন অতিথি সদায় নাহে৷ বহিবলৈ চকী মেজ শেষ হোৱাত হোটেল কৰ্তৃপক্ষই ঘৰৰ পৰা প্লাষ্টিকৰ টেবুল আৰু মূঢ়া আনি বহিবলৈ দিছে৷ গোটেই বছৰত ইমান বঢ়িয়া ইনকাম নহয়৷ মনৰ আনন্দত মেনেজাৰে কম্প্লিমেণ্টৰী ড্ৰিংছ দিছে সকলোকে৷ তীখৰ আৰু ভূৰ্ভুৰীকো দিলে৷ তীখৰে চাৰিওদিশে চালে৷ তাৰ দৰে ৰোমিও-জুলিয়েটবোৰে চকীত বহি বহি চিচাৰ গিলাচ দুটা লগাই ইজনে সিজনক চিয়েৰচ দিছে৷ মনতে ভাবিলে অলপ আগত অহা হ’লে ভাল আছিল, চকীত বহিবলৈ পালোঁ হয়৷ এতিয়াতো উপায় নাই৷ তাৰ নিজৰ গিলাচটো ভূৰ্ভুৰীৰ ফালে আগুৱাই দি সজোৰে ক’লে—-” মূঢ়াচচচ”

এইবাৰ তীখৰৰ ভিনদেউৰ কথা, পাঠক ধনী মানুহ৷ টকা-কড়ি একোৰে অভাৱ নাই৷ পিছে তেওঁক মানুহে পাত্তা অলপ কমকৈ দিয়ে৷ কাৰণটোও সেই পুৰণিকলীয়াই৷ পাঠকৰৰ হেনো ভাষাজ্ঞান নাই৷ শুদ্ধ অসমীয়া ক’বই নাজানে হেনো৷ যিমানেই টকা-কড়ি নাথাকক কিয়, ভালকৈ এক্সপ্ৰেচন দি, সঁচাই মিছাই দুটামান ইংৰাজী ক’ব নোৱাৰিলে কিহৰ ধনী মানুহ? সেই দেখি পাঠকৰ বৰ দুখ৷ বৰপেৰাত থৈ দিয়া ৫ কিলোগ্ৰাম সোণেও সুখ দিব নোৱাৰা অৱস্থা৷ সেয়ে এইবাৰ উজনিলৈ যাওঁতে প্ৰতিজ্ঞা কৰি কৰি গ’ল কোনো কাৰণতে কথিত ভাষাত কথা নকয়৷ যি ক’ব একেবাৰে প্ৰপাৰ অসমীয়াতে ক’ব৷

বোকাখাতত গগৈৰ হোটেলতে চাহ খাবলৈ সোমাল কলিতা৷ ভাবিলে প্ৰেকটিচ এতিয়াৰ পৰাই কৰা হওক৷ বয়টোক মাতি ক’লে, “ভাইটী মোক চাহ আৰু নিমোকি এখন দিয়াচোন৷” বহু সময় পাৰ হ’ল৷ বাকী সকলো গ্ৰাহকে চাহ খালে৷ কলিতাৰহে চাহ নাহিল৷ কলিতাই আকৌ মাতিলে, “ভাইটী মোক চাহ আৰু নিমোকি এখন দিয়াচোন”৷ এইবাৰো চাহ নাহিল৷ পাঠকৰৰ খং উঠিল৷ খঙতে মাতিলে, “ভাইটী মোক চাহ আৰু নিমোকি এখন দিয়াচোন” গগৈয়ে গতি-বিধিবোৰ চাই আছিল…… বয়টোক ক’লে, “ঐ ভোকন্দি, খুড়াক চাহ আৰু নিমকি এখন দে বেগেতে৷ ক’ত মৰিলি কটা নিধক!” পাঠক বিগলিত অন্তৰেৰে কৈ উঠিল, ” হাউ বাপা তুহুনো ‘নিমকি’ কোৱা?”

এইবাৰ নিজৰ অনুভৱৰ ডায়েৰীৰ পৃষ্ঠা লুটিয়াই

ভালেমান দিন আগৰ কথা৷ জুলাই মাহৰ তৃতীয় সপ্তাহ৷ প্ৰচণ্ড গৰম৷ দিল্লীলৈ গৈছিলো দেউতাৰ লগত কিবা এটা বিশেষ কামত৷ ভূতৰ ওপৰত দানৱৰ অত্যাচাৰৰ লেখিয়াকৈ ট্ৰেইনখনো প্ৰায় ৭-৮ ঘণ্টা পলমকৈ চলিছিল৷ যি কি নহওক, দিল্লী গৈ পালোঁ৷ দেউতাৰ গা ভালে নাছিল৷ ২৭ ঘণ্টাৰ ঠাইত ৩৪-৩৫ ঘণ্টা সময় লগাত দেউতা অতিষ্ঠ হৈ পৰিছিল৷ হোটেল পালোঁ, অসমতে বুক কৰি গৈছিল দেউতাই৷ নিশাৰ আহাৰৰ বাবে ওলাই গ’লো হোটেলৰ গাতে লাগি থকা ” পংখুড়ি” নামৰ ৰেষ্টুৰেণ্টলৈ৷

