ৰেচিপি – চিত্ৰলেখা দেৱী
: ব’লা, পিক’লতে কিবা এটা খাই লওঁগৈ।
মোৰ প্ৰস্তাৱটো লগে লগে নাকচ কৰি জবাই ক’লে,
: নালাগে মই বেলাবালৈ ফোন কৰি কৈ থৈছোঁ তাহাঁতৰ ঘৰত সোমাম বুলি। তাই বোলে আমালৈ ভাত ৰান্ধি থ’ব।
: ইস্! কিয়নো ক’লা? এই আজোখা সময়ত আমাৰ বাবে ভাত ৰন্ধাৰ কাৰবাৰ! বাৰ জঞ্জাল নহ’বনে?
: নাই, একো জঞ্জাল নহয়৷ তাই দিনটো এনেইহে থাকে। ছোৱালী দুজনী স্কুললৈ যোৱাৰ পাছত তাই শুই-বহিয়েই সময় কটায়৷
: তেনেহ’লে আৰু মোৰ ক’বলগীয়া নাই৷
বেলা বৰুৱাক মই চিনি পাওঁ ফেচবুকৰ জৰিয়তে৷ তেওঁ ৰন্ধা বঢ়াৰ ৰেচিপি দিয়া গ্ৰুপ এটাত প্ৰায়ে বিভিন্ন ধৰণৰ দেশী-বিদেশী খাদ্যৰ ধুনীয়া ধুনীয়া ফটোৰে সৈতে ৰেচিপি দিয়ে৷ এইবোৰ চাই বৰ লোভ লাগে৷ কেতিয়াবা দুই এপদ ৰান্ধো বুলি ল’লেও যিবোৰ মা-মচলাৰ কথা উল্লেখ কৰে সেইবোৰ ক’ত পোৱা যায় তাকে ধৰিব নোৱাৰোঁঁ৷ লগৰবোৰকো সুধিব নোৱাৰি “এইটোনো কি মচলা” বুলি৷ “জাফ্ৰানও চিনি নোপোৱা তুমি? ঈশ্বৰ ঐ, কেনেকৈ যে ৰান্ধি বাঢ়ি খাইছা তুমি!” বুলি আহিল নহয় দুগৰাকী মান জকজকাই। গতিকে চিনি নোপোৱাকৈ থকাই ভাল। এনেয়ো ঘৰৰ গৃহস্থই বৰকৈ মা-মচলা দি ৰন্ধা খাদ্য খাবলৈ ভাল নাপায়৷ মোৰহে মন যায় কেতিয়াবা৷ হ’ব আৰু! বেলাবাক কেতিয়াবা লগ পামেই নহয়; জবাৰ বায়েক যেতিয়া, নজনা কথাবোৰ সুধি ল’ম আৰু তেওঁৰ নিচিনাকৈ ৰান্ধি ফেচবুকত ফটোও দিম আৰু দকচি দকচি খাম। সেই কথা মনত পৰি মনটো ভালো লাগিল।
বেলাবাক আগতে মই চিনি নাপাওঁ। এদিন স্কুলত থাকোঁতে অফ পিৰিয়দত তেওঁৰ ৰেচিপি চাই থাকোঁতে মোৰ মুখেৰে ঘপহকৈ ওলাই গ’ল, “এইটো কিন্তু ৰান্ধি খামেই খাম”৷ ওচৰতে বহি থকা জবাই মোৰ মোবাইলটোত চকু দিলে,
: অ’ বেলাবাৰ ৰেচিপি৷
মই আচৰিত হ’লোঁ,
: বেলা বৰুৱাক বেলাবা বুলিছা যে চিনি পোৱা নেকি?
মোৰ সেইদিনা আচৰিত হোৱাৰেই পাল।
: কিয়, মোৰ ডাঙৰ বা নহয় নেকি? মোৰ বিয়াত পাইছিলা, পাহৰিছা৷
: অ’ হয়তো! সেই অলপ শকতকে যে এলেহুৱা মাৰ্কাৰ খোজ-কাটলৰ মানুহগৰাকী! আও সেইগৰাকী মানুহে ইমান বোৰ ৰন্ধা বঢ়া কৰে নে? কৰে চাগৈ৷ মানে কৰেই; এনেই দিব পাৰেনে? খুউব ফূৰ্তি লাগিল। বাঃ! এইবাৰ কোনে পায়? লগ পামেই আৰু ৰন্ধা বঢ়াও চাম।
মোৰ ফূৰ্তিত জবাই পিচে বৰ বেছি প্ৰতিক্ৰিয়া নেদেখুৱালে। ভোকো লাগিছে বাৰুকৈয়ে। ৰাতিপুৱাই স্কুললৈ আহোঁতেই নাকে কাণে কিবা এটা গুজি অহা। সেয়া কোন কাহানিবাই হজম হৈ এতিয়া পেটত কেঁচু, কুমটিয়ে মাতিবলৈ ধৰিছে৷ সেই বাবেই জবাক প্ৰস্তাব দিছিলোঁ ‘পিক’ল’ ৰেষ্টুৰেণ্টখনতে কিবা এটা খাওঁ বুলি। হওঁতে কৰবালৈ গ’লে ভোক নালাগিলেও হোটেল – ৰেষ্টুৰেণ্টত কিবা এটা খাইহে শান্তি অকণ পাওঁ। য’তে ত’তে নোখোৱা মানুহৰ লগত যাবলৈ বেয়াই পাওঁ। আজি দুয়োজনীয়ে স্কুলৰ পৰা অৰ্ধছুটি লৈ আহিলোঁ HDFC বেঙ্কত ল’নৰ কাম এটা থকাৰ বাবে৷ কামটো লগে লগে হোৱাত বোলো খুচ-খাচ বজাৰ অকণকে কৰোঁঁ৷ আমি সাধাৰণ মাইকী মানুহহে আৰু বস্তু দেখিলে দৰ্কাৰ নহ’লেও ল’ম৷ দুইজনীয়ে মণিবেগকেইটা লগে লগে প্ৰায় খালী কৰিয়েই পেলালোঁঁ৷ চিল্ক হাউচ কেইখনৰপৰা নতুন ডিজাইনৰ ওলোমাই থোৱা পাটৰ কাপোৰ কেইযোৰে চকু টিপিয়াই মাতিছিলে৷ হৃদয়ৰ সন্তাপ ক’লা কাপোৰেৰে ঢাকি থৈ দোকান কেইখনলৈ নমস্কাৰ জনাই সেই ঠাইৰ পৰা বিদায় ললোঁ। নতুন মানুহ এঘৰলৈ যোৱাৰ কথা৷ গতিকে “ৰসৰাজ”ত সোমাই চানাৰ মিঠাই, ভূজিয়া আৰু ছোৱালী দুজনীলৈ চকলেট ল’লোঁ। জবাই পইচা দিব খুজিছিল। তাইৰে বায়েকৰ ঘৰলৈ যাম৷ মান-সন্মান বুলিওতো কথা এটা আছে! বেগ খুচৰি দুশ টকা উলিয়াই দিয়াৰ পাছত দেখিলোঁ হাতত খুচুৰা-খুচুৰি মিলাই আৰু পঞ্চাশ টকামানহে আছেগৈ। হ’ব ঘূৰি যোৱাৰ বাছ ভাড়াটো দিও বিশ টকা থাকিবগৈ। ছোৱালীজনীলৈ চিপ্ছ বা চকলেট কিবা এটা নিব পাৰিম।
