কৌতুক – জ্ঞান বৰদলৈ
সন্মুখত এজনী পাতিহাঁহ আৰু কেইগৰাকীমান ফটাঢোলৰ সদস্যৰ মনৰ বিশ্লেষণ তথা প্ৰতিক্ৰিয়া :-
বিজয় :- মুখত লেলাৱতী, হাত চিধাই হাঁহৰ নেলুত (মনত ভাব, হে প্ৰভু, আজি আলহী নাহিলেই হ’ল)
ৰিন্টুমণি :- তেল কিমান ওলাব বাৰু !
ডা: পাৰ্থ সাৰথি :- কলেষ্টেৰলটো চেক কৰি লওঁ।
এ. গোস্বামী :- ই চীনা নে দেশী?
(জাতীয়তাবাদী ভাৱধাৰা)
নিৰ্মালী বৰমুদৈ :- চেল্ফী উইথ কিউট ডাক।
ঊষামনি কাকতী :- কলপাত এখন লওঁ, ডি.এচ.এল.আৰ. টো বা ক’ত থাকিল !
জ্যোতি ৰূপম :- হাঁহৰ মালিকলৈ এখন চিঠি ।
খনীন্দ্ৰ ভূষণ :- এটা কবিতা “মৃত্যু সমাগত”
হেকাদা :- ককাই কৰা ভুলটো আকৌ নকৰো, কণি এটা পৰালৈ অপেক্ষা কৰোঁ। কি ঠিক সোণৰো হ’ব পাৰে!
☆★☆★☆