ফটাঢোল

আজন্ম প্ৰেমিক – মানস শইকীয়া

প্ৰেমিক৷ মানে যিয়ে প্ৰেম কৰে সেয়ে প্ৰেমিক৷ আজন্ম গম পাইছেই৷ এতিয়া কিন্তু নুসুধিব প্ৰেম কি? আজিৰ যুগত সেই “প্ৰেমত ঘূৰিছে ভূমণ্ডল—-” ধৰণৰ সংজ্ঞাৰ দিন উকলিল৷ মিছা কৈছোঁ যদি নেটপেক ভৰাওক গুগল, উইকিপিদিয়াত চাওক৷ এইক্ষেত্ৰত ইংৰাজী নামৰ বিদেশী ভাষাটোৰ কিছু জ্ঞান থকা প্ৰয়োজন৷ আজিকালি অৱশ্যে কাৰো তেনে ধৰণৰ অসুবিধা নাই৷ ইংৰাজে এৰিলেও ইংৰাজীয়ে নেৰিলে আমাক৷

অহ! মই কি কৈ আছিলোঁ?প্ৰেমৰ বিষয়ে নহয়নে? আজিকালি প্ৰেমৰ সংজ্ঞা বিভিন্ন ধৰণে দিয়া হয়৷ কাব্যিকতাৰ উপৰিও ভিন ভিন বিশেষজ্ঞই বিধে বিধে বিশ্লেষণ কৰিছে৷ প্ৰেমৰ কাৰণ আজি আৰু চাৰি চকুৰ মিলন নহ’বও পাৰে৷ হেৰৌ, বিয়াই অনলাইন হয়৷ গতিকে, সংজ্ঞা, কাৰক আদিবোৰো সেই ইক’নমিক্স বা এডুকেশ্চনৰ সংজ্ঞাৰ দৰে অমুকৰ মতে, “প্ৰেম——” ধৰণৰ হ’লগৈ৷ তাৰোপৰি,বৈজ্ঞানিক দৃষ্টিভংগী বুলি ৰাসায়নিক তথা হৰমন সংক্ৰান্তীয় মতবাদবোৰ আছেই৷ মুঠতে, আজিকালি আৰু জাকৈ বাওতে চেনীমাইক দেখি প্ৰেম হোৱাৰ দিন গ’ল৷

ময়ো আৰু! কিবা ক’বলৈ গৈ কিবাহে ক’লোঁগৈ৷ আজন্ম প্ৰেমিক কেনেকৈ হ’লোঁ তাকে ক’ম বুলি কমখন বকলা মেলিলোঁ নে? প্ৰেমৰ ভাগ কেইবাটাও, সেইটোতো সকলোৱেই জানেই৷ মোৰ ভাগ আকৌ সেই আচল ভাগ৷ মানে ল’ৰাই ছোৱালীক কৰাটো৷ যাৰ পৰিণতি বিৰহ বা বিবাহ৷ ৰ’ব, মোৰ পিছে দুয়োটাৰ এটাও নহ’ল৷ মানে, প্ৰেম মোৰ নিচা৷ সোমৰসতকৈ বেছি মোৰ প্ৰেমৰ নিচা৷ প্ৰেমত নপৰাকৈ থাকিবই নোৱাৰোঁ দেখোন৷ সেইবুলি চৰিত্ৰকণত দোষ নাই দেই৷

মোৰ জন্ম হৈছিল আজিৰ পৰা দুকুৰি সোতৰ বছৰ আগতে, সেই গোঁসাই পৰভুৰ জন্মৰ মাহটোতে৷ মানে মই ভদীয়া৷ তেৰাৰ অৱতাৰৰ দৰে জন্মতেই মোৰ প্ৰতিভাৰ উমান পাইছিল আমাৰ গাঁৱৰ ধাই জেৰিণা পেহীটিয়ে৷ বোলে বৌটি, এইটো কি জগালি- উপজিয়েই চকু টিপ মাৰে- ডাঙৰ হ’লে তহঁতৰ কৃষ্ণ গোঁসাই হ’ব দেই৷ পেহীটিৰ কথাত কিন্তু দম আছিল৷

তাৰ পিছত বোলে কেচুৱা অৱস্থাত মই ধুনীয়া ধুনীয়া ছোৱালী বোৱাৰীয়ে মাতিলেহে চকু মেলোঁ৷ সেই সকলৰ কোচলৈহে যাওঁ হেনো৷ বহা চোচোৰা হোৱাৰ পৰা মই বোলে মোৰ জোখৰ ধুনীয়া ধুনীয়া মাইনা ছোৱালীবোৰৰ লগতহে খেলি ভাল পাওঁ৷ অলপ ডাঙৰ হোৱাৰ পৰা মোৰ বন্ধুতকৈ বান্ধৱী বেছি হ’লগৈ৷ শেৱালি, পমি, ৰাণী আদি অনেকৰ জুমৰ পৰাহে মোক মায়ে বিচাৰি উলিয়াই৷ স্কুলীয়া দিনবোৰত তাতকৈ বহু বেছি হ’ল৷

কলেজীয়া দিনৰ কথাতো ক’বই নালেগে, দিনটোত তিনিজনীমানক ভাল নেপালে মনটো কিবাকিবি লাগি থাকে৷ অৱশ্যে, হাফ্ পেদেল মৰাতো মোৰ স্বভাৱত নপৰে৷ হেৰৌ প্ৰেম কৰি হাফ্ পেদেল মাৰি, পাৰ্ক ৰেষ্টুৰেণ্টত বহি কৰিবলৈ মই এলাপেছা প্ৰেমিক নহয়তো৷ সেইবোৰ কৰি লাভেই বা কি হ’ব৷ খুব বেছি বিয়া৷ তাৰপিছত সেই পাৰফিউমৰ ঠাইত কেচুৱাৰ মুত্ৰৰ গোন্ধ৷

কি? একেলগে ইমানবোৰৰ লগত প্ৰেম, সিহঁতবোৰৰ মাজত কি কাজিয়া নালাগেনেে? কাজিয়া কৰিবলৈ সিহঁতে জানিবতো লাগিব, মইযে সিহঁতক ভাল পাওঁ৷ এটা সময়ত মই অকল হাঁহিটোৰ বাবে জু মানে জুহি চাওলাকো ভাল পাইছিলোঁ৷ এতিয়াও বলিউদৰ কেইবাগৰাকী অভিনেত্ৰীৰ লগত মোৰ প্ৰেম চলি আছে৷ আজিকালি, কেটৰিনাৰ লগত কাট্টি চলি আছে৷ এতিয়া, মোৰ হিয়াত জেকুইলিন বহি আছে৷

কি, একপক্ষীয় প্ৰেম? হয় আকৌ৷ একপক্ষীয় প্ৰেম আটাইতকৈ নিৰাপদ৷ না প্ৰত্যাখ্যানৰ ভয় না অপমানৰ চিন্তা৷ মুঠতে, মোৰ অনুজ সকলক তেনে প্ৰেমৰ বাবে সদায় অনুপ্ৰাণিত কৰিম৷

তাৰমাজতে ফেচবুকীয়া প্ৰেমিকাবোৰ আছেই৷ মিছা কৈছোঁ যদি মোৰ ফ্ৰেণ্ডলিষ্ট্ খন চাওক৷ কি মেচেজ দিয়া কথা কৈছে? মাৰিব খুজিছে? ইনবক্সত মেচেজ দি ৰোষত পৰিব নোৱাৰি৷ স্ক্ৰীণশ্বটৰ জামানা৷ কোনে কেনেকৈ বেইজ্জত কৰি দিব গমকে নাপাম৷ সেয়েহে, গড়ে এজনীকৈ দৈনিক ভাল পাই যাওঁ৷ ফটোবোৰত লাভ ৰিয়েকচন দি৷ ইমান ধুনীয়া ধুনীয়া ফটোবোৰ, নিদি পাৰিনে? লিষ্টত সংখ্যা কমিলে আকৌ নতুনকৈ এড্ কৰোঁ ৰিকুৱেষ্ট পঠায়৷ মুঠতে, মোৰ হৃদয় কোনো দিনে খালী নহয়েই৷

বিয়া? কি যে কয়! মোৰ দৰে এজনে বিয়া পাতি এগৰাকীৰ লগত প্ৰেম কৰাতো সম্ভৱেই নহয়৷ এটা সময়লৈকে বিশেষকৈ আইজনী থকালৈকে জোৰ কৰি আছিল৷ বোলে বোৱাৰীৰ হাতেৰে এসাঁজ নোখোৱাকৈয়ে মৰিম৷ আয়ে কথা ৰাখিলে কিন্তু৷ তাৰপিছত বিয়াৰ কথা ক’বলৈ মানুহেই নোহোৱা হ’ল৷ ময়ো ভালেই পালোঁ৷ মোৰ জন্মজাত স্বভাৱটো সুৰক্ষিত হ’ল৷ এতিয়া, সেই দুকুৰি সোতৰ বছৰত বিয়া কৰাবলৈ গ’লেও গৃহস্থই টাঙোন লৈ খেদিব৷ ভালেই হ’ল দিয়কচোন৷ বাকী থকা বছৰবোৰতো মই মোৰ প্ৰেমত পৰা গুণটো অক্ষুণ্ণ ৰাখিব পাৰিম৷

কি কৈছে? পাৰিম জানো? লিখি থওক৷ কাৰণ, মই এলাপেচা প্ৰেমিক নহয়৷ মই আজন্ম প্ৰেমিক৷

☆★☆★☆

3 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *