ফটাঢোল

পৰুৱা (মূল-হুমায়ূন আহমেদ) অনুবাদিকা- মুনমুন সৰকাৰ শইকীয়া

: আপোনাৰ বেমাৰটোনো কি‌ কওক। বেমাৰীয়ে একো নক’লে, কাষতে বহি থকা লগৰজনৰ ফালে চালে। ডক্টৰ নুৰুল আফছাৰ, এম. আৰ. ছি. পি. ডি পি এচ. খুব বিৰক্ত হ’ল। তেওঁৰ বিৰক্তিৰ মূলতঃ তিনিটা কাৰণ: প্ৰথম হ’ল আঠ বাজি গৈছে, তেওঁ সদ্যহতে বেমাৰীক চোৱা বন্ধ কৰি ঘৰলৈ যাবগৈ লাগে। আজি খুলশালিয়েকৰ জন্মদিন। দ্বিতীয় কাৰণ হ’ল গাওঁৰ পৰা অহা ৰোগী তেওঁ পছন্দ নকৰে। তেওঁলোকে হয় বৰকৈ কথা পাতে, নহ’লে একেবাৰেই নাপাতে। ভিজিটৰ সময় হ’লে দৰদাম কৰিবলৈ আৰম্ভ কৰে। চুচুক-চামাককৈ বিবৰ্ণ চেহেৰা কৰি সোধে, :

Read more

বাঘমেলৰ কাৰ্যবিৱৰণী (মূল: আনিসুল হক) ভাবানুবাদ- নীলাক্ষি দেৱী ডেকা

কথাবোৰ শুনাত সাধু যেন লাগিলেও আচলতে সঁচা কথাই। এখন জনবহুল দেশৰ এঠাইত আছিল এখন বিশাল চিৰিয়াখানা, তাত  আন আন জন্তুৰ লগতে আছিল বহু প্ৰজাতিৰ বাঘ যি আমাৰ বনৰ ৰজা। এদিন হ’ল কি সেই চিৰিয়াখানাৰ বাঘবোৰৰ মন হ’ল এখন বাঘমেল মানে ৰাজহুৱা সভা পতাৰ। ভবা মতেই কাম, চিৰিয়াখানাৰ সমূহ বাঘৰ মাজত এখন মেলৰ আহ্বান কৰা হ’ল। যথা সময়ত এজোপা আঁহতগছৰ তলৰ মুকলি ঠাইখিনিত বাঘবোৰ সমবেত হ’ল। আৰম্ভণিতে সভাৰ উদ্দেশ্য ব্যাখ্যা কৰি এটা বাঘে ক’বলৈ ধৰিলে, “আজিৰ সভাত সমবেত ৰাইজ, আপোনালোক সকলোকে

Read more

সিদ্ধান্ত (মূল-শ্ৰী ৰাম শৰ্মা আচাৰ্য) ভাবানুবাদ-ৰমেশ বৰুৱা

এসময়ত ৰাজস্থানৰ এখন মৰুভূমিত এজন মানুহ পথচ্যুত হৈ পৰুৱাই পোৱা মানুহৰ দৰে ইফালে সিফালে ঘূৰি আছিল৷ তেওঁৰ হাতত খোৱা-বোৱাৰ যি সামগ্ৰী মজুত আছিল, সেয়াও প্ৰায় শেষ হ’বলৈ ধৰিলে৷ অৱশেষত তেওঁ যোৱা দুদিনত একঢোক পানীৰ বাবেও হাঁহাকাৰ কৰিব লগা অৱস্থা হ’লগৈ৷ অণ্ঠ কণ্ঠ শুকাই যোৱা মানুহজনে বুজিব পাৰিলে যে অনতিপলমে একঘোট হ’লেও পানী নাপালে তেওঁৰ মৰণ নিশ্চিত৷ কিন্তু লগে লগেই উপলব্ধি কৰিলে যে তেওঁ যিহেতু ভগৱানত অটল বিশ্বাসী– কিবা এটা চমৎকাৰ জৰুৰ হ’ব আৰু তেওঁ পিয়াঁহৰ পানীটোপা নিশ্চয় পাব৷ সেই সময়তে

Read more

ৰূপা (মূলঃ হূমায়ূন আহমেদ) অনুবাদ- প্রাঞ্জল অনুভৱী

“আপুনি এটা ইন্টাৰেষ্টিং গল্প শুনিব নেকি? মই মানুহজনৰ ফালে অবাক দৃষ্টিৰে চালোঁ। কিছু সময় আগতে মানুহজনৰ সৈতে মােৰ চিনাকি। সিমান কথা-বতৰাও হােৱা নাছিল। মই ট্ৰেইনৰ বাবে অপেক্ষা কৰি আছোঁ নেকি জানিব খুজিছিল। আৰু ময়াে ভদ্ৰতাৰ খাতিৰত সুধিছিলােঁ, তেখেত ক’লৈ যাব? মানুহজনে হাঁহিমুখে কৈছিল, মই ক’লৈকো নাযাওঁ। পত্নীক ৰিচিভ কৰিবলৈ আহিছোঁ। তেওঁ চিটিংগাৰ পৰা আহি আছে। ট্রেইন দুঘণ্টা লেট । উভতি যাবলৈ মন যােৱা নাই। ভাবিলোঁ, অহা-যােৱা কৰাতকৈ অপেক্ষাই কৰোঁ। তেখেতৰ সৈতে ইমানখিনিয়ে কথা বার্তা হৈছিল। এই কথা-বার্তাৰ আঁত ধৰিয়ে যেতিয়া

Read more

Three piece suit  (মূল- আলি দেব) ভাবানুবাদ- ৰাজশ্ৰী শৰ্মা

এই মাহটোত প্ৰথমবাৰৰ বাবে মোৰ ঘৰুৱা বাজেট মিলি গ’ল। মাংস অলপ অনাৰ পিছতো; আনকি দুটকামান হাতত জমাও থাকিল। কি ভাবি নাজানো মই আগে পাছে নকৰা কাম এটা কৰিলোঁ; এযোৰ বৰ ধুনীয়া থ্ৰী পিচ চুট কিনিলোঁ। কাপোৰটোও বৰ  ভাল, মিহি, ৰংটোও আকাশী নীলা, ৰ’দ পৰি জিলিকি থকা হ্ৰদৰ পানীৰ দৰে আৰু দৰ্জীজনে ইমান ধুনীয়াকৈ চিলালে যে মই পিন্ধোতে গাত বৰ সুন্দৰকৈ খাপ খাই পৰিল। ৰ’দত বুটামবোৰো কোনোবা ধনী নাবিকৰ কোটৰ ওপৰৰ তৰাৰ দৰেই জিলিকি উঠিল। ইয়াৰ বেচ অলপ বেছিয়েই আছিল যদিও

Read more

দাৰিদ্ৰ্য ৰেখাৰ কাৰ্ড(মূল : শিৱম খাড়ে) অনুবাদ- মিতালী নাৰায়ণি

সুখী নামৰ মালীজনে দাৰিদ্ৰ্য ৰেখাৰ কাৰ্ডখনৰ বাবে পঞ্চমবাৰৰ বাবে চৰকাৰী বাবুজনৰ ওচৰলৈ গ’ল। বাবু : আৰে ককাই! তুমি প্ৰমাণ কৰি দিলা যে ম’হ কেৱল দেখাতহে গাই-গাৰীয়ে ডাঙৰ, মগজটো তেনেই উদং। এতিয়ালৈ দহবাৰো কোৱা নাইনে যে যেতিয়ালৈ আটাইখিনি কাগজ-পত্ৰ আনিব নোৱাৰা তেতিয়ালৈ কাৰ্ড কৰি দিব নোৱাৰিম। সুখী : মহাশয়, এই গৰীব ডেৰহাজাৰ টকাৰহে মানুহ। এইখিনিকে ৰাখক আৰু এই গৰীবৰ মিনতি শুনক দেউতা ঈশ্বৰ! বাবু : হাৰে মাৰিবলৈ ওলাইছ নেকি? নিজৰ কোনো সততা-চততা নাথাকিল বুলিয়ে সকলোকে নিজৰ দৰে বুলিয়ে ভাবিছ নেকি? চাওঁ

Read more

দেউতাকৰ সহায়(মূল – আৰ কে নাৰায়ণ) অনুবাদ – অনুৰূপ মহন্ত

বিচনাত থাকোতেই স্বামীৰ মনত পৰিল আজিচোন সোমবাৰৰ ৰাতিপুৱা! লগে লগে তাৰ কঁপনি উঠিবলৈ ধৰিলে। তাৰ এনেকুৱা লাগিল যেন অলপ সময় আগতেই শুক্ৰবাৰ আছিল! সি শেষৰ পিৰিয়ডত শ্ৰেণীত বহি আছিল আৰু ইমান সোনকালেই সোমবাৰ হৈয়েই গ’ল! সি মনতে ভাবিলে ডাঙৰ ভূমিকম্প এটা আহি তাৰ স্কুলখন মাটি ফুটি সোমাই যোৱা হ’লে! কিন্তু ‘এলবাৰ্ট মিছন স্কুল’খনৰ ঘৰটো ইমান প্ৰকাণ্ড আৰু মজবুত আছিল যে তেনেকুৱা কিমানবোৰ প্ৰাৰ্থনা ইমানদিনে ঘৰটোৱে হেলাৰঙে পাৰ কৰি আহিছে, ঠিকনা নাই। এইবোৰ ভাবি থাকোতেই ন বাজিল। স্বামীয়ে কন্দনামুৱা মাত এটা

Read more

নীল হাতী (গল্পকাৰ : হুমায়ূন আহমেদ) ভাবানুবাদ- মুনমুন সৰকাৰ শইকীয়া

নীলুৰ যিজন মোমায়েক আমেৰিকাত থাকে সেইজনক তাই কেতিয়াও লগ পোৱা নাই। নীলুৰ জন্মৰ পূৰ্বেই তেওঁ গুচি গৈছিল। ঘূৰি নাহিল। নীলুৰ এইজন মোমায়েকৰ কথা ঘৰত সবেই পাতি থাকে। মাকে প্ৰায়েই কৈ থাকে, আসস্, সঞ্জু যদি এবাৰলৈ ঘূৰি আহিলহেঁতেন। কিন্তু নীলুৰ মোমায়েকজন হেনো আৰু দেশলৈ ঘূৰি নাহে। কেতিয়াও নাহে। এবাৰ নীলুৰ মামাআইতা খুব অসুখত পৰিল। সঞ্জু মামালৈ টেলিগ্ৰাম‌ পঠিওৱা হ’ল। সবেই ভাবিলে এইবাৰ হয়তো আহিব, কিন্তু তথাপিও নাহিল। নীলুৰ দেউতাকে গুৰু গম্ভীৰ সুৰত ক’লে, : মেমচাহাব বিয়া পাতিলে এতিয়ানো আৰু কি ঘূৰি

Read more

দুই পালোৱান (মূল বাংলা: শীৰ্ষেন্দু মুখোপাধ্যায়) ভাবানুবাদ: ৰাজশ্ৰী শৰ্মা

কিশোৰী সিং পালোৱানৰ যে ভূতলৈ বৰ ভয় সেয়া আগতে কাউৰী কুকুৰেও নাজানিছিল। কিশোৰী সিঙে নিজেও যে খুব ভালদৰে উপলব্ধি কৰিছিল সেইটোও নহয়। আচলতে কিশোৰী সৰুকালৰ পৰাই বিখ্যাত। অনবৰতে চেলা- চামচাবোৰেৰে পৰিবেষ্টিত হৈ থাকে। অকলে থকাৰ কোনোধৰণৰ সুবিধাই নাই তেওঁৰ।আৰু এইটো তো সকলোৱে জানে যে যেতিয়ালৈকে কোনোবা অকলে নাথাকে, তেতিয়ালৈকে ভূতেও দিগদাৰ দিবলৈ নাহে। জোৰে নাপায় হেনো। ব্ৰহ্মপুৱা উঠিয়েই কিশোৰী আৰু তাৰ পালি পহৰীয়াবোৰে প্ৰায় এহাজাৰ বুকডন আৰু বৈঠক মাৰে। সেয়াও এক দৃশ্য। তাৰ পাছত আৰম্ভ হয় মল্লযুদ্ধ। কুস্তি মহাৰণত ঘামৰ

Read more

মূল : শ্বায়েৰ ৰাহত ইনদোৰী অনুবাদ – দেৱাংগ পল্লৱ শইকীয়া

প্ৰিয় কবি, শ্বায়েৰ ৰাহত ইনদোৰী চাহাবৰ ‘নাৰাজ’ সংকলনৰ পৰা দুটিমান পংক্তি অসমীয়ালৈ অনুবাদ কৰিবলৈ মৰসাহ কৰিছোঁ ১) প্ৰথম স্বৰ্তটোৱেই বিচ্ছেদ প্ৰেম সঁচাকৈয়ে অঘৰী! ২) হৃদয়ৰ দুৱাৰত কোনে টুকুৰিয়াইছে মোৰ? তুমি নে নিঃসংগতাই! ৩) জীৱনটো আচলতে কি তেতিয়াহে বুজিবা বৰষুণৰ বতৰতো চিলা উৰুৱাবলৈ শিকা৷ ৪) বৰষুণেও যেতিয়া তৃষ্ণা দূৰ কৰিব পৰা নাই আহা! এইবাৰ বিষপাণ কৰি চাওঁ! ৫) বৰষুণ, নদী, সাগৰ প্ৰথম পানী চকুলো। ৬) নদী, মোৰ চকুত চকু থোৱা আৰু কোৱা কিমান পানী! ৭) নিজৰ চকুলোৰ হিচাপ নিজেই ৰাখিম সুধিবলৈ

Read more
1 2 3 4 15