ফটাঢোল

পণ্ডিত বনাম কবি, মূলঃ খলিল জিব্ৰান – অনুবাদঃ নৱজিৎ বৈশ্য

সৰ্পৰাজে ভৰতপক্ষীক ক’লে,“তুমি উৰি ফুৰিব পাৰা; কিন্তু,পৃথিৱীৰ নিভৃত গভীৰত, প্ৰানৰ সঞ্জীৱনী সুধা য’ত নীৰৱে প্ৰৱাহমান, তালৈ তুমি কাহনিও যাব নোৱাৰা৷” ভৰতপক্ষীয়ে উত্তৰ দিলে,“আপুনি নিসন্দেহে অগাধ পাণ্ডিত্যৰ অধিকাৰী, আপুনি প্ৰাজ্ঞ সকলৰ ভিতৰত উত্তম৷ কিন্তু পুতৌজনক কথাটো হ’ল,তথাপি আপুনি উৰিব নোৱাৰে৷” ভৰতপক্ষীৰ কথাক আওকান কৰি সৰ্পৰাজে পুণৰ ক’লে,“তুমি গভীৰত থকা পৰম গোপনীয়তাৰ সম্ভেদ কাহানিও নাপাবা অথবা পৰম গুপুত সেই সাম্ৰাজ্যৰ সম্পদৰ ভঁৰালত ঘূৰি ফুৰিব নোৱাৰিবা৷ কিন্ত কালিহে মাত্ৰ মই এটা হীৰাৰ গুহাত শুইছিলো৷ সি আছিল এটা পকা ডালিমৰ অন্তৰ্ভাগৰ দৰে, য’ত পোহৰৰ

Read more

নতুন বছৰৰ এজেণ্ডা,মূলঃ গুৰমীত বেদী – ভাবানুবাদঃহিমাংশু ভাগৱতী

কোনোবা এজন মহাশয়ে জানিব বিচাৰিছিল, নতুন বছৰটোত আমাৰ কাৰ্য্যসূচী কি হ’ব? মানে নতুন বছৰৰ ‘এজেণ্ডা’ কি? মই উত্তৰ দিলো- নতুন বছৰটোত আমি সাংঘাটিক অগানুগতিক কিবা কৰিম । ‘সাংঘাটিক অগানুগতিক’ বোলা কাৰণে বোধহয় তেখেতে এনেদৰে মোৰ ফালে চালে যেন মই এইগ্ৰহৰ প্ৰাণী নহয়; এইমাত্ৰ যেন কৰবাৰ পৰা সৰি পৰা আচহুৱা প্ৰাণী। চিন্তাৰ প্ৰকোপত বেচেৰাৰ মগজু ‘হেং’ হৈ যায় বুলি ভাবি সৰহকৈ কষ্ট নিদি মই আমাৰ ‘এজেণ্ডা’ সমূহৰ পেৰা খুলি দিলো। শুনি মহাশয় অভিভূত হ’ল । সাধাৰণতে ৰাজনৈতিক নেতাবোৰৰ ‘এজেণ্ডা’বোৰত যিধৰণে গোপন

Read more

পূণ্য, মূল: হৰিশংকৰ পৰচাই – অনুবাদ: পৰিস্মীতা গগৈ

এবাৰ এজন ব্যক্তি মৃত্যুৰ পিছত পৰলোকত উপস্থিত হ’ল আৰু তেওঁক ন্যায়ৰ বাবে ধৰ্মৰাজৰ সন্মুখত হাজিৰ কৰোৱা হ’ল। ধৰ্মৰাজে সচিবক সুধিলে, “এইজন ব্যক্তিৰ কৰ্মৰাজিৰ বিৱৰণ দিয়া। সচিবে ক’লে, “দেৱ! ই অত্যন্ত পাপী আৰু অত্যাচাৰী আছিল। ইয়াক সমাজে নৰপিশাচ বিশেষণেৰে বিভূষিত কৰিছিল। কিমান যে মানুহৰ জীৱন ধ্বংস কৰিলে। ইয়াতকৈ ডাঙৰ নৰপিশাচ চাগৈ খুউৱ কমহে ক’ৰবাত আছে। ই ক্ৰূৰ, কপট, পাষণ্ড আৰু অন্যায়ী আছিল।” ধৰ্মৰাজে সুধিলে, “ইয়াৰ মৃত্যু কেনেকৈ হ’ল?” সচিবে ক’লে,” ই আত্মহত্যা কৰিলে দেৱ!” ধৰ্মৰাজে অলপ সময় কিবা চিন্তা কৰিলে। তাৰপিছত

Read more

প্ৰেৰণাৰ উৎস,মূলঃ গিৰীশ পংকজ – ভাবানুবাদঃহিমাংশু ভাগৱতী

চাকৰিৰ পৰা নিলম্বিত চাৰিজন মহাপুৰুষে মূৰে কপালে হাত দি গম্ভীৰ চিন্তাত মগ্ন হৈ বহি আছিল। অলপ পিছত আটায়ে হঠাৎ প্ৰাণায়ম কৰিবলৈ আৰম্ভ কৰি দিলে। এজনৰ মুখেৰে পুৰণা হিন্দী চিনেমাৰ দৰ্দভৰা গান ওলাল। আন এজনে আকৌ মন শান্ত কৰিবলৈ অনুলোম বিলোম আৰম্ভ কৰিলে। তৃতীয়জন কপাল ভাতিত আৰু চতুৰ্থজনে ভ্ৰামৰিত ব্যস্ত হৈ গ’ল। দৰাচলতে হৰিদ্বাৰৰ পৰা অহা সাধু এজনে চাৰিওকে পৰামৰ্শ দিছিল- “নিজৰ আত্মাৰ শান্তিৰ কাৰণে তোমালোকে প্ৰাণায়ম আৰম্ভ কৰা। ইয়ে তোমালোকৰ নিলম্বিত হোৱাৰ দুখ কিছু পাতল কৰাত সহায় কৰিব।” কিছুদেৰি মূৰটো

Read more

লংকালৈ যোৱা সেই প্ৰথম দলঙখন (মুল- হৰিশংকৰ পৰচাই) – ভাবানুবাদঃ ৰিণ্টুমনি দত্ত

গড়কাপ্তানী বিভাগৰ উচ্চপদস্থ বিষয়া বাবুৰামে হঠাতে চাকৰিৰ পৰা অব্যাহতি লোৱাত মফচলীয় চহৰখনত যথেষ্ট বুবু-বাবাৰ সৃষ্টি হ’ল। সৰু চহৰখনৰ সকলোৰে মুখে মুখে কেৱল বাবুৰামৰ এই আকস্মিক সিদ্ধান্তৰ বিষয়ে আলোচনা। কাৰোবাৰ মতে বাবুৰামে এক বৃহৎ পৰিমাণৰ উৎকোচ লৈ ধৰা পৰাৰ ভয়ত হঠাৎ চাকৰিৰ পৰা অব্যাহতি ল’লে, কাৰোবাৰ মতে বাবুৰামে শহুৰেকৰ ঘৰৰ ফালৰ পৰা এক বিশাল ধনৰাশি উপহাৰ হিচাপে পালে আৰু সেই ধনেৰে বাবুৰামে নতুন ব্যবসায় আৰম্ভ কৰিবলৈ মনস্থ কৰিছে। পিছে বিভিন্নজনৰ প্ৰশ্নৰ বাবুৰামৰ ওচৰত এটাই উত্তৰ আছিল – তেওঁ ভগৱান শ্ৰীৰামৰ সেৱাত

Read more

দ্য ঈগল এণ্ড দ্য স্কাইলাৰ্ক (মুল: খলিল জিব্ৰান) – অনুবাদ: নৱজিৎ বৈশ্য

ওখ পাহাৰ এখনৰ শিল এছটাত এটা ঈগল আৰু এটা স্কাইলাৰ্ক মুখামুখি হ’ল৷ স্কাইলাৰ্কটোৱে প্ৰথমে মাত দিলে- “সুপ্ৰভাত মহাশয়!” ঈগলটোৱে তাৰ ফালে অৱজ্ঞাৰ দৃষ্টিৰে চাই নিস্পৃহভাৱে প্ৰতি-শুভেচ্ছা জনালে – “সুপ্ৰভাত৷” স্কাইলাৰ্কটোৱে পুনৰ ক’লে – “আশাকৰো আপোনাৰ সৰ্বতোপ্ৰকাৰে ভাল, মহাশয়৷” “হয়!” ঈগলটোৱে ক’লে,“আমাৰতো সকলো ফালে জয় জয় ময় ময়৷ কিন্তু তই নাজান নেকি আমি যে চৰাইবোৰৰ ৰজা আৰু তহঁতে আমি নিজৰ ফালৰ পৰা আৰম্ভ নকৰালৈকে আমাৰ লগত কথা পাতিবলৈ আগবঢ়াটো যে অনুচিত?” তেতিয়া স্কাইলাৰ্কটোৱে বোলে, “মই আকৌ আমি একেটা পৰিয়ালৰ বুলিহে ভাবিহে

Read more

দ্য এক্সচেঞ্জ–জন লেংফৰ্ড (অনুবাদ- ৰিণ্টুমণি দত্ত)

: হেল্ল’ ছাৰ, নমস্কাৰ। মই আপোনাক কিদৰে সহায় কৰিব পাৰো? : কিছুদিন আগতে আপোনালোকৰ দোকানৰ পৰা মই এলাৰ্ম দিয়া ঘড়ী এটা কিনিছিলো৷ সেইটোকে ওভতাই দিবলৈ আহিলো৷ : ঘড়ীটোৰ অসুবিধাটো কি জানিব পাৰো নে? : এলাৰ্মটোৱে কাম কৰা নাই, এলাৰ্মৰ কোনো শব্দ নহয়। : আপুনি তাৰ মেনুৱেলখন পঢ়ি ভাল কৰিবলৈ চেষ্টা কৰিছিল নে? : হয়, চেষ্টা কৰিছিলো। কিন্তু সফল নহ’লো। : ঠিক আছে, অনুগ্ৰহ কৰি ঘড়ীটো কিনাৰ ৰচিদখন দিয়ক৷ : অহ! সেইখন মই ক’ৰবাত হেৰুৱালো। সেইখন বৰ্তমান মোৰ লগত নাই৷ :

Read more

ভোলাৰামৰ আত্মা – মূল: হৰিশংকৰ পৰসাই – অনুবাদঃ হিমাংশু ভাগৱতী

ধৰ্মৰাজে লাখ লাখ বছৰ ধৰি অসংখ্য লোকক কৰ্মৰ আধাৰত স্বৰ্গ অথবা নৰক ’এলট’ কৰি আহি আছিল৷ এনেকুৱা ঘটনা কিন্তু আগতে কেতিয়াও হোৱা নাছিল৷ চিত্ৰগুপ্তই সমুখত বাৰে বাৰে চশমাযোৰ মচি, বাৰে বাৰে আঙুলিত থু লগাই পাত লুটিয়াই ৰেজিষ্টাৰৰ পিচত ৰেজিষ্টাৰ লুটিয়াই তল-উপৰ কৰি বিচাৰি আছিল৷ ক’ত ভুল হৈছে তথাপি ধৰিব পৰা নাছিল৷ অৱশেষত চিত্ৰগুপ্তই খঙতে চিঞৰি ইমান জোৰে ৰেজিষ্টাৰ বন্ধ কৰি দিলে যে মাখি এটা ৰেজিষ্টাৰৰ মাজত চেটেপ হৈ গ’ল৷ মাখিটো উলিয়াই চিত্ৰগুপ্তই ক’লে, “মহাৰাজ, ৰেকৰ্ডত সকলো ঠিকে আছে৷ ভোলাৰামৰ জীৱটোৱে

Read more

নাৰী – মূল: হৰিশংকৰ পৰচ্ছাই ভাবানুবাদঃ পৰিস্মীতা গগৈ

ৱাৰ্ডটোলৈ এজন নতুন ডাক্তৰ আহিছে৷ যুৱক৷ বয়স ত্ৰিছতকৈ বেছি নহ’ব৷ স্বাস্থ্যৱান৷ গাৰ ৰং মিঠা বৰণতকৈ কিঞ্চিত বগা, দেখনিয়াৰ নহয়, কুৎসিত বুলিবও নোৱাৰি৷ কিন্তু আকৰ্ষণীয়ও নহয়৷ তেওঁ আহে৷ আমাক ৰোগীবোৰক চায়৷ নাহাঁ‌হে, কেৱল মুখখন কোঁ‌চাই থাকে৷ আমাৰ কথাবোৰ মনোযোগ দি নুশুনে৷ নিজেও একো নকয়৷ এজনক পৰীক্ষা কৰি আন এজনৰ ঔষধ লিখি থৈ যায়৷ ডিউটিৰ সময় আঠ বজাত৷ তেওঁ আহে ন বজাত৷ কাম তেওঁৰ বাবে বৰ বিৰক্তিকৰ বস্তু৷ তেওঁৰ মুখমণ্ডলত অনবৰতে বিৰক্তিয়ে বাহৰ পাতি থাকে৷ উৎসাহ, উদ্দিপনা এইবোৰ চিনিয়ে নাপায়৷ আমাক গালি

Read more

গাধক মানুহ কৰাৰ কাহিনী – মূল:- মোল্লা নাছিৰুদ্দিন- অনুবাদ: পূৰৱী কটকী

এখন গাঁৱত এজন চিকিৎসক আছিল। তেওঁ নিজৰ লগত এজন মানুহ ৰাখিছিল। এদিন তেওঁ গাঁৱৰ পৰা প্ৰস্থান কৰিবৰ সময়ত লগত থকা মানুহজনক কিবা কথাত ধমক লগাই ক’লে, “আৰে তই নাজান, তই প্ৰথমতে কেনেকুৱা আছিলি? তইতো গাধ আছিলি। মই তোক গাধৰ পৰা মানুহ কৰিলো। মই তোৰ ইমান উপকাৰ কৰিলো তথাপিতো তই মোৰ কথা নুশুন!” তেওঁলোকৰ ওচৰেদি তেতিয়া গাধৰ মালিক এজন পাৰ হৈ গৈছিল। তেওঁ কথাখিনি শুনি যি বুজিলে তাৰ সাৰৰ্মম এনেধৰণৰ যে, “চিকিৎসকজনে গাধক মানুহ কৰে।” তেওঁ চিকিৎসকজনৰ ওচৰলৈ গৈ কলে, “প্ৰভু!

Read more
1 8 9 10 11