ফটাঢোল

জ্ঞানপীঠ বঁটা – বৰ্ণালী ফুকন

কিছুদিনৰপৰা নাম কৰা আলোচনী এখনৰ সম্পাদকজনে কিবা এটা লিখি দিবলৈ ফোনতে বৰ নেৰানেপেৰাকৈ ধৰিলে৷ মন আছিল যদিও ইমান উচ্চমানৰ লেখা এটা পটককৈ লিখি দিয়ক বুলি ক’লে লিখি দিবলৈ মোৰ দৰে লেখক এজনৰ বাবে লেচন প্লেন নোহোৱাকৈ শ্ৰেণীকোঠাত সোমাই থাকোঁতে পৰিদৰ্শক সোমোৱাৰ দৰে৷ পৰিদৰ্শকে সোমাই আহি আপোনাৰ লেচন প্লেনটো দিয়ক বুলিলে জীৱ উৰি যায়৷ মুখ ফুটাই ক’ব পাৰি জানো লেচন প্লেন লিখিব নাজানো বুলি? ক’লেই যমৰজাৰ দৰে উশাহ বন্ধ কৰাই তেওঁৰ কক্ষ পোৱাবগৈ৷ শিক্ষকৰ দৰে পদটো এৰি দিব পাৰোঁ নেকি? প্ৰথম কথা লেচন প্লেন বনাবৰ জোখাৰে মোৰ অৰ্হতা নাই৷ সেইদৰে গল্প এটা দিব পৰাকৈ মগজুত জোৰ বুলিবলেও নাই৷ ইফালে লেখক হোৱাৰ লোভো এৰিব পৰা নাই৷ অন্ততঃ এমাহৰ আগত ক’লে কোনো ওজৰ আপত্তি নকৰাকৈ লিখি দিব পাৰোঁ৷ আগতে লিখাবোৰৰ কথা সুকীয়া৷

সেইবাৰ আমাৰ হাইস্কুলত মই আছিলোঁ আলোচনী সম্পাদক৷ সম্পাদকীয় লিখিব লাগে৷ কোনোদিন এইবোৰ লিখাৰ অভিজ্ঞতাও নাই ইফালে৷ বহুত ভাবিলোঁ কেনেকৈ আৰম্ভ কৰোঁ৷ লগৰ এটাক ক’লো,

– ঐ বিকাশ বচা অ’৷ মান ইজ্জত শেষ হ’ব নহ’লে।

– ক কি কাম? তেৰে লিয়ে হামাৰা জান হাজিৰ হে৷ ক কি কৰি দিব লাগে?

– দোস্তী আলোচনীৰ সম্পাদকীয়টো লিখি দিব লাগে৷

– মোৰ জান লৈ ল দোস্ত৷ কিন্তু সেইটো কাম মোৰদ্বাৰা নহ’ব৷ অসমীয়াত যেনে তেনে পাচ কৰিছোঁ আৰু তই সম্পাদকীয় লিখিবলৈ কৱ! দীঘলীয়া বন্ধৰ পিছত স্কুললৈ যাওঁতে “ক”ৰ নালডাল কোনফালে আছিল তাকেই পাহৰি যাওঁ৷

– তোৰ দেফতাৰক ক না দোস্ত৷ তেওঁতো আলোচনীবোৰত লিখিয়েই থাকে৷

– মাৰিব খুজিছ! সেইবোৰ দেউতাক মই ক’ব নোৱাৰোঁ দোস্ত৷ এটা সহায় কৰিব পাৰোঁ৷ দেউতাই গোটাই থোৱা আলোচনীবোৰৰ সম্পাদকীয়ৰ কাটিং তোক লৈ আনি দিব পাৰোঁ৷ তই তাৰপৰাই বাচি বাচি লিখিবি৷

– কোনোবাই ধৰা পেলাই যদি?

– পোন্ধৰ বছৰৰ আগৰ আলোচনী আনিম৷ কাৰ সাধ্য আছে ধৰা পেলোৱাৰ?

সঁচাকৈয়ে বিকাশ আছিল মোৰ প্ৰকৃত বন্ধু৷ নহ’লে মোৰ বেয়া দিনত দেৱদূতৰ দৰে থিয় হয়হি নে?

কথা মতে কাম। ৰাতি দিন একাকাৰ কৰি সি আনি দিয়া বাৰ মাহৰ বাৰখন আলোচনীৰপৰা বাৰটা সম্পাদকীয় পঢ়ি মই এটা সম্পাদকীয় লিখি পেলালোঁ৷ সেই সম্পাদকীয়টোৱেই আছিল মোৰ লেখক হোৱাৰ প্ৰথম খোজ৷ স্কুলত জাউৰিয়ে জাউৰিয়ে আৰ্শীবাদ আৰু গৌৰৱ বুটলিলোঁ৷

আজিৰ কথাটো সম্পূৰ্ণ সুকীয়া৷ এইটো বয়সত চৌৰ্য বৃত্তি কৰি ধৰা পৰোঁ বুলিও ভয়৷ অৱশেষত উপায় নেপাই আৰু অলপ সময় বিচাৰি সম্পাদকলৈ মেছেজ দিলোঁ৷

– মহাশয় এসপ্তাহমান সময় দিলে কৃতাৰ্থ হ’ম৷

সিফালৰপৰাও খবৰ আহিল –

– হ’ব বাৰু আপুনি বুলি দুদিন বঢ়াই দিলোঁ৷

এতিয়া কথা হ’ল মোক ৰক্ষা কৰিবলৈ বিকাশক পাওঁ ক’ত? হঠাতে ফেচবুকৰ কথা মনত পৰিল। তাতেইতো পাব পাৰোঁ তাক। লৰালৰিকৈ ফেচবুক একাউণ্টটোত লগ ইন কৰিলো। ইমানসোপা ৰিকুৱেষ্ট বাপ্পা ঐ! খুলি চালোঁ এটা এটাকৈ৷ উৱা, গোটেইবোৰ দেখোন আমাৰ ফটাঢোলৰ মানুহ আৰু বিখ্যাত লেখকসকল৷ বুকুখন এহাতমান ফুলি উঠিল মোৰ৷ তাৰমানে মোৰ নাম দশোদিশে লেখক বুলি প্ৰচাৰ হৈ গৈছে৷ প্ৰতিভা কেতিয়াও লুকাই নাথাকে৷ সেইয়া পেটেই হওক বা সাহিত্য জগততেই হওক৷ সেইবোৰ ভাবোতেই এপৰ গ’ল৷ সম্বিত ঘূৰাই পাই লৰালৰিকৈ ফেচবুকটো খুলি চাৰ্চত লিখিলোঁ Bikas Das৷ এশৰ ওপৰত বিকাশ দাস ওলাল৷ প্ৰথমটো প্ৰফাইল খুচৰি চালোঁ৷ ঘৈণীয়েকেৰ সৈতে সাৱটা সাৱটি কৰি থকা বিকাশটো মুঠেই আমাৰ লগৰ বিকাশটো যেন নালাগিল৷ সি যিটোহে আছিল৷ ছোৱালী বুলি ক’লে ওচৰ চপাতো দূৰৈৰ কথা, কোনোবা ছোৱালীয়ে মাতিলে সি যেনেকুৱাটোহে কৰে এই যেন পাৰিলে গতিয়াই নলাতে পেলাব৷ এবাৰ লগৰ বিদিশাই কিতাপ এখন বিচাৰি মাতোতে সি যি হে ক’লে,

– হেৰা ল’ৰা মাতিবলৈ বুদ্ধি বিচাৰি নাপালা? মোৰ নিচিনা ধুনীয়া ল’ৰা এটা দেখি বাপেৰৰ জোঁৱায়েক বনাবলৈ মন ন!

গতিকে সেইজন বিকাশ দাস এৰি দ্বিতীয়জনত ধৰিলোঁ। আউ, এইজন কি অদ্ভুৎ ঔ৷ গোটেই ছোৱালীৰ দৰে হাত ভৰি জোকাৰি…. কৃষ্ণ প্ৰভু৷ লগে লগে ফেচবুক বন্ধ কৰি থ’লোঁ৷

ক’ত পোৱা যায় এতিয়া বিকাশক৷ হঠাৎ কলেজৰ হুৱাটচএপ গ্ৰুপটোলৈ মনত পৰিল৷ কিছুদিনৰ আগতে মই গ্ৰুপটোৰপৰা ওলাই আহিছোঁ৷ কি জ্বালা বাপৰে৷ দিনে ৰাতিয়ে টুংটুংকৈ কোনোবাই নহয় কোনোবাই মেছেজ নহ’লে ভিডিঅ’ দি থয়৷ কিমানবাৰ যে মোবাইল চাফা কৰিবলৈ দোকানীৰ শৰণাপন্ন হ’ব লগা হৈছে৷ প্ৰতিবাৰতে চাফা কৰোঁতে গ্ৰুপবোৰ উৰি যায়৷ আকৌ কোনোবা জহনিতযোৱাই এদ কৰি দিয়ে৷ যেন মোৰ মোবাইলটো হেং নমৰালৈকে সিহঁতবোৰৰ শান্তি নাই৷ কিন্তু আজিচোন বাৰে বাৰে এদ কৰি দিয়াটোলৈকে মনত পৰি আছে৷ গ্ৰুপতে বিকাশৰ খবৰ পালোহেঁতেন৷ ছেঃ! কি কৰা যায়?

দুদিন বিকাশৰ অনুসন্ধানতে পাৰ হ’ল৷ হঠাৎ মোৰ সম্বিত ঘূৰি আহিল৷ হাই ৰে! বিকাশক কিয় বিচাৰি আছোঁ তাকেই পাহৰি পেলাইছিলোঁ৷ আকৌ চিন্তা লাগি আহিল৷ এই সম্পাদকজনক কি বুলি কোৱা যায়? এখোজ দুখোজকৈ ষ্ট’ৰুমটোলৈ সোমাই গ’লোঁ৷ বিকাশে দিয়া আলোচনীকেইখনলৈ চকু গ’ল৷ বেচেৰাকেইখন অনাদৰত চুক এটাত ভুলুণ্ঠিত হৈ পৰি আছে৷ আলোচনীকেইখন উঠাই লৈ জোকাৰি দিলোঁ৷ টুকুৰা টুকুৰ হৈ হাতৰপৰা খহি পৰিল৷ নিজৰ বয়সটো গণি চালোঁ৷ এতিয়া মোৰ বয়স পচপন্ন৷ আলোচনী সম্পাদক আছিলোঁ ক্লাছ এইটত। তাৰমানে আজিলৈকে আলোচনীৰ সম্পাদক হোৱা তিৰাল্লিছ বছৰ হ’ল৷ আলোচনীকেইখন তাৰো পোন্ধৰ বছৰৰ আগৰ৷ এনেকৈ নাফাটি কি হ’ব৷ ছেঃ! যিকণ শেষ ভৰসা আছিল তাকো ফাটি চিটি একাকাৰ৷

কি কৰিম নকৰিম ভাবি ভাবি বহি আছোঁ বাৰাণ্ডাত৷ তেনেকুৱাতে বাতৰি কাগজ দিয়া

ল’ৰাটোৱে চিঞৰি গ’ল,

– দাদা আলোচনী লাগিব আলোচনী?

শ্ৰীময়ী, নন্দিনী, বৰ্ণালী আৰু……

– যাহ! আঁতৰ হ৷ এনেয়ে টেনচন লৈ মৰিছোঁ৷

– নলয় যদি নল’ব৷ গালি কিয় পাৰিছে আক’?

– কি ক’লি কি ক’লি?

– আলোচনী আহিছে বুলি ক’লোঁ৷

– অহ্ দে দে৷ কি কি আলোচনী আছে দেচোন দে৷

গোটেইকেইখন আলোচনী কিনি লৈ লৰালৰিকৈ ভিতৰলৈ সোমাই গ’লোঁ৷ মেলি গ’লোঁ প্ৰতিটো পৃষ্ঠা৷ নামবোৰ চাই গ’লোঁ৷ পচন্দ নহ’ল৷

– ধেৎতেৰি! এইবোৰনো নাম হ’ল নে! হৃদয় মৰিশালি, হৃদয় বোৱতী নৈ, প্ৰেমে সময় নুবুজে, প্ৰতাৰণা! নাম দেখিয়েই সন্তুষ্ট৷ মৰিশালি কম পৰিছে নে যে হৃদয়খনো মৰিশালি হ’বলৈ যাব৷ উফ! এই লিখকবোৰো যে৷ নাম বিচাৰি নাপায় নেকি বাৰু! “হৃদয় বোৱতী নৈ”! অসমৰ নদীয়ে বানপানী কৰি মানুহৰ অৱস্থা নাইকিয়া কৰিছে তাতে আকৌ হৃদয়খনো নৈ হ’বলৈ হ’লে কি হ’বগৈ আৰু! নদী বুলিলে নমামিকহে বুজোঁ৷ বিখ্যাত ফেষ্টিভেলটোত কম কৰিলেনে! একে ৰাতিতে দেশে দেশে অসমৰ নাম ফুটি ফাটি গ’ল৷ তাৰপৰা কাৰ কি লাভ হ’ল কিয় লাগিছে? হ’ল বুলি হৃদয়খনত নমামি পাতিব নোৱাৰি হ’লে দেই৷ “প্ৰেমে সময় নুবুজে”! প্ৰেমৰো আক’ সময় বুজিবলৈ লাগে নেকি? নাজানো দেই এই নতুন লেখকবোৰক কিহে পাইছে! “প্ৰতাৰণা” এইটোনো নাম দিব লাগে নে? কোনে পঢ়িব এইটো? প্ৰতাৰণানো কোনে কাক নকৰে! ময়েই দেখোন সম্পাদকক প্ৰতাৰণা কৰিবলৈ গৈ আছোঁ৷ তেনেহ’লে কি দিম সম্পাদকক কাইলৈ? মোৰ নাকটো থাকিব ক’ত? লিখক হোৱাৰ সপোনটোৰ কি হ’ব? জ্ঞানপীঠ বঁটাটো? বঁটাটো গ্ৰহণ কৰিবলৈ যাওঁতে পিন্ধি যাম বুলি সাঁচি ৰখা কাপোৰযোৰ? মূৰটো আচন্দ্ৰাই কৰা যেন লাগিল৷ এইবাৰলৈ নোৱাৰিম বুলিয়েই কৈ দিম, মনতে ভাবিলোঁ৷ সেই সময়ত কাষতে থোৱা ফোনটো বাজি উঠিল৷ ডায়েল পেডত জিলিকি উঠিল “সম্পাদক বীৰেন্দ্ৰ নাথ বৰুৱা”৷ নাই নাই নোৱাৰিম মই ক’ব৷ ফোনটোলৈ চাই বহি থাকিলোঁ৷ মনতে ভাবিলোঁ যেনে তেনে বিকাশকে বিচাৰিব লাগিব৷

☆★☆★☆

3 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *