ফটাঢোল

চোৰক মোৰে পালে – অগ্নিভ দত্ত

সেইয়া আছিল আজিৰপৰা ২৫ বছৰ মান আগৰ কথা। জীৱনত বৰ এটা আশা তাশা নাছিল, তথাপিও পালোগৈ ইঞ্জিনিয়াৰিং কলেজ, কিবাকৈ ইঞ্জিনিয়াৰ বনি যাব পাৰোৱেই নেকি বুলি। কটনৰ ছাত্ৰাবাসত থাকোঁতেই অলপ চলপ গম পাইছিলো যে ছাত্ৰাবাসত কি কি হয়। সেই কাৰণে ইঞ্জিনিয়াৰিং কলেজৰ ছাত্ৰাবাস সোমোৱাৰ আগতে অলপ ভূ ভা লৈ গম পাইছিলো যে তাত আখৰ ভাল হলে বোলে ছিনিয়ৰৰ নোট, চেচনেল আদি লিখা মেলাত অলপ সহায় কৰি দিব লাগে প্ৰথম বৰ্ষৰ ছাত্ৰই। মানে বৈদ্য কামোৰ কাম এটা দি দিয়ে জুনিয়ৰক৷

মই আকৌ মানুহটো হ’লো বৰ এলেহুৱা, যিহেতু মই নিজৰ কাৰণেই লিখা মেলা মোটা মোটি নকৰোৱাই তেনে স্থলত আৰু ছিনিয়ৰৰ কাৰণে কোনে লিখিব, এইবুলি বুদ্ধি এটা চিন্তা কৰাত লাগিলো৷ অলপ ভাবি চিন্তি মনৰ ভিতৰতে সৰু বুদ্ধি এটা উলিয়াই ছাত্ৰাবাসত সোমালোহি। ৰাতিপুৱাই ক্লাছলৈ ওলাই যাওঁ৷ ৰাতি 2-3 টালৈ ৰেগিং খাই ক্লাছতগৈ আৰু পঢিবলৈ, লিখিবলৈ ধৈৰ্য্য নাথাকেগৈ৷ ক্লাছলৈ সম্পত্তি বুলি ৰেছন কাৰ্ডৰ বহীখনৰ নিচিনা সৰু বহী এখন লৈ যাঁও পেন্টৰ বেক পকেটত৷

ক্লাছত সেই সৰু বহীখনতে এংকৰি বেংকৰি কিবাকিবি লিখো। আখৰবোৰ দেখিলে নিজৰে হাঁহি উঠি যায়৷ ডাক্টৰৰ প্ৰেচক্ৰিপচনত লিখা আখৰতকৈও ভয়ংকৰ হব ধৰিলে আখৰৰ গতি। এদিন কলেজৰ ক্লাছ শেষ কৰি মই আৰু মোৰ ৰুমমেট চক্ৰ আৰু দুটা আহি আহি হোষ্টেলৰ ফিল্ডখন পাইছোহি৷ ফিল্ডতে বহি আদ্দা দি থকা ছাত্ৰাবাসৰ ছিনিয়ৰ কেইজনমানে ধৰিলে নহয় বাপ্পেক্কে। তেখেত সকলৰ বোলে কিবা নোট অলপ বনাব লাগে।

“অই চাও তঁহতৰ ক্লাছৰ বহী বোৰ দে চোন” বুলি আমাৰ বহী কেইখনলৈ হাতৰ আখৰ বিচাৰ কৰাত লাগিল গোটেইকেইজন ছিনিয়ৰ। বাকী বিলাকৰ বহী কেইখন চাই চাই মোৰ বহীখনত যেতিয়া হঠাৎ চকু পৰিল তেতিয়া গোটেই ছিনিয়ৰকেইজনে মুখ কেইখন এনেকুৱা কৰিলে যেন কিবা ভেকুৰী তিতাহে মুখতলৈ চোবাই পালে।

এজনে মাত দিলে- “অই এই আখৰ লৈ তোৰ কিন্তু লাইফত দিগদাৰ আছে” এইবুলি মোক সৰুকৈ হুমকি দি বাকী তিনিটাক ক’লে- “অই তহঁত তিনিটাই ব’ল নোট বনাবলে। ইয়াক নিলে আমি ফেইল মাৰিব লাগিব (মোৰ ফালে দেখুৱাই)।”

মোৰ বুদ্ধিয়ে কাম দিয়া বুলি ভাবি তাতে এপাক নাচিয়েই দিব মন গৈছিল সিদিনা। এনেকৈয়ে দিন বোৰ গৈ আছে, মোৰ হাতৰ আখৰ দেখি কোনেও নিদিয়ে মোক লিখিব লৈ। আৰু আমাৰ লগৰবোৰ জকি থাকে মোক লৈ। কোনেও একো ক’বও নোৱাৰে কাকো। মুঠতে মোৰ লাইফটো মস্তিত চলি আছিল।

এনেতে এদিন কলেজৰ পৰা আহি মই আৰু চক্ৰ ৰুমতে বিচনাতে বাগৰ দি আছো। তেনেতে আহি সোমালহি নহয় প্ৰাণজিৎদা নামৰ ছিনিয়ৰ এজন কৰবাৰ পৰা বিৰাট ব্যস্ততাৰে আহিয়েই ক’লে- “অই তঁহত দুটাৰ কাৰ আখৰ ভাল অ’? চাও আনচোন তঁহতৰ নোট বুক কেইখন।”

প্ৰাণজিৎদা এইখন চাওক বুলি চক্ৰই বহী এখন হাউৎকে আগবঢ়াই দিলে। তাৰ বহীখন চাই প্ৰাণজিৎদাই নৰলেই, মোক ফালে দেখুৱাই কলে- “অই তই আহি যা মোৰ ৰুমলে সোনকালে, বহুত লিখিব আছে, কাইলৈ চেচনেল চাবমিট কৰিব লাগিব৷ ই (চক্ৰৰ ফালে দেখুৱাই) যদি মোৰ চেচনেল লিখিলে ছিওৰ ফেইল মাৰিব লাগিব চেচনেলত মই। ইয়াতকে বেয়া আখৰ কাৰো হ’বই নোৱাৰে বুইছ।”

“তই আহি থাক অলপ পাচত” বুলি প্ৰাণজিৎদা ৰুমৰ পৰা ওলাই গ’ল। মই বোলো আজি হ’ল কি ঘটনাটো? চক্ৰৰ ধুনীয়া গোটা গোটা হাতৰ আখৰ বেয়া বুলি মোক চিলেক্ট কৰি থৈ গ’ল। কি হ’ল প্ৰাণজিৎদাৰ বাৰু আজি? নে বেছিকৈ দাৰু চাৰু খাই আহিছিল। এইবোৰ ভাবি ভাবি “আব্বে চক্ৰ, তোৰ আকৌ আখৰ কেনেকৈ বেয়া হ’ল অ” বুলি চক্ৰক সুধিলো। এতিয়াহে ওলালগৈ উৰহি গছৰ ওৰ।

সি বেটাই হাঁহি হাঁহি তাৰ হাতৰ বহীখন মোলৈ আগ বঢ়াই দিওঁতেহে দেখিছো, হে ভগৱান, এইয়া কি দেখিছো, এইখন দেখোন মোৰ বহীখন। তেতিয়াহে গম পালো যে বাঁহ দিওঁতে দিওঁতে, ময়ো আজি বাঁহ খাই গ’লো। চক্ৰক গালি দি দুই লাথ মাৰি প্ৰাণজিৎ দাৰ তাত ঘন্টা ঘন্টা ধৰি চেচনেল লিখি ইমানদিনৰ পাপৰ প্ৰায়শ্চিত কৰিব লগা হ’লগৈ সেইদিনা৷

☆★☆★☆

3 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *