চাবিত্ৰী-চত্যবান উপাখ্যান – মণিষা কাকতি
অৱশেষত সেই দিনটো আহি উপস্থিত হ’ল। যুগ্মজীৱন আৰম্ভ কৰাৰ এটা বছৰ সম্পূৰ্ণ হ’ল আজি। চাবিত্ৰীয়ে এটা এটা দিন হিচাপ কৰি গৈ আছিল। বিভিন্ন পূজা-পাতলৰ ওপৰিও এবছৰ সম্পূৰ্ণ হোৱাৰ তিনিদিনমান আগৰপৰাই তাই ব্ৰত ৰাখিবলৈ আৰম্ভ কৰি দিছিল। আজিৰ দিনটো তাইৰ বাবে এক প্ৰত্যাহ্বান স্বৰূপ। এবছৰ আগতেই এই প্ৰত্যাহ্বানৰ মুখামুখি হ’বলৈ নিজকে সাজু কৰি তুলিছিল তাই।
পুৱাৰপৰাই মনটো ইচাট-বিচাট লাগি আছে তাইৰ। অজান আশংকাত মাজে মাজে বুকুখন দুৰু-দুৰুকৈ কঁপি উঠে। শোৱাপাটি ত্যাগ কৰি এফালৰপৰা নিত্য নৈমিত্তিক কামবোৰ কৰি গৈছে যদিও মনটো ভালদৰে কামত বহুৱাব পৰা নাই। বাৰে বাৰে পিতাকৰ আগত নায়’দে কোৱা বাক্যশাৰীলৈ মনত পৰি আছে। সঁচাকৈয়ে হ’ব নে তেনেকুৱা? আখৰে আখৰে ফলিয়াব নেকি কথাবোৰ? শাহুৱেক আৰু অন্ধ শহুৰেকক পুৱাৰ জলপান যতনাই দি নিজেও লৰালৰিকৈ গিৰিয়েক চত্যবানৰ লগত খাবলৈ বহিল। অইন দিনা হোৱা হ’লে গিৰিয়েকক খুৱাই বুৱাই কামলৈ পঠাই নিজে আজৰি হৈ আৰামত খাবলৈ বহিলহেতেঁন। কিন্তু আজিৰ কথা বেলেগ। চত্যবানে তাইৰ আচহুৱা আচৰণ লক্ষ্য কৰি আছিল যদিও ইমান সময়ে মনে মনে আছিল। কিন্তু যেতিয়া চাবিত্ৰীও তাৰ লগতে কামলৈ যাব ওলাল, তেতিয়াহে তাৰ মনটো চেবালে। স্বভাৱত অল্পভাষী চত্যবানে প্ৰথমে মানা কৰিলে, তাইক বুজাইয়ো চালে কিন্তু অৱশেষত তাইৰ ওচৰত হাৰ মানিলে। অগত্যা চাবিত্ৰীৰ নেৰানেপেৰা অনুৰোধত চিটি বাছত যোৱাৰ সলনি এখন উবেৰ বুক কৰি দুয়ো ঘৰৰ বাহিৰ ওলাল।
“মোৰ মূৰটো আচন্দ্ৰাই কৰিছে, গাটোও দেখোন কিবা অৱশ অৱশ লাগিছে।” — কিছুদূৰ যোৱাৰ পিছত হঠাতে চত্যবানে ক’লে।
এয়াই সময়, নায়’দৰ মুখৰ বাণী ফলিয়াবলৈ গৈ আছে। — চাবিত্ৰীয়ে মনে মনে ভাবিলে।
“একো নহয়, ভাল হৈ যাব। চাওঁ, মোৰ কোলাত অলপ শুই দিয়া।” — একাষৰীয়া কৰি চত্যবানৰ মূৰটো নিজৰ কোলাত পেলাই ল’লে চাবিত্ৰীয়ে। তাৰ পিছত ড্ৰাইভাৰক উদ্দেশ্যি ক’লে,
“দাদা, আমাক ওচৰৰ হস্পিতাল এখনত নমাই দিয়ক। এওঁৰ গা বেয়া, ডাক্তৰক দেখাব লাগিব এতিয়াই।”
“হস্পিতাললৈ নি লাভ নাই। এওঁ আজিৰপৰা আৰু সাৰ নাপায়। এয়াই শেষ নিদ্ৰা।” — ড্ৰাইভাৰৰূপী য়মে ক’লে।
চাবিত্ৰী চঁক খাই উঠিল। চত্যবানৰ যে আজি মৃত্যু ঘটিব সেয়া উবেৰৰ ড্ৰাইভাৰে কেনেকৈ জানিলে? প্ৰথমবাৰৰ বাবে ড্ৰাইভাৰজনৰ চেহেৰালৈ লক্ষ্য কৰিলে তাই। বিশাল শৰীৰ, ফুটাৰে নোম ওলাই থকা এটা প্ৰকাণ্ড নাক, নাকৰ তলত একোছা মস্ত মোছ, ডাঙৰ ডাঙৰ দুটা চকুৱে তাইৰ ফালেই চাই আছিল। ভয়ে ভয়ে তাই সুধিলে,
“আপুনি কেনেকৈ জানিলে এওঁৰ মৃত্যুৰ কথা? কোন আপুনি?”