বেলাবাৰ ঘৰলৈ আকৌ ই-ৰিক্সাত উঠি যাব লগা হ’ল। ৰিক্সা ভাড়া যেনিবা জবায়েই দিলে৷ আগফালে এখন সাধাৰণ ফুলনিৰে সৈতে এটা মধ্যম ধৰণৰ ঘৰ। গেট খোলাৰ শব্দ শুনি বা ওলাই আহিল শকত শৰীৰটো ডাঙি গিৰিপ-গাৰাপকৈ। ফেচবুকৰ প্ৰফাইলত থকা ফটোখন পিচে লাহি-পাহি চেহেৰাৰ৷ গাভৰু কালৰে ফটো চাগৈ। মানুহ গৰাকী পিচে হাঁহিমুখীয়া৷ ভাল লাগিল৷ আমাক আদৰ-সাদৰকৈ ভিতৰলৈ আগবঢ়াই নিলে। বাহিৰৰ ক’তো বহিবলৈ নিদি একেবাৰে ডাইনিং ৰুমলৈকে মাতি নি ওচৰতে থকা বাথৰুমত মুখ হাত ধুই ফ্ৰেচ হৈ ল’বলৈ ক’লে। বাৰ আদৰ-সাদৰখিনি ভাল লাগিছে৷ মোৰ নিজৰ বা যেনেই লাগিছে। খানাটো আজি নিশ্চয় মই আশা কৰা ধৰণৰেই হ’ব৷ মনতে ভাবিলোঁ “Thank you জবা৷ তোৰ বাবেই আজি মোৰ প্ৰিয় ৰান্ধনীগৰাকীৰ হাতৰ মজাৰ এসাঁজ খাবলৈ পাম৷” জবাই আমি আহিম বুলি খবৰ দি থৈছে যেতিয়া নিশ্চয় দুই এপদ স্পেশিয়েল ৰান্ধি থৈছে। মই বিশেষ ৰন্ধা বঢ়া নজনাজনীয়েই কোনোবা আহিবলগীয়া থাকিলে পৰাই নোৱাৰাই কিবা কিবি ৰান্ধি থওঁ। পিচে এতিয়া চাহ একাপহে খাবলৈ মন গৈছে। আজি চাহ খোৱাই নহ’ল। সময়ত চাহ কাপ নাপালে মূৰৰ কাষৰ শিৰ দুডালে কটং কটঙকৈ জাননী দিয়ে “হেৰৌ, চাহ খা” বুলি। এতিয়াও মোক এইদুডালে চাহ খাবলৈ হেঁচুকিয়েই আছে৷ ভাত বাঢ়ে মানে চাহ একাপ দিবইতো৷ বায়ে বনোৱা কেক, পিঠা, কুকিজ আদিৰে। লগত দিয়া সকলো বস্তু নাখাওঁ৷ পাছত ভাত ভালকৈ খাব নোৱাৰিম৷ চাহকাপ আৰু কেক বা পিঠা জাতীয় কিবা এটাহে ল’ম। বাথৰুমৰ পৰা ওলাই আহোঁতেই জবাই ক’লে,
: এতিয়া আৰু চাহ তাহ নাখাওঁ দিয়া৷ বায়ে ভাত হৈ আছে বুলি কৈছে৷ গতিকে ভাতেই খাওঁ। তেতিয়া সোনকালে যাবগৈ পাৰিম৷ দেৰি হ’লে মাইনাই আইতাকক আমনি কৰিব৷
ও খা ভীমকলটো এতিয়া। আশাত ফ্ৰীজৰ পানী ঢালিলে। হ’ব আৰু! লোকৰ ঘৰতনো কি ক’বা? নিজৰ ঘৰত হোৱা হ’লেহে কোৎ কোৎকৈ চাহ এগিলাচ পি ল’লোহেঁতেন ঠাণ্ডা পানী পিয়াদি। বাৰু ভালেই হ’ব৷ বেলা বৰুৱাৰ ৰেচিপিৰ ভাতসাঁজকে আজি ভালদৰে খোৱা যাওক৷ জবাই টেবুলত পানী দুনি সজাই থ’লেহি। সাধাৰণতে চকুত নপৰা ধৰণৰ ডাইনিং টেবুলত বেলা বায়ে ভাত বাঢ়ি দিলেহি৷ ফেচবুকত বায়ে সুন্দৰ সুন্দৰ ডাইনিং টেবুলত খাদ্য বস্তু পৰিৱেশন কৰা দেখুৱায়৷ সেইবোৰ ক’ত আছ জানো! বেলেগ কোঠাত থাকিব পায়। বাকো আমাৰ লগত খাবলৈ কৈছিলোঁ যদিও ভিনিহিদেউ আৰু