ফটাঢোল

পঞ্চপদী – হেমেন ডেকা

(১) কোনো পালনামৰ ভকত কোনো মৰে ধনৰ লোভত কিছু দেখিছোঁ বেপাৰ কথাৰ চমৎকাৰ কতই নাচে সেই তালত৷   (২) ভণ্ড স্বদেশপ্ৰেমীৰ চালাকী অপাৰ আত্মবিস্মিত নৰৰ জীৱন অসাৰ নিমাত-নিটাল জনতা নিজকেই নিচিনা নেতা বুদ্ধিবেপাৰীয়ে কৰে জাতি ছাৰখাৰ৷   (৩) অবিৰাম কত ঘাট-প্ৰতিঘাট অলীক স্বপ্নৰ বুলে তেওঁ বাট অৰ্থহীন যত আশা অদ্ভুত অন্তিম দশা অঁকৰালিত হেৰাই গ’ল মাত৷   (৪) মহাপণ্ডিতক দেখি বাকৰুদ্ধ মাতাল ৰেহ-ৰূপত মন্ত্ৰমুগ্ধ মন যাৰ বেপেৰুৱা মাত বাৰেবঙলুৱা মাতৃভাষাৰ পাতে সেয়েহে শ্ৰাদ্ধ৷   (৫) গীতৰ দৰে জীৱন গতিশীল সময়ো

Read more

লিমাৰিক – ৰাজীৱ শৰ্মা

(১) কেওফালে বানপানী উটি গ’ল পঁজা খেনোৰ আনন্দ হ’ব পাৰিবই ৰজা নিমখো এৰা নাই দমকলে বিনাই শগুনৰ বাবে সঁচা মৰাশই মজা   (২) পুৱাতে ওলাল ৰাইজ দানপাত্ৰ হাতে বন্যাৰ্তৰ দুৰ্দশাই হাতবাউলি মাতে খেনোৰ বানান ভুল খেনোৰ সহায় মূল খেনো খ্যাতিমন্ত হ’ব নেপকিনৰ ছাঁতে   (৩) নিৰৱ সাধক আজি পৰি থাকে চুকে নামাতে-নিচিনে কেও কুকুৰেও ভুকে দানতহে পৰম সুখ প্ৰচাৰ বুলিলে বিমুখ তিৰ্যক চাৱনিয়ে আঘাত কৰে বুকে (বুকুত)   (৪) পাপক ঘিনাবা ঘোৰ কদাপিও নহয় পাপীক প্ৰফাইল ফটোত সুন্দৰী দেখি সকলো

Read more

দেশপ্ৰেম – পৰীস্মিতা দাস

(১) দেশ বুলিলেই নালাগে আদেশ, উদ্বাত্ত্ব কণ্ঠে কয় দেশৰ বাবেই মাৰিম মৰিম, নকৰোঁ কালৈকো ভয় লাভৰ অংক কৰে আবেগ দেখুৱাই ফুৰে দেশপ্ৰেমিকৰ ভাও ধৰিয়েই লভিব খোজে জয় ৷   (২) প্ৰাণতকৈও প্ৰিয় আমাৰ জাতি-মাটি-ভেটি জাতি-মাটি-ভেটি গ’লেই দেশৰ বৃহৎ ক্ষতি মাতে শ্লোগান তেজোদ্দ্বীপ্ত আচল কথা থাকে গুপ্ত জাতি-মাটি-ভেটিৰ শ্লোগান মানেই দলৰ প্ৰগতি ৷   (৩) মোৰ বাবে ৰাইজেই ৰজা, ৰাইজৰ বাবেই মই মোক ভোট দিয়ক, কাম কৰিম ৰাইজৰেই হৈ কণ্ঠত মধু সানে প্ৰতিশ্ৰুতিৰ বান আনে তেৱোঁ দেখোন ৰাৱণ হয় লংকালৈ গৈ

Read more

ফটালিমাৰিক – ধনজিৎ বৰুৱা

(আবেগ) বানপানীয়ে সোধাই দিলে এনে বাঘঢকা চাৰিওফালে লৰ মাৰিলে উন্নতি গাড়ীৰ চকা আৰ্তজনক সহায়ৰ হাত নাৱত মৰম অমাতৰ মাত তেনেকৈয়ে তাৰ মাজতো সহে বগা কাপোৰৰ ঢকা   (ক্ষোভ) অসহায়ৰ সমস্যাত গঢ়ে শিয়ানৰ বেপাৰ ডিঙিতো অজস্র বিষ বণিয়াৰ চেপাৰ পোকিয়া চাউল চিৰা দি কৰ আধা মৰা ভৱিষ্যতৰ কিমান যে চিন্তা নাই পাৰাপাৰ   (ভাবনা) গাওঁবোৰত সমূহীয়া এটা উচ্চ দালান হ’ব ভাগে প্ৰতি পৰিয়ালে তাতে থাকিব যিমান আছে মাটি ভেটি তাৰ সকলোতে খেতি বানপানী আহিলেও পাছে ক্ষতি কমিব ।   (আত্মোপলব্ধি) চৰকাৰে

Read more

আজি ঠাণ্ডা বতৰ – ভাস্কৰ বৰ ডেকা

আজি ঠাণ্ডা বতৰ দোকানৰপৰা কিনি আনি খাব লাগবো ভজা মটৰ দি আছে কিনকিনিয়া বৰষুণ আজি মাংস খাবা লৈ আছোঁ দাঁতকেইটা ভালকে মাজি কম্বলৰ তলত সোমাই কৰিম ফেচবুক ফটো আপলোড দি কেপচন লিখিম “হাউ দিদ আই লুক” বৰষুণৰ বতৰত শুৱা এ বৰ মজা বৰলাসকলৰ কাৰণে এইটো কিন্তু ‘চজা’৷ ☆★☆★☆

Read more

ফটা কবিতা – হিৰণ্যজ্যোতি দাস

হে বৰষুণ, বেছি ৰোমাণ্টিক হোৱাৰ প্ৰয়োজন নাই৷ মোৰ এনেকুৱা কোনো গাৰ্লফ্ৰেণ্ড নাই যে মোৰ লগত এই বৰষুণত তিতি তিতি ডেন্স কৰিব৷ মোৰ ঘৰত মোৰ পত্নী আছে যিয়ে মই বৰষুণত তিতি তিতি ঘৰ পোৱাৰ পাছতে ভিতৰৰপৰা দৌৰি আহিব আৰু ক’ব …………. গেটতে ৰৈ যাওক ঘৰৰ ভিতৰলৈ নাহিব, নহ’লে গোটেই ঘৰটো লেতেৰা হ’ব আৰু আপুনিয়ে পাছত মছিব লাগিব৷ ☆★☆★☆

Read more

সময়ৰ টিকনি বিচাৰি – ৰেখা ডেকা

প্ৰতিখোজে ৰৈ ৰৈ পিছফালে চাওঁ বোলো টিকনিডাল ক’ত.. প্ৰতিখোজত প্ৰতিছেকেণ্ডৰ হিচাপ লৈ সময় আগবাঢ়ে কিন্তু টিকনি আগফালে উৰি নাথাকে.. সেয়ে চাওঁ পিছফালে কিজানি চুচৰি চুচৰি আহিছেই ওৰে ৰাস্তা.. কওঁতাই কৈছিল লিখোঁতাই লিখিছিল কিন্তু বিচাৰিলেহে নোপোৱা এই টিকনিৰ অপূৰ্ব গাথা.. টিকনি বিচাৰি আগবাঢ়ি খাই হাবাথুৰি বহু পিছ পৰিলোঁ পিঠিখনতে ঢকিয়াই গতিয়াই মানুহবোৰ গৈ কিবা পালে ঐ মইহে ক’ৰবাত পৰি ৰ’লোঁ গৈ.. পানীৰ সোঁতত তচনচ হৈ উটি ভাঁহি যায় টিকনি বিচাৰি লগাই হেতা-ওপৰা টিকনিৰ মূল্যাংকণে ভাও লয় গৈ মঞ্চৰ বহুৱাৰ.. বছৰৰ পিছত

Read more

আপদীয়া পদ্য – জ্যোতিৰ্ময় গগৈ

১) শেহতীয়া ৰিভ’লিউশ্যন অনলাইন মাৰ্কেটিং বিচাৰিলেই পাবা তুমি ইচ এন এভৰিথিং মনিৰামেই আচল মেটাৰ সাৱধানে অৰ্ডাৰ দিয়াটো বেটাৰ বহুজাতিক কোম্পানীৰ ই এটা মস্ত ডাঙৰ ফিটিং।   ২) শিৱসাগৰৰপৰা ডিব্ৰুগড় ৯০ কিলোমিটাৰ ২ ঘণ্টাৰ বাট ১০ বজাত গৈ ১২ বজাত পাম ১ বজাত কাম আছে তাত ১০ বজাত গাড়ীৰ চকা ঘূৰিল গৈ পাই দেখিলোঁ ডেৰ বাজিল বাটৰ মাজে মাজে গাঁতনে প্ৰভূ, গাঁতৰ মাজে মাজে বাট! ৩) মিছকল পাই দেৰি নকৰি ষ্টাৰ্ট কৰিলোঁ বাইক গধুলি ফটো আপল’ড কৰিম টাৰ্গেট এহাজাৰ লাইক হেলমেট

Read more

এটি কবিতা – বিদ্যুত বিকাশ ভূঞা

কাঁহ পৰি জীণ গ’ল সময়ৰ কোলাহল ভয়ত বিতত হৈ নে আনন্দৰ উলাহত কাঁটাবোৰ ঘূৰি আছে বেৰত ওলমি ৰোৱা নিৰ্বিকাৰ ঘড়ীটোৰ মেঘবোৰে অগাডেৱা কৰি আছে আকাশৰ নিৰাকাৰ ব্যাপ্তিত ভয়াৰ্ত মানুহবোৰৰ নিৰ্বাক চাৱনিয়ে থিৰ কৰিব পৰা নাই এয়া দিনৰ এন্ধাৰ নে ৰাতিৰ পোহৰ ☆★☆★☆

Read more

হে কপাল – সূৰুয আকাশ পাঠক

তৰ্জা কি কংক্ৰীট, খহোঁ খহোঁ ঘৰ প্ৰাণটো মুঠিত লৈ গঞামখাৰ লৰ… পাছে পাছে বানে খেদে, কোন কেনি যায়, আশ্ৰয় শিবিৰতো অত ঠাই নাই! অসম ফোঁপোলা আজি, বাননো কেনেকৈ সহে বণিয়াই যেনেকেহে তেল সোহে… সম্পদ লুটি নিয়া এইমখা গুৰিয়াল কেৱল নোদোকা চকুলো টোকা ঘঁৰিয়াল… “সম্পদ সকলোৰে, সমস্যা কেৱল আমাৰ” আনকনো কি ক’ম, গুৰিতে বেমাৰ… ডলাৰ বগৰীটোক ৰজা পাতি আশা পালি থাকোঁতেতো নাজানিলোঁ সোধাব যে মাৰ, পাহাৰে ভৈয়ামে কৰি ভেল্কীবাজি বেটাই সমালোচকবোৰক ঘোষিছে ফাঁচী।   এচি ৰূমত বহি বৰলা বোপাই হাঁহি হাঁহি

Read more
1 2 3 19