“মই ‘য়ম’। বুকিং কৰোঁতে ড্ৰাইভাৰৰ নামটো মন কৰিলে তেতিয়াই গম পালা হয়। গাড়ীৰ নম্বৰো YP-9906।” — মুখত ইনটেলেকচুৱেল ভাব এটা আনি য়মে উত্তৰ দিলে।
“এতিয়া তুমি গাড়ীৰপৰা নামি দিয়া। তোমাৰ স্বামীৰ মৃত শৰীৰ আৰু আত্মাটো মই লৈ যাব লাগিব।” — য়মে পুনৰ ক’লে।
বুধিয়ক চাবিত্ৰীয়ে নিজকে চম্ভালি লাহে লাহে ক’বলৈ ধৰিলে,
“য়ম ডাঙৰীয়া, মোৰ কি ভাগ্য! আজি আপোনাৰ দৰে মহান পুৰুষৰ সাক্ষাৎ লাভ কৰিলোঁ। মানুহ মৰণশীল, জন্মিলে এদিন মৰিবই লাগিব। আপুনি নিঃসন্দেহে মোৰ স্বামীক লৈ যাওক, কিন্তু হে মহাশয়, কিছু সময় আপোনাৰ সংগত থাকি আপোনাৰ মুখৰ বহুমূলীয়া বাণী দুআষাৰ শুনাৰপৰা মোক বঞ্চিত নকৰে যেন।”
চাবিত্ৰীৰ মুখত নিজ প্ৰশংসা শুনি য়ম গদ্ গদ্ হৈ পৰিল। খুচ হৈ ক’বলৈ ধৰিলে,
“তুমি বৰ জ্ঞানী ছোৱালী। তোমাৰ কথাবতৰাই মোক মোহিত কৰিছে। চত্যবানৰ ‘জীৱন ভিক্ষা’ৰ বাহিৰে তোমাক কি বৰ লাগে কোৱা?”
চাবিত্ৰী যেন ৰৈহে আছিল।
“মহাশয়, মোৰ অন্ধ শহুৰ দেউতাৰ চকু দুটা ভাল কৰি.. এহ্ নালাগে! এনেয়ো বুঢ়া হৈছে, দুদিন পিছত নেদেখাই হ’ব। তাতকৈ ভায়েকহঁতৰ লগত চলি থকা মাটিৰ কেছটোতে তেওঁক জয়ৰ মুখ দেখাওক।”
“তথাস্তু! এতিয়া তুমি ঘৰলৈ উভটি যোৱা। মিছামিছি কষ্ট কৰিব নালাগে।” — মোলায়েম স্বৰত য়মে চাবিত্ৰীক ক’লে।
“হে মান্যবৰ, ক্ষমা কৰিব। মোৰ অকণো কষ্ট হোৱা নাই, বৰং মই নিজকে সৌভাগ্যশালী বুলিহে অনুভৱ কৰিছোঁ। পৃথিৱীৰ কোনো জীবিত লোকে বোধহয় এনেকৈ আপোনাৰ দৰ্শন লাভ কৰা নাছিল। মোক জীৱন ধন্য হৈ গ’ল।”
আগতে কোনেও য়মক এনেকৈ প্ৰশংসা কৰা নাছিল। আনন্দত মতলীয়া য়মে কৈ পেলালে-
“তোমাৰ বচনে মোক সন্তুষ্ট কৰিছে। বিনিময়ত আৰু এটা বৰ দিবলৈ বিচাৰিম। কি লাগে কোৱা?”
“ডাঙৰীয়া, পুত্ৰশোকত দগ্ধ বৃদ্ধ শহুৰদেউতাক সাংসাৰিক সকলো দায়িত্বৰপৰা মুক্তি দিয়াৰ স্বাৰ্থত তেওঁৰ সকলো সম্পত্তি একমাত্ৰ বোৱাৰী অৰ্থাৎ মোৰ নামত কৰি দিয়ক।”
“বাৰু, সেয়ে হওক। এতিয়া তুমি যোৱা। ইতিমধ্যে ভালেমান বাট আহিলোঁ আমি।”
“য়মজী, আপুনি বিচাৰিছে যদি সেয়ে হওক। মই এতিয়া বিদায় মাগিছোঁ তেন্তে। আপোনাৰ যাত্ৰা নিৰাপদ হওক।”
চাবিত্ৰী গাড়ীৰপৰা নামি য়মক ‘বাই’ ‘বাই’ দিলে। য়মেও মিচিকিয়া হাঁহিৰে বিদায় জনালে। দুয়ো এৰাএৰি হ’ল। নমাৰ আগতে চত্যবানৰ পকেটৰপৰা ম’বাইলটো ল’বলৈ নাপাহৰিলে।
ঘৰলৈ আহি চোফাত আৰামেৰে বহি টিভিটো অন কৰি ল’লে চাবিত্ৰীয়ে। শহুৰেক-শাহুয়েকে তাইক দেখা পাই আথেবেথে চত্যবানৰ বাতৰি সুধিলে। তাই কোনো উত্তৰ দিয়াৰ প্ৰয়োজনবোধ নকৰিলে। তাৰ সলনি মবাইলটো বেগৰপৰা উলিয়াই গুগলত টাইপ কৰিলে, ‘oldage home near me’।
আজি চত্যবানৰ মৃত্যুৰ দিন নহয়, আজি তাইৰ মুক্তিৰ দিন। বিয়াৰ আগতেই যেতিয়া গম পাইছিল যে চত্যবান মাথো এবছৰৰ আলহী, তেতিয়াই তাই দুখত ভাগি পৰিব লাগিছিল, কিন্তু তাৰ পৰিৱৰ্তে তাইৰ মনত এক পৰিকল্পনাই বাহ লৈছিল। এয়া যেন গাখীৰতে ম’হৰ খুটি। সেইকাৰণে বিয়া হৈ আহিয়েই পৰিকল্পনাৰ অংশ হিচাপে তাই তিনিটা লাইফ ইনচিউৰেঞ্চ পলিচী খুলি লৈছিল। যাৰ নমিনী আছিল তাই নিজেই। লগতে গিৰিয়েকৰ এটিএমখনো হস্তগত কৰিছিল।
কিন্তু ভবা কথা নহয় সিদ্ধি, বাটত আছে কণা বিধি। চাবিত্ৰীৰ বাকপটুতা, ৰূপ-লাৱণ্য আৰু মিছা প্ৰশংসাত মোহাবিষ্ট য়মে বাটে বাটে ভাবি গ’ল — এই নিমাখিত ছোৱালীজনীক গাভৰু কালতে বিধৱা হৈ দুখ-কষ্ট সহি থাকিব দিব নোৱাৰি। এয়া ঘোৰ অন্যায় কৰা হ’ব। তেওঁৰ দ্বাৰা এনে অনৰ্থক হ’ব দিব নোৱাৰি। চাবিত্ৰীৰ দুখত ম্ৰিয়মান য়মে বুকুত এডোখৰ শিল বান্ধি লাহে লাহে গাড়ী চলাই গৈ থাকিল। হঠাৎ… হোঁ-হোঁৱাই জ্যিক্ জ্যেক্ লাইন বনাই পাৰ যোৱা বাইক এখনে তেওঁৰ ভাৱনাত যতি পেলালে। য়মৰ গাড়ীৰ গতি কম আছিল বুলিহে ভাগ্যে সংঘৰ্ষ নহ’ল। দ্য ফ্লেছে্ও কিজানি ইমান স্পীডত গতি নকৰে। জীউটো উৰি যোৱা যেনেই পাইছিল য়মে। বুকুত থু-থুৱাইহে শান্তি পালে। মুহূৰ্ততে এটা সিদ্ধান্তত উপনীত হ’ল তেওঁ আৰু চত্যবানৰ ঠাইত চহৰৰ মাজমজিয়াত ১00 গতিবেগত বাইক চলোৱা চেঙেলীয়াজনৰ আত্মাটো লৈ য়মপুৰীলৈ উভতি গ’ল।
চত্যবান ৰকড্
চাবিত্ৰী শ্বকড্
য়ম গট হুকড্
চেঙেলীয়া কনফিউজড্
উপাখ্যান ইমানতে ‘দ্য এণ্ড্’
☆★☆★☆
6:23 pm
তোৰ গল্প লিখাৰ ষ্টাইলটো খুব ভাল লাগে।
বঢ়িয়া লাগিল মনিষা
9:07 pm
সাংঘাতিক। আগৰ চিলনীৰ জীয়েকৰ সাধুটোৰ দৰেই। ??
9:18 pm
ছুপাৰ্ব মনীষা বা।
10:41 am
কি লিখিলা এইটো? মাই দগ, ওপচ, গড! য়মক মানে তামাকাহা দেখাইহে এৰিলা! সাংঘাতিক কল্পনাশক্তি………
12:30 pm
Thank you all ?
11:21 pm
বাপৰে মনিষাবা কি আছিল এইটো। গুলী গুলী
11:28 pm
বাপৰে মনিষাবা কি আছিল এইটো। গুলী গুলী 3
11:36 pm
আই ও ভাল নে?