ভাত কেনেকৈ খাম – মাধুৰ্য্য গোস্বামী
ভাত কেনেকৈ খাম? এই প্ৰশ্নটো ইমানেই জটিল যে ভাবি ভাবি ভাত একাঁহী খোৱা শেষ হৈ গ’লেও ইয়াৰ উত্তৰ নোলায়। এইটো আচলতে লেখক এজনৰ লেখাৰ ষ্টাইলৰ দৰেই কাৰবাৰ। মানে ধৰক প্ৰথমতে আপুনি আৰ তাৰ লেখা পঢ়ি, আৰ তাৰ ষ্টাইল ফ’ল’ কৰি লিখিবলৈ আৰম্ভ কৰিলে। কিন্তু লিখোতে লিখোতে শেষত গৈ নিজাকৈ ষ্টাইল এটা উদ্ভাৱন কৰি পেলালে। বচ্, হৈ গ’ল আপুনি সফল লেখক, অন্ততঃ নিজৰ চকুত হ’লেও। চাওক, কিমানে লিখিবলৈ যত্ন কৰে, অথচ সঁচা অৰ্থত লিখিবলৈ পাৰে কেইজনে? আৰু আজিলৈতো লাখ লাখ মানুহে লিখিয়েই আছে। গতিকে ইমান মানুহৰ মাজত সুৰুঙা এটা উলিয়াই লিখি থকাটোও কম কথা নহয়; তাৰ লগত যেনিবা টেলেণ্ট আৰু কল্পনাৰ অলপ আচাৰ বনাই লৰাই-চৰাই ঢালি থাকিব লাগে, বচ্ সিমানেই। কিন্ত টান কামটো হ’ল এই ষ্টাইলটো উলিওৱালৈকেহে।
গতিকে লিখা কামটো মই ভাত খোৱাৰ লগতেই ৰিজাই দিওঁ আজিকালি। আপুনি লক্ষ্য কৰিলে দেখিব যে প্ৰত্যেক মানুহৰেই ভাত খোৱাৰ ধৰণ বা ষ্টাইল অলপ বেলেগ বেলেগ ধৰণৰ। যদি মই সোধো আপুনি ভাত সৰুতে কেনেকৈ খাইছিল? ধান মুঠি মৰাদি মুঠি মাৰি আনি মুখত ভৰোৱা নাছিল জানো? তাৰ লগত পাৰিলে নাকৰপৰা ওলোৱা পনীয়া বস্তুকণো অলপ সোমাই গৈছিল। লেখাবোৰো আপুনি ঠিক তেনেকুৱাই কৰে। আক তাক দেখি আপুনি প্ৰথমতে কেৱল লিখেহে। লাহে লাহে আপুনি নিজাকৈ এটা সুকীয়া ধৰণত লিখিবলৈ যিটো ধৰণত কেৱল আপুনিহে লিখে।
বাকী আপোনাৰ লগত মজিয়াখন, ঘৰৰ মেকুৰীটো সকলোৱেতো ভাগ পাইছিলেই। ডাঙৰ হৈ অহাৰ লগে লগে আপোনাৰো ষ্টাইল সলনি হ’ল, মানে mature লেখকৰ দৰে। এতিয়া আপুনি ভদ্ৰ মানুহৰ দৰে প্ৰথমে হাতখন ধুই লৈ অলপ অলপকৈ খোৱা আৰম্ভ কৰে। দাইল-তৰকাৰী,ভাজি, মাছ-মাংস, আৰু থাকিলে শেষত দৈ অকণমান। আস্, কি সুন্দৰ খানা!
তাৰপিছতো কিন্তু আপোনাৰ মনত সেই সৰুতেই শিকোৱা নানান শিক্ষাই জুমুৰি দি থাকিব। যেনে ধৰক ভাত খাওঁতে কথা ক’ব নাপায়, চোবাই চোবাই গুৰি কৰি খাব লাগে, লগত কোনোবাই খাই থাকিলে আগতে শেষ হ’লেও উঠি যাব নালাগে ইত্যাদি ইত্যাদি। মোৰ মাহী এজনীয়ে সৰৌপ সৰৌপকৈ ভাত জিভাত দিয়েই গিলি পেলাইছিল। সৰুতে মই আচৰিত হৈ তাইক কৈছিলো বোলো চিধা গিলি পেলাৱ কিয়, চোবাই খাব লাগে। নাই, তাইৰ সেইবোৰলৈ ভ্ৰূক্ষেপেই নাই। এতিয়া যেনিবা আধা বয়স যোৱাৰ পিছত অলপ ঠিক লাগিল, বোধহয় বদহজম হোৱা আৰম্ভ হ’ল। গতিকে প্ৰথমতেই শিকা কথাবোৰ লাহে লাহে আপোনাৰ বাবে এটা stereotype যেন হৈ পৰে আৰু আপুনি সেই গণ্ডীৰপৰা ওলাই নতুনত্ব বিচাৰে।
মুঠতে আপুনি ভাত খোৱাৰ লগতে মেনাৰিজমৰ শিক্ষাও লোৱা হৈ যায়। মেনাৰিজমৰ কথা কওঁতে আন এটা কথাও মনলৈ আহিল।
আপোনালোকে বোধহয় ইউৰোপৰ যোৱা শতিকা বা তাৰ আগৰ ঘটনাৰাজিৰ ওপৰত বনোৱা চিনেমা আদি দেখিছে নিশ্চয়। মই ইউৰোপলৈ যোৱা নাই বাবেহে চিনেমাৰ কথা কৈছোঁ দেই। আপুনি সেই সময়ত তাৰ মানুহবোৰৰ খোৱা ষ্টাইল দেখিছেনে? গাত নপৰিবলৈ কাপোৰ এখন ভৰিৰ উৰুৰ ওপৰত পেলাই ফৰ্ক নে কি সেইখন আৰু কাঁটা চামুচখনেৰে যেনেকৈহে খায়, দেহি ঐ!
আমাৰ গাৱঁৰ ভতুৱা এটাই সেইবোৰ ইলাহী কাৰবাৰ দেখিলে ভাতেই নোখোৱাকৈ গুচি যাব। হ’ল বুলিনো পেটৰ ভোকত ইমানবোৰ কৰি থাকিব পাৰিনে? তাতে চৰু-হাড়িত পইঁতা ভাত খাই ডাঙৰ হোৱা মানুহ। মুঠতে আমাৰ দৰে ভতুৱাই কস্মিনকালেও এইবোৰ কৰিব নোৱাৰে। তাতে আমি এশ-এবিধ শাকেই খোৱা মানুহ। ভাত আঞ্জা সোৱাদ হ’লে পেট ফুলি ফুলি দাৰা সিঙৰ পেটটোৰ দৰে টান নোহোৱালৈকে খাবলৈ নেৰা মানুহ। গতিকে আমাৰ দেশত সেইবোৰ নেচেল।
অৱশ্যে কাজে-বিয়াই দহজনৰ আগত খাওঁতে অলপ ভদ্ৰ মানুহৰ দৰে খাবলগা হয়েই দিয়কচোন। বেছি ভদ্ৰ হৈ হৈ আমি এতিয়া চামুচেৰেও খাবলৈ শিকিলো। এইফালে চিন্তা কিন্তু সেই পুৰণিকলীয়াই। নহয় জানো?
এইখিনিতে মেনাৰিজমৰ কথা কওঁতে আন এটা কথা মনলৈ আহিল। আব্ৰাহাম লিংকনক হেনো তেওঁৰেই দলৰ মন্ত্ৰী এজনে আন একো খুঁট উলিয়াব নোৱাৰি কৈছিল তেওঁ হেনো ভদ্ৰ মানুহৰ দৰে খাব নাজানে। মুঠতে পৃথিৱীত চকুচৰহাৰ আকাল নাছিল আৰু নহয়ো কেতিয়াও।
খোদ আমাৰেই প্ৰধানমন্ত্ৰীজনৰ এবাৰ এশটামান বাটিত আঞ্জা লৈ খোৱা ফটো দেখোন ভাইৰেল হৈছিল য’ত “দুখীয়াৰ প্ৰধানমন্ত্ৰী” বুলি কৈ যথেষ্ট ঠাট্টা-বিদ্ৰূপো কৰা হৈছিল। এতিয়া আমি এইবোৰ ক’লে ৰাইজে ক’ব বোলে তেৰাক আমি সমৰ্থন কৰিছোঁ। পিছে কথাটো হ’ল সমালোচনা কৰা আমিবোৰনো কম খকুৱানে? গাত চিকুটি চালেইচোন গম পাই আমাৰ খকটো কেনে।
খকৰ কথা ক’লেই মোৰ আগৰ ভাৰাঘৰৰ মালিকৰ পুতেককেইটালৈ মনত পৰে। তাৰে এজন একদম হাড়ে-হিমজুৱে ভাতৰ খকুৱা আছিল, যাক গাঁৱত ভতুৱা বুলি কয়। খায়ো খাই একদম বকাসুৰে খোৱাদি খায়। সিহঁতৰেই ভাৰাঘৰত আন এজন বলো নামৰো মানুহ আছিল। মালিকৰ পুতেকে বলোদাক সদায় ৰাতিলৈ তাৰ বাবেও ভাত বনাবলৈ কয়। তাৰপিছত সি ঘৰৰপৰাও একাঁহী আনে বলো দাৰ ৰূমলৈ। দুপেগমান খোৱাৰ পিছতো সি মুঠতে দুকাঁহী ভাত খায়, একাঁহী ঘৰৰ একাঁহী বলোদাৰ ৰুমৰ। ৰাতি দুকাঁহী ভাত খোৱা তাৰ দৰে বকাসুৰ মই কমেই দেখিছো।
আমাৰ সৰু মামাৰ বিয়াতেই ওচৰৰ চুটি-চাপৰ মদাপী মানুহ এজনে দিনতেই তিনিবাৰ ভাত খালে। সোধাত ক’লে, “গহয়থেৰ (গোঁসাইহঁতৰ) বিয়াত ভাত নাখামনা আৰু”। খোৱাৰ মাজতে সি এবাৰ কামফেৰাও কৰি আহিছিল হেনো পেটত বেছি প্ৰেচাৰ পৰাত। এইবোৰ মানুহে হাক-বচন খাতিৰেই নকৰে। খাব নোৱাৰা নোহোৱালৈকে খাবই। মুঠতে ভতুৱাৰ আকাল আজিৰ দিনটো হোৱা নাই এথোন।
আকৌ এচাম আছে যিয়ে দাইল, মাছৰ আঞ্জা, মাংসৰ জোল চব একেলগে ভাতৰ লগত সানি খায়। সুধিলে জাঙুৰ খাই উঠে, ইহ্ ! এটা পেটলৈহে যাব, ইমান জুতি লগাই লগাই খাবৰ কি দৰকাৰ। এই কাৰ্যটোক আমাৰ লেখা কাৰ্যৰ লগত তুলনা কৰিলে দিগদাৰেই আছে। এনেকৈ এসোপামান শব্দ সানি-পুতুকি লেখা এটা বনালে তাৰপৰা ৰস-জীৱ একোটো নোলায়েই, বৰঞ্চ লিখি লিখি বদনামহে হ’বলগা হয়। তেনেকুৱা লেখকৰো আকাল নাই যিয়ে অ’ৰ-ত’ৰপৰা ধাৰ কৰি আনি প্ৰকাণ্ড প্ৰৱন্ধ এটা বনায় য’ত নিজৰ অনুদান প্ৰায় শূন্য। তাকো যি অলপ নিজে লিখা যেন অনুমান হয় তাকো কাৰোবাৰ চিন্তাৰপৰা ধাৰ কৰা। মুঠতে দেখাত সাংঘাটিক ধৰণৰ কিবা এটা হ’ব লাগে, সেইটোৱেই চমুকৈ প্ৰচলিত ধাৰা। তাৰ মাজতো অৱশ্যে মৌলিক চিন্তাৰ লেখা ঢেৰ আছে। বাকীবোৰ মানে মুখস্থ মাতি মাতি পৰীক্ষাত বমি কৰাৰ লেখীয়া, ফলাফলো একে, যেনেকৈ যিমান ভাল বস্তু খালেও আউটপুট সেই… ধেৎতেৰী, তেহেলৈ এইবোৰ থাওক। এহো বাহ্য।
আজিকালি দিনকাল সলনি হ’ল। বেমাৰৰ কোবত মানুহেও খোৱা কমালে, বেমাৰৰ ভয়তো কমালে। ছোৱালীবোৰৰ বেছিভাগ আৰু ওপৰত। কামিহাড় ওলাই গ’লেও খাব দুচামুচ ভাত। লাগিলে দোকানৰ ফাষ্ট-ফুড, কিবা ফুড, সেইবোৰেই দকচি খাব, তথাপি শকত কৰাৰ বদনামটো ভাতৰ। হেৰৌ কাম-বন এটা নকৰি একাঁহী একাঁহী খালেতো বেমাৰে ধৰিবই।
মানুহৰ চিন্তাধাৰা আৰু ৰুচিৰো সলনি হ’ল খোৱাৰ লগে লগে। খোৱা খাদ্য বাচি বাচি খোৱাৰ দৰে লেখাও বাচি বাচিহে পঢ়া হ’ল। এলাপেচা নাম নোহোৱা লেখকৰ অৱস্থাই কাহিল হৈ গ’ল বুজিছেনে? চ’চিয়েল মিডিয়াটো যাক ভালপায় তেওঁৰহে লেখা পঢ়িব, ভাল লিখিলেও ইমান সহজত আন কাৰোবাৰ নপঢ়ে। মুঠতে মানুহে এতিয়া “বাচি খাবা বাচি পঢ়িবা” পূৰা মানি চলিবলৈ লাগিছে।
তথাপি কৈ থওঁ ভাতৰ গুণাগুণৰ অন্ত নাই। তাতে অসমীয়াৰ জীৱনধাৰা আৰু খাদ্যাভাষৰ লগত ভাতেই মিলে। তাকে নাখাই জগতৰ বাৰেভচহু বস্তুবোৰ খাই শেষত বেমাৰ হ’লেও ভাতক দোষ দিয়া কাৰবাৰটো কম অজীনপাতকীৰ কামনে? ভাষাটোৰ অৱস্থাও ভাতৰ দৰে হোৱা নাই জানো? ইংৰাজী-হিন্দীৰ উৎপাতত বেচেৰাৰ অৱস্থাও ভাতৰ লেখিয়াই হৈছেগৈ। বেমাৰ হ’ব, অজীৰ্ণ হ’ব বুলি জানিও মানুহে তাকেই জানো ব্যৱহাৰ কৰা নাই? তাকো আধাকেঁচেলুৱাকৈ? ভতুৱাই ভাতৰ মান ৰক্ষা কৰাদি এতিয়া আমিও ভাষাটোৰ মান ৰক্ষা কৰাটোহে ডাঙৰ কথা হৈ পৰিছে। এতিয়া তাকে ক’লে কেইটামানে জাঙুৰ খাই উঠিব বোলে ভাষাটোত বেলেগ ভাষাৰ শব্দ সুমুৱালে কি স্বকীয়তা থাকিব? হেৰৌ, গোটেই বছৰ জিনছ্ পিন্ধি দুদিন মেখেলা-চাদৰ, ধুতী পিন্ধি নিজৰ সংস্কৃতি ৰাখিবলৈ চেষ্টা কৰা নাই? তেনেকৈ ভাষাও বোৱঁতী নৈ। সম্পূৰ্ণ নিজা উদ্ভাৱনৰ শব্দৰে ভাষা এটা কেতিয়াও নচলে। স্থিতিস্থাপকতাৰ বাবে সি বেলেগ ভাষাৰ সহায় ল’বই লাগিব। তাৰ মাজতো স্বকীয়তা ৰক্ষাৰ ভাৰ নিজৰ ওপৰত। এতিয়া এইবোৰ ক’বলৈ গ’লে আমাৰ দৰে সাধাৰণ নৰমনিচৰ প্ৰাণ ভিক্ষা কৰিবলগা পৰিস্থিতি হ’ব। সি যি কি নহওক, ভাত আমাৰ জীৱন। গতিকে পীৰাত বহিয়েই হওক বা মেজত বহিয়েই হওক, হাতেৰেই হওক বা চামুচ হেতাৰেই হওক (অৱশ্যে চাফা হাতেৰে খোৱাটো বিজ্ঞানসন্মতভাৱে উপকাৰী), শাকে-শোকোতাই হওক বা মাছে-মঙহেই হওক, ভদ্ৰ মানুহৰ দৰেই হওক বা ধান মুঠি মৰাদি খোৱাই হওক, আমাক ভাত লাগিবই। গতিকে দেশ-দুনীয়াৰ আমাৰ বাবে অভ্যক্ষ বস্তুবোৰ অলপ দূৰত ৰাখি ভাতকে পৰিতৃপ্ত হোৱাকৈ নাখাওঁনো কিয়?
☆★☆★☆
9:55 am
ধেমালিৰ দুটা কথাৰ পৰাও মনপচন্দ লিখা এটা সৃষ্টি কৰিব পৰা ক্ষমতাক মানিছো। ভাল লাগিল ।
11:27 am
ধন্যবাদ সৌৰভ দা।
12:44 pm
ধেমালিতে এনে মনোৰম লেখা, মানি গৈছো ।
ময়ো ভাত খাই বৰ ভাল পাওঁ, সদায় খাওঁ, বিয়া খাবলৈ যাওঁ বুলি কওঁহে , আচলতে ভাত খাবলৈকে যাওঁ ।
কিন্তু ৰান্ধিবহে নাজানো
1:54 pm
কৃতজ্ঞতা এটা দিবা মোক। মোৰ উপৰ্য্যুপৰি কামোৰ নোখোৱা হ’লে হয়তো এইটো সৃষ্টি নহ’ল হয়।
ভাল হৈছে মাধুৰ্য্য
2:31 pm
গায়ত্ৰী বাইদেউ। আমি হ’লো ভতুৱা অসমীয়া। খাবতো লাগিবই।
ৰিণ্টুদা ধন্যবাদ।
2:58 pm
কি ক’ম। মৰমৰ ভাইটি টোৰ লিখনি পঢ়ি সদায়েই তধা লাগো। এইটোৰ আঁৰৰ কাহিনীটোও মৰমৰ।
3:23 pm
ধেমালিৰ চলেৰে বৰ ৰসলগা লেখা এটা পঢ়িবলৈ পালোঁ।
6:03 pm
ধেমালিৰ চলেৰে ভাল জ্ঞান দিলা দেই। তামাম লিখিছা।
8:14 pm
ধন্যবাদ দেই সকলোকে।
10:59 pm
ভাল লাগিল গোস্বামী ।
11:55 pm
ধন্যবাদ নাথ।
6:18 am
সুন্দৰ প্ৰকাশ…! লেখাৰ ক্ষেত্রত কবলৈ গ’লে লেখা এটাৰ সমাপ্তি আৰু ভাত খোৱা পৰ্ব ৰ সমাপ্তিত মিল আছে ছাগৈ।
আমি বিচৰা ধৰণে সমাপ্তি আৰু আমাৰ মুখৰ জুতিৰ হকে ৰখা শেষ ভাত দুগৰাহমান.একেই যেন অনুভৱ হয় ।
এটা সচাই অনুপম সৃষ্টি
7:39 am
ধন্যবাদ ৰামানুজ দা।
8:56 am
বৰ সুন্দৰ লেখা । ভাল পালো
9:21 pm
বৰ পৈণত হাতখন তোমাৰ ৷ এই লেখাটোৰ সোৱাদ মজা লাগিল ৷
7:01 am
ধন্যবাদ কাবেৰীবা মৃদুলাবা
11:31 pm
বৰ ভাল পালোঁ পঢ়ি।