ফটাঢোল

কৌতুক – ধ্ৰুৱজ্যোতি বৰা

আমাৰ ৰামবিহাৰী নাপিত দিশপুৰৰ বহু কেইজন মন্ত্ৰীৰ পাৰ্চনেল নাপিত। মানে চুলি দাড়ি কাটিবলৈ হ’লে তাক ফোন কৰি মন্ত্ৰীসকলৰ আৱাস গৃহলৈ মাতি পঠায় আৰু সি গৈ চুলি-দাড়ি কাটি থৈ আহে। এদিন এজন মন্ত্ৰীৰ চুলি কাটি থাকোতে, সি মন্ত্ৰীজনক শুধিলে : চাৰ, আমাৰ দেশৰ ক’লা ধনবোৰ কেতিয়া ঘুৰি আহিব মন্ত্ৰী : মই কি জানো! অলপ সময় মনে মনে চুলি কাটি থাকি সি আকৌ শুধিলে : চাৰ, আজি আমাৰ দেশৰ এই অৰ্থনৈতিক দুৰৱস্থাৰ বাবে দায়ী কোন? এইবাৰ মন্ত্ৰীৰ খঙে চুলিৰ আগ পালেগৈ। চাল্লা

Read more

কৌতুক – মনজিৎ

এদিন সন্ধিয়া থুলুকে এটুপি ধৰি আহি নবীনক সুধিলেহি, : ঐ ৰমেচক দেখিছিলি নেকি বে? নবীনে ধৰিব নোৱাৰিলে কোন ৰমেছৰ কথা সুধিছে৷ সেয়ে ওলোটাই সুধিলে, : এই ৰমেছ কোন বে? থুলুকটো গৰম, : আবে কি ফাল্টু মানুহ বে, ৰমেছক চিনি নাপাৱ? এই বুলি ভেকাহি মাৰি নবীনক ঠিকচে কাণ চেপা এটা দি সেই ঠাইৰ পৰা আঁতৰি গুচি যায়। নবীনে কি হ’ল ততকে ধৰিব নোৱাৰিলে। কাণ চেপা খাই খং উঠিছিল যদিও একো নকৈ কামত ধৰিলেগৈ। দুদিন পিছত আকৌ একেই ঘটনা। ঘুটুং পানী ধৰি

Read more

দুষ্ট নাট্য – ইফটিখাৰ হুছেইন

: ফাৰদীন, মোক কথা এটা বুজাই দিয়াচোন । : কি কথা আব্বা ? : হাচমত নামটো ল’ৰাৰ নে ছোৱালীৰ নাম ? : ল’ৰাৰ নাম । : তেন্তে হাচমত পাগল নে পাগলী হ’ব ? : পাগল হ’ব । : তেন্তে চনু নিগমে হাচমত পাগলী বুলি কিয় গাইছে ? : হা হা হা হা .. : হাঁহিছা কিয় ? : গানটোত হাচমতৰ কথা কোৱা নাই নহয় ! : তেন্তে ? : হিৰোই হিৰোইনক হাঁহিবলৈ মানা কৰিছে – হাঁস মত পাগলী । প্যাৰ

Read more

মেডিকেলৰ কৌতুক – জিতু শৰ্মা

স্বাস্থ্য বিভাগত চাকৰি সুত্ৰে নিতৌ বিভিন্ন ধৰণৰ মানুহৰ সংস্পৰ্শলৈ আহিব লগা হয়, তাৰে কিছুমান আমোদজনক কিছুমান দুখজনক। আজি আমোদজনক অভিজ্ঞতাৰ কথা ক’বলৈ লৈছো। এদিন হস্পিতাল গৈ পাইছোঁহে এজন আহিল নহয় পিন্ধনত ভব্য গব্য ফিটফাট, ওখ পাখ, হাতত এটা ফাইল কভাৰ থকা বেগ। মই সহকৰ্মী নাথক কলো আজি কোনোবা ওপৰৱালা বিষয়া আহিছে নেকি কিবা ইন্চপেকচনত অলপ সতৰ্ক হৈ থকা ভাল। নাথেও ক’লে মইও দেখিছোঁ। অলপ পাছত নাথৰ ৰুমত বহি আছো আহিল নহয় সেই ভব্য গব্য লোক জন, নাথক সুধিলে, ” ইয়াত

Read more

কৌতুক – মালবিকা নাথ

ভেলেণ্টাইন দিৱসৰ দিনা এক ৰোমাণ্টিক মূহুৰ্তত প্ৰেমিকাই তাইৰ প্ৰেমিকৰ চকুত চকু থৈ আৱেগ ঢালি সুধিলে– “মোৰ জান, তুমি কি সঁচাকৈয়ে মোক বহুত ভাল পোৱা?” লগে লগে প্ৰেমিকাৰ উত্তৰ– “ওম, মই তোমাক বহুত,বহুত ভাল পাওঁ সোনজনী, তুমি মোৰ কলিজাটো হোৱা জানানে সোণ। তোমাৰ বাবে মই সকলো কৰিব পাৰোঁ সোনজনী”– এইবাৰ প্ৰেমিকাই উৎফুল্লিত হৈ সুধিলে– “মই জানো জান, বাৰু কোৱাচোন সম্ৰাট শাহজাহানে মমতাজৰ কাৰণে তাজমহল বনাইছিল, পিছে এইবাৰ মোৰ বাৰ্থডেত মোৰ বাবে কি বনাবা মোক উপহাৰ দিবলৈ?” প্ৰেমিক লগে লগে ৰোমাণ্টিক মুডৰ

Read more

কৌতুক – অনিমা দাস

কনটিলৌ-কালি তহঁতৰ দোকানৰ ৰসগোল্লা খাইছিলোঁ ভালেই লাগিছিল।তোৰ দেউতাৰাইতো তোক দোকান ৰখিবলৈ দি প্ৰায়েই বাহিৰলৈ যায়। তোৰ লোভ নেলাগেনে? মই হ’লেতো কিমানটা ৰসগোল্লা খালোঁহেতেন ঠিক নাই। পিটকণ – লোভটো লাগেই। দেউতাই কেইটা ৰসগোল্লা থৈ যায় সদায় গণি থয়, সেইবাবে খাব নোৱাৰি। মই ৰসগোল্লা চুহি ৰস খিনি খাই একে ঠাইতে থৈ দিওঁ। ☆★☆★☆

Read more

কৌতুক – প্ৰবাল খাটনিয়াৰ

এদিন এটা মস্ত হাতীয়ে জলাশয় এটাত জলকেলি কৰি আছিল। কিছু সময়ৰ পিছতে এটা শহা পহু দৌৰি দৌৰি আহি হাতীটোক “অ’ হাতী কাই,অ’ হাতী কাই উঠা চোন উঠা। কথা এটি আছে।” এইদৰে কেইবাবাৰো মাতিলত অসহ্য হৈ “কি হ’ল অ” বুলি হাতীটোৱে চিঞৰি উঠিল। “এ,ককাই তুমি অকণমান পাৰলৈ উঠি আহা তেহে হব।” হাতীয়ে শহাৰ কথা পেলাব নোৱাৰি পাৰ পালেহি। “ককাই ভৰিকেইটা মেলি দিয়া৷লৰ, চৰ নকৰিবা” বুলি হাতীটোৰ চাৰিওফালে ঘূৰি পিছ ঠেংৰ মাজে দি গৈ তাৰ সন্মুখত ৰ’লহি৷ “নাই এনেই আমনি কৰিলো তোমাক

Read more

কৌতুক – জ্ঞান বৰদলৈ

(বিবাহিত পুৰুষৰ হিতাৰ্থে) আপুনি যিহেতু বিবাহিত, আপুনি যিকোনো সময়তে বিপদত পৰিব পাৰে। কিন্তু কেতিয়াও, মৰি গ’লেও আপোনাৰ পত্নীৰপৰা টকা-পইচা ধাৰ নকৰিব। মই নিজে দেৰ বছৰৰ আগতে ১০ হাজাৰ টকা ধাৰে লৈছিলোঁ। এতিয়ালৈকে দুবাৰ ধাৰ মাৰিলো। তথাপিও বোলে তিনি হাজাৰ বাকী আছেই। সেইখনহে কেনেকুৱা নেওঁতা, কোন পঢ়াশালিত পঢ়িবলৈ পাই আজিলৈকে বুজিব নোৱাৰিলো। ☆★☆★☆

Read more

তিতা কেৰেলা – ৰাণা গগৈ

আজিৰ সমাজত এই কথাটো অৱশ্যে নোহোৱা হ’ল। কিন্তু এসময়ত লোকবিশ্বাস আছিল যে ঘৈণীয়েকে গিৰীয়েকৰ নাম নিজ মুখে ল’ব নাপায় অথবা গিৰীয়েকৰ নাম কোৱাৰপৰা যিমান পাৰি বিৰত থাকিব লাগে। এনে বিশ্বাসত বিশ্বাসী এগৰাকী মহিলাৰ গিৰীয়েকৰ নাম আছিল ‘তিতেশ্বৰ’। মানুহৰ মুখত পৰি ‘তিতেশ্বৰ’ হ’লগৈ ‘তিতা’। দূৰ-দূৰণিলৈকে তিতেশ্বৰক সকলোৱে ‘তিতা’ বুলিয়েই জানে। বয়সত সৰু লোকসকলে তিতা-কাইদেউ, তিতা-খুৰা, তিতা-বৰ্ত্তা ইত্যাদিৰে সম্বোধন কৰিছিল। এবাৰ তিতেশ্বৰ অৰ্থাৎ তিতা যোৰহাটৰ তিতাবৰলৈ গৈছিল। তিতাবৰৰ বজাৰৰপৰা তিতাই বাচি বাচি কিছুমান তিতা কেৰেলা কিনি আনিছিল। দুৰ্ভাগ্যবশতঃ তিতা কেৰেলাবোৰৰ সোৱাদ আছিল

Read more

কৌতুক – ডাঃ পার্থসাৰথি ভূঞা

নগেনে বিয়া পাতিবলৈ ছোৱালী বিচাৰি আছিল। কোনোবা ছোৱালীৰ সন্ধান পালেই সি তাইৰ জন্ম কুণ্ডলীখন লৈ চহৰৰ বিখ্যাত জ্যোতিষীজনৰ ওচৰলৈ যায়। সেই সময়ত সৰু-সুৰা ব্যৱসায় কৰি চলি থকা নগেনৰ আৰ্থিক অৱস্থা বৰ এটা ভাল নাছিল। সেয়েহে সি জ্যোতিষীৰপৰা প্ৰধানকৈ এইটো কথা জানিব বিচাৰে যে বিয়া পাতিবলৈ ওলোৱা ছোৱালীজনীয়ে তাৰ আৰ্থিক ভাগ্য সুপ্ৰসন্ন কৰিবনে নাই। কেইবাজনীও ছোৱালী কেঞ্চেল হোৱাৰ পাছত মালতীৰ কুণ্ডলী চাই জ্যোতিষীয়ে ক’লে যে এইগৰাকীয়ে তোমাৰ বাবে হাতী, ঘোঁৰা, জাহাজ লৈ অহাৰ যোগ দেখিছোঁ কিন্তু! মালতীক বিয়া কৰালে সম্পত্তি বৃদ্ধি

Read more
1 3 4 5 6 7 23