ফটাঢোল

আপদীয়া পদ্য – হেমেন ডেকা

(১) হাঁহবোৰেতো নাজানে সংসাৰ যে অনিত্য সিহঁতৰ জীৱন মাথোঁ পণ্য- এয়াই সত্য পানীত আছে আনন্দ পাৰত মৃত্যুৰ ছন্দ হাঁহৰ সভাত আকৌ শিয়ালৰে পৌৰোহিত্য৷ (২) মুখে টপটপাই ভাদমহীয়া ৰাতি চিতলৰ সৈতে পুঠি ইলুটি-সিলুটি কেঁকোৰা ওফৰা জেং শ’ল-বৰালিৰ লেং চেপাত বজি হ’ল মহানন্দৰ ইতি৷ (৩) বগলী বাই জপং জপং খোজ দি ক’লৈবা যায় বানে ধোৱা পথাৰত কিনো বিচাৰি কৰে হায় হায় কেঁকোৰাই দিলে ঠেঙত চেপা কাষত ৰৈ আছে লুভীয়া হেঁপা তপস্যা কৰিও মাছ-পুঠিৰ দেখোঁ মুখ দেখা নাই৷ (৪) সাহটো খাই বাকলিটো বান্দৰে

Read more

হাউচ ৱাইফৰ বিলৈ – প্ৰণীতা গোস্বামী বৰঠাকুৰ

নুশুনি নগমি এদিন ভাবিলো চৰু নধৰো আজি “বুঢ়া বুঢ়ীৰ সাধুলৈ” মনত পেলাই থাকিলো পেচ পাতি। “দিনৰ দিনটো কি কৰি থাকানো একো কামেই নাই দেখোন” টিভি চাই মোবাইল টিপি টিপি দিনটো কটোৱা মাথো। চাৰ্টটোও আজি ইষ্ট্ৰি কৰি নথ’লা বুটামটোও নথ’লা লগাই- শাকখিনি আনিলো তাকো লেৰেলালা নিসিজিল ভালকৈ হ’বপায়! গৰু গাইৰ আজিকালি একোৱেই লেঠা নাই নাই ঢেঁকী উৰাল, তাৰ মাজতো তোমালোকৰ কামবোৰৰ নাপাৱেই একো উমান! ওফাইদাং মাৰি ময়ো দিলো উত্তৰ আজিৰ নাৰী কিন্তু নহয় অবলা ঘৰত বহিয়েই দেশ দেশান্তৰৰ উলিয়াব জানে বতৰা।

Read more

আপদীয়া পদ্য – বিস্মিতা শৰ্মা

(১) জোৰ যাৰ মুলুক তাৰ বান্দৰেও পিন্ধে মুকুতাৰ হাৰ সাধাৰন জনতাৰ হাহাকাৰ চৰকাৰী কৰে দিছে মূৰত মাধমাৰ দিব নোৱাৰাৰ টেটুলৈকে ধাৰ ৷ (২) দেখাক দেখি উদক থয় ভেটা ৰখীয়া পাতি পৰক চপাই আনি বৰ ঘৰত দিয়ে পীৰা পাৰি বানপানী গৰাখহনীয়াই মাৰে খেতি তাৰ পিছতো বিদেশীক গতাব লৈছে মাটি ভেটি এনেকৈয়ে নিঃশেষ হ’বগৈ এটা বীৰৰ জাতি ৷ (৩) ম’বাইল টিপি ডিজিটেল প্ৰেমত হাবাথুৰি ডেকা কি গাভৰু, বাদ পৰা নাই আনকি খুড়া খুড়ী লাইক কমেন্টৰে হয় চেলিব্ৰেটি অনলাইন বিছাৰে বিয়াৰ পাত্ৰ পাত্ৰী

Read more

আপদীয়া পদ্য – ধৰ্মজ্যোতি ভট্টাচাৰ্য্য

১) বিত্ত সচিব দৌৰি আছে কান্ধত লৈ মোনা চাৰিওফালে ধনেই ধন চপাবলৈ আন কোঢ়োনা হাতত লৈ ৰচিদ বহী ফটাফট কৰিছে চহী দেউক দিবলৈও নোজোৰে পিছে চাউল এক দোণা৷ ২) দীঘলীপুখুৰীৰ পাৰত তোমালোকে কৰিলা প্ৰতিবাদ ওকণি ভৰ্ত্তি চুলিহে আঁতৰালা নিদিলা ভাল সংবাদ সংবাদ শীৰ্ষলৈ অহাৰ মন পোৱা যদি নগদ ধন কাপোৰ খুলিবলৈয়ো নকৰিবা হ’বলা অলপো লাজ৷ ৩) শিক্ষকক নিন্দা কৰাজন বৈৰী সমাজৰ জাতি গঢ়োঁতাৰ বিৰুদ্ধে কথা বৰ বৰ অভিভাৱক শিক্ষক ছাত্ৰ ত্ৰিকোণীয়া প্ৰচেষ্টা মাত্ৰ এজনে নোৱাৰে কৰিব তিনিও লগ হৈ কৰ৷

Read more

বোন্দা– হৰেকৃষ্ণ ডেকা

তাৰ শেষ বিজয়ৰ হাঁহি মই যে এটা বোন্দা জনা নাছিলোঁ ৷ মই নিজকে এজন লোক বুলি ভাবিছিলোঁ ৷ গিৰিহঁতনীৰ আৰামী চকীত মই বহিছিলোঁহে, গিৰিহঁতে গেঙেৰি মাৰি ক’লে, ক’ৰ এইটো লেতেৰা বোন্দা ! মই ক’লোঁ, মিয়াও, মানে মই এজন লোক ৷ তেওঁ ভাবিলে মই ভয় খাইছোঁ, আৰু তেওঁৰ লেতেৰা এখন ঠেঙেৰে (যাক তেওঁ ভৰি বুলি কয়) গুৰিয়াই দিলে মোক ৷ কিন্তু সঁচাকৈয়ে কৈছোঁ, তেওঁৰ ঠেঙ দুখন লেতেৰাই ৷ মই ক’লোঁ, নমস্কাৰ, মই এজন লোক ৷ তেওঁ শুনিলে মিয়াও আৰু চোঁচা লৈ

Read more

আপদীয়া পদ্য — প্ৰবীণ কুমাৰ বৰদলৈ

(১) শুনিছেনে সভাসদ বৰঢোলৰ মাত বতা চৰাই তেলটুপি বাজে নানা হাত প্ৰতশ্ৰুতিৰ আহে বান বিজুলীয়ে কাঢ়ে প্ৰাণ ক’ত লুকাও বসুমতী তুমি দিয়া ফাট ৷৷ (২) চল কৰি চকীখনত বহিলো যেতিয়া কোনেও নোৱাৰে মোক উঠাব এতিয়া লগত আছে মোৰ সাঙ্গোপাঙ্গ সাহিত্য সাধনাৰ তেওঁলোকো অঙ্গ ইয়াতকৈ ওখখনত বহিবলৈ পাম কেতিয়া ৷৷ (৩) “ই এণ্ড ডি”ৰ ঠিকাদাৰ মি: বৰুৱা নাম “চিক্সটি-ফৰটি কমিচন”ত মথাউৰি বন্ধা কাম বৰপূত্ৰৰ পাঁচখন ৱীয়েৰ-বাৰ সৰুটোৰ দহখন নাইট-চুপাৰ বৰুৱানীয়ে ভাবে বছৰটোত তিনিবাৰ আহক বান ৷৷ (৪) কণ্ঠলেঙুটি ডিঙিত পিন্ধে তেওঁ

Read more

বিতচকু –প্ৰণীতা গোস্বামী বৰঠাকুৰ

ক’ত গ’লি হয়নে মোৰ মৰমৰ সোণাই তই নহ’লেই মোৰ দিনতে আন্ধাৰ; নোৱাৰো এৰিব তোক নিদ্ৰাত থকাৰ বাদে, নকৰো অৱহেলা অকণো দেখিলেও বেয়া আনে। নাক-কাণৰ সহায়ত তোক বহুৱাই থওঁ জেগাত পৰ বুলি ভয়তে থওঁ কেতিয়াবা মূৰত উঠাই, ভিন ভিন ৰূপত তই আছ বিৰাজ কৰি ব্যক্তিত্বও বঢ়াইছ তই বয়স অনুযায়ী। সৰুতে ভাবিছিলো তই থাকিলে লগত মেধাবী লাগিব মোক আনৰ আগত, ভুলটো ভাঙিল মোৰ অতি সোনকালে যেতিয়া বুজিলো তই চিনাকি দৃষ্টিৰে। জাতিৰ পিতাকো তই আছিলি শুৱাই তোৰ সেই আকাৰে পাইছিল তেওঁৰ নামত ঠাই।

Read more

আপদীয়া পদ্য – হেমেন ডেকা

(১) ঘূণপোকে খালে নেকি আগৰ মিলা-প্ৰীতি, সুদূৰ পৰাহত যেন শান্তি-সংহতি, সৰৱ মঞ্চৰ অভিনেতা, নীৰৱ চমঝদাৰ শ্ৰোতা, গেছত পকা কলৰ দৰে হ’ল ৰাজনীতি (২) দিনত সভা-সমিতিত উদাত্ত ভাষণ দি ফুৰে, ৰাতি হ’লে এটুপি ধৰি গিৰিহঁতনীক গালি পাৰে, দলৰ তেৰাই হৰ্তা-কৰ্তা, ৰাইজক দিয়ে প্রেছ বাৰ্তা, দেশৰ স্বাৰ্থত সাংগোপাংগে পথ অৱৰোধ কৰে। (৩) আবিৰ্ভাৱ হয় চিপৰাং পাৰ্টি, ত্ৰাণকৰ্ত্তা নেদেখি হেৰায় চুৰ্ত্তি, অহোৰাত্ৰি মহা ত্ৰাস, অৰ্থকৰী অৰ্থনাশ, কাণে-কাণ মাৰি গাদী ৰয় বৰ্ত্তি। (৪) উদক ৰাখো আমি ভেঁটা ৰখীয়া, বগলীক পাতো দলৰ বিষয়ববীয়া, লোভত মৰে

Read more

ইপাৰৰ কবিতা–নৱজিৎ বৈশ্য

আপুনি কথাৰ সিপাৰে উৰুৱাই ভাবনাৰ কুকুহা ইপাৰে আমাক পৰুৱাই পায় আপুনি কথাৰ সিপাৰে থাকে ধৰা হ’ক আপুনি কবি আপুনি মানুহ যোগ পোহৰ অথবা, মানুহ বিয়োগ আন্ধাৰৰ দৰে কিবা এটা… আপোনাৰ কথাৰ পেনৰোজীয় চিৰি বগাই মানুহ কাহানিবা উঠিব পাৰেনে আপোনাৰ আকাশী বাৰন্দালৈ য’ত বহি কৃতবিদ্য সমালোচকে পান কৰে লা-ওপালা আতিথ্য কেতিয়াবা ভাবো মানুহৰ বাবে আপুনি নিৰ্মাণ নকৰে কিয় শিলৰ এলানি সৰল চিৰি কথাৰ ইনডেলিবল্ ৰেখা খোদাই কৰাবলৈ আপোনাৰতো কাহানিও শিলৰ অভাৱ হোৱা নাই (তথাপি ভগা নৌকাত পাৰ কৰা ৰাধাৰ কিমান ভাৰ…)

Read more

নিবনুৱা প্ৰেমিক– অভিজিৎ মেধি

মা-কচম্, ফুটা মানিবেগত খুচুৰাকেইটাও নাথাকে নহ’লে আইচক্ৰীম পাৰ্লাৰত তোমাক সুধিলোঁহে- ভেনিলা নে ষ্ট্ৰৱেৰী? নাঙলৰ ভৰষাত থকা পিতায়ে নাজানে আধুনিকতাত শকত মানিবেগ, আইফোনৰ প্ৰয়োজন পকেটমানিৰে গৰম কৰিব নোৱাৰি চিচিডি-ৰ কোমল চকী আৰুনো কেনেকৈ কওঁ তোমাক ভালপাওঁ বুলি ! “পঢ়িবলৈ গৈ চহৰীয়া ছোৱালীৰ প্ৰেমত পাহৰিম গাঁৱৰ আলি-পদূলি, ডাঙৰ চাকৰি কৰি সজাম ডাঙৰ ঘৰ কুকুৰৰ ভয়ত নাহিব আলহী” -অন্ততঃ লগৰীয়াৰ আড্ডাত এইয়া আছিল মোৰ ভৱিষ্যত । সিহঁতেতো নুবুজে চহৰৰ বুকুত শুঙি উলিয়াব নোৱাৰি চাকৰি! নৈতিকতাৰ কাপোৰ খুলি, পইচা ঢালিলেই আহি যাব হেনো এপইন্টমেণ্ট

Read more
1 15 16 17 18 19