ফটাঢোল

ট্ৰেফিকজাম, এখন ফুলা লুচি আৰু সি – পৰিস্মিতা বৰদলৈ

সন্ধিয়াৰ এই সময়খিনি ৰাজীৱৰ বৰ বিৰক্তি লাগে৷ অফিচৰপৰা ঠিকেই ওলাই আহে সময়মতে৷ পিছে ৰাস্তাত ট্ৰেফিকজামৰ ভুতটোৱেহে তাৰ গাড়ীখনক পৰুৱাই পোৱা মানুহৰ দৰে ঘূৰাইলৈ ফুৰায়, আকৌ কেতিয়াবা গৰুগাড়ীতকৈও শ্ল’ ম’শ্বনত গাড়ীখনক পথ নিৰ্দেশনা দি গৈ থাকে৷ এনেকৈ যাওঁতে বাটতে যদি কেতিয়াবা তাৰ সৰুপানী চুবৰ টেন‌ডেন্সি যদি আহে তেন্তে হৈ গৈছে! আৰু সেইদিনা ঘৰ পায়গৈ মানে শ্ৰীমতীৰ মুখখনেই এখন ফুলা লুচিৰ ৰূপ লৈ ভাজিৰ লগত খাব পৰা হৈ থাকে৷

আজিও ৰাজীৱ অফিচৰপৰা ওলায়ে মেইন ৰাস্তাটোৰে নগৈ বেলেগ এটাইদি যিটোত নেকি ট্ৰেফিক জামৰ সম্ভাৱনা কিছু কম বুলি তাৰ সহকৰ্মীৰ মুখেৰে শুনিছে সেইফালেদিয়েই গাড়ী পোনালে৷ পাছে অলপদূৰ গৈয়ে এয়া কি? আগন্তুক বিশ্ব পৰিবেশ দিৱসৰ সৈতে সংগতি ৰাখি ঠায়ে ঠায়ে বৃক্ষৰোপণ কাৰ্য্যসূচী৷ এইখিনিলৈকে বাৰু কথাটো ঠিকেই আছে যে পৰিবেশ ৰক্ষণাবেক্ষণৰ হকে গছ ৰোৱাটোৰ পৰিপন্থী সি নহয়৷ পাছে সমস্যাটো তেতিয়া আহিল যেতিয়া দেখিছে গছ ৰুইছে কোনোবাই আৰু শেহতীয়া মডেলৰ গাড়ীৰপৰা ভব্য গব্য যেন লগা পুৰুষ মহিলাই আহি পুলিবোৰৰ ওচৰতে বহি বা কুঁজা হৈ পজ দি ফটো মাৰিছে৷ মুখত এসোপামান মেকআপৰ প্ৰলেপ লৈ “নেচাৰেল” দেখুৱাবলৈকে আকৌ কোনো কোনো সুন্দৰী মহিলাই ব্লাচাৰধন্য দুগালত মাটি অকণমানো লগাই লৈছে৷ এইবোৰ “নৌতংকী” কৰি থকাৰ বাবেই ৰাজীৱে গাড়ীখন না আগুৱাই যাবলৈ পাৰিছে না ভিৰৰপৰা উলিয়াই আনিব পাৰিছে৷ নিৰূপায় হৈ সি মুৰে কপালে হাত দি গাড়ীখনৰ ভিতৰতে বন্দী হ’বলগীয়াত পৰিছে৷ এপাকত ঘৰত থকা ফুলা লুচি তৃষাৰ কথাও মনত পৰাত তাৰ ভয়তে হাতভৰিও লুকাইছে৷

(২)

তৃষাই লিপষ্টিক লগাই থাকিয়েই হাজবেন্দ ৰাজীৱক ক’লে, “আহি পালা?” কৰ্মব্যস্ত দিনটোৱে জুৰুলা কৰি তোলা ৰাজীৱে চকীখনত হেলান দি মূৰ দুপিয়ালে। অৱশ্যে আজি ফুলালুচিৰ পৰিৱৰ্তে হাঁহিচম্পাৰ দৰে মুখৰ তৃষাক দেখি অলপ আচৰিতো হ’ল সি৷ পাছে ভাগৰত মুখৰ যেন মাতেই নোলাব এনেকুৱা লাগিল তাৰ। বনকৰা ল’ৰা ৰাজুৱে তাৰ মালিকনী বাইদেউৰ নিৰ্দেশমৰ্মেই তাৰ চাৰক কফি একাপ দিলেহি। আচলতে এইসময়ত তাৰ নেমু চৰবত এগিলাছৰহে প্ৰয়োজন হৈছিল, পিছে ৰাজুক চাগে তাৰ মালিকনীয়ে বেলেগ কামত লগাইছেই ইতিমধ্যে। মালিকনীতো এতিয়া সাজোন-কাচোনত বিজি। তাৰ নিজৰো গাত কিবা শক্তি নাইকিয়াৰ দৰে হৈছে। এইকেইদিন টাৰ্গেট পূৰ কৰিবলৈ চেল্ছৰ বাবে ক্লায়েন্তৰ চিকাৰত কি কি ঠাইলৈ যে যাবলগীয়া হোৱা নাই তাৰ! প্ৰাইভেট বেংক এটাৰ চেল্ছ মেনেজাৰ ৰাজীৱ। এটা মোটা অংকৰ দৰমহা পায় ঠিকেই কিন্তু তাৰ বাবে ৰ’দ বৰষুণ কাতি কৰি দৌৰি ফুৰিবলগীয়া হয় চেল্ছৰ বাবে। টাৰ্গেট পূৰ কৰিলেতো কমিচনো পায় বুজন পৰিমাণৰ। কেতিয়াবা তাৰ নিজৰ ওপৰতে খঙো নুঠা নহয় কিমান কি যে কৰিব লগা হয় প্ৰডাক্ট এটা বিক্ৰী কৰিবলৈ! আটাইতকৈ খং উঠে তেতিয়া যেতিয়া একেজন ক্লায়েন্তে আজি কৰিম, কাইলৈ কৰিমকৈ দৌৰাই থাকে। তেতিয়া চায়েঞ্চৰ ফাৰ্ষ্ট ক্লাচ গ্ৰেজুৱেট, এম.বি.এ কৰা ৰাজীৱৰ আত্মসন্মানত লাগে। কিন্তু উপায় নাই। এইটো পেচাই তাক তাৰ চৌখিন পত্নীৰ প্ৰতিটো আব্দাৰ পুৰাই থকাত সহায় কৰিছে, যিটো বেলেগ এটা চাকৰিয়ে কেতিয়াও নোৱাৰিলেহেঁতেন, সেয়েহে সি হাজাৰ শাৰীৰিক কষ্টক আওকাণ কৰিও, কেতিয়াবা আত্মসন্মানত আঘাত লাগিলেও চাকৰিটো কৰি আছে, কৰি থাকিবলগীয়া হৈছে।

“হে’ৰা, তুমিচোন কফি নাখালাই।” গালত ব্লাচাৰ লগাই থাকিয়ে তৃষাই ক’লে।

“অহ্ মনেই নগ’লচোন।”

“আচ্ছা মোৰ হৈছে আৰু কাপোৰযোৰ পিন্ধিলেই হ’ব। তুমি ফ্ৰেচ হৈ ৰেডি হোৱা। আচ্ছা তাৰ আগতে কি পিন্ধো কোৱানা।”

এইবুলি তৃষাই একদ’ম হেঙাৰত ওলোমাই থোৱা ড্ৰেচ তাৰ চকুৰ আগত মেলি ধৰিলে। সি অলপ পৰ ভেবা লাগি চাই ৰ’ল আৰু ভাবিব ধৰিলে ক’তনো যোৱাৰ কথা আছিল আজি তাৰ, মনতেই পৰা নাইচোন! ইফালে ইমান পৰে ট্ৰেফিকজামৰো বাপেক সেইহেন বাটটো অতিক্ৰম কৰি কোনোমতে সি ঘৰ সোমাইছেহে৷ আকৌনো ক’ত যাবলগীয়া আছিল! নাঃ কোনোপধ্যেই মনত পৰা নাই তাৰ৷

তাই যেন তাৰ মনৰ কথা বুজি পালে আৰু কৈ উঠিল,”অহ বেবী, আকৌ পাহৰিলা তাৰমানে ন? কিয় মোৰ বাহিৰত পিন্ধি ওলাই যাবলৈ ভাল ড্ৰেচেই নাই চ’ তুমি মোক আজি শ্বপিং কৰিব নিয়াৰ কথা নাছিল? আচ্ছা ,বাদ দিয়া এতিয়া জলদি চিলেক্ট কৰি দিয়া কি পিন্ধো?”

উহ এটা হেক্ট্ৰক ডে ৰ পিছত অলপমান আৰাম ল’ব বুলি ভাবিছিল, পিছে নহ’ব আৰু, এইবুলি মনতে ভাবি তৃষাক যিকোনো এযোৰ ড্ৰেচ “এইযোৰকে পিন্ধা” বুলি আঙুলিয়াই দি সি টাৱেলখন লৈ বাথৰুমত সোমাল। ফ্ৰেচ হৈ আহি দেখে তৃষাই নেইল পলিচ লগাই আছে খুব সাৱধানে। এইসময়তহে তাৰ চাহ একাপৰ প্ৰয়োজন হৈছিল। পিছে এতিয়া আৰু সেই আশা বাদ দি তৃষাৰ “মই ৰেডী” ইচাৰাত সিও গেৰেজলৈ বুলি গাড়ীখন উলিয়াবলৈ উদ্যত হ’ল। মনে মনে ভগৱন্তক সি চিন্তিবলৈ ধৰিলে,“হে’ প্ৰভু এইবাৰ যেন আৰু ৰাস্তাত কোনো পয়মাল নঘটে৷”

☆★☆★☆

Leave a Reply

Your email address will not be published. Required fields are marked *