ফটাঢোল

মাহী – কমলা দাস

মাহীয়ে স্কুলত চাকৰি কৰিছিল। চাকৰি কৰিলেও ৰাতিপুৱাই উঠি বাহিবন কৰি, গাই খীৰাই,কাপোৰ কানি ধুই মেলি, চাউল এমুঠি সিজাই ল’ৰা ছোৱালীকো খুৱাই বোৱাই স্কুললৈ পঠায় আৰু নিজেও নাকে কাণে এমুঠি গিলি, কাষলতিৰ চেপাত বেগখন লৈ স্কুললৈ বেগাই বেগাই দৌৰাৰ নিচিনাকৈ খোজ কাঢ়ি কোনোমতে সময়ত গৈ পায়গৈ আৰু! ঘড়ীটোলৈ চকু দিবলৈ সময় নাথাকে। ৰেডিঅ’ৰ অনুস্থানবোৰৰ লগত সময় মিলাই চলি থাকে। সেই কাৰণে কিবা শুনক নুশুনক ৰাতিপুৱাই ৰেডিঅ’টো লগাই থৈ দিয়ে।

তেনেদৰেই এদিন ব্যস্ত দিনপঞ্জীৰ মাজেৰে কোনোমতে নাকে কাণে এমুঠি গুজি কাষলতিত বেগখন চেপা মাৰি লৈ স্কুললৈ ৰাওনা হৈছিলহে, এনেতে পিছৰ পৰা ছোৱালীজনীয়ে মা মা কৈ চিঞৰিবলৈ ধৰিলে। এনেয়ে ইমান দেৰি হৈছে আকৌ মৰণ নহৈতিয়ে কিয়বা পাছৰ পৰা মাতে! মাহীয়ে শুনিও নুশুনাৰ ভাও জুৰি পিছফালে নোচোৱাকৈ বেগাইছে হে বেগাইছে যিহৰ কাৰণে মাতে মাতি থাকক বুলি! ছোৱালীয়েও পিছে পিছে হেপাই ফোঁ‌পাই দৌৰি দৌৰি আহি কোনোমতে মাহীক লগ ধৰিলে! এনেকৈ জীয়েকে পিছে পিছে মাতি আহি আৰু দেৰি কৰা দেখি মাহীয়ে খঙতে হাতখন দাঙি তাইক ৰাস্তাতেই মাৰেই আৰু! তাই হাঁহি হাঁহি কৈছে, “অ মা, মোক পিছতো মাৰিবা আগতে বেগটো বুলি যে বাজি থকা ৰেডিঅ’টোকে লৈ আহিছা সেইটো দিয়া।” মাহীয়ে লাজ পাই মুখেৰে একো নামাতি ৰেডিঅ’টো দি বেগখন লৈ স্কুললৈ গ’ল। ভাগ্যে ছোৱালীজনী ঘৰতেই আছিল সিদিনা।

মাহীহঁ‌তৰ ঘৰৰ ওচৰতে ৰাস উৎসৱ উদযাপন কৰে। এদিন আমি সকলোৱে গধুলি সময়ত ৰাসৰ থলীলৈ যাবলৈ ওলালোঁ। ৰাস থলীখন ওচৰতে হোৱা বাবে মহাৰ আপত্তি স্বত্বেও মাহীয়ে পুৰণি চেণ্ডেলযোৰ পিন্ধিয়েই ওলাল। মানুহৰ হেঁ‌চা থেলা খাই ৰাস চাই আছোঁ‌ আমি। কি জানো হ’ল? মাহীয়েচোন লেঙেৰাবলৈ ধৰিলে! মাহীক সুধিলোঁ‌, “তই খোৰাইছ কিয়?” মাহীয়ে বোলে, “জানো কি হৈছে? এখন ভৰি কিবা চাপৰ চাপৰ লাগিছেচোন!” ভৰিলৈ চাই দেখিলে এপাত চেণ্ডেলৰ গোৰোহাৰ তলখিনি ওলাই গৈছে! আমাক ফুচ ফুচাই ক’লে, “মহাৰক নক’বি দেই, গালি দিব মোক।” আমিও নক’লো আৰু। তথাপিও কেনেবাকৈ মহাই গম পাই গ’ল। আমাক ক’লে, “চাৱেই আমাৰ ধেংকুলুচজনীক!”

মাহীয়ে আমাৰ লগত ধেংকুলুছ ধেংকুলুছ কৈয়ে ঘূৰি ফুৰিলে। গোটেই মূৰ্তিবোৰ চালোঁ‌। ঘুৰি ঘুৰি সকলোৰে ভাগৰ লগাত এখন দোকানত চাহ খাবলৈ সোমালোঁ‌। চাহ পানী খাই ওলাই আহিলোঁ‌। মাহীয়ে আমাৰ লগত খোজ কাঢ়ি আহি আছিল। দুখোজমান দিয়াৰ পাছত মাহীয়ে চিঞৰি উঠিল, “আই ঐ, মোৰ ভৰিত কিহবাই বিন্ধিলে ঔ! আমি বোলো কথা কি! চেণ্ডেল পিন্ধা ভৰিত কিহে বিন্ধিব পাৰে? গোৰোহাৰ তল ওলাই গ’লেও চেণ্ডেলযোৰতো পিন্ধিয়েই আছে! আমি ভালদৰে ভৰিলৈ চাই দেখোঁ‌, চেণ্ডেলৰ তলচোৱা চাহৰ দোকানত এৰি আহিল চাগৈ! ভৰিৰ বুঢ়া আঙুলিৰ চেপাত অকল ফিটাডালহে আছেচোন!

☆★☆★☆

2 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *