ফটাঢোল

শ্বপিং মল – মন্দিৰা শৰ্মা

মহিলাসকলৰ বাবে বজাৰ কৰাটো যেন এক জন্মস্বত্ব অধিকাৰ। বজাৰ কৰা বুলি ক’লে বৰ ঠিক নহ’ব চাগৈ? ‘শ্বপিং’ বুলি ক’লে হে শুনিবলৈ বেছি ভাল লাগে। ইমান ভাল লগা কাম এটাৰ ষ্টেণ্ডাৰ্ড বুলিও কথা এটা আছেতো। লগৰ দুজনীমানৰ আগত শ্বপিং কৰিবলৈ যাওঁ বুলি ক’বলৈকে কিমান ভাল লাগে। ইমান যে শ্ৰুতিমধুৰ হয়। মহিলাসকলৰ এই অধিকাৰটো আৰু বেছিকৈ সাব্যস্ত কৰিবলৈ সুবিধা কৰি দিয়াত বিভিন্ন কোম্পানীবোৰেও যেন উঠি পৰি লাগি গ’ল। দোকানে দোকানে ঘূৰি ঘূৰি কষ্ট নোহোৱাকৈ শ্বপিং কৰাৰ সুবিধা কৰি ‘শ্বপিং মল’ নামৰ প্ৰতিষ্ঠানবোৰ আৰম্ভ হ’ল।

কিছু বছৰ আগলৈকে অসমত বহুত বেছি মল আৰম্ভ হোৱাই নাছিল। কলেজত থাকোঁতে গুৱাহাটীত দুই এখন মল খুলিছিল। কিন্তু তাত শ্বপিং কৰাৰ সাহস আৰু সামৰ্থ দুয়োটাই নাছিল। পকেট মানীৰ পৰা যি অলপ টকা ৰাহি হৈছিল, সেইয়াৰে সেইবোৰ মলত কিবা কিনাটো সম্ভৱ নাছিল। তথাপিও কিন্তু কলেজৰ লগৰবোৰৰ লগত ‘ৱিন্দ’ শ্বপিং’ কৰিবলৈ গৈছিলোঁ। দুই এযোৰ কাপোৰৰ দাম সুধি চকু কপালত হে উঠে, বাপৰে ইমান দাম নে? সেইবুলি কিবা কাপোৰ নাচাম নে, দৰ দাম ন’কৰিম নে? শেষত কাপোৰ পচন্দ নাইহোৱা বুলি কৈ গহীনত তাৰ পৰা ওলাই আহিলোঁ। এবাৰতো tanishq ৰ গহণাৰ দোকান এখনতো সোমালোঁ। হাতত চাগৈ খুব বেছি 300 মান টকাহে আছিল। বিভিন্ন ধৰণৰ কাণফুলি, আঙুঠি চাই, ইটোহে হ’ল, সিটোহে হ’ল, এইকাৰণেহে পচন্দ নাই হোৱা ইত্যাদি কথা কৈ গহীনত ওলাই আহিলোঁ। ওলাই আহি বাহিৰত আটাইকেজনীয়ে গিৰ্জনী মাৰি হাঁহিলোঁ। “হাতত নাই কণটো, বৰসবাহলৈ মনটো”। এই কথাটোকে ভাবি চেল্চমেকেইজনেও চাগে খুব হাঁহিছিল বা হয়তো গালিও পাৰিছিল। পাৰিলেও পাৰক। আমি নুশুনো যেতিয়া লাজ কিহৰ। এইধৰণৰ শ্বপিং কৰিও বেচ ফূৰ্তি পাইছিলোঁ।

দিন বাগৰাৰ লগে লগে এইবোৰ ফূৰ্তি বাদ পৰিল। যোৰহাটলৈ বিয়া হৈ আহিলোঁ। তেতিয়া যোৰহাটত আজিৰ দৰে মলবোৰ নাছিল। বহুতো ভাল ভাল সৰু ডাঙৰ দোকান আছিল। তাতেই বজাৰ কৰোঁ। মলৰ কথা পাহৰিয়ে পেলাইছিলোঁ।

কিন্তু বিয়াৰ কেইবছৰমান পিছত বেংগালুৰুলৈ বুলি ফুৰিবলৈ গৈছিলোঁ৷ ভতিজা এজনে তাত চাকৰি কৰি আছিল। সেয়ে আমাক ঠাই ফুৰোৱাৰ দায়িত্ব তেওঁ ল’লে। তাত বিভিন্ন ঠাইত ফুৰিবলৈ যাওঁতে বহুত ডাঙৰ ডাঙৰ মল দেখিবলৈ পালোঁ। কলেজীয়া দিনৰ সেই শ্বপিঙৰ পোকটোৱে দেখোন লাহেকৈ উকাবলৈ ল’লে। এনেয়ো নতুন ঠাইলৈ গ’লে তাত বস্তু কিনাৰ চখ এটা প্ৰায় সকলোৰে থাকেই। মোৰো সেইটো চখ পুৰা মাত্ৰাই আছিল। তাতে মিতিৰ কুটুমলৈও সৰু সুৰা কিবা ল’বও লাগিব। সেইকাৰণে বোলো মলতে শ্বপিং কৰোঁ। ভতিজাক ক’লোঁ যে ঠাই ফুৰাৰ লগতে আমাক যাতে মল দুখনমানলৈও লৈ যায়। এখন মলত (নামটো পাহৰিলোঁ পিচে ) সোমাই বেচ ভাল লাগিল। দুই এবিধ বস্তুও কিনিলোঁ। এইবাৰ ভতিজাজনে ক’লে, “খুৰী , এতিয়া আমি যিখন মললৈ যাম, খুবেই ধুনীয়া, কিন্তু তাত বস্তুৰ অন্ত্যন্ত দাম। বস্তু নিকিনিলেও আপুনি চাই ভাল পাব বুলি লৈ যাম”। ময়ো বৰ ভাল পালোঁ। একো নহ’লেও ৱিন্দ’ শ্বপিং কৰিবতো পাৰিম। সেয়ে আমি উপস্থিত হ’লোঁ Kingfisher খ্যাত বিজয় মালিয়াৰ UB City মলত। (তেতিয়া তেওঁ পলায়ন কৰা নাছিল বাবে “পলায়ন খ্যাত” বুলি লিখিব নোৱাৰিলোঁ)

তাত গৈ আৰম্ভ হ’ল মোৰ অবাক হোৱাৰ পাল। মলৰ ভিতৰখনত নাই কি? অ’পেন থিয়েটাৰ সদৃশ এখন ঠাই। কাষতে সংগীত আৰু পোহৰৰ সৈতে সলনি হোৱা পানীৰ ফুঁৱাৰা, pub, ৰেস্তোৰাঁ আৰু যে কত কি। গোটেইখন পিতপিতাই ফুৰি কি যে ফূৰ্তি লাগিছিল। কেইবাখনো দোকানত সোমাই বস্তুবোৰ চাই বৰ ভাল লাগিল। যিহেতু দাম বেছি বুলি আগতেই কৈ থৈছিল, সেইকাৰণে একো নিকিনো বুলি মন বান্ধিয়েই থৈছিলোঁ। শেষৰ ফালে এখন বেগৰ দোকানত সোমালোঁ। তাত 50% ডিস্কাউণ্ট বুলি লিখা আছিল। মোৰ শ্ৰীমানে ক’লে যে ইমান বেছি ডিস্কাউণ্ট দিছে যেতিয়া নিশ্চয় কিবা এটা কিনিব পৰা যাব। প্ৰথমতে নাচাওঁ বুলি ভাবিছিলোঁ যদিও এওঁ কেইবাবাৰো কোৱা দেখি ময়ো ভাবিলোঁ কিবা এটা কিনা যাওক। দাম কম হ’ব বুলি আটাইতকৈ সৰু বেগটোকে বাছি ললোঁ। কিন্তু প্ৰাইচ টেগ দেখি কোনোমতেহে বেহুচ নোহোৱাকৈ ৰ’লোঁ। ডিস্কাউণ্ট দিয়াৰ পিছত 45000/-। “হে প্ৰভু , ইমান দামী বেগ লৈ প্ৰাইচ টেগটো লগাই আনক দেখুৱাই ফুৰিলেহে হ’ব। নালাগে দেই, এইটো নিকিনিলেহে পাৰিছোঁ।” এইদৰে ভাবি লগে লগে তাৰ পৰা একপ্ৰকাৰ দৌৰি অহা দি ওলাই আহিলোঁ। পিছফালৰ পৰা এওঁ খুব ক’লে যে অন্য কোনোবা এখন দোকানত কিবা চাওঁ। কিন্তু মই যি নৰ’লোঁঁ নৰ’লোঁৱে। একেবাৰে মলৰ বাহিৰ পালোঁহি। এওঁলোকো মোৰ কাণ্ড দেখি বাহিৰলৈ ওলাই আহিল। নিজৰ অৱস্থাত নিজেই খুব হাঁহিলোঁ আৰু আগলৈ এনে ধৰণৰ মলত কেতিয়াও নোসোমাওঁ বুলি কাণতো ধৰিলোঁ। ভাবিলোঁ, “মলত শ্বপিং কৰ, পা এতিয়া মজাটো।”

অৱশ্যে ওলাই আহি মনটো ভাল লগোৱাৰ অন্য এটা কাম কৰিলোঁ। পাৰ্কিং এৰিয়াত পার্ক কৰি থোৱা মাৰ্চিডিজ এখনৰ সন্মুখত ৰৈ কেইবাখনো ফটো উঠিলোঁ। ‘শ্বপিং’ কৰিব নোৱাৰাৰ দুখটো বহু পৰিমাণে লাঘৱ হ’ল।

☆★☆★☆

6 Comments

  • শ্বপিং কৰাৰ হেঁপাহ পূৰ হ’লনে ‘মল’লৈ গৈ… ভাল লাগিল মন্দিৰা

    Reply
    • মন্দিৰা

      ধন্যবাদ বা। নাই বা , হেঁপাহ হেঁপাহ হৈয়েই ৰ’ল ।

      Reply
  • নীলাক্ষি

    এনেবোৰ মলত দূৰৈৰ পৰা চাই অহাই যুগুত। ☺️

    Reply
    • মন্দিৰা

      ঠিকেই বা। দূৰতে বিদূৰ। পঢ়া বাবে ধন্যবাদ।

      Reply
  • ৰাজীৱ শৰ্মা

    বঢ়িয়া ।মাৰ্চিডিজৰ সৈতে তোলা ফটো এখন দিয়া হ’লে সোণত সুৱগা চৰিলেহেঁতেন।

    Reply
    • মন্দিৰা

      হাঃহাঃ। ধন্যবাদ দাদা।
      ফটোখন বিচাৰিব লাগিব। দেখুৱাম বাৰু দাদা।

      Reply

Leave a Reply

Your email address will not be published. Required fields are marked *