ফটাঢোল

সপোনৰ অতপালি – মনালিছা পাঠক নেওগ

দুখ নং ১

সব্জিৱালাজন সদায় নাহিব লগা সময়ত আহে। মানে ৰাতিপুৱাতে। সেইকণ সময়ত মই টোপনিৰ চিকুণ পুৱা নামৰ বাক্যশাৰী সাৰ্থক কৰিবলৈ কোনো মতে ক্ৰুতি নকৰো হ’লে দেই। তাতে ঠাণ্ডা দিন। মানুহজনো অফিচিয়েল কামত বাহিৰত। ৰাতিপুৱা সোনকালে উঠাৰ এলাহতে দুদিন আলুকে খালোঁ। নতুন নতুন আলু ওলাইছে এনেনো সোৱাদ। হ’ল বুলি চাৰি সাজ খোৱাৰ পিছত আৰু কিমান আলুকে খাম। পিছদিনা ৰাতিপুৱা উঠি সব্জি ল’ব লাগিব বুলি ভাবি শুই থাকিলোঁ।

পইচাটো শুই উঠি হাতে পোৱাতে থৈ দিলোঁ কিজানিবা পইচা বিচাৰিবলৈ যাওঁতে সব্জিৱালা গুচিয়েই যায়। ৰাতিপুৱা টোপনি জালতে সব্জিৱালাৰ চিনাকি মাতটো শুনা পালোঁ। এই সব্জি.. সব্জি.. টমাটৰ হে.. ৰাজা মৰ্ছা

হে.. ফুলকবি হে.. ধনিয়া হে.. পিয়াজ পত্তা হে.. বেগুন হে.. শুনি ৰ’বলৈ নাই মই লগা লগ চকু মোহাৰি বিচনাৰ পৰা নামি স্কাৰ্ফখন গাত মেৰিয়াই আগদিনা ৰাতিয়েই যোগাৰ কৰি থোৱা পইচাটো লৈ দৌৰ দিলোঁ। গৈ পাই বেলকনিৰ পৰা দেখোঁ বপুৰা নাই। তেওঁ সদায় বজোৱা কেচেটখন বজাই বজাই আগুৱাই গ’ল। ময়ো ৰ’বলৈ নাই আজি যেনেকৈ নহওক সব্জি ল’ম বুলি নামি গ’লো।

বিচাৰি বিচাৰি গৈ পালোগৈ সব্জিৱালাক। কি আছে সুধিলত একো নাই বুলি ক’লে। মই বোলো কিয় আপুনিয়েচোন সব্জি সব্জি বুলি চিঞৰি আছিল। তেওঁ ক’লে আপুনি অহা দেৰি কৰিলে। মোৰ সব্জি শেষ হৈ গ’ল। মই বোলো যি বাকি আছে তাকে দিয়ক। বাছৰো বাছ পাচলি দুটামান লৈ মুখখন ফুলাই উভতি আহিলোঁ‌। আহি পাচলিকেইটা পাকঘৰত থৈ আকৌ এঘুমটি মাৰি লওঁ বুলি শুই গ’লো।

শুই উঠি ব্ৰাছডাললৈ পাকঘৰলৈ গৈ দেখোঁ জেগাত থোৱা পাচলিবোৰ নাই। মূৰে কপালে হাত দিলোঁ কোনে নিলে বুলি। দৰ্জা খিড়িকীটো বন্ধ আছিলে। হঠাৎ কিবা এটা মনত পৰাত শোৱনী কোঠালৈ গৈ দেখোঁ বজাৰ কৰিবলৈ থোৱা পইচা জেগাতে আছে। তাৰ মানে মই লেৰেলা পাচলিৰ বজাৰ সপোনতে কৰি আহিলোঁ।

হায় মোৰ কপাল!

দুখ নং ২

শাৰী এখন ধুই চাদত মেলিবলৈ গ’লোঁ। শাৰীখন মেলি দিয়া দেখি নগা আও মহিলাগৰাকী ওচৰ চাপি আহিল আৰু সুধিলে

: শাৰী না

: হয়

: বেছি সুন্দৰ আছে।

এনেকৈ দুবাৰমান ক’লে তাই মনটো ভাল লাগি গ’ল। হাতেৰে লিৰিকি বিদাৰিও চালে। ইহঁতে মই শাৰী, চাদৰ- মেখেলা পিন্ধা দেখিলে চিৰিয়াখানাৰ জন্তু চোৱাদি চাই। ভালেই লাগে দিয়কচোন।

অহ! বাদ দিয়ক এইবোৰ নিজৰ তাৰিফ ধেই লিখিলোঁ এতিয়া আচল কথালৈ আহোঁ। শাৰীখন মেলি থৈ নামি আহিলোঁ। কাম বন কৰি আজৰি হৈ অলপ শুই লওঁ বুলি। দুই তিনিঘণ্টা মান শুলোঁ। শোৱাৰ সমান ভালপোৱা কাম পৃথিৱীত নাই মোৰ বাবে। এবাৰ শোৱাৰ পিছত কাৰোবাৰ ফোন চোন আহিলেও ধৰাত নাই মই। খেছ খেছকৈ কাটিহে দিওঁ আৰু। শুলোঁ যদিও মনত কিন্তু শাৰীখনৰ ধান্দা আছেই দেই। বতৰটো গোমা কৰি আছিল। বৰষুণ কেতিয়া দিয়ে একো ঠিক নাই। ইয়াত বৰষুণ দি থাকিলেও একো শব্দ শুনা নাপাওঁ। ওচৰত টিঙৰ চালি এখনো নাই বাবে। এপাকত শোৱা বিসৰ্জন দি উঠি গ’লোঁ আৰু গৈ দেখোঁ বতৰ ক’লা কৰি আহিছে। ৰিবৰিবকৈ এজাক বতাহ বলিছে। খৰ খেদাকৈ শাৰীখন লৈ নামি আহিলোঁ। অলপ পিছত গম পালোঁ সেইয়া সপোনহে আছিল। নিজকে গালি দিছোঁ। এইবাৰ যদি শাৰী আনিবলৈ নাযাৱ দুচৰ মান দিম বুলি ধমকিও দিছোঁ। লগা লগ এলাহ বিসৰ্জন দি শাৰীখন আনি ভিতৰ সুমোৱাই ধুনীয়াকৈ জাপি কুচি শুই পৰিলোঁ।

এপাকত সাৰ পাই ঘড়ীটো চাই বহু সময় হোৱা দেখি উঠিবলৈ মন নাই যদিও উঠিলোঁ আৰু। বাহিৰলৈ গৈ দেখোঁ বৰষুণ এজাক আহিছে। লগতে ফিৰফিৰকৈ বতাহো বলিছে। মনটো কিবা ভাল লাগি গ’ল। বাহিৰত কিবা কিবি আছে নেকি চকু ফুৰালোঁ। নাই একো নাই। মনতে ভাবিলো ভাল হ’ল দেই শাৰীখন যে আগতেই আনি থ’লোঁ। হ’লেও কিবা এটা ডাউত হোৱা যেন লগাত ওপৰলৈ উঠি গৈ দেখিলোঁ‌ শাৰীখনে বৰষুণ আৰু বতাহৰ লগত সমানে ফেৰ মাৰি নাচি আছে।

মোৰ এই সপোনতো কাম কৰাৰ অভ্যাসটো কেতিয়া যাব বাৰু!

☆★☆★☆

One comment

  • অতি সুন্দৰ, পঢ়ি বহুত, বহুত ভাল লাগিল, আগলৈকো এনে লিখনি পঢ়িবলৈ পাম বুলি আশা ৰাখিলো |

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *