ফটাঢোল

অতিথি দেৱ ভৱ – পাপৰি গগৈ

সহজ সৰল গাৱঁৰ মানুহৰ অতিথি আপ্যায়ন দেখিলে মনটো ভৰি আহে৷ সেউজীয়া গছ-পাতৰ দৰেই মনবোৰো ঠিক সেউজীয়া৷ এই যে সেউজীয়া মনৰ মানুহবোৰৰ বুকুৰ আবেষ্টনীত সোমাই যাবলৈ লেখমানো ক্ৰটি কৰিব মন নাযায়৷ হয়তো ৰতনপুৰ নামৰ সেই গাওঁখনলৈ নোযোৱা হ’লে নিঃস্বাৰ্থ মৰমবোৰৰ পৰা বঞ্চিত হ’লোঁ হয়৷

কাহিনীটো ক’ৰ পৰা আৰম্ভণি কৰিম তাকে ভাবি বিপাঙত পৰিছো৷ কথাবোৰ যে দুচকুত ভাঁহি আহিছে এটি এটিকৈ৷ হাঁহিবোৰ চোন ৰখাব পৰা নাই৷ ডাঙৰকৈ হাঁহিলেও নৱ বিবাহিত শ্ৰীমতীয়ে ভাবিব এইজন চাইক’হে৷ মুখৰ ভিতৰতে হাঁহিবোৰ সামৰিছো।

আমাৰ ডিপাৰ্টমেণ্টৰ ঠাণ্ডা বুলি খ্যাত ৰূপম নামৰ ল’ৰাটোৰ লগত মোৰ ঘনিষ্ঠতা বাঢ়ি আহিছিল৷ তাৰ সংগবোৰ উপভোগ কৰি সিহঁতৰ গাঁও আৰু ঘৰখন এবাৰ চাবলৈ হেঁপাহ জাগিছিল৷ তাৰ মুখত অনৰ্গল শুনি থকা গাঁওৰ প্ৰাকৃতিক দৃশ্যৰ প্ৰতি একপ্ৰকাৰে প্ৰেমতে পৰিছিলোঁ৷ সঁচাকৈয়ে সি কোৱাৰ দৰে তাৰ গাঁওখন নে?

আঘোন মাহৰ শেষৰফালে ন’ খোৱা আয়োজনৰ উপলক্ষে তাৰ লগতে ওলালো৷ কাপোৰৰ নামত ভিতৰত পিন্ধা দুপদহে লৈছোঁ, বাকী তাৰ কাপোৰে কাম চলাম৷ আমাৰ গাড়ীখন গৈ এটা তিনিআলিত ৰখালেগৈ৷ মনতে ভাবিলো এইটোৱেই চাগৈ ষ্টপেজ৷ গাড়ীৰ পৰা নামি প্ৰায় চাৰি কিল’মিটাৰ আমি খোজকাঢ়ি গ’লোঁ৷ ৰিণিকি ৰিণিকি দেখিছোঁ ছোৱালীৰ এটা দ’ল, ওচৰলৈ গৈ গম পালো আমাক আদৰণি জনাবৰ বাবে ৰৈ আছে৷ দুজনীমানেটো থৰ লাগি চাই আছে আৰু দুজনীমানে ফিছিককৈ হাঁহি দেখাইছে৷ মইও বেটাই দাঁত নুলিয়াই বেকাকৈ হাঁহি দিছো৷

গৈ পায়েই চাহ – জলপান, ঘৰৰে গাখীৰত বনোৱা চাহ! মুঠতে গ্ৰেণ্ড ৱেলকাম৷ মোৰো মনটো ভাল লাগিল ক্ৰমান্বয়ে৷ ৰূপমৰ মা-দেউতাৰ মৰম আৰু যে ছোৱালীৰ দ’লটো আছিল! কেউজনী তাৰ ভনীয়েক৷ সিহঁতৰ মৰমবোৰেও ঘৰৰ কথা পাহৰাই দিলে৷ সন্ধ্যা নমাৰ লগে লগে ন’ খোৱাৰ আয়োজন আৰম্ভ হ’ল৷ ভীমকলৰ আগলি কলপাতত দিয়া হাঁহৰ লগত কোমোৰা, ফুলকবিৰ সৈতে মাছৰ জোল, কল পচলাৰ সৈতে হাঁহৰ পেটু, চালাদ, ন’ চাউলৰ পেটপেটিয়া ভাত, মাটি দাইল ইত্যাদি ৷

খোৱা বোৱাৰ পৰা আদি কৰি আদৰ সাদৰত ৰূপমৰ ঘৰখনৰ কথা শলাগ নলৈ নোৱাৰো কিন্তু সেই সময়খিনিলৈ মনত পৰিলেহে মনতে খংটো উক দিয়ে৷ ভাবি আচৰিত হৈ যাওঁ সেই বৰ্ণনা খিনিৰ বাবেহে৷ আচলতে সেয়া ৰতনপুৰৰ প্ৰাকৃতিক সৌন্দৰ্যৰ বৰ্ণনাই নে মোক ভয় খোৱাবলৈ কৰা আঁচনি আছিল এতিয়াও মনে মনে ভাবো৷

এদিনৰ কাৰণে যোৱা মই সিহঁতৰ ঘৰৰ আদৰ সাদৰত আৰু এদিন থাকিম বুলি মন মেলিলো৷ আলহী আছে বুলি খবৰ পাই চুবুৰীয়া গাঁৱৰ পৰা ন’ খাবৰ বাবে নিমন্ত্ৰণ দি গ’ল৷ সেই সময়খিনিলৈকে সকলো ঠিকেই আছিল৷ ভাবিলো গাঁৱত আহিছো যেতিয়া ইয়াৰ বিভিন্ন সোৱাদবোৰৰ সৈতে পৰিচয় হৈ যাওঁ৷ ৰূপম আৰু মই সন্ধিয়া ন’ খাবলৈ বুলি ওলাই থাকোঁতে তাৰ ভনীয়েক কেইজনীয়ে উৎপাত কৰাত সিহঁতকো লগত যাবলৈ ক’লো৷ আফ্টাৰ অল ৰূপমৰ ভন্টি যেতিয়া মোৰো ভন্টি৷ যাওঁ বুলি মাক মাতষাৰ দিওঁতে ৰূপমৰ মাকে ক’লে, “তুমি ইহঁতৰ লগত গৈ থাকা ৰূপম অলপ পিছতেই যাব৷ বিশেষ কাম এটা আছে”
: হ’ব – বুলি কৈ তেওঁ পৰা বিদায় ল’লোঁ ৷

গাঁৱৰ লুংলুঙীয়া ৰাস্তাৰ মাজেৰে আমাৰ খোজবোৰ আগবাঢ়িছিল৷ তাৰ ভনীয়েকহঁতে কৈ গৈছিল, গাঁৱত কি উৎসৱ কেনেকৈ পাতে ইত্যাদিবোৰ৷ মইও ৰংমনে শুনি গৈছিলো৷ প্ৰায় এক কিলোমিটাৰ মান ৰাস্তা মানুহৰ ঘৰ দুৱাৰ নাছিল আছিল মাথো হাবি আৰু ৰাস্তাৰ দাতিৰ জোপোহা গছবোৰ। তিনিআলি এটা পাই সিহঁতে ৰৈ আঙুলি টোৱাই উৱলি যোৱা ঘৰটোলৈ দেখুৱাই কৈছিল, “সেই ঘৰটো যে দেখিছে তাত একবছৰৰ আগতে মানুহ এজনে চুইচাইড কৰিছিল আৰু সৌ হাবিখন যে তাত আমাৰ মানুহ মৰিলে খৰি দিয়ে৷ আউসী অমাৱস্যা হ’লে মাজৰাতি ইয়াত কোনোবাই চিঞৰা আৰু কথা পতা শুনে! নাজানো এয়া কিমান সঁচা!”

মনতে হনুমান চালিছা মাতি খোজ আগবঢ়াই গৈ আছো৷

হঠাৎ মোৰ আগে আগে গৈ থকা ছোৱালী দুজনী নাইকিয়া হৈ যোৱা দেখি ভয়তে পিছলৈ চাই বাকী দুজনীক মাত লগাও বুলি ভাবোতে সিহঁতও অদৃশ্য হৈ যোৱা দেখি বুকু কঁপি আহিল৷ লাহে লাহে দুচকু মেলি আগলৈ চাই দেখো সিহঁত দুজনী গৈ আছে আৰু পাছলৈ চাই দেখো বাকী দুজনীও আছে৷ মোৰ লগত ঘটা প্ৰতিটো ঘটনা মনৰ ভ্ৰম বুলি ধৰি ল’লো৷

ৰূপমৰ ঘৰৰ আতিথ্যই সঁচাকৈয়ে মোক আপ্লুত কৰিলে৷ গাঁৱৰ নিভাজ মৰম বুকুত লৈ ঘৰলৈ উভতনি যাত্ৰা আৰম্ভ কৰিলো৷

এটা কথা নক’লে গোটেই কাহিনীটো আধৰুৱা হ’ব৷ সেইটো হ’ল ৰূপমৰ সাতঘাটৰ সৈয়াকণী ভনীয়েক চাৰিজনী৷ উফ্‌ ভোট জলকীয়াও চাগৈ ইমান জ্বলা নহয়, সিহঁত যিমান জ্বলা৷ আধা ৰাস্তাত সিহঁত যে নাইকিয়া হৈছিল সেয়া সকলো আঁচনিৰ মতেই হৈছিল৷ জোপোহাৰ আঁৰত সুবিধা বুজি সিহঁত নাইকিয়া হৈ মোক ৰং চাইছিল কিয়নো দিনত দেখাই থকা পুৰুষগিৰি সিহঁতৰ হজম হোৱা নাছিল আৰু সন্ধ্যাতে যে আলু পুৰি পুৰি খোৱাইছিল বাপ্পা ঐ গোটেই জীৱন জুৰি নাপাহৰো৷ কেইবাৰ অহা-যোৱা হৈছিল সেয়া হিচাপ ৰখা নাছিলো কিন্তু পোৰণিটো এতিয়াও অনুভৱ হয়৷

মনতে কলো “জয় হৌ ৰতনপুৰ গাঁও৷ জয় হৌ ৰূপমৰ ঘৰৰ আতিথ্য৷”

☆★☆★☆

2 Comments

  • পাপৰি গগৈ

    ধন্যবাদ মোৰ ৰসাল গল্পটো ফটাঢোলৰ আলোচনীত স্হান দিয়া বাবে ৷

    Reply
  • বৰ ভাল লাগিল। এনেকুৱাকৈ নতুন আলহীক পাঙত পেলাই বৰ আমোদ পায় লগৰবোৰে।ভাল লাগিল।

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *