ফটাঢোল

ঘেণ্টা – বিকাশ শইকীয়া

অফিচৰে এগৰাকী সুন্দৰীৰ লগত নতুন চিনাকি। মোৰ ৰুমৰ ওচৰতে থাকে। ফেচবুকৰ বন্ধুৰ তালিকাত আহিল। আপডেটবোৰ দেখি এদিন সুধিলে, তুমি কি ভাষাত আপডেট দিয়া একো বুজি নাপাওঁ। মই বোলো “আছামিজ”। কি লিখোঁ বুজাই ক’বলৈ ক’লে। ক’লো দুটামান কাহিনী হিন্দী আৰু ইংৰাজী মিলাই৷ দুটামান গল্প ভাল পালে। তাই ৰুমমেটেও বোলে কাহিনী লিখে সিহঁতৰ স্থানীয় ভাষাত। সেইসূত্ৰে দুয়োগৰাকীৰ লগতে ভাল সম্পৰ্ক এটা হ’ল। এদিন একেলগে এসাঁজ খোৱাৰ প্লেন কৰিলোঁ। শনি আৰু দেওবাৰতে সময় পোৱা যায়। গতিকে এটা “উইকেন্দ” মনস্থ কৰিলোঁ। মই বোলো শুক্ৰবাৰে ৰাতি কৰোঁ। (নহ’লেযে আলহীখোৱা নামতে এটা দিন পাৰ হৈ যায়। তেনে কৰিব মন একদম নাছিল।) সিহঁতে ক’লে – শুক্ৰবাৰে সন্তোষী মা পূজা কৰে, মাছ-মাংস নাখায়। গতিকে শনি বাৰলৈ প্লেন কৰিলোঁ। আমুকাও গ’লো এসাঁজ দগৰী আহোঁ বুলি।

গৈ বহিলোঁ, হাই হেল্ল’ চলিল। টেবুলত বাদাম ভজা অলপ দেখি চাহ দিব বুলি ভাৱিলোঁ। দুয়োগৰাকী পাকঘৰত ব্যস্ত। চিকেনৰ যি গোন্ধ আহিছে, চাহতকৈ আগত ভাতহে লাগে। হঠাৎ এক প্লেট সৰু সৰু টুকুৰা চিকেনৰ ভজা আৰু তিনিটা ওখ ওখ কাচৰ গ্লাছ টেবুলত থ’লে। এগৰাকী বহিল। গ্লাছকেইটা দেখি ক’লে ড্ৰীঙ্কৰ লগত চিকেন দিবনে? চাহৰ লগত বাদাম বুজিব নোৱাৰিলোঁ। আতিথ্য গ্ৰহণ কৰা নতুন নতুন ষ্টাইলৰ বহুত অভিজ্ঞতা আগত হৈছে। গতিকে আমি পেট পূজাৰীয়ে বেছি মাথা নামাৰিলোঁ।

কিন্তু আচৰিত! ত্ৰিভূজ আকৃতিৰ এটা বটলৰ পৰা ৰঙা এক তৰল পদাৰ্থ গ্লাছ তিনিটাত দুইআঙুল মানকৈ পৰিল। এগৰাকীয়ে লগে লগে পানী, চ’দা আৰু আইচ ঢালি দিলে। একো ক’বলৈ সুবিধাকে নাপালোঁ। চ’ল’ চিয়েৰছ বুলি দুগৰাকীয়ে দুফালৰ পৰা মাত দিলে। কি কৰোঁ কেনেকৈ কওঁ যে মোৰ এইবিধ নচলে বুলি। ইতিমধ্যে দুফালৰ পৰা গ্লাছ দুটা টুকৰ লগাবলৈ আগবাঢ়ি আহিল। কি কৰোঁ এতিয়া। ময়ো গ্লাছত টুকৰ লগাই চিয়েৰছ বুলি দিলোঁ কৈ।

এক দুইকৈ তিনি গ্লাছ ঢকঢক গিলি দিলোঁ। লগত চিকেন ফ্ৰায় আৰু বাদাম ভজা। এইবাৰ চকুৰে জলক টবক দেখিছোঁ। কি কৰা যায় !! মনত বুদ্ধি এটা আহিল। বটলটোত “নম্বাৰ ৱান” বুলি লেখা আছে। মই বোলো – আচলতে মই “নাম্বাৰ ৱান” নাখাওঁ, বৰ বেয়া লাগে টেষ্টটো। তোমালোকে দিয়া বাবে খালোঁ আৰু নাখাওঁ মই। সিহঁতে ক’লে বোলে ” অ’কে! অ’কে! ন’ প্ৰব্লেম। থেংকচ ফৰ গিভিনং আছ কম্পেনি।” অ’হ ৰক্ষা মিছা কৈ হ’লেও সাৰিলোঁ। এজনীয়ে ক’লে নহয় বোলে “কি ব্ৰেণ্ড খোৱা তুমি??”। এটাও মদৰ কোম্পেনীৰ নাম মনলৈ নাহিল। যিহে মাথা ঘূৰাব ধৰিছে ক’ৰ পৰা আহিব। মই বোলো বাকী সব খাওঁ। কেৱল “নাম্বাৰ ৱান” হে খাব নোৱাৰোঁ। খন্তেক সময়ৰ পিছত সকলো ইতি পৰিল। সুন্দৰ ভাত সাঁজ গ্ৰহনো কৰিলোঁ। আহিবলৈ বুলি টা-টা, বাই-বাই কৰোঁতেই সিহঁতে ক’লে – “কাইলৈ আহিবা। বেলেগ এটা ব্ৰেণ্ড খাম। আজি বেয়া নপাবা, তুমি নাম্বাৰ ৱান নোখোৱা বুলি জনা নাছিলোঁ।” মই বোলো তোমালোকে সপ্তাহত ছয় দিন মদে মাংসই খাই থাকা আৰু এদিন নিৰামিষ খাই কি লাভ হৈছে। “ঘেণ্টা” হৈছে। বছৰটোৰ দুদিন অসমীয়া হ’লে ঘেণ্টা হ’ব। হ’লে গোটেই বছৰটো বা জীৱনটো হ’ব লাগে৷

*****

Leave a Reply

Your email address will not be published. Required fields are marked *