ছোৱালী দুজনী আহিলেহে খাব বুলি ক’লে৷ বাৰু খাই থাকিব যেতিয়া মন যায় ঘৰৰ মানুহে৷ বায়ে পিচে আদৰ সাদৰকৈ পৰিৱেশন কৰিছে। কাঁহীত ভাতৰ লগত এখন সাধাৰণভাৱে ৰন্ধা সানমিহলি ভাজি, বাতি এটাত ডাইল এবাতি আৰু এখন ভজা পাপৰ৷ বেলেগ বাতি এটাত দুইজনীৰ মাজত বিলাহী-গাজৰৰ চালাড এবাতি৷ ওচৰতে ৰৈ বায়ে ভনীয়েকক ইটো সিটো ঘৰুৱা কথা সুধি আছে। মই ভাজিখিনি খাই ল’লোঁ স্পেশিয়েল আইটেম খাবলৈ। পিচে বাচোন পাকঘৰলৈ নাযায়হে নাযায়৷ বেলেগ কিবা আনিবলৈ৷ মাজতে উলিয়াই থোৱা ভাজিখিনিৰপৰাহে আমাক আৰু অলপ অলপ ভাজি দিলে৷ কিমান খাম আৰু একেখিনিকে? অধৈৰ্যহৈ সুধিয়েই দিলোঁ,
: বা, আপুনি যে ফেচবুকত দি থাকে ৰেচিপিবোৰ সেইবোৰ কেতিয়া ৰান্ধি খাইনো? মোক মাতিবচোন কেতিয়াবা চাবলৈ বুলি হ’লেও৷
বা প্ৰথমতে অপ্ৰস্তুত হোৱাৰ দৰে হ’ল। তাৰ পাছত নিজকে চম্ভালি লৈ ভনীয়েকক উদ্দেশ্যি ক’লে,
: তই এওঁক কোৱাই নাই নেকি আচল কথাটো৷
জবালৈ চালোঁ৷ তাই মিচিক- মাচাক হাঁহি হাঁহি খাই আছে।
: এইবোৰ ৰেচিপি মই আনৰ বাবেহে দিওঁ। ভিনিহিয়েৰে মোক কাম কৰিবলৈ নিদি নিদি ধদুৱা কৰিলে। এতিয়া আৰু ক’ৰ এইডাল গা জোকাৰি জোকাৰি বিধে বিধে ৰান্ধিম?
মইতো অবাক। মনৰ খু-দুৱনি আঁতৰি যোৱা নাই। সেয়ে সুধিয়েই পেলালোঁ,
: বা, নেৰান্ধে যদি কেনেকৈ ফটোবোৰ দিয়ে?
: অ’ সেইবোৰ; ভাল কথাটো সুধিছা। কেতিয়াবা কাৰোবাৰ ঘৰত পাৰ্টি চাৰ্টি খাবলৈ গ’লে ডিছবোৰৰ ফটো তুলি থৈ দিওঁ; তাৰোপৰি ছোৱালীকেইজনীয়ে খাওঁ খাওঁ কৰিলে দেউতাকে ৰেষ্টুৰেণ্টৰ পৰা কিবা কিবি আনি দিয়ে৷ সেইবোৰো ফটো তুলি থৈ দিওঁ। ইউ টিউবতো ৰেচিপিবোৰ পাওঁ নহয় সব মিলাই মেলি লিখি গোটত দি দিওঁ। ইমান দামী দামী পাবলৈ নোহোৱা বস্তুৰে কোনেনো বনাই খাব? তথাপিও সব খুচ; ৰেচিপি চোৱাসকলো দিয়াজনো৷
মই চৰ্চৰণি খাই উঠিলোঁ। বেলাবাই মানে বেলা বৰুৱাই পানীৰ গিলাচটো মোলৈ আগবঢ়াই দিলে,
: তোমাক ভণ্টিৰ লগৰ ভণ্টি বুলিহে ক’লোঁ৷ প্ৰকাশ নকৰিবা আকৌ কাৰো আগত৷
এৰা, এই ‘ৰেচিপি’ৰ কথা মই প্ৰকাশ নাই কৰা কাৰো আগত দেই।
☆★☆★☆
9:36 pm
বঢ়িয়া বাইদেউ ৷ এইবোৰেই ফেচবুকৰ চেলেবেৰিটি !