ফটাঢোল

খালত সোমোৱা চেল্ফি – কুকি কল্পিতা মহন্ত

যোৱাবছৰৰ ছেপ্টেম্বৰ মাহৰ কথা। মোৰ হোষ্টেলৰ দৰ্জাৰ মুখতে থকা ৰুমৰ আৱাসী, মোৰ সুখ দুখৰ লগৰী, ৰাতিপুৱাৰপৰা গধূলিলৈকে যাৰ লগত দুৱাৰখন মেলি বাৰ্তালাপ কৰি কৰিয়ে কটাওঁ, চাহ ভাত চব একেলগে খাওঁ, আমাৰ সকলোৰে মৰমৰ সুকণ্যা বা গৱেষণাৰ কাম সামৰি হোষ্টেল এৰি একেবাৰে ঘৰলৈ যাবলৈ ওলাল। ইতিমধ্যে মোৰো গৱেষণাৰ কাম শেষ হওঁ হওঁ। ময়ো অলপ দিনৰ পাছত হোষ্টেল এৰাৰ কথা। যিমানেই হোষ্টেল এৰিবৰ সময় চমু চাপি আহিছিল সিমানেই কিবা হোষ্টেলৰ ৰুমটোৰ প্ৰতি মোহ বাঢ়ি আহিছিল।

সুকণ্যা বা আমাৰ আটাইকেইজনীৰ ভিতৰত সোনকালে যাবলৈ ওলাল। মনবোৰ কিবা সেমেকি আহিছিল। জোৰ কৰি কৰি বা যোৱাৰ কেইবাটাও তাৰিখ সলনি কৰােৱালো। আৰু লগ নাপাম বুলি হোষ্টেলৰপৰা ৰেষ্টুৰেণ্টলৈকে কেইবাঠাইতো পাৰ্টি কৰা হৈ গ’ল। তথাপি হেঁপাহ নপলাই হে নপলাই আমাৰ। শেষত বাৰ দেউতাকৰ খং উঠি “এইবাৰ নাহিলে অকলে আহিবি। মই আনিবলৈ যাব নোৱাৰো” বুলি কোৱাত উপায় নাপাই ২৫ ছেপ্টেম্বৰৰ দিনা যাবলৈ বুলি ঠিক কৰিলে। সকলো ঠিকেই চলি আছিল। পিছে যোৱাৰ আগদিনাৰপৰা কিনো হ’ল জানো, তাইৰ মুখখনকে চাব নোৱাৰা হ’লো। দেখিলেই ডিঙি বিষাই চকুপানী বৈ আহে। দিনটো আমি নিজৰ নিজৰ কামত লাগিলো। বাও পেকিং কৰাত ব্যস্ত থাকিল। ৰাতি ভাত খাই উঠি নিজৰ ৰুমতে বহি বহি পুৰণা স্মৃতি ৰোমন্থন কৰিবলৈ লাগিলো। মনবোৰ বেয়া লাগি লাগি আহি থাকিল। হোষ্টেলৰ ওচৰতে থকা বিষ্ণুৰাভা ৰঙ্গমঞ্চৰপৰা দুটামান গীতৰ কলিৰ লগতে ল’ৰা ছোৱালীৰ চিঞৰ ভাহি আহিল।

ৰঙ্গমঞ্চটো সেই ঠাইত নতুনকৈ পতাৰপৰা আমাৰ শুবলৈ শান্তি নোহোৱা হ’ল। অনবৰতে ইউনিভাৰ্ছিটিত কিবা নহয় কিবা প্ৰগ্ৰাম চলিয়ে থাকে।

ৰাতি প্ৰায় ১২ মান বাজিবৰ হৈছিল তেতিয়া। হঠাৎ সুকণ্যা বায়ে আহি দৰ্জাত ‘নক’ কৰিলেহি। মই দুৱাৰখন খুলি দিয়াত তাই সোমাই আহি ক’লে “আমি ‘ৰক শ্ব’ চাবলৈ যাওঁ ব’লা। আজি বোলে মুম্বাইৰপৰা এটা বেণ্ড আহিছে আৰু বহুত ধুনীয়া ধুনীয়া গান গাইছে। এবাৰ চাই আহোঁ ব’লা। আজি মোৰ ইউনিভাৰ্ছিটিত শেষ দিন। অলপ এঞ্জয় কৰি আহো ব’লানা। হোষ্টেলৰ বহুত ছোৱালী যোৱা দেখিছোঁ। ব’লা যাওঁ।”

যাবলৈ বৰ এটা মন যোৱা নাছিল যদিও তাই ইমানকৈ মন কৰা দেখি যাওঁ বুলি ওলালো। কাষৰ ৰুম দুটাৰ লাইট অফ দেখি লগৰ দুজনীক নজগালো। ‘টপ ফ্লৰ’ৰ মনালিছাবা আৰু ডলিবাও ওলাল আমাৰ লগত যাবলৈ।

লৰালৰিকৈ ওলাই গৈ ৰঙ্গমঞ্চ পালোগৈ। ইতিমধ্যে মুম্বাইৰপৰা অহা ‘বেণ্ড’টোৱে চাৰি পাঁচটামান গীত পৰিবেশন কৰিছিল। গোটেই ইউনিভাৰ্ছিটিৰ ল’ৰা ছোৱালী আনন্দত মতলীয়া হৈ আছিল। সকলোৱে নিজৰ লগৰীয়াৰ সৈতে মিলি গ্ৰুপ গ্রুপ হৈ নাচি আছিল। আমি সিহঁতৰপৰা অলপ আঁতৰত ৰৈ গান শুনি শুনি অতীতৰ দিনৰ কথাবোৰ সুঁৱৰিলো। মাষ্টাৰ ডিগ্ৰী পঢ়ি থকাৰ সময়ত আমিও এনেকৈ লগৰবোৰৰ লগত মিলি খুব ফূৰ্তি কৰিছিলো। পি এইছ ডি কৰিবলৈ অহাৰপৰা প্ৰায় সময় আৰু সংগৰ অভাৱত প্ৰগ্ৰাম চাবলৈ অহা নহয়েই বুলি ক’লেও মিছা কোৱা নহ’ব। লাহে লাহে ‘ৰক বেণ্ড’টোৱে ইমান সুন্দৰ সুন্দৰ গান গাবলৈ ধৰিলে যে নানাচি থাকিব নোৱাৰিলো। প্ৰায় এক ঘণ্টামান চিঞৰি চিঞৰি সিহঁতৰ লগত গান গাই গাই জঁপিয়াই জঁপিয়াই নাচি হাত ভৰি যেতিয়া বিষাবলৈ ধৰিলে তেতিয়াহে ঘড়ীটোলৈ চাই দেখোঁ একবাজি গ’লেই দেখোন। ইফালে ৰাতিপুৱাতে সুকণ্যাবা যোৱাৰ কথা।

লৰালৰিকৈ হোষ্টেলৰ ফালে যাবলৈ বুলি লওঁতেই দেখা পালো বৰ সুন্দৰকৈ সজাই থোৱা ফটো ফ্ৰেম এটা। ওচৰতে কিছুমান বটল ৰং কৰি লাইট দি গছত ওলোমাই সুন্দৰকৈ সজাই থোৱা আছিল। ফটো তোলা ইমান ধুনীয়া সুবিধা পালে আৰু আমি ছোৱালীবোৰ ৰৈ থাকিব পৰোনে! লৰালৰিকৈ গৈ ফটো ফ্ৰেমৰ ওচৰত হাজিৰ হ’লো। পিছে আমাৰ দেখোন পাল নাহেহে নাহে। প্ৰেমিক প্ৰেমিকা এহালৰ ফটো উঠি নোহোৱাই হ’ল। দুই তিনিবাৰ সিহঁতক তোমালোকৰ ফটো তোলা হ’লনে বুলি সুধিলোহে সুধিলো, নাই সেইকেইটাই আমাক পাত্তায়ে নিদিলে। প্রায় দহ পোন্ধৰ মিনিট অপেক্ষা কৰিও সুবিধা নাপাই এইবাৰ জোৰ জবৰদস্তি গোটেইকেইজনী ফটো ফ্ৰেমৰ ভিতৰত সোমাই পৰিলো। ক্ষীণমীন ছোৱালীজনীৰ ফটোৰ মাজত আমি হাতীকেইজনী ভোটা তৰা জিলিকাৰ দৰে জিলিকিবলৈ ধৰিলো। উপায় নাপাই সিহঁতকেইটা আঁতৰি গ’ল।

এইবাৰ আৰু আমাক কোনে পায়। খুব ফটো তুলিলো গোটেইকেইজনীয়ে। ভাগে ভাগে ফটো মাৰি শেষ হোৱাত যাবলৈ ল’লো। তেনেতে সুকণ্যাবাৰ ফটো ফ্ৰেমৰ পাছফালে থকা বটলকেইটাৰ লগতো চেল্ফি এখন উঠিবৰ মন গ’ল। মই মোবাইলটো লৈ চেল্ফি ল’বলৈ ল’লো। ডলিবা আৰু মনালিছাবা মোৰ পাছফালে ঠিয় হ’ল। সুকণ্যাবা এতিয়া ফটোৰ ভিতৰত নোজোৰেহে নোজোৰে। মানুহ ওলালে বটল নোলাই বটল ওলালে মানুহ নোলায়। কোনফালেদি সোমালে ফটোত ভালকৈ ‘ফিট’ হ’ব চাই মেলি তাই মোৰ হাতৰ ওপৰেদি যেনে তেনে মুখখন উলিয়ালে। ফটোখন উঠিবলৈ মোবাইলত টিপাতো মাৰোতেই ঘপকৈ মই দেখো তললৈ সৰি পৰিলো আৰু মোৰ মূৰৰ ওপৰেদি জোৰত কিবা এটা পাৰ হৈ যোৱাৰ দৰে লাগিল। মোৰ চছমাজোৰ গৈ চকুৰপৰা মূৰৰ ওপৰত বেঁকা হৈ লাগি থাকিল। ততমুহূৰ্ততেনো কি হ’ল তলকিবই নোৱাৰিলো। ভালকৈ চছমাজোৰ টানি আনি চকুত লগাই আন্ধাৰত তললৈ জুপি চাই দেখোঁ সেয়া দেখোন সুকণ্যা বা। প্ৰকাণ্ড গাঁত এটাৰ আধা দ’ত মই পৰি আছিলো আৰু সুকণ্যা বা একেবাৰে গাঁতৰ তল পালেগৈ। ফটো তোলাৰ উৎপাতত আমি ইমানেই ক’ব নোৱাৰা হৈ আছিলো যে, ফটো ফ্ৰেমটো যে এটা পানী যোৱা পুলৰ ওপৰত আছিল আমি গমেই নাপালো। তাতে ৰাতিৰ আন্ধাৰ। পুলৰ শেষৰ অংশত ওলমি আছিল আমি ফটো উঠাবলৈ লোৱা ৰং বিৰঙী বটলখিনি। সেয়ে বটলখিনিৰ ওচৰতে ভৰি পিছল খাই মই একেবাৰে পানী যোৱা নলাটোতে সোমালোগৈ আৰু ফটোত প’জ দি মোৰ গাতে ভেজা দি ৰৈ থকা সুকণ্যাবা মোৰ গাৰ ওপৰেদি পাৰ হৈ গৈ একেবাৰে নলাৰ তলত পৰিলগৈ।

মোৰ যি হয় হওক, মোবাইলটোত পানী নোসোমাওক বুলি তাক ওপৰলৈ দাঙি ধৰি থাকিলো মই। ওপৰৰপৰা উদ্ধাৰকাৰী দলৰ ডলিবা আৰু মনালিছাবায়ে মোৰ হাতৰপৰা মোবাইলটো লৈ আমাৰ দুয়োজনীক ওপৰলৈ উঠাবলৈ আপ্ৰাণ চেষ্টা কৰিবলৈ ধৰিলে। সিহঁত দুজনী আছিল ক্ষীণ মীন ছোৱালী আৰু আমি খালত পৰা দুজনী আছিলো হাতীৰ জোখৰ। ক’ত আৰু সিহঁতে আমাক ওপৰলৈ টানে, বৰঞ্চ সিঁহতো ওলোটাই খালত সোমাওঁ সোমাওঁ অৱস্থা। তেনেতে ওচৰতে ৰৈ থকা ল’ৰা দুটাই দুহাতেৰে টানি যেনিবা মোক উঠালে। পিছে সুকণ্যাবা ইমানেই তলত আছিলগৈ যে সিহঁতেও টানি উলিয়াব নোৱাৰি বেলেগ শকত ল’ৰা এটাক মাতি আনি টনোৱাই যেনে তেনে যেনিবা তাইক উদ্ধাৰ কৰিলে। খালৰপৰা ওলোৱা সুকণ্যাবাৰ পিঠিত গোটেই বোকা পানী লাগি তাই গোটেইজনী গেলা গেলা গোন্ধাবলৈ ধৰিলে। উদ্ধাৰকাৰী দলৰ ল’ৰাকেইটাই নাকত ধৰি মুখ চুখ বিকটাই আঁতৰি গ’ল। আমি গোটেইকেইজনী হাঁহি হাঁহি বাগৰি পৰিলো। মনতে ভাবিলো এতিয়া আমাৰ অসমৰ নিউজ চেনেলকেইটাই আমাক পোৱা হ’লে “ডিব্ৰুগড় বিশ্ববিদ্যালয়ত মদ খাই মাতাল হৈ থকা যুৱতী ৰাতি এক বজাত গেলা নলাত উদ্ধাৰ” বুলি টেঁটু ফালি ফালি চিঞৰিলেহেঁতেন।

তেনেতে দূৰৈত আমি ফটো ফ্ৰেমৰ ওচৰৰপৰা খেদি পঠোৱা ল’ৰা-ছোৱালীহালে আমালৈ চাই হাঁহি থকা দেখিবলৈ পালো। সিহঁতে চাগৈ ভাবিছিল আমাক খেদিছিলি নহয়, পা এতিয়া মজা। মনতে ভাবিলো হাঁহ হাঁহ বোপাইহঁত, ফ্ৰীতে ইমান ‘এণ্টাৰতেইনমেণ্ট’ ক’ত পাবি! বায়েৰহতৰ জহতে অলপ ভালকৈ হাঁহি ল’।

মোৰ কাপোৰ কানি ইমান লেতেৰা হোৱা নাছিল যদিও সুকণ্যা বাৰ পাছফালটো একেবাৰে চাবলগা হৈছিল। ইফালে ভেকেটা ভেকেট গোন্ধ। হোষ্টেললৈ বুলি যাবলৈ লওঁতেই সুকণ্যা বায়ে চিঞৰি উঠিল “ৰ’বা আকৌ বটলৰ লগত চেল্ফিখন মাৰি যাওঁ”। খালৰপৰা ওলাইও সুকণ্যা বাৰ চেল্ফি মৰাৰ জ’ছ দেখি আমি কেইজনীয়ে তবধ মানিলো। এইবাৰ আকৌ পৰো বুলি পুলটোৰ ওপৰতে গোটেইকেইজনী বহি লৈ চেল্ফি এখন মাৰিহে শান্তি পালো। সুকণ্যা বায়ে ফটোখনত অকল নিজৰ মুখখনহে উলিয়ালে। লেতেৰা কাপোৰবোৰ আমাৰ গাৰ পাছফালে লুকুৱাই ল’লে।

হোষ্টেললৈ আহি কাপোৰ কানিৰপৰা মূৰৰ চুলিলৈকে গোটেইসোপা দুই তিনিবাৰ কৈ চাবোন চেম্পু লগাই ধোৱাতহে গেলা গোন্ধ আঁতৰিল।

ৰাতিপুৱা সুকণ্যা বায়ে, ডলি বা আৰু মনালিছা বাক আমিনো কেনেকৈ পৰিছিলো সুধিলত সিহঁত দুজনী হাঁহিত বাগৰি বাগৰি একো ক’বই নোৱাৰা হ’ল। বহুত দেৰি মূৰত ক’লেগৈ বোলে আমাৰ দুজনীক হেনো আগদিনা “জেক এণ্ড জিল”ৰ দৰে লাগিছিল।

ঘটনাটো মনত পৰিলেই হাঁহি উঠে। চেল্ফি তুলিবলৈ গৈ পানীত পৰা মানুহক পাগল বুলি হাঁহোতে আমি নিজে গৈ চেল্ফিৰ লগত খালত সোমাই লোকৰ হাঁহিয়াতৰ পাত্ৰ হ’ব লগা হ’ল।

☆★☆★☆

6 Comments

  • হাঃ হাঃ, বিৰাট হাঁহিলোঁ। বিশেষকৈ খালৰ পৰা উঠিও চেল্ফি তোলাৰ হাবিয়াসটো দেখি—-
    এইবোৰেই মধুৰ স্মৃতি।

    Reply
    • কুকী কল্পিতা মহন্ত

      ধন্যবাদ বাইদেউ। ফটো উঠিবলৈ পালে একো নালাগে আৰু আমাক। লগৰ বোৰৰ লগত উৰি থাকো একেবাৰে। সেই দিনটো মধুৰ হৈ থাকি গল আমাৰ মনত।

      Reply
  • ৰাজশ্ৰী শৰ্মা

    হা‌ঁহি মৰিছো কুকি। সঁচাকৈয়ে ফটো তোলাৰ বাবে কুছ ভি কৰেগা মানে ন

    Reply
    • কুকী কল্পিতা মহন্ত

      একদম। ফটোৰ কাৰণে কুছ ভি????

      Reply
  • জ্ঞানদীপ খনিকৰ

    এইটো তামাম দেই… সাংঘাতিক লটি-ঘটি ..

    Reply
    • কুকী কল্পিতা মহন্ত

      ???নকব আৰু যি অৱস্থা।

      Reply

Leave a Reply

Your email address will not be published. Required fields are marked *