বেছিভাগ অসমীয়া- বঙালী মানুহৰেই আহ-যাহ বেছি ৰেষ্টুৰেণ্টখনত৷ ভাগৰৰ কোবত মুখেৰে মাত নোলোৱা হৈ আছিল৷ মনে মনে গৈ টেবুল এখনত বহিলোঁ৷ আমাৰ সন্মুখৰ টেবুলত অসমীয়া পৰিয়াল এটা৷ তেওঁলোকে খোৱা বস্তুৰ অৰ্ডাৰ দি কথা পাতি আছিল৷ দুজনী জীয়ৰীৰ সৈতে মাক- দেউতাক৷ ডাঙৰজনী ছোৱালীৰ বয়স ১৭-১৮ আৰু সৰুজনী ছোৱালীৰ ১২-১৩ বছৰমান হ’ব৷ কেউজনৰে পিন্ধনত জীনছ আৰু টি চাৰ্ট৷ সন্মুখত চাৰিটা মোবাইল ফোন৷ তাৰে দুটা ন’কিয়া লুমিয়া৷ লাহেকৈ দেউতাক দেখুৱালোঁ, “মোকো এনেকুৱা এটা লুমিয়া কিনি দিবা?” দেউতাই চকু পকাই ধৰিলে৷ দেউতাৰ মতে মোবাইল কথা পাতিবলৈহে লাগে৷ দামী ফোন লৈ বাহাদুৰি দেখুওৱাৰ কোনো প্ৰ্য়োজন নাই৷ দেউতাৰ মতেৰে তোৰ লেপটপ আছে, প্ৰ্য়োজনত ফটো তুলিবলৈ কেমেৰা আছে আনকি চলিত মোবাইল ফোনতো কেমেৰা আছে, লুমিয়াৰ প্ৰয়োজনেই বা ক’ত? মানুহে প্ৰয়োজনত হে বস্তু ল’ব লাগে৷ খং উঠি আহিল৷ ভাষণ শুনিব লাগিব বুলি আশা কৰা নাছিলোঁ৷ মুখখন ফুলাই দিলোঁ৷

পৰিয়ালটোৱে কথা পাতি আছে৷ বাহিৰত অসমীয়া মাত কথা শুনিলে খুবেই ভাল লাগে৷ ডাঙৰ ছোৱালীজনীয়ে দেউতাকক সুধিলে, “পাপা, দেলহি কোনটো ৰিজিওনত পৰে?” দেউতাকে মোৰ অতিকৈ হেঁপাহৰ লুমিয়া ৭২০ লিৰিকি বিদাৰি ক’লে, “নৰ্থ ইষ্ট আক’, তাকো নাজাননে?” ছোৱালীজনীয়ে ক’লে, ” নহয় নহয় হ’বই নোৱাৰে৷ দেলহি চাগৈ নৰ্থত হয়”৷ দেউতাক যথেষ্ট উষ্মাৰে, “তই বেছি জান’ নেকি? অসমৰ পৰা দেলহিলৈ নৰ্থইষ্ট ট্ৰেইন আছে৷ চেইম ৰিজিওন নহ’লে কিয় থাকিল হয় ট্ৰেইনখন” আমাৰ দেউতাই মোৰ মুখলৈ চালে মাথোঁ৷ একো নক’লে৷

দেউতাই সৰুতে কোৱা কথা এষাৰলৈ মনত পৰি গ’ল৷ আব্ৰাহাম লিংকনৰ পত্নীয়ে যেতিয়া আব্ৰাহাম লিংকনৰ লগত বিয়া হ’ব বুলি সিদ্ধান্ত লৈছিল তেতিয়া ইমান কুৰূপ মানুহৰ লগত কেনেকৈ বিয়া হ’ব বুলি মেৰী লিংকনৰ বায়েকহঁতে মেৰীক তিৰষ্কাৰ কৰিছিল৷ তেতিয়া মেৰী লিংকনে প্ৰত্যুত্তৰ দিছিল, “Some men are beautiful before they open their mouth and some are beautiful after they open their mouth” মনটো ফৰকাল হৈ উঠিল৷ ফুলি থকা মুখখনো স্বাভাৱিক অৱস্থালৈ আনিলোঁ৷ বেগৰ ভিতৰত সোমাই থকা মোৰ কোম্পানীৰ নাম পৰ্য্যন্ত উঠি যোৱা আৰু কিপেডৰ আখৰবোৰো আন্দাজত পঢ়িব লগা হোৱা মোৰ চেলফোনটোলৈ মৰম লাগি গ’ল৷

☆★☆★☆

One comment

Leave a Reply

Your email address will not be published. Required fields are